Monday, August 17, 2026

ASSEB Class X Assamese Chapter 11 – অৰণ্য যাত্ৰা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 11 – অৰণ্য যাত্ৰা

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰ: বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ।

খ) পল আৰু পাহি কোন কোন শ্রেণীত পড়ে?

উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পড়ে।

(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

উত্তৰ: বাচন-বর্তন ধোৱা, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা, ঘৰৰ আচবাবৰ ধূলি মচা-সৰা, বিছনাপাৰা, আদি কাম ছোৱালীৰ বুলি পলে পাহিক কৈছিল।

(ঘ) লর্ড কার্জন কোন?

উত্তৰ: লর্ড কার্জন ব্রিটিছ ভাইচৰয় আছিল।

২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?

উত্তৰ: পাহিয়ে মাকক ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থর্থক্য দেখি এই পাৰ্থক্যবোৰে কোনে কৰিলে জানিব বিচাৰিছিল। তাই কৈছিল যে তায়ো দেখোন দাদাকৰ দৰেই পঢ়া-শুনা কৰে। কিন্তু দাদাকে কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোৱাৰ পিছত তিতি থকা গামোচাখন কিয় বিছনাতে পেলাই থৈ যায়। দাদাকে কিয় এই কামবোৰ তাই বা মাকে কৰি দিব বুলি ভাবে? ল’ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি বুলি তাই মাকৰপৰা জানিব বিচাৰিছিল।

মাকে পাহিৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত কৈছিল যে মাকে দুয়োজনকে তেওঁলোকৰ বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই আহিছে। তেওঁলোকে পঢ়া-শুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিব, ধন উপাৰ্জন কৰিব। কিন্তু নিজৰ প্রয়োজনীয় কামখিনি, কৰিব নাজানিলে • পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হ’ব। তেতিয়া কেতিয়াবা সময় বা মানুহৰ হাতত তেওঁলোক ঠগ খাবলগীয়া হ’ব পাৰে।

৩। প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?

উত্তৰ: পাহিয়ে গছ-লতা, ফুল আদি বৰ ভাল পায়। সিহঁত থকা সক চহৰখনত থকা সিহঁতৰ ঘৰখনত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে। তথাপি পাহিয়ে ওখ গছবোৰ দেখিলে ৰৈ ৰৈ চায়। প্রতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে থকা আমজোপাৰ চেহেৰাৰ মিল নাই। দুয়োজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-উচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ কলজোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ কাঁইটে কলজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে। সেই বাবেই প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰে পাহিক আকৃষ্ট কৰে আৰু পাহিয়ে গছবোৰক বৰ ভাল পায়।

৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

উত্তৰ: কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ, যি কথা কয় সেইমতে চলিবলৈ উপদেশ দিছিল। মাকে উপদেশ দিছিল যে তেওঁলোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে, অৰণ্যৰপৰা শিকিবলগীয়া বহু কথা আছে। তেওঁলোকে যাতে যিমান পাৰে শিকে আৰু তেওঁলোকে নিজক আৰু তেওঁলোকৰ লগত নিয়া বস্তুবোৰ চম্ভালে।

৫। “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।”-এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতি-গুৰি মাৰি লিখা।

উত্তৰ: উক্ত কথাষাৰৰ বক্তা হৈছে অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা মহাশয়।

বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক লৈ বেচ হুলস্থুল আৰু গান-নাচ কৰি বাছ ছাত্ৰ-ছাত্ৰীৰ মাজৰপৰা নেতা-নেত্ৰী পাতি দিছিল। পাহি আৰু বিদিশাক দুখন কাজিৰঙা অভিমুখে গৈ আছিল। বাছৰ ভিতৰত শিক্ষকসকলে বাছত থকা ছাত্র-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ দায়িত্ব দিয়া হৈছিল। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ দায়িত্ব দিয়া হৈছিল। সৌৰভে তেওঁলোকক দিয়া দায়িত্বটো কৰিবলৈ টান পাই সেইটো পাহি আৰু বিদিশাক দিব বিচাৰিলে আৰু তেওঁলোকৰ দায়িত্বটো সৌৰভহঁতে ল’ব খুজিলে কাৰণ তেওঁলোক ল’ৰা, গতিকে লগৰীয়াসকলে উৎপাত কৰিলে সৌৰভহঁতে শাসনো কৰিব পাৰিব আৰু অসুবিধাসমূহো চাব পাৰিব। সৌৰভৰ কথা শুনি অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা মহাশয়ৰ খং উঠিল। তেওঁ খঙেৰে উক্ত কথাখিনি কৈছিল যে কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিয়া হৈছে সেইদৰে কৰিব লাগে। পাহি বা বিদিশাই তেওঁলোকক কৰিব দিয়া কামতটো আপত্তি কৰা নাই। তেওঁলোকে খাদ্য বিতৰণ কৰিবলৈ দিলেও কৰিব। কিন্তু সৌৰভহঁতেহে এটা কাম কৰিব পাৰিলে আনটো কাম কৰিব নোৱাৰে। গতিকে সৌৰভ আৰু আফতাবহে প্রকৃততে দুর্বল। এই কথা শুনি সৌৰভে লাজ পাই নিজৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি গৈছিল।

৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফটাবহঁত কি বিপদত পৰিছিল? এই বিপদৰপৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?

উত্তৰ: বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙা পোৱাৰ পিছত এখন মনোমোহা ঠাইত থকা অতি ধুনীয়া আৱাস আৰু কিছুমান সুন্দৰ ওখ চাংঘৰত থাকিবলৈ দিয়া হ’ল। দুপৰীয়া ভাত-পানী খোৱাৰ অন্তত তেওঁলোকক জিৰণি ল’বলৈ শিক্ষকসকলে আদেশ দিলে, কাৰণ আৱেলি সকলোকে ফুৰাবলৈ নিয়াৰ পৰিকল্পনা আছে। সকলোৱে ভাত-পানী খাই নিজৰ নিজৰ বিছনাত শুই পৰিল। এই সুযোগতে হাতত সাৰে ভৰিত সাবে পল, আফটাব আৰু সৌৰভে সুবৃহৎ আবাসৰ পিছফালে থকা শিকলিৰে বন্ধা এখন ডাঙৰ লোহাৰ জপনা বগাই পাৰ হৈ বাহিবলৈ গ’ল। জপনাৰ বাহিৰত সিহঁতে দেখিলে এখন ডাঙৰ বিল, বিলৰ সিপাৰে পথাৰ, পথাৰৰ সিপাৰে হাবি। মানুহ-দুনুহ নাই। দূৰৈত দুটামান জুপুৰী ঘৰ। সিহঁতে বিলৰ পাৰত বান্ধি থোৱা এখন নাও দেখা পালে। নাওখনত উঠিবলৈ তিনিওজন উদ্বাউল হৈ পৰিল। তিনিও গৈ নাৱত উঠাত নাওখন টুলুং-ভুটুং কৰিলে। আফতাবে নাওখন বান্ধি থোৱা ৰছীডাল খুঁটিৰপৰা খুলি পেলালে। পলে সর্বশক্তিৰে বঠামাৰি নাওখন কিছুদূৰ আগুৱাই নিয়াৰ পাছত সেইখন মেটেকাৰ মাজত সোমাই পৰিল। আনফালে নাৱৰ তলিত থকা ফুটাৰে সেইখনত পানী সোমাবলৈ ধৰিলে। ভয়তে সিহঁতৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। প্ৰাণৰ সংশয় দেখি সিহঁতে কান্দিবলৈ ধৰিলে। সিহঁতৰ প্ৰাণ বচাবলৈ তিনিওটাই সজোৰে চিঞৰি থাকিল। নাওখনৰ ভিতৰৰ পানী আফতাবে দুই হাতৰ আঁজলিৰে বাহিৰলৈ পেলাই সৰ্বশক্তিৰে সিঁচিবলৈ লাগিল। সিহঁতে যেন কান্দিবলৈও পাহৰি গ’ল। তেতিয়াই সিহঁতে গাত বোকা আৰু হাতত জাকৈলৈ পথাৰৰ মাজেৰে কেইজনীমান ছোৱালী আহি থকা দেখা পালে। সিহঁতে ছোৱালীকেইজনীৰপৰা সহায় বিচাৰি চিঞৰি উঠিল। আটাইকেইজনী দৌৰি আহি বিলৰ পাৰ পালেহি। তেনেতেই নাওখন কাতি হৈ পল পানীত পৰিল। তৎক্ষণাৎ দুজনী ছোৱালীয়ে বিলত জঁপিয়াই পৰি পলক টানি নি পাৰত পেলালগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত উঠি ব’ঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাব খোজেতেই নাওখন কাতি হৈ গ’ল। আফতাব আৰু সৌৰভ পানীত পৰি গ’ল। এই গোটেই ঘটনাটো পাৰৰপৰা বেছি দূৰত নাছিল বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে। পলে পানী খাইছিল। সেয়ে পলক উভতাই ছোৱালীকেইজনীয়ে তাৰ পেটৰপৰা পানী উলিয়ালে। এই দৰে পলহঁতে কাজিৰঙাত বিপদত পৰিছিল।

এই বিপদৰপৰা সিহঁতক গাত বোকা আৰু হাতত জাকৈলৈ পথাব্দ মাজেৰে আহি থকা ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিছিল।

৭। শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।

উত্তৰ: শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল কাৰণ কাজিৰঙা দর্শনৰ বাবে অহা ছাত্র-ছাত্রীসকলৰ মাজৰ কেইজনমান ছাত্রই শিক্ষকক অৱমাননা কৰাই নহয় তেওঁলোকে কৰা কৰ্মৰ ফলত বিদ্যালয়খন কোনোমতেহে বদনামৰপৰা ৰক্ষা পৰিছিল।

নিশা ভাত-পানী খোৱাৰ পৰত কাজিৰঙা দৰ্শনলৈ যোৱা ছাত্র-ছাত্রী আৰু শিক্ষকসকলৰ মাজত এখন সভা বহিছিল। সেই সভাত অৰণ্যযাত্রাব দলপতি হাজৰিকা চাবে ছাত্র-ছাত্ৰীসকলক পিছদিনাৰ অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰাৰ কথা জানিবলৈ দিয়ে। কাৰণ অতি দুখৰ কথা যে তেওঁলোকৰ মৰমৰ তিনিজন ছাত্রই শিক্ষকসকলক অৱমাননা কৰাই নহয় তেওঁলোকৰ কার্যই বিদ্যালয়খনক কোনো মতেহে বদনামৰপৰা ৰক্ষা কৰিলে। গতিকে তেওঁলোকে পিছদিনা উভতি যাবগৈ। কাৰণ ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফবিবলৈ কেবল শিক্ষকসকল দায়িত্বশীল হ’লেই নহ’ব। তেওঁলোকক সুস্থ শৰীৰেৰে ওভতাই নিয়াটোও এতিয়া শিক্ষকসকলৰেই প্রধান কর্তব্য। এই কথা শুনি সকলোবে পল, আফতাব আৰু সৌৰভলৈ খঙেৰে চালে। সিহঁতে লাজত তলমূৰ কৰি থাকিল। তেনেতে পাহিয়ে থিয় হৈ অতি দুখেৰে ক্ষমা বিচাৰিলে আৰু দোষীসকলৰ বাবে নির্দোষীসকলেও শাস্তি পোৱাটো জানো উচিত বুলি প্রশ্ন কৰি দোষীসকলক অৰণ্য দৰ্শন কাৰ্যসূচীত অন্তর্ভূক্ত নকৰিবলৈ অনুৰোধ কৰিলে। পাহিৰ কথাত সকলোৱে সমর্থন আগবঢ়ালে। তেনেতে পলে থিয় হৈ নিজৰ দোষৰ বাবে শাস্তি বিচাৰিলে। তেওঁলোকে যি অপৰাধ কৰিলে তাৰ বাবে তেওঁলোকক এবি পিছদিনা অৰণ্য দৰ্শনৰ বাবে যোৱাতকৈ ডাঙৰ শাস্তি একো হ’ব নোৱাৰে বুলি তেওঁ স্বীকাৰ কৰিলে। পলৰ কথা শুনি ছাৰ বাইদেউসকলে নিজৰ ভিতৰতে কিবা আলোচনা কৰিলে আৰু শেষত সিদ্ধান্ত গ্রহণ কৰিলে যে কাজিৰঙা দৰ্শনৰ অন্তত ছাত্র-ছাত্রীসকলে সেই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি শিক্ষকক দিব লাগিব। পল, আফতাব আৰু সৌৰভে তেওঁলোকে কৰা বেয়া কামটোৰ বিষয়ে আৰু কথমপি মৃত্যুমুখৰপৰা ৰক্ষা পৰা সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব। তেতিয়াহে সকলোৱে পিছদিনা অৰণ্য দৰ্শন কৰিবলৈ যাব পাৰিব। সকলোৱে আনন্দত হাত চাপৰি বজাই চিঞৰি উঠিল আৰু পলহঁতে ৰচনাত সকলো লিখি জীৱনত আৰু এনে কাম নকৰে বুলি কৈ অৰণ্য দৰ্শনৰ বাবে তেওঁলোককো যাবলৈ দিয়া বাবে শিক্ষকসকলক ধন্যবাদ জনালে।

৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

উত্তৰ: মহীচন্দ্ৰ ‘মিৰি হৈছে কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া।

তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াইছিল আৰু কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল সেই কথা সমগ্র জগতক জনাইছিল। এইদৰে কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিয়াত তেওঁ উল্লেখযোগ্য ভূমিকা লৈছিল।’

৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কী? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?

উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম বাপীৰাম হাজৰিকা।

তেওঁ ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী লেডী কার্জনকে প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।

১০। কাজিৰঙালৈ যাত্রা কৰি কি কি ‘বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?

উত্তৰ: কাজিৰঙালৈ যাত্রা কৰি শিক্ষার্থীসকলে লাভ কৰা বিশেষ শিক্ষাসমূহ হ’ল-

১। নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে।

২। গছ, বনৰ জীৱ-জন্তু মানুহৰ বন্ধু, গছ নাথাকিলে কোনেও জীয়াই থাকিব নোৱাৰে।

৩। ল’ৰা-ছোৱালী সকলো সমান। গাত বোকা সানি, হাতত জাকৈ লৈ পথাৰেৰে আহি থকা

ছোৱালীকেইজনীয়ে পলহঁতক উদ্ধাৰ নকৰা হ’লে পলহঁতে কাজিৰঙা দেখিবলৈ

নাপালেহেঁতেন।

৪। দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো অতি প্রয়োজনীয় কথা।

ভাষা-বিষয়ক:

১। বাক্য ৰচনা কৰা:

ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।

উত্তৰ: ককাই-ভনী = মাক-দেউতাকৰ মৃত্যুৰ পাছত ককাই-ভনী দুয়োগৰাকী একেবাৰেই

অকলশৰীয়া হৈ পৰিল।

টুলুং-ভুটুং = ল’ৰা তিনিজন নাৱত উঠাত নাওখন পানীত টুলুং-ভুটুংকৰিলে।

চিঞৰ-বাখৰ = ছোৱালীজনীয়ে বৰকৈ চিঞৰ-বাখৰ কৰাত গোটেই গঞাৰাইজেই তাইক

সহায় কৰিবলৈ আগবাঢ়ি আহিল।

মানুহ-দুনুহ = নিজান ঠাইখনত বৰকৈ মানুহ-দুনুহ নাই বুলিবই পাৰি।

তিতি-বুৰি = হঠাতে অহা বৰষুণজাকত ল’ৰা দুটা তিতি-বুৰি জুৰুলি জুপুৰি হ’ল।

২। মূর্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা:

অৰণ্য, অর্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।

উত্তৰ:

অৰণ্য = ঋ, ৰ, য-ৰ পিছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়।

অর্পণ = ঋ, ৰ, য-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

কণ্ঠ = ট-বৰ্গৰ লগত যুক্ত দন্ত্য ন সদায় মূর্দ্ধন্য ণ হয়।

ওৰণি = ঋ, ৰ, য-ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

পোৰণি = ঋ, ৰ, য-ৰ পাছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়।

আড়ম্বৰপূৰ্ণ = ‘ন’ৰ আগত থকা ৰেফে (ৰ-কাৰ) আড়ম্বৰপূৰ্ণ শব্দত দন্ত্য ন-ৰ পৰিৱৰ্তন ঘটাই মূৰ্দ্ধন্য ‘ণ’ কৰিছে।

ASSEB Class X Assamese Chapter 12 – পাৰস্যত এভুমুখি পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 12 – পাৰস্যত এভুমুখি

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) লিখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?

উত্তৰ :- লিখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

(খ) বুশ্বেৰ কি?

উত্তৰ :- বুশ্বেৰ বন্দৰ নগৰী।

(গ) বুশ্বেৰত হেলিকপ্তাৰৰপৰা নমাৰ সময়ত লিখকৰ লগত কোন কোন আছিল?

উত্তৰ :- বুশ্বেৰত হেলিকপ্টাৰৰপৰা ‘নমাৰ সময়ত লিখকৰ লগত আছিল মেহদি আৰু ঘাছেম।

(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূর্ণ বুলিছে?

উত্তৰ :- বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি। সেয়েই ই গুৰুত্বপূৰ্ণ।

(ঙ) লিখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰ :- লিখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে।

(চ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?

উত্তৰ :- মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম জিঅ’লগ।

(ছ) মেহদি আৰু ঘাছেম কোন?

উত্তৰ :- মেহদি আৰু ঘাছেম জিঅ’লগ নামৰ ইটালিয়ান কোম্পানি শৰ এটাৰ ‘মাডলগাৰ’।

 

(জ) ভেংকি কত থাকে?

উত্তৰ :- ভেংকি বুশ্বেৰত থাকে।

(ঝ) ভেংকিয়ে কি কৰে?

উত্তৰ :- ভেংকিয়ে বুশ্বেৰৰপৰা ৰিগলৈ যাব লগা হেলিকপ্তাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কবে।

(ঞ) অবুজাৰ কোন?

উত্তৰ :- অবুজাৰ লিখক আৰু ভেংকিৰ ট্রেভেল এজেন্ট।

(ট) ‘আগা’ শব্দৰ অৰ্থ কি?

উত্তৰ :- ‘আগা’ হৈছে শ্রীযুতৰ সমার্থক সন্মানীয় শব্দ

(ঠ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰ :- ১৯৭৯ চনত ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভকৰে।

(ঙ) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰ :- ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা ইমাম আয়াতুল্লা খোমেনি।

(চ) ইৰাণৰ কোনটো বিষয়ে লিখকৰ কৌতূহল বৃদ্ধি কৰিছিল

উত্তৰ :- ইৰাণৰ জাগ্ৰছ পৰ্বতমালাই লিখকৰ কৌতূহল বৃদ্ধি কৰিছিল।

(ণ) ইৰাণৰ ৰাজধানীৰ নাম কি?

উত্তৰ :- ইৰাণৰ ৰাজধানী টেহৰাণ।

(ত) টেহৰাণত বিমান বন্দৰ কেইটা?

উত্তৰ :- টেহৰাণত বিমান বন্দব দুটা-মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট।

(থ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?

উত্তৰ :- লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম হোমা হোটেল।

(দ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত।

উত্তৰ :- ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র নব্রজীবী মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

(খ) ‘স্লামবাৰ্জাৰ’ কি?

উত্তৰ :- স্লামবাৰ্জাৰ এক বহুৰাষ্ট্ৰীয় কোম্পানী।

(ন) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?

উত্তৰ :- ইৰাণীসকলে নৱবৰ্ষক ‘ন’ ৰোজ বোলে।

(প) বেহেষ্ট-ই-জাহৰা কি?

উত্তৰ :- বেহেষ্ট-ই-জাহৰা টেহৰাণৰ মুখ্য সমাধিস্থান।

(ফ) শ্বেৰীন ইবাডি কোনে?

উত্তৰ :- শ্বেৰীন ইবাডি এক সংগ্রামী সত্তা। তেওঁ নবেল বঁটা লাভকৰিছিল।

(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ :- সম্রাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল।

(ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?

উত্তৰ :- লেখক ইৰাণলৈ তেল অন্বেষণৰ দায়িত্বৰে গৈছিল।

(ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰ :- ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম খোমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।

(য) ‘কেন্দ’ৰ অৰ্থ কি?

উত্তৰ : ‘কেন্দ’ শব্দৰ অৰ্থ চেনি।

২। তেলৰ বাবে চলোৱা খনন কার্যত ‘মাডলগিং’ আহিলাসমূহন ভূমিকা কি?

উত্তৰ :- তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহ গুৰুত্বপূর্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হয় যিয়ে এখন নতুন তৈলক্ষেত্র আৱিষ্কাৰত আৰু কোনো বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈ খনন চলোৱাত সহায় কৰিব পাৰে। মাডলগিং ইউনিটটোৰপৰা প্ৰেৰণ কৰা তথ্য দেখি বহুতো সিদ্ধান্তত উপনীত হ’ব পৰা যায়; খননত হ’ব পৰা সম্ভাব্য বিপদ সম্পর্কে ভৱিষ্যদ্বাণী কৰিব পৰা যায় আৰু গৱেষণাগাৰটোত বহিয়েই পোন প্রথমে জানিব পৰা যায় তাত তেল পোৱা যাবনে নাই।

৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।

উত্তৰ :- বুশ্বেৰ এখন সৰু চহৰ। ৰাস্তা চহৰৰ সুপৰিকল্পনাই এই চহৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। চহৰখনত চাৰিটা লেনৰ ৰাস্তা আৰু তাৰ মাজে মাজে ডিভাইডাৰ আছে। চাফ-চিকুণ ৰাস্তা-ঘাটে বুশ্বেৰ চহৰৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। চহৰখনৰ প্ৰতিটো ঘৰ দেৱালেৰে ঘেৰা। প্ৰৱেশদ্বাৰত এখন মজবুত লোহাৰ গেট থকা পৰিলক্ষিত হয়। আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া। বুশ্বেৰ এখন ভীৰ-ভাৰ নোহোৱা চহৰ। চহৰখন সৰু যদিও তাত গাড়ী-মটৰৰ চলাচল যথেষ্ট; যিহেতু তাত পেট্ৰ’লৰ দাম কম। তাত গাড়ীচালকে সদায় বাওঁফালে বহি গাড়ী চলায়।

বুশ্বেৰ চহৰত শুক্ৰবাৰে দেওবাৰৰদৰে পৰিৱেশৰ সৃষ্টি হয়। প্ৰায়বোৰ দোকান সেই দিনটোত বন্ধ থকা দেখা যায়। অৱশ্যে দৈনন্দিন প্রয়োজনীয় দোকানবোৰ খোলা থাকে। বুশ্বেৰ চহৰৰ ফল-মূলৰ দোকানসমূহ চেৰি, তৰমুজ আদি ফলেৰে আটকধুনীয়াকৈ সজাই ৰখা হয়।

বুশ্বেৰ চহৰৰ পদপথত সেউজীয়া ৰঙৰ বাকচ কিছুমান দেখিবলৈ – পোৱা যায়। সেইবোৰ হৈছে দানপাত্র। চৰকাৰী পৃষ্ঠপোষকতাত সেই দানপাত্ৰবোৰ স্থাপন কৰা হয়। চহৰখনৰ দোকানসমূহ ফাটী ভাষাৰে লিখা ছাইনব’ৰ্ডেৰে সমৃদ্ধ।

৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :- ইৰাণৰ ইতিহাস অতি প্রাচীন। এই প্রাচীন সভ্যতা সজীব হৈ স আছে প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীর্তিস্তম্ভৰ যোগেদি।

প্রায় চাৰিহাজাৰ বছৰ পূৰ্বে আৰ্যগোষ্ঠীৰ লোকে ইবাণলৈ আহি বসতি স্থাপন কৰিছিল। খ্রীষ্টপূর্ব ছয় শতিকামান পূর্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ ‘মেডেছ ‘সকলক পৰাস্ত কৰি ইৰাণবাসীক একগোট কৰিছিল। খ্রীষ্টপূর্ব ৫২৯ত ছাইৰাছৰ মৃত্যু হয় আৰু নতুন ৰজা দৰিয়াছে সাম্রাজ্য প্ৰসাৰৰ প্ৰয়াস কৰে। পৰৱৰ্তীকালত (চতুর্থ শতিকাত) আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল ।

খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে চলা গ্রীক শাসনৰ পাছত পার্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল। সেই সময়ত জোৰাষ্ট্রিয়ান ধর্মই ৰাজধৰ্মৰ স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰ কাল পার্থিয়ানে শাসন কৰাৰ পাছত চাৰিটা শতিকা ছাজানিকসকলে ইৰাণ শাসন কৰিছিল। তাৰ পাছত আৰৱসকলৰ ইৰাণলৈ আগমন ঘটে, ইছলাম ধৰ্মই ইৰাণৰ মুখ্য ধৰ্মৰ স্থান পায়। কেইবা শতিকা জুৰি চলা আৰৱ শাসনৰ পৰৱৰ্তীকালত বহুতো বিদেশী শক্তিৰ আক্রমণে ইৰাণ চহৰক বিধ্বস্ত কৰে।

ইয়াৰ পাছত ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূৰ্বৰ খ্যাতি কিছু পৰিমাণে ঘূৰাই পায়। তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্রদায়ে ৰাজধৰ্মৰ খিতাপ লভিছিল। পৰৱৰ্তীকালত আফগানৰ আক্ৰমণত ছাফাভিদ ৰাজত্বৰ পতন ঘটে।

ইৰাণৰ শাসকসকলৰ ভিতৰত অন্যতম আছিল নাদিৰ শ্বাহ। তেওঁৰ ৰাজত্বকাল ১৭৩৭-১৭৪৭। তেওঁ আফগানিস্তান আৰু ভাৰতবৰ্ষ আক্রমণ কৰিছিল। নদিৰ শ্বাহৰ পিছত ইৰাণৰ দুটা শাসক বংশৰ মাজত সংঘাত হয় । আৰু ১৭৯০ খীঃত কাজাৰ বংশ জয়ী হয়। এই বংশই প্রথম বিশ্বযুদ্ধৰ সময়লৈকে ইৰাণ শাসন কৰে। প্ৰথম বিশ্বযুদ্ধৰ পাছত বেহাশ্বাহ পাহাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰেপৰা আধুনিকীকৰণৰ প্ৰচেষ্টাৰ আৰম্ভণি হ’ল। ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰপৰা ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰিলে।

৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।

উত্তৰ :- ইৰাণ চহৰৰ ভূতত্ত্বৰ বিষয়ে ক’বলৈ গ’লে পোনপ্রথমে মনলৈ আহে জাগ্ৰছ পৰ্বতমালাৰ কথা। ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ হৈছে এই পর্বতমালা। আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ মাজত সংঘাত হৈ সাগৰৰ • বুকুৰপৰা এই পর্বতমালা জাগ্রত হৈ উঠিছিল। জাগ্ৰছ আৰু হিমালয়ৰ – জন্মকাহিনী একে। জাগ্ৰছ পৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। ইয়াৰ ওপৰতে বিশ্বৰ বহুতো দেশে তেল আৰু গেছৰ বাবে নিৰ্ভৰ কৰিছে।

জাগ্রছ পর্বত শৃংখলা ইৰাণৰ উত্তৰ-পশ্চিমৰপৰা দক্ষিণ-পূৱলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫০০ মিটাৰ। জাগ্ৰছৰ উপৰিও দেশখনত আৰু অনেক পর্বত শৃংখলা আছে।

৬। জাগ্রছ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰ :- জাগ্ৰছ পর্বতমালা ইৰাণৰ এক বিশেষ আকর্ষণ। আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ মাজত হোৱা সংঘাতৰ ফলত সাগৰৰ বুকুৰপৰা এই পর্বতমালা উঠি আহিছিল। এই পর্বতমালাৰ দক্ষিণ-পশ্চিম দিশত তেল আৰু গেছৰ বৃহৎ ভাণ্ডাৰ সঞ্চিত হৈ আছে। ই ইৰাণৰ উত্তৰ-পশ্চিমৰপৰা দক্ষিণ-পূৱলৈকে বিয়পি আছে। এই পর্বতমালাৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা ৪৫০০ মিটাৰ।

৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।

উত্তৰ :- ইৰাণৰ কেইখনমান ঠাইৰ নাম হ’ল-চিবাজ, আহবাজ ইছফাহান, নাটাঞ্জ, মাছাদয়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিক আদি।

৮। টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কো এ স্থানত?

উত্তৰ :- টেহৰাণৰ বিমান বন্দৰ দুটা মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ইয়াৰ মেহৰাবাদ এয়াৰপৰ্ট চহৰত, খোমেনি বিমান বন্দৰ চহৰৰপৰা দূৰত।

৯। টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।

উত্তৰ :- টেহৰাণৰ প্ৰাকৃতিক অৱস্থা সুন্দৰ। চহৰৰ কাষতে ওখ পাহাৰ টেহৰাণক সৌন্দৰ্যৰ বাবে পেৰিছৰ সতেও তুলনা কৰা হয়। ওখ ওখ পৰ্বতেৰে পৰিৱেষ্টিত হোৱা হেতুকে চহৰখন দেখিবলৈ অতি সুন্দৰ গ্রীষ্মৰ দুটা মাহ ইয়াত গৰম অনুভৱ হয়। বাকী সময়ছোৱাত ইয়াব জলবায়ু অতি আৰামদায়ক। শীতকালত টেহৰাণত বৰফ পৰে। এলব্ৰুন পৰ্বতৰাশিৰ বাবে এই চহৰৰ জলবায়ু অতি সুন্দৰ হৈছে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ টেহৰাণ মহানগৰীৰ খোৱা পানীৰ প্ৰধান উৎস।

১০। স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় ক’ত কত আছে?

উত্তৰ :- স্মামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় নাজিৰাৰপৰা নাইজেৰিয়ালৈ, সীয়াজানৰপৰা ডুবাইলৈ, টেহৰাণৰপৰা টেক্সাছলৈ পৃথিৱীৰ সকলো চত্ৰৰ ওচৰে পাঁজৰে আছে।

১১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।

উত্তৰ :- ইৰাণীসকলে বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে তেওঁলোকৰ নৱবৰ্ষ উদ্যাপন কৰে। এই উৎসৱৰ নাম ‘ন’ ৰোজ। এই উৎসৱ দুসপ্তাহ জুৰি উদযাপন কৰা হয়। উৎসৱৰ আৰম্ভণি হয় বসন্তৰ প্ৰথম দিনত: – যেতিয়া সূর্যই বিষুব ৰেখা অতিক্ৰম কৰে (মাৰ্চৰ ২০ৰপৰা ২২ তাৰিখৰ ভিতৰত)। সেই কেইদিন ইৰাণীসকলে নৱবৰ্ষ উদ্যাপন কৰিব পৰাকৈ হোটেল, স্কুল-কলেজ, চৰকাৰী কাৰ্যালয় আদি সকলোতে শিবিৰ স্থাপন কৰা হয়। এই উৎসৱত তেওঁলোকে আমাৰ বিৰদৰেই নতুন কাপোৰ লয়, পিঠা পনা খায়। নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতো বিষয় সামৰি লোৱা হয়-পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নি শিখা প্রজ্বলন, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্রা ইত্যাদি। সচৰাচৰ উৎসৱৰ সময়ত যিকোনো পাৰ্ছি গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্য বস্তু সজোৱা হয়। প্রতিটো বস্তুৰে এটা প্রতীকি অর্থ আছে। বস্তুবোৰ হ’ল-ছবজে (ঘেঁহু বা ডাইল পুনর্জন্মৰ প্ৰতীক), চামানু (ঘেঁহুৰ কঠীয়াৰ পায়স- নতুন ■ জীৱনৰ প্ৰতীক), ছিৰ (নহুক ঔষধ), ছমাক (এবিধ বগৰী- সূর্যোদয়ৰ – বৰণ বুজায়) আৰু ছেৰকেহ (ভিনেগাৰ- বয়স আৰু ধৈৰ্যৰ প্ৰতীক)। এই – সাতবিধ খাদ্যৰ কাষত থাকে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতাপুথি। – ইয়াৰোপৰি নৈবেদ্যত ৰখা হয় মুদ্রা (ধনসম্পত্তি), খৰাহি ভর্তি ৰং কৰা কণী (উৰ্বৰতা বা প্রজনন ক্ষমতা), গোলাপজল (যাদুকৰী চাফাই শক্তি), গাখীৰ (শিশুৰ পুষ্টিৰ বাবে), ভেটফুল আদি। এটা পাত্ৰত পানী থৈ তাত এটা সুমথিৰা ওপঙাই থোৱা হয়। কাৰণ পৃথিৱী মহাকাশত ওপঙি আছে। অন্য এটা পানী ভর্তি পাত্ৰত সোণালী মাছ এৰি দিয়া হয়, যিয়ে পানী আৰু উৰ্বৰতা সূচায়। আকৌ পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে নৈবেদ্যৰ কাষত এখন আইনা থৈ আইনাৰ দুয়োকাষে ম’মবাতি সজোৱা হয়।

নৱবৰ্ষৰ আৰম্ভণিতে সকলোৱে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পড়ে।

এনেদৰেই অতি ধুমধামেৰে পাৰস্যৰ তীৰত ইৰাণীসকলে নববর্ষ উৎসৱ উদ্যাপন কৰে।

১২। বেহেষ্ট-ই-জাহৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্ক বিষয়ে

উত্তৰ :- বেহেষ্ট-ই-জাহৰা টেহৰাণৰ এখন জনপ্রিয় স্থান। টেহৰাণৰ ই মুখ্য সমাধিস্থল। এই ঠাই কেইবা কিল মিটাৰ দীঘল। খোৱা-বোৱাৰ দোকানৰপৰা খেলপথাৰলৈ সকলো এই সমাধিস্থলত আছে।

১৩। শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰ:- শ্বিৰীণ ইবাডি এগৰাকী ন’বেল বিজয়ী ব্যক্তি।

ইবাডিয়ে কঠোৰপন্থীৰ বিৰুদ্ধে জীৱনযোৰা সংগ্ৰাম কৰিছিল। ইবাডিক বিচাৰপতি হোৱাৰপৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব নামৰ ইৰাণী মহিলাই মূৰ ঢাকি লোৱা কাপোৰ পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰৰ। তেওঁ নিপীড়িত লোকৰ বাবে যুঁজিছিল। য’ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল, তেনেকুৱা ক্ষেত্ৰত তেওঁ ন্যায়ৰ বাবে সংগ্ৰাম কৰিছিল। বিজয়ৰ মুখ দেখাৰ লগে লগে মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰে। তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা হয়। ইৰাণীবাসীয়ে টেহৰাণ বিমান বন্দৰত তেওঁক বিপুল আদৰণী জনায়।

ভাষা-বিষয়ক:

১। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা:

কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।

উত্তৰ :-

কেঁচি —- ফাৰ্চী

দোৱাত —- ফাৰ্চী

চিয়াঁহী —– ফাৰ্চী

চিচা —– ফাৰ্চী

কেন্দি —– ফাৰ্চী

২। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা:

খেলে মামনুন, মিৰচি ছালাম

উত্তৰ :-

খেলে মামনুন = ধন্যবাদ

মেৰচি ছালাম = ধন্যবাদ

৩। তলত দিয়া শব্দকেইটাৰ প্রতীকি অর্থ কি?

ছবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক, ছেৰকেহ। –

উত্তৰ :-

শব্দ

অৰ্থ

প্রতীকি অর্থ

ছবজে

ঘেঁহু বা দাইল

পুনর্জন্মৰ প্ৰতীক।

ছামানু

ঘেঁহুৰ কঠীয়াৰ পায়স

নতুন জীৱনৰ প্ৰতীক।

ছিৰ

আপেল

স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক।

ছেনজেভ

বনৰীয়া শুকান জলফাই

প্ৰেমৰ প্ৰতীক।

ছিব

নহৰু

ঔষধ।

ছমাক

এবিধ বগৰী

সূর্যোদয়ৰ বৰণ।

ছেৰকেহ

ভিনেগাৰ

বয়স আৰু ধৈৰ্যৰ প্ৰতীক ।

৪। তলত দিয়া শব্দকেইটাত ‘য’ আৰু ‘ণ’ কিয় প্রয়োগ হৈছে লিখা।

সম্ভাষণ, অন্বেষণ, গবেষণা, অৱতৰণ।

উত্তৰ :- সম্ভাষণ = ঋ, ব, য-ৰ পাছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়। এই নিয়ম অনুসৰি সম্ভাষণ

শব্দত মূর্দ্ধন্য ণ হৈছে।

অন্বেষণ = ‘অনু’ শব্দৰ লগত যোেগ হোৱা ‘এষণা’ শব্দত দন্ত্য স মূর্দ্ধন্য য হয়। ঋ, ব, য-ৰ

পাছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়।

গৱেষণা = ‘গো’ শব্দৰ পাছত থকা ‘এষণা’ শব্দৰ দন্ত্য ‘স’ মূৰ্দ্ধন্য ‘য’ হয়। ‘য’ৰ পাছৰ দন্ত্য ‘ন’

মূর্দ্ধন্য ‘ণ’ হয়।

অৱতৰণ = ঋ, ৰ; য-ৰ পাছৰ দন্ত্য ‘ন’ মূর্দ্ধন্য ‘ণ’ হয়। এই নিয়ম অনুসৰি অৱতৰণ শব্দত

মূর্দ্ধন্য ণ হৈছে।

৫। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়োগ হৈছে লিখা:

ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী।

উত্তৰ :– ইৰাণী = ইৰাণ + ঈ (‘ঈ’ প্রত্যয়)

আবাসিক = আৱাস + ইক্ (‘ইক্’ প্রত্যয়)

বাণিজ্যিক = বাণিজ্য + ইক্ (‘ইক্’ প্রত্যয়)

শেহতীয়া = শেহত + ঈয়া (‘ইয়া’ প্রত্যয়)

সোণালী = সোণ + আলি + ঈ (‘ঈ’ প্রত্যয়)

খৰচী = খৰচ + ঈ (‘ঈ’ প্রত্যয়)

ASSEB Class X Assamese Chapter 13 – কানাইৰ চাতুৰী পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 13 – কানাইৰ চাতুৰী

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) কৃষ্ণক টোপনিৰপৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

উত্তৰ :- কৃষ্ণক টোপনিৰপৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল।

(খ) কৃষ্ণই কিমান দিন টোপনিৰপৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

উত্তৰ :- কৃষ্ণই চাবি-পাঁচ দিনলৈ টোপনিৰপৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।

(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি রূপ ধাৰণ কৰিছিল?

উত্তৰ :- দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।

‘(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?

উত্তৰ :- কপিল মুনিৰ মাতৃ আছিল দেৱহুতি।

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?

উত্তৰ :- বামনৰ ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।

২। তথাপি তোহোক দেখন্তে ডৰত

উৰি যায় মোৰ জীউ।

-এই কথাষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।

উত্তৰ :- এই কথাষাৰ শ্ৰীকৃষ্ণৰ উক্তি।

কৃষ্ণই মাকক উদ্দেশ্য কৰি কথাষাৰ কৈছে।

শ্রীকৃষ্ণ জগতৰ পতি বিষ্ণুৰ অৱতাৰ। বিষ্ণুবে এই তিনি ভূৱনৰ সৃষ্টি কৰিছে। তেৱেঁই অনন্ত ব্ৰহ্মাৰ অজন কবি প্রতিপালন কৰি আছে আৰু আত্মাৰূপে সকলোকে ধৰি আছে। ব্ৰহ্মা আদি কৰি সকলো চৰাচৰে তেওঁত সেৱা কৰে। অনন্ত শয্যাত নাৰায়ণ ৰূপে থাকি পদ্মনাভত ব্রহ্মাক ওপজাই বেদৰ জ্ঞান দিছে। এইদৰে বিভিন্ন ঐশ্বৰিক মহিমাৰে মহিমামণ্ডিত শ্রীকৃষ্ণই যশোদা আৰু গোপশিশুসকলৰ ওচৰত মানৱীয় লীলা খেলা প্ৰদৰ্শন কৰিছে। জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈয়ো তেওঁ মাকৰ ভয়ত থাকিব লাগে।

এদিনাখন ৰাতিপুৱা ভকতবৎসল শ্রীকৃষ্ণ ওই থাকোতে গোপ শিশুসকলে খেলিবৰ বাবে শ্রীকৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিলে। তাকে শুনি মাকে কৃষ্ণক মাতিবলৈ ল’লে আৰু কিহৰ ভাগৰতনো কৃষ্ণই ইমান দেৰিলৈকে শুই থাকিব লাগে তাকে কৈ খঙো কৰিলে। সেই কথা শুনি কৃষ্ণই আৰু নজগাবলৈ মাকক অনুনয় কৰিলে। তেওঁ চাৰি-পাঁচদিন গৰু চাৰিবলৈ নগৈ নাখাই নলৈ শুই থাকিব বুলি ক’লে। কাৰণ তেওঁ আৰু যশোদাই তেওঁৰ মূৰত জাপি দিয়া কলংকৰ বোজা সহ্য কৰিব নোৱাৰে। তেওঁ নাৰায়ণ আৰু যশোদা সামান্য গোৱালৰ জী। তথাপি যশোদাক দেখিলে তেওঁৰ ভয়তে জীউ উৰি যায়।

৩। “মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম।”

-কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা।

উত্তৰ :- ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল।

তেওঁ দেৱতাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল। এবায় দেৱতা আৰু অসুৰসকলে সাগৰ মন্থন কৰিছিল আৰু সাগৰ মন্থন কৰোতে উৎপন্ন হোৱা অমৃত খাবৰ বাবে দেৱতা আৰু অসুৰবিলাকৰ অমৃত খাবলৈ পায় তেনেহ’লে অসুৰবিলাকো দেৱতাসকলৰ দৰে অজৰ-মাজত টনা-আজোৰা লাগিছিল। দেৱতাসকলৰ দৰে যদি অসুৰবিলাকেও অমৰ হ’ব আৰু সমগ্র পৃথিৱীখন অধর্মীৰে ভৰি পৰিব। সেই বাবে দেৱকার্য সাধন কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। অমৃত খাই শেষ কৰিছিল। এনেদৰে বিষ্ণুৱে মোহিনীৰ ৰূপ ধাৰণ কবি অসুৰবিলাক মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়তে দেৱতাসকলে দেৱতাৰ কাৰ্য সাধন কৰিছিল।

৪। মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।

উত্তৰ : – কৃষ্ণ জগতপতি বিষ্ণুৰ পূৰ্ণ অৱতাৰ। এওঁ যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ পুত্রৰূপে জন্ম লাভ কৰিছে। কৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মত্বৰ ৰূপ ঢাকি ৰাখি যশোদাৰ ওচৰত নিজৰ মানৱীয় ৰূপ প্রদর্শন কৰিছে। বাঁহৰ বাঁহী বজাই তেওঁৰ ওঠ দুটা ফাটি তেজ বৈ গৈছে যদিও ৰাজপটেশ্বৰী যশোদাই সোণৰ বাঁহী গঢ়াই নিদিয়ে। মাটিত পুথি থওঁতে তেওঁৰ ধনত জুই লাগিব। গৰু ৰাখি থাকোঁতে যি খাদ্য মাকে দি পঠায় সেই খাদ্যও তেওঁৰ আধাপেটিহে হয়। তেওঁ অতি সাধাৰণ পোচাক পৰিধান কৰিব লাগে। চুলিত তেল দিবলৈ নোপোৱাৰ ফলত কুটুৰা-কুটুৰ চুলিবোৰ জটা বান্ধিলে। এনেধৰণৰ অপমানৰ কথা ক’বলৈ গৈ তেওঁৰ চকুপানী ওলাই আহে। তেওঁ বর্তমান যি দুখত আছে মাককো তেনে দুখ দিবলৈ বুলি তেওঁ দৈৱকী মাতাৰ গৃহলৈ যাবলৈ ওলাইছে।

৫। চমু টোকা লিখা:

(ক) বামন,

উত্তৰ :– বামন: বিষ্ণুবে পৃথিৱীত পঞ্চমবাৰ অৱতাৰ ধাৰণ কৰোঁতে বামনৰ ৰূপ লৈছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰা ছলেৰে বলিক ছলনা কৰি পাতাললৈ পঠাইছিল। অর্থাৎ বলি অতি দানী আছিল। দান কৰোঁতে কৰোঁতে নিজকে অতি দানী বুলি বলিৰ অহংকাৰ হৈছিল। বলিৰ এই অহংকাৰ নাশ কৰিবলৈ বিষ্ণুৰে বামনৰ ৰূপ ধাৰণ কৰি তিনি পদ ভূমি বিচাৰিছিল। বলিয়ে তিনি পদ ভূমি দান দিয়াত বামনে এক পদেৰে স্বৰ্গ, এক পদেৰে মৰ্ত আৰু এক পদেৰে পাতাল অধিকাৰ কৰি বলিক ক্ষমতাচ্যুত কৰিছিল। দান কৰাৰ বাবে বলিৰ যি অহংকাৰ হৈছিল বামনে তাক বিনাশ কৰিছিল।

(খ)দেৱহুতি

উত্তৰ:- দেৱহুতি: দেৱহুতি স্বায়ম্ভূৱ মুনিৰ কন্যা আছিল। তেওঁক কদম মুনিয়ে বিবাহ কৰিছিল। তেওঁলোকৰ পুত্ৰ আছিল কপিল মুনি। এওঁক বিষ্ণুৰ অন্য এক অৱতাৰ বুলিও কোৱা হয়। কপিল মুনিয়ে তত্ত্ব বিচাৰ কৰি মাতৃ দেৱহুতিক উদ্ধাৰ কৰিছিল।

(গ) কপিল

উত্তৰ :- কপিল: কপিল এগৰাকী প্রসিদ্ধ মুনি আছিল। এওঁ সাংখ্য দৰ্শনৰ

প্ৰৱৰ্তন কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল কদম মুনি আৰু মাতৃৰ নাম দেৱহুতি। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হাজাৰ পুত্ৰ ভষ্মীভূত হৈছিল। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলি গণ্য কৰা হয়। এই মুনিগৰাকীয়ে তত্ত্ব বিচাৰ কৰি মাতৃ দেৱহুতিক উদ্ধাৰ কৰিছিল।

(ঘ) শ্রীধৰ কন্দলী

উত্তৰ :- শ্রীধৰ কন্দলী : শ্রীধৰ কন্দলী শংকৰোত্তৰকালৰ এগৰাকী উল্লেখযোগ্য কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট ৰূপত থকা দেখা যায়। কন্দলিয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পৃথিখন নিচুকনি গীতৰ আর্হিত ৰচনা কৰা ইয়াত বিষ্ণুৰ লীলা-খেলাসমূহ সহজ-সৰলভাৰে প্রাঞ্জল ভাষাত বর্ণনা কৰা হৈছে। দুয়োখন পুথিৰ ভিতৰত কাণখোৱা পুথিখন অব্দি জনপ্রিয়।

(ঙ) দৈবকী

উত্তৰ :- দৈৱকী: দৈৱকী উগ্রসেনৰ কন্যা আৰু কংসৰ ভগ্নী আছিল বসুদেৱৰ সৈতে দৈৱকীয়ে বিবাহপাশত আৱদ্ধ হৈছিল আৰু শ্রীকৃষ্ণ তেওঁলোকৰ অষ্টম সন্তান আছিল। দৈৱকীৰ অষ্টম সন্তানৰ হাতত কংসক মৃত্যু নিশ্চিত বলি জানিব পাৰি কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল। কংসক বধ কৰি কৃষ্ণই এওঁলোকক কাৰাগাৰৰ পৰা মুক্তি দিছিল।

৬। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ :- এদিনাখন ভকতবৎসল শ্রীকৃষ্ণই শুই থাকোঁতে গোপীৰ শিশুসকলে খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাক যশোদাক অনুৰোধ কৰে। মাকে কৃষ্ণক শুই উঠিবলৈ কৈ কিহৰ ভাগৰতনো ইমান দেৰীলৈকে শুই থাকিব লাগে বুলি কৃষ্ণক খঙো কৰে। তাকে শুনি কৃষ্ণই তেওঁক আৰু নজগাবলৈ মাকক অনুনয় কৰে। তেওঁ আৰু গৰু চাৰিবলৈ নধৈ চাৰি-পাঁচদিনলৈ একো নাখাই নলৈ কেৱল শুয়েই থাকিব। তেওঁৰ মূৰত জাপি দিয়া কলংকৰ কথা তেওঁ আৰু সহ্য কৰিব নোৱাৰে। জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈয়ো তেওঁ কেৱল মাকৰ ভয়তে থাকিব লাগে তেৱেঁই এই অনন্ত ব্রহ্মাণ্ড সৃষ্টি কৰিছে আৰু প্ৰতিপালন কৰি আছে। তেওঁ আত্মাৰূপে সকলোকে ধৰি আছে। ব্ৰহ্মা আদি কৰি সকলো চৰাচৰে যাব সেৱা কৰে, তেওঁ যশোদাৰ ঘৰত কৰ্কৰা ভাত খাই গৰু চৰাই ফুৰে। তেওঁ অনন্ত শয্যাত নাৰায়ণৰূপে শয়ন কৰি থাকি পদ্মনাভত ব্রহ্মাক ওপজাই বেদৰ জ্ঞান দিছে। যি সময়ত অসুৰৰ ভয়ত দেৱতাসকলে কৃষ্ণক স্মৰণ কৰা মাত্রকে তেওঁ অসুৰক বধ কৰি দেৱতাসকলক উদ্ধাৰ কৰিছিল, যিজনৰ চতুর্ভুজ ৰূপ দেখি ত্ৰিদশৰ চমক লাগিছিল, সেইজনক মাকে কলীয়া বুলি ইতিকিং কৰে। দেৱকাৰ্য সাধন কৰিবলৈ তেৰেই মোহিনীৰূপ ধৰি দেৱতাসকলক অমৃত পান কৰায়, কিন্তু যশোদাৰ ঘৰত তেওঁ “দধিচোব” নাম পায়। কপিল ৰূপ ধৰি তেওঁ তত্ত্ব বিচাৰ কৰে। বামনৰ ৰূপ ধৰি বলিৰ অহংকাৰ নাশ কৰে। সেই ৰূপতে তেওঁ নখেৰে গংগাক মর্তলৈ বোৱাই আনে। গংগাক বাটত পাই শিৱই জটাত ধাৰণ কৰে। ইমানবোৰ মহিমা থকা কৃষ্ণক পুত্ৰ হিচাপে লাভ কৰাৰ পিছতো যশোদাই তেওঁক ইতিকিং কৰে। কৃষ্ণই পুত্ৰ হিচাপে জন্ম লাভ কৰি যশোদাৰ “কাঠবাজী” বুলি থকা বদনাম নোহোৱা কৰে। তথাপি তেওঁৰ প্ৰতি মাকৰ স্মৰম-চেনেহ নাই। বাঁহৰ বাঁহী বজাই ওঁঠ ফাটি তেজ ওলাই যোৱাৰ পিছতো ৰাজপটেশ্বৰী যশোদাই কৃষ্ণক সোণৰ বাঁহী গঢ়াই নিদিয়ে। মাটিত অপুতি যাওঁতে তেওঁৰ ধনত জুই লাগিব। গৰু চৰাই থাকোঁতে মাকে যি খাদ্য নদি পঠায় সেই খাদ্যও তেওঁৰ আধাপেটীহে হয়। গৰু চৰাই থাকোতে কাঁইটীয়া বনে গোটেই দেহাটো বিন্ধি পেলায়। কিন্তু তেওঁ অতি সাধাৰণ বস্ত্রহে পিন্ধিবলৈ পায়। চুলিত তেল নাই। কুটুৰা-কুটুৰ চুলিবোৰ জটা বান্ধিলে। ইমান অপমান পোৱাৰ পিছত কৃষ্ণই যি দুখত আছে মাককো তেনে দুখ দিবলৈ থিৰাং কৰি দৈৱকী আইৰ ঘৰলৈ গুচি যাব খুজিলে। কৃষ্ণৰ এই কথা শুনি যশোদাই ওচৰ চাপি আহি দোষ মৰিষণ কৰিবলৈ কান্দি ক’লে। তেতিয়া কৃষ্ণই আনন্দিত মনেৰে একে জাপে মাকৰ কোলাত উঠি পৰম আনন্দিত মনেৰে স্তন পান কৰিবলৈ ধৰিলে।

এইদৰে জগত ঈশ্বৰ শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ পাঠটিত সুন্দৰকৈ প্ৰকাশ কৰা হৈছে।

৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা।

উত্তৰ :- কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু তাৰদ্বাৰা বিবিধ কার্য সমাধা কৰিছিল।

তেওঁ নিজৰূপ ধাৰণ কৰি এই অনন্ত ব্রহ্মাণ্ডখন সৃষ্টি কৰিছে আৰু জগতখন আত্মাৰূপে প্রতিপালন কৰি আছে। নাৰায়ণৰূপে অনন্ত শয্যাত জলত শয়ন কৰি পদ্মনাভত ব্রহ্মাক ওপজাই বেদৰ জ্ঞান দিলে।

চতুর্ভুজ ৰূপ ধাৰণ কৰি অসুৰৰ ভয়ত সম্ভ্রস্ত দেৱতাসকলক উদ্ধাৰ কৰে। কৃষ্ণৰ সেইৰূপ দেখি ত্রিদিশ চমকি উঠে।

মোহিনীৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰায়।

কপিলৰ ৰূপ ধৰি কদম ঋষিৰ ঘৰত অৱতাৰ গ্ৰহণ কৰে আৰু তত্ব বিচাৰ কৰি দেৱহুতি মাতৃক উদ্ধাৰ কৰে।

বামনৰ ৰূপ ধাৰণ কৰি বলি ৰজাক ছলনা কৰে। বলি ৰজাই নিজকে অতি দানী বুলি অহংকাৰ কৰিছিল। গতিকে এই দর্প চূর্ণ কৰিবলৈ বামনে বলিক বিনাশ কৰে।

৮। কবিতাটোত ‘কাঠবাজী’ বুলি কাক হৈছে? ইয়াৰ অৰ্থ কি এই অপবাদৰপৰা তেওঁক কোনে ৰক্ষা কৰিলে?

উত্তৰ :- কবিতাটোত কাঠবাজী বুলি যশোদাক কৈছে।

কাঠবাজী শব্দৰ অৰ্থ হৈছে যি তিৰোতাৰ মাত্র এটি সন্তান জন্ম পায় সেই তিৰোতাক কাঠবাজী বুলি কোৱা হয়।

যশোদাক কাঠবাজী বুলি জগতে হাঁহিছিল। কিন্তু কৃষ্ণই তেওঁৰ ঘৰত জন্ম লৈ তেওঁক এই অপবাদৰপৰা ৰক্ষা কৰিলে।

৯। তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) কাঠবাজী বুলি জগতে হাসয়

দেখিলে সুমৰে হৰি।

মই আসি তোৰ ঘৰে পুত্র ভৈলো

সিটো দুখ দূৰ কৰি।।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্রীধৰ কন্দলীয়ে ৰচনা কৰা ‘কানাইৰ চাতুৰী’ নামৰ কবিতাটিৰপৰা উদ্ধৃত কৰা হৈছে।

উক্ত কবিতাটোৰদ্বাৰা কবিয়ে জগতপতি শ্রীকৃষ্ণৰ মানৱীয় ৰূপটো সুন্দৰকৈ ফুটাই তুলিছে। সাধাৰণ শিশু এটিৰ দৰে তেওঁ মাকৰ ওপৰত খং অভিমান কৰিছে।

এদিনাখন বাতিপুৱা গোপ শিশুসকলে খেল খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিলে। তাকে শুনি মাকে কৃষ্ণক সোনকালে উঠিবলৈ ক’লে। কিহৰ ভাগৰতনো তেওঁ ইমান দেৰিলৈকে শুই থাকিব লাগে তাকে কৈ খঙো কৰিলে। তেতিয়া কৃষ্ণৰ মাকৰ ওপৰত অভিমান হ’ল। তেওঁ মাকক আৰু তেওঁক নজগাবলৈ কৈ চাৰি-পাঁচ দিনলৈ একো নাখাই কেৱল শুইয়ে থাকিব বুলি ক’লে। মাকে তেওঁৰ মূৰত জাঁপি দিয়া কলংকৰ বোজা তেওঁ আৰু সহ্য কৰিব নোৱাৰে। জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈয়ো তেওঁ মাকৰ ভয়তে থাকিব লাগে। তেওঁ এই ব্ৰহ্মাণ্ডৰ স্ৰজন কৰোঁতা আৰু পালন কৰোঁতা, তেৱেঁই সকলোৰে আত্মা। ব্রহ্মা আদি দেৱতাই যাক সেৱা কৰে তেওঁ যশোদাৰ ঘৰত কৰকৰা ভাত খাই গৰু চৰাই ফুৰে। যিজনে ত্রিদিশত চমক লগোৱা চতুর্ভুজ ৰূপ ধৰি অসুৰৰ ভয়ত স্ত্ৰস্তমান দেৱতাসকলক উদ্ধাৰ কৰিছিল সেইজনক মাকে কলীয়া বুলি ঠাট্টা কৰে। যিজনে দেৱৰ কার্য সাধনৰ অর্থে মোহিনীৰ ৰূপ ধাবণ কৰি দেৱতাসকলক অমৃত পান কৰোৱাই তেওঁ যশোদাৰ ঘৰত দধিচোৰ নাম পায়। কপিল বৰূপ ধাৰণ কৰি তেওঁ তত্ত্ব বিচাৰ কৰে। বামনধ ৰূপ ধাৰণ কৰি বলি বজাৰ অহংকাৰ নাশ কৰে। সেই ৰূপতে তেওঁ নখেবে গংগাক মর্ত্যলৈ বোৱাই আনে। গতিকে ইমানবোৰ মহিমা থকা পুত্র কৃষ্ণক যশোদাই ইতিকিং কৰে। যশোদাক জগতে কাঠবাজী বুলি হাঁহিছিল। কিন্তু কৃষ্ণই জন্ম লাভ কৰি যশোদাৰ সেই দুখ নোহোৱা কৰে। তথাপি তেওঁৰ প্রতি যশোদাৰ অকণো মৰম চেনেহ নাই। ভগৱান ভক্তৰ অধীন। যশোদাই একান্ত ভক্তিৰ বলত জগতৰ পতি কৃষ্ণক পুত্র হিচাপে লাভ কৰিবলৈ পাৰিছে। কৃষ্ণই বিভিন্ন ধৰণে চাতুৰী কৰি নিজৰ পৰম ব্রহ্মাত্বৰ ৰূপ ঢাকি ৰাখি সাধাৰণ মানর শিশুৰ দবে যশোদাৰ ওচৰত মান, অভিমান, খং, বোষ আদি কৰিছে।

(খ) মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম

তোমাৰ ঘৰে আসি বৰ যশ পাইলো

লৈলো দধিচোৰ নাম।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্রীধৰ কন্দলীয়ে ৰচনা কৰা ‘কানাইৰ চাতুৰী’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে।

এবাৰ দেৱতা আৰু অসুৰবিলাকে সাগৰ মন্থন কৰিছিল। সাগৰ মন্থন কৰোঁতে উৎপন্ন হোৱা অমৃত খাবৰ বাবে দেৱতা আৰু অসুৰৰ মাজত হেতা-ওপৰা লাগিছিল। দেৱতাসকলৰ সৈতে যদি অসুৰবিলাকেও অমৃতৰ ভাগ খাবলৈ পায়, তেতিয়া অসুৰবিলাকো দেৱতাসকলৰ দৰে অজৰ অমৰ ‘ব আৰু পৃথিৱীত অধর্মীৰে ভৰি পৰিব। সেইবাবে দেৱকার্য সাধন কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনীৰূপ ধাৰণ কৰিছিল। অসুৰৰিলাক মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়ত দেৱতাসকলে অমৃতৰ ভাণ্ড পান কৰি শেষ কৰি পেলাইছিল।

সেইজন বিষ্ণুৰে যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ নন্দ গৃহত পুত্র হিচাপে জন্ম লাভ কৰিছে। মানৱীয় ৰূপ প্ৰদৰ্শন কৰি তেওঁ মাকৰ লগত ঠেহ-পেচ, মান-অভিমান আদি কৰিছে। দেৱতাসকলক অমৃত পান কৰোৱা বিষ্ণুৱে নন্দৰ গৃহত দধিচোৰ নাম লৈছে। এইদৰে কৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মত্বৰ ৰূপ ঢাকি ৰাখি নিজৰ মানবীয় ৰূপ প্রদর্শন কৰিছে।

(গ) মই নাৰায়ণ জগত কাৰণ

তুমি গোৱালৰ জীউ

তথাপি তোহাক দেখন্তে ডৰত

উৰি যায় মোৰ জীউ।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্রীধৰ কন্দলীদের বিৰচিত “কানাইৰ চাতুৰী” কবিতাটোৰপৰা উদ্ধৃত কৰা হৈছে।

উক্ত কবিতাফাকি দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে কৃষ্ণই জগতৰ কাৰণ স্বৰূপ নাৰায়ণ হৈয়ো মাকৰ ভয়তে থাকিব লাগে। তেৱেঁই এই অনন্ত ব্রহ্মাণ্ডখন স্রজন কৰি প্ৰতিপালন কৰি আছে আৰু সকলোকে আত্মৰূপে ধৰি আছে। ব্ৰহ্মা আদি কৰি সকলো চৰাচৰে তেওঁক সেরা কৰে। অনন্ত শয্যাত নাৰায়ণ ৰূপে থাকি পদ্মনাভত ব্রহ্মাক ওপজাই তেওঁ বেদৰ জ্ঞান দিছে। যি সময়ত অসুৰৰ ভয়ত দেৱতাসকলে কৃষ্ণক স্মৰণ কৰা মাত্রকে তেওঁ অসুৰক বধ কৰি দেৱতাসকলক উদ্ধাৰ কৰিছিল। যাৰ চতুর্ভুজ ৰূপ দেখি ত্রিদিশ চমক লাগি পৰিছিল, সেইজন জগতপতিয়ে মাকৰ ভয়ত থাকিব লাগে। তেওঁ জগতৰ পতি আৰু মাক যশোদা সামান্য গোৱালৰ জীয়েক: কিন্তু তেওঁক দেখা মাত্রকে কৃষ্ণৰ ভয়তে জীউ উবি যোৱাৰ উপক্রম হয়।

ভগৱান ভক্তৰ অধীন। তেরেই পৰমাত্মা। জীৱৰ হৃদয়ত আত্মাৰূপে বিবাজমান হয়। একান্ত মনেৰে ভক্তি কৰিলে জীৱই তেওঁক পাবলৈ সমর্থ হয়। উক্ত কবিতাংশৰদ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে শ্রীকৃষ্ণ হৈছে। পৰম ব্ৰহ্ম, এই জগতৰ স্ৰজন, পালন আৰু বিনাশ কৰোঁতা। তেওঁক যশোদাই একমাত্র ভক্তিৰ বলেৰেহে পুত্ৰ ৰূপে পাবলৈ সমর্থ হৈছে। কৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মৰ ৰূপ ঢাকি ৰাখি যশোদাৰ আগত মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে। সেয়েহে কৃষ্ণ স্বয়ং জগতৰ কাৰণস্বৰূপ নাৰায়ণ হ’লেও সামান্য শিশু এটিৰ দৰে মাকৰ ভয়ত কাতৰ হৈ পৰে।

ভাষা-বিষয়ক:

১। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা:

(ক) আসি

(খ) খেড়ি

(গ) পুহাইল

(ঘ) নুজুৰাই

(ঙ) বিগুটিয়া

(চ) কিসৰ

উত্তৰ:- শব্দ আধুনিক ৰূপ

(ক) আসি —– আহি

(খ) খেড়ি —– খেলা

(গ) পুহাইল —– পুৱালে

(ঘ) নুজুৰাই —— জুৰ নপৰে

(ঙ) বিগুটিয়া —- ঠাট্টাকৰা

(চ) কিসৰ —- কিহৰ

২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা :

(ক) সুন্দৰী

(খ) মাতৃ

(গ) মামা

উত্তৰ :- (ক) সুন্দৰী —- সুন্দৰ

(খ) মাতৃ ——পিতৃ

(গ) মামা —– মামী

৩। বিপৰীত শব্দ লিখাঃ

(ক) বিশ্বাস

(খ) দোষ

(গ) আনন্দ

(ঘ) অপমা

(ঙ) অমৃত

উত্তৰ :- শব্দ বিপৰীত শব্দ

(ক) বিশ্বাস —- অবিশ্বাস

(খ) দোষ —- গুণ

(গ) আনন্দ —- নিৰানন্দ

(ঘ) অপমান —- মান

(ঙ) অমৃত —– গৰল

ASSEB Class X Assamese Chapter 15 – বিষাদযোগ পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 15 – বিষাদযোগ

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) মহাৰথী কাক বোলে?

উত্তৰ :- যিজনে অকলে দহ হাজাৰ ধনুর্দ্ধাৰীৰ সৈতে যুঁজ কৰে, তেওঁকে মহাৰথী বোলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।

উত্তৰ :- কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ’ল-গুৰু দ্রোণ, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ, সোমদত্তৰ পুত্র ভূৰিশ্ৰৱা।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

উত্তৰ :- সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, সোনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল।

(ঘ) আততায়ী কাক বোলে?

উত্তৰ :- যিয়ে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাক অপকাৰ কৰে, অস্ত্ৰ লৈ যুদ্ধ দিয়ে-এই ছয় দোষৰ দোষীকে আততায়ী বলে।

(ঙ) কুলক্ষয় দোষ কি?

উত্তৰ :- যি দোষত কুলধর্ম নষ্ট হয়, সেয়াই কুলক্ষয় দোষ । ধর্ম নষ্ট হ’লে অৱশিষ্ট কূলক অধর্মে চুবে। অধর্মই চুলে কুলস্ত্রীসকল দুষ্ট হয়। স্ত্রী দুষ্ট হ’লে বর্ণসংকৰ হয়, সেই কুলটো নৰকগামী হয়, পিতৃসকল পিণ্ডহীন, জলতর্পণবিহীন হৈ পৰে।

২। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।

উত্তৰ :- পাঠটিত পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বৰ্ণনা পোৱা যায় এইদৰে-

শুকুলা বাঙৰ চাৰিটা ঘোঁৰাই টনা মহাৰৰ্থত উঠি কৃষ্ণার্জুনে দিবাশংখ বজাই ৰণক্ষেত্ৰলৈ অগ্ৰসৰ হ’ল। কৃষ্ণই পাঞ্চজন্য শংখ ফুকালে। অর্জুনে দেৱদত্ত নামৰ শংখনাদ কৰিলে। ভীমে পৌণ্ড্রক নামে মহাশংখ, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেবে মণিপুষ্পক ধ্বনিৰে ৰণাঙ্গনত প্ৰৱেশ কৰিলে। আনহাতে কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্রুপদ, দ্রৌপদীৰ পঞ্চপুত্র, সুভদ্রাব পুত্র অভিমন্যু আদি পৃথকে পৃথকে শংখ বজালে। সেই শংখৰ মহানাদে আকাশ, পৃথিবী সমন্বিতে দশোদিশ কঁপাই কৌৰৱ সৈন্যৰ মাজত মহা আতংকৰ সৃষ্টি কৰিলে।

৩। অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত বথ ৰাখিবলৈ কিয় কৈছিল?

উত্তৰ :- অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত বথ ৰাখিবলৈ কৈছিল যাতে তেওঁ যুঁজাৰু বীৰসকলক এবাৰ দৰ্শন কৰি ল’ব পাৰে। যুঁজাক বীৰসকল দুর্যোধনক সন্তুষ্ট কৰাৰ অৰ্থে ৰণলৈ আহিছে।

৪। অর্জনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আক তেওঁলোকক দেখা পাই শ্রীকৃষ্ণ কি ক’লে তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ :- অর্জুনৰ ইচ্ছানুসৰি শ্রীকৃষ্ণই কুৰুবীৰসকলৰ সম্মুখত ৰথখন ৰাখিলে আৰু ক’লে-‘হে পার্থ, কুৰুব্বীৰসৱক চক্ষু মেলি দেখা।’ অর্থাৎ কুৰুবীৰসকললৈ চকু মেলি চোৱা। অতে অর্জুনে পিতৃব্য পিতামহ, আচার্য, মাতুল, ভ্রাতৃ, পুত্র, পৌত্র, সখি, শশুৰ, সুহৃদ আদিসকলক দেখা পালে। তাকে দেখি অর্জুন দুখত অস্থিৰ হৈ পৰিল আৰু মহাদুখেৰে শ্রীকৃষ্ণক ক’লে যে জ্ঞাতি-কুটুম্বসকল যুদ্ধত যুদ্ধ দিয়াৰ অৰ্থে তেনেদবে উপস্থিত হোৱা দেখি’ অর্জুনৰ হাত-ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাইছে, নোম শিয়ৰি উঠিছে। আনকি হাতৰ গাণ্ডীৱখনো খহি পৰাৰ উপক্ৰম হৈছে। চাবিওফালে যেন ধিমঙ্গলীয়া চিনেহে দেখা দিছে-শগুণ উৰিছে, শিয়ালে হুৰা দিছে। সেই ঠাইত থিয় হৈ থকাৰ ইচ্ছা তেওঁৰ একেবাৰেই যোৱা নাই। তেওঁৰ মনত যেন মহাভ্ৰমৰ উদয় হৈছে। যুদ্ধত স্বজন বধৰপৰা দৰাচলতে অর্জুনে কোনো, আনন্দ, নাপায়। সকলো সম্পর্কীয় লোক, বন্ধু-বান্ধর যিহেতু খুঁজত উপস্থিত হৈছে তেন্তে কাৰ বাবে অর্জুনে অথবা পাশুৰেশ দ্বাজাজয় কৰিব। ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰাৰপৰা অর্জুনে কোনোধৰণৰ আনন্দ লাভ নকৰে। বৰঞ্চ পাপ হোৱাৰহে আশংকা। আততায়ীক বধ কৰাটো অর্থশাস্ত্রই পাপ বলি নক’লেও ধর্মশাস্ত্রব মতে ই দোষ। বান্ধৱসকলক বধ কৰাটোওটো অপৰাধ। এই অপৰাধৰপৰা ইহজন্মত মুক্তি পোৱা সম্ভব নহয়। কৌৰৱসকলে লোভৰ বশৱৰ্তী হোৱা হেতুকে কুলক্ষয় দোষ, মিত্রদোহ আদিক পাপ যেন দেখা নাই; কিন্তু অর্জুনে জানি-শুনিনো তেনে পাপ কিদৰে কৰিব? ৰাজ্যসুখৰ লোভত স্বজন বধৰ অৰ্থে অর্জুন উদ্যত হৈছিল। সেই মহাপাপৰ প্রায়শ্চিত্তৰ বাবে অর্জুনে অস্ত্র নধবি মৌন হৈ ৰোৱাৰ কথা ঘোষণা কৰিলে। দুর্যোধন আদিয়ে যদি অস্ত্র ধৰি তেওঁক বধো কৰে, তেওঁৰ কোনো আক্ষেপ নাই। এই বুলি কৈ অর্জুনে ধনুশৰ এৰি কম্পিত হৈ ৰথৰ ওপৰত বহি পৰিল ।

৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।

উত্তৰ :- কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হয়। কাৰণ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়। ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলক অধর্মই আৱৰি ধৰে। অধৰ্ম বিয়পিলে কুলস্ত্রীসকল দুশ্চবিত্রা হয়। স্ত্রী দুশ্চৰিত্ৰা হ’লে বর্ণসংকৰ জন্ম হয়, কুল নৰকগামী হয়। ইয়াৰোপৰি পিতৃপুৰুষসকল পিণ্ডহীন, জলতর্পণহীন হৈ পৰে। এই দোষত সকলো জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰে।

৬। “জানা বাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা…।”

-এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।

উত্তৰ :- ‘জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা…।’

-সঞ্জয়ে ধৃতৰাষ্ট্ৰক এনেদৰে ক’লে।

অর্জুনে নিম্নলিখিত বাক্যশাৰী কৈ বথৰ ওপৰত বহি পৰিল-

‘মঞি অস্ত্র নধৰি মৌনে বহো। তবে দুর্যোধনাদি যদি অস্ত্ৰ ধৰি মোক বধে তেবে মোৰ মহা প্রিয় হয়, যাতো পাপ নিসিজিব।’

অর্থাৎ, মই অস্ত্র নধৰি মৌন হৈ ৰওঁ। তেতিয়া দুর্যোধনে যদি অস্ত্র ধৰি মোক বধ কৰে তাতেই মই মহা আনন্দ পাম, মোৰ কোনো পাপো নহয়।

ভাষা-বিষয়ক:

১। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা:

নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্রুতি, বিমঙ্গল, বান্ধব।

উত্তৰ :-

শব্দ

সমার্থক শব্দ

নিপুণ

সমীপ

বিস্তৰ

সহস্র

সদৃশ

বাদ্য

কৰ-চৰণ

চৰ্ম

শ্রুতি

বিমঙ্গল

বান্ধব

পাকৈত

নিকট

বৃহৎ

হাজাৰ

সম

বাজনা

হাত-ভৰি

ছাল

বেদ

অমঙ্গল

মিত্র

২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাসি, ফুস্কিলা, বাইলা, ৰহিবে, ৰহো।

উত্তৰ :-

 

প্ৰাচীন শব্দ

আধুনিক ৰূপ

হুয়া

কহা

চক্ষু

কৰিলা

চাঞো

মঞি

বুলিলা

খাসি

ফুস্কিলা

বাইলা

ৰহিবে

ৰহো

হৈ

কোৱা

চকু

কৰিলে

চাওঁ

মই

ক’লে

খহি

ফুকালে

বজালে

ৰ’বলৈ; থিয় দিবলৈ

থাকোঁ

৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ :- ভট্টদেৱ অর্থাৎ কবিৰত্ন ভাগৱত ভট্টাচার্য হৈছে অসমীয়া গদ্য সাহিত্যব জনক।

ভট্টদেৱ যে কেবল কথাসাহিত্যৰ জনকেই তেনে নহয়। সাহিত্যত তেখেতৰ সম্পূর্ণ সাহিত্যিক প্রতিভা পৰিস্ফুট হৈছে। তেওঁ অসমীয়া গদ্যত তত্ত্বগধুৰ কথা ৰচনাৰ আর্হি দেখুৱাই থৈ গৈছে। তেওঁৰ গদ্যপুথি বুৰঞ্জী সাহিত্যৰ দৰে কথিত গদ্য নহয়। তেওঁৰ সমসাময়িক পদ্যৰ ভাষাৰদ্বাৰা প্রভাবিত ঝহৈছিল। ছন্দৰীতিৰ কিছু লক্ষণ তেওঁৰ ভাষাত বিদ্যমান। তেওঁব ভাষাৰ মাজত সংস্কৃত শব্দব প্রয়োগো কম-বেছি পৰিমাণে দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে ভট্টদেৰ আছিল গীতা-ভাগবত আদি সংস্কৃত শাস্ত্রৰ অগাধ পণ্ডিত।

ASSEB Class X Assamese Chapter 16 – প্রাচীন ভাৰতীয় শিক্ষা পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 16 – প্রাচীন ভাৰতীয় শিক্ষা

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰ :- তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম তলত

উল্লেখ কৰা হ’ল-

১। বুদ্ধদেৱৰ চিকিৎসক ‘জীৱক’

২। পাণিনি,

৩। ‘চাণক্য আৰু

৪। চৰক

খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল?

উত্তৰ। তক্ষশীলালৈ পশ্চিমৰ পৰা, পাৰস্যদেশৰ পৰা, বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। ই পূর্বতে হিন্দু বিশ্ববিদ্যালয় আছিল আৰু পাচলৈ বুদ্ধ বিশ্ববিদ্যালয় হোৱাত ইয়ালৈ চীনদেশৰ পৰাও বহুত ছাত্র পঢ়িবলৈ আহিছিল।

(গ) নাগার্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?

উত্তৰ :- নাগার্জুন শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।

নাগার্জুন অম্ৰাৱতী নগৰৰ ওচৰত আছিল আৰু ধান্যকটক বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল।

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন?

উত্তৰ :- নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনদেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল।

তেওঁক কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই নিমন্ত্ৰণ কৰিছিল।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কবৰিলে?

উত্তৰ :- উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল। সেই পুথিভঁৰালটো মুছলমানসকলে ১২০২ খ্রীষ্টাব্দত ধ্বংস কৰিলে।

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনৰিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?

উত্তৰ :– উজ্জয়িনী বিশ্ববিদ্যালয় ৰজা বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলনক্ষেত্ৰ আছিল।

২। ‘প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ লিখা।

উত্তৰ :- প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ দ্বাৰা প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা কেনেধৰণৰ আছিল তাৰ এক আভাস দাঙি ধৰা হৈছে। আৰ্য-শিক্ষাৰ মূলমন্ত্র হৈছে মোক্ষ লাভ। ইয়াক কর্ম, ভক্তি আৰু জ্ঞানৰ মাজেদি লাভ কৰিব পাৰি। প্রতি মানুহৰ পুৰুষাৰ্থক চাৰি ভাগত ভগোৱা হয়-ধর্ম, অর্থ, কাম আৰু মোক্ষ। হিন্দু শিক্ষাৰ চবম উদ্দেশ্য হৈছে অনাসক্ত ভোগৰ, মাজেৰে ত্যাগ স্বীকাৰ কৰা। বিভিন্ন অনুসন্ধানৰ ফলত প্রাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় থকাৰ কথা জানিব পৰা গৈছে। সেই কেনখন হ’ল তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী।

তক্ষশীলা বিশ্ববিদ্যালয়খন খৃ. পূ. এক শতিকালৈকে আছিল। ইয়াৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠব বিধ শিক্ষা দিয়া হৈছিল। অত্রেয় ঋষিয়ে তাত আয়ুর্বেদ শিক্ষা দিছিল। সেই বিশ্ববিদ্যালয়খনৰ কেইজনমান প্রখ্যাত ছাত্র হৈছে পাণিনি, চাণক্য, জীৱক আদি। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহিছিল।

শ্রীধান্যকটক বিশ্ববিদ্যালয়, অম্ৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা দিয়া হৈছিল। খ্রী. পূ. প্রথম এ শতিকালৈকে এই বিশ্ববিদ্যালয়খন আছিল। ইয়াৰ প্ৰধান শিক্ষক আছিল নাগার্জুন।

নালন্দা বিশ্ববিদ্যালয় খ্রী. পূ. এক শতিকাৰ পৰা আঠ খ্ৰীষ্টাব্দলৈ বর্তমান আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্র নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল। ইয়াত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰিছিল। ভাৰতবৰ্ষৰ সর্ববৃহৎ পুথিভঁৰালটো নালন্দা বিশ্ববিদ্যালয়ত আছিল। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহিছিল। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল ভাৰতবৰ্ষৰ সকলো ঠাঁইৰ ছাত্ৰৰ আদর্শস্বৰূপ আছিল। চীনা পৰিব্রাজক যুয়ানচ্যান্ডে ইয়াত শিক্ষা গ্রহণ কৰিছিল।

উদান্তপুৰৰ বিশ্ববিদ্যালয়ে গ্রীষ্টীয় ৮ম শতিকাত বিশেষ খ্যাতি লাভকৰিছিল। ইয়াত এটা বহুমূলীয়া পুথিভঁৰাল আছিল যাক মুচলমানবিলাকে – ১২০২ খ্রীষ্টাব্দত নষ্ট কৰে।

বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় খ্রীষ্টীয় ৮ম শতিকাত ধর্মপাল বজাই প্রতিষ্ঠা কৰে। এই বিশ্ববিদ্যালয়ৰ তলত ছয়খন উচ্চ বিদ্যালয় আৰু ১০৮ জন শিক্ষক আছিল। বিদ্যালয়সমূহ ৪০০ বছৰৰ পাছত নষ্ট হয়। বিনা খৰচত ছাত্ৰসকলে বিদ্যালয়ৰ ছাত্ৰাবাসত থাকিবলৈ আৰু খাবলৈ – পাইছিল।

ৰজা বিক্রমাদিত্যৰ সময়ত উজ্জয়িনী বিশ্ববিদ্যালয় ভাৰতৰ সকলো পণ্ডিতলোকৰ মিলনক্ষেত্র আছিল। ইয়াত প্রধানকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

গতিকে উক্ত আলোচনাৰ পৰা প্ৰাচীন ভাৰতৰ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ এক সম্যক ধাৰণা লাভ কৰিব পাৰি। এইশিক্ষানুষ্ঠানসমূহৰ শিক্ষা ব্যৱস্থা বর্তমানতকৈ বহু উন্নত আছিল। ছাত্রসকলে বিভিন্ন বিষয়ত শিক্ষা লাভবহুতো নতুন নতুন তত্ত্ব আৱিষ্কাৰ কৰিছিল। কিন্তু বৰ্তমানৰ শিক্ষাব্যৱস্থাত এনেধৰণৰ সত্য আৱিষ্কাৰ খুব কমেইহে দেখিবলৈ পোৱা যায়। আজিৰ । শিক্ষাৰ উদ্দেশ্য হৈছে চাকৰিমুখী। এওঁলোকে স্বাধীন চিন্তা কৰি নতুন তত্ত্ব আৱিষ্কাৰ কৰাত আগ্ৰহী নহয়। আগৰকালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ প্রবৃত্তিসমূহ প্রস্ফুটিত কৰি অসৎ প্রবৃত্তিসমূহ মনৰ পৰা আঁতৰাই জীৱনযুদ্ধৰ বাবে সাজু কৰি তোলা।

৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।

উত্তৰ :- বিভিন্ন ধৰণৰ অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে প্রাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল। সেই কেইখন হ’ল-তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী। এই বিশ্ববিদ্যালয়কেইখনৰ বিষয়ে এটি চমু পৰিচয় তলত দাঙি ধৰা হ’ল-

তক্ষশীলা: খ্রীষ্টপূর্ব পথম শতিকালৈকে তক্ষশীলা বিশ্ববিদ্যালয়খন থকাৰ তথ্য পোৱা গৈছে। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী-আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল। অত্রেয় ঋষিয়ে ইয়াত আয়ুর্বেদ শিক্ষা দিছিল। এইখন বিশ্ববিদ্যালয়ৰ কেইজনমান প্রখ্যাত শিষ্য হৈছে-বুদ্ধদেৱৰ চিকিৎসক ‘জীৱক’, ‘পাণিনি’, চাণক্য আদি। ইয়াত ভাস্কৰ বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হস্তবিদ্যাৰ শিক্ষা দিয়া হৈছিল। পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ছাত্ৰসকলে ইয়াত শিক্ষা গ্রহণ কৰিবলৈ আহিছিল। পূর্বতে ই হিন্দু বিশ্ববিদ্যালয় আছিল কিন্তু পৰৱৰ্তীকালত ই বুদ্ধ বিশ্ববিদ্যালয় হৈছিল।

শ্রীধান্যকটক বিশ্ববিদ্যালয়: এই বিশ্ববিদ্যালয়খন অস্রাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা দিয়া হৈছিল এই বিশ্ববিদ্যালয়খন খ্রী. পৃ. ১ম শতিকালৈ বর্তমান আছিল। নাগার্জ এই বিশ্ববিদ্যলয়ৰ প্রধান শিক্ষক আছিল।

নালন্দা বিশ্ববিদ্যালয়: খ্ৰীষ্টপূর্ব এক শতিকাৰপৰা আঠ খ্ৰীষ্টাব্দলৈ এই বিশ্ববিদ্যালয়খন বর্তমান আছিল। ইয়াত বেদ, চিকিৎসা, দর্শন আধ্যাত্ম্য বিজ্ঞান আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বাহিৰে ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল। শীলভদ্ৰ ইয়াৰ বিখ্যাত অধ্যক্ষ আছিল। শিক্ষাদানৰ বাবদ ইয়াত কোনো খৰচ লোৱা নাছিল। ইয়াৰ পুথিভঁৰালটো ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালৰ ভিতৰত ডাঙৰ আছিল। ইয়াৰ ছাত্ৰসকল ভাৰতৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল। পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ছাত্ৰসকলে ইয়াত পঢ়িবলৈ আহিছিল। ইয়াৰ শিক্ষাৰ আদর্শ ইমান উচ্চ আছিল যে কম ছাত্রইহে তাত প্রৱেশ লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ত চীনদেশৰ পৰিব্রাজক য়ুয়ানচ্যাঙে যোগশাস্ত্র অধ্যয়ন কৰিছিল।

উদান্তপুৰৰ বিশ্ববিদ্যালয়: উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰাই আছিল যদিও খ্রীষ্টীয় ৮ম শতিকাতহে ই বিশেষ খ্যাতি লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল। ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে ইয়াক নষ্ট কৰিছিল।

 

বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়: এইখন ভাৰতৰ এক প্রাচীন বিশ্ববিদ্যালয়। খ্রীষ্টীয় ৮ম শতাব্দীত ধর্মপাল ৰজাই প্রতিষ্ঠা কৰিছিল। এই বিশ্ববিদ্যালয়ৰ তলত ছটা উচ্চ বিদ্যালয় আৰু ১০৮জন অধ্যাপক আছিল। ই এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয়। ছাত্ৰসকল থাকিবলৈ ইয়াত ছাত্রাবাসৰ ব্যৱস্থা আছিল আৰু বিনামূলীয়াকৈ তেওঁলোকে থাকিবলৈ আৰু খাবলৈ পাইছিল।

উজ্জয়িনী বিশ্ববিদ্যাল :-ভাৰতৰ এখন প্ৰাচীন বিশ্ববিদ্যালয় হৈছে জয়িনী বিশ্ববিদ্যালয়।। এই বিশ্ববিদ্যালয় ৰজা বিক্রমাদিত্যৰ ৰাজত্বৰ এয়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনক্ষেত্র আছিল। ইয়াত শেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ মতো প্রখ্যাত আছিল।

৪। আৰ্য ভাষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

উত্তৰ :- আৰ্য ভাষাৰ কলাবিদ্যা ৬৪বিধ। প্রাচীন ভাৰতৰ্য বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষা কলা-বিদ্যা নিম্নোক্ত ১১টা বিভাগত দিয়াৰ ব্যৱস্থা আছিল।

১। সাহিত্য ২। গৃহপাল বিভাগ ৩। ৰন্ধন বিদ্যা ৪.। সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা ৫। হাতেৰে কাম কৰা বিদ্যা ৬। শিল্প বিদ্যা ৭। বিজ্ঞান ৮। সংগীত বিদ্যা ৯। নাট্য বিদ্যা ১০। শিষ্টাচাৰ বিদ্যা আৰু ১১। শাৰীৰিক ব্যায়াম বিদ্যা।

৫। আজি কালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলোচনা কৰা।

উত্তৰ :- আমাৰ দেশত অতি প্রাচীন কালৰে পৰাই শিক্ষাব্যৱস্থাৰ প্ৰচলন আছে। প্রাচীন কালত গুৰু গৃহত থাকি ছাত্রসকলে শাস্ত্ৰজ্ঞানৰ লগতে জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্রয়োজন হোৱা সকলোবোৰ জ্ঞান লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তীকালত খ্রীষ্টপূর্ব ১ম শতিকামানলৈ বা তাৰ আশেপাশে ভাৰতত যিবোৰ বিশ্ববিদ্যালয় আছিল সেইবোৰৰ শিক্ষাৰ মান যথেষ্ট উন্নত আছিল। পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ছাত্ৰসকলে ইয়ালৈ শিক্ষালাভকৰিবলৈ আহিছিল। এই বিশ্ববিদ্যালয়সমূহত বিভিন্ন হস্তবিদ্যা, চিকিৎসা বিজ্ঞান, অংকশাস্ত্র, তর্ক তথা দর্শন শাস্ত্র, জ্যোতির্বিজ্ঞান, বেদ উপনিষদ আদি বিভিন্ন বিষয়ৰ শিক্ষা দিয়া হৈছিল। নালন্দা বিশ্ববিদ্যালয়ৰ ছাত্ৰসমূহ ভাৰতৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল। প্রাচীনকালৰ ছাত্ৰসকলে শিক্ষা লাভ কৰি নানা বিষয়ত সিদ্ধিলাভ কৰিছিল আৰু তাৰ ফলত তেওঁলোকে নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। প্রাচীন কালৰ শিক্ষাব্যৱস্থাই মানুহৰ মাজত থকা সজ প্রবৃত্তিবোৰ ফুটাই তুলি তেওঁলোকক জীৱন যুদ্ধৰ বাবে ভালদৰে সাজু কৰি তুলিছিল।

কিন্তু বর্তমান শিক্ষাব্যৱস্থাত প্রাচীন কালৰ শিক্ষাব্যৱস্থাৰ তুলনাত বিভিন্ন ধৰণৰ আঁসোৱাহ থকা দেখা যায়। বৰ্তমান চৰকাৰে ল’ৰা-ছোৱালীবোৰক শিক্ষিত কৰি তুলিবৰ বাবে কোটি কোটি টকা খৰচ কৰে। বৰ্তমান লাখে লাখে ল’ৰা-ছোৱালীয়ে শিক্ষা লাভ কৰিছে যদিও কম সংখ্যকৰ বাদে বেছিভাগেই স্বাধীন চিন্তা কৰি নতুন নতুন তত্ত্ব বাহিৰ কৰিব পৰা নাই। আজি-কালি শিক্ষাৰ উদ্দেশ্য চাকবিকেন্দ্রিক। বর্তমান শিক্ষাই মানুহৰ চৰিত্ৰ গঠনকৈ ধন উপার্জনকহে প্রধান গুৰুত্ব দিয়া দেখা যায়।

৬। চমুটোকা লিখা:

তক্ষশীলা বিশ্ববিদ্যালয়, বিক্রমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়

উত্তৰ :- তক্ষশীলা বিশ্ববিদ্যালয়: ভাৰতৰ এখন প্রাচীন বিশ্ববিদ্যালয় হৈছে তক্ষশীলা বিশ্ববিদ্যালয়। ই তক্ষশীলাত অৱস্থিত। খ্ৰীষ্টপূর্ব এক শতিকালৈকে এই বিশ্ববিদ্যালয়খন আছিল। ইয়াৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল। ইয়াত ভাস্কৰ বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হস্তকৰ্মৰ শিক্ষা দিয়া হৈছিল।ইয়াতে অত্রেয় ঋষিয়ে আয়ুৰ্বেদৰ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক ‘ জীৱক’ এই অত্ৰেয় মুনিৰে শিষ্য আছিল। পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰেই ছাত্ৰ আছিল। পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ছাত্ৰসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহিছিল। পূর্বতে ই হিন্দু বিশ্ববিদ্যালয় আছিল আৰু পাৰৱৰ্তী কালত বুদ্ধ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হৈছিল। তেতিয়া চীন দেশৰপৰাও বহু ছাত্র ইয়ালৈ পঢ়িবলৈ আহিছিল।

বিক্রমশীলা বিশ্ববিদ্যালয়: প্রাচীন ভাৰতৰ এখন উল্লেখযোগ বিশ্ববিদ্যালয় হৈছে বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। এই এশ্ববিদ্যালয়ৰ তলত ছখন উচ্চ বিদ্যালয় আছিল আৰু তাত ১০৮জন অধ্যাপকে অধ্যাপনা কৰিছিল। এই বিদ্যালয় ৪০০বছৰৰ পাছত নষ্ট হয়। ছাত্ৰসকল থাকিবৰ বাবে বিদ্যালয়ৰ যাতে লগা চাৰিখন সত্র অর্থাৎ ছাত্রাবাস আছিল। এই সত্র বা ছাত্রাবাসত ছাত্রসকলে বিনাখৰচে থাকিবলৈ আৰু খাবলৈ পাইছিল।

নালন্দা বিশ্ববিদ্যালয় : ভাৰতবৰ্ষৰ এখন প্ৰাচীন বিশ্ববিদ্যালয় হৈছে নালন্দা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত বেদ, চিকিৎসাবিজ্ঞান, অংকশাস্ত্র ব্যাকৰণ, তর্কশাস্ত্র, দর্শনশাস্ত্র, আধ্যাত্মবিজ্ঞান, যোগশাস্ত্র আদিৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল শীলভদ্ৰ নামৰ এগৰাকী উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল। ইয়াত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰা হৈছিল। ইয়াৰ পুথিভঁৰালটো ভাৰতৰ ভিতৰত সৰ্ববৃহৎ আছিল। ইয়াৰ নাম আছিল ৰত্নোদধি। শিক্ষাগাৰটোৰ এশটা কোঠালিত এশটা-শ্রোণী বহিব পাৰিছিল এই বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদর্শ স্বৰূপ আছিল। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰসকলে ইয়ালৈ অধ্যয়ন কৰিবলৈ আহিছিল। তাৰ শিক্ষাৰ আদর্শ ইমান উচ্চ আছিল যে কম ছাত্রইহে তাড় প্ৰৱেশ লাভ কৰিছিল। চীনা পৰিব্রাজক য়ুয়ানচ্যাঙে এই বিশ্ববিদ্যালয় যোগশাস্ত্র অধ্যয়ন কৰিছিল।

৭। ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰৱন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

উত্তৰ :- ‘প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিত প্রাচীন ভাৰতৰ শিক্ষাব্যৱহ “কেনেধৰণৰ আছিল তাৰ এটি আভাস দাঙি ধৰিছে। সেই সময়ত শিক্ষা উদ্দেশ্যে আছিল মানুহৰ সজ প্রবৃত্তিবোৰ প্ৰস্ফুটিত কৰি তোলা আৰ অসৎ প্রবৃত্তিবোৰ মনৱৰ পৰা আঁতৰ কৰি মানুহক জীৱন যুদ্ধৰ বাে ভালদৰে সাজু কৰা। বিশ্ববিদ্যালয়বোৰত ভাস্কৰ বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা আদিৰ শিক্ষা দিছিল। ইয়াৰ উপৰি, বেদ চিকিৎসা, অংকশাস্ত্র, তর্কশাস্ত্র, দর্শনশাস্ত্র, ব্যাকৰণ, আধ্যাত্মবিজ্ঞান, যোগবিজ্ঞান আদি শাস্ত্রব জ্ঞানো দিয়া হৈছিল।

পুথি অধ্যয়নত ছাত্রসকলে বিশেষ গুৰুত্ব দিছিল। সেয়েহে প্রতিখন বিশ্ববিদ্যালয়ত পুথিভঁৰাল থকাটো অপৰিহাৰ্য আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৱালটো ভাৰতৰ ভিতৰত সৰ্ববৃহৎ আছিল। এই পুথিভঁৰালটো ন-তলীয়া আছিল।

নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ আদৰ্শ অতি উচ্চ আছিল। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ আছিল।

পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা এই বিশ্ববিদ্যালয়সমূহলৈ ছাত্রসকলে অধ্যয়ন কৰিবলৈ আহিছিল। উজ্জয়িনীত থকা বিশ্ববিদ্যালয়খন ৰজা বিক্রমাদিত্যৰ গাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিতলোকৰ মিলনক্ষেত্ৰত পৰিণত হৈছিল।

এই বিশ্ববিদ্যালয়সমূহত অধ্যয়ন কৰা বহু ছাত্ৰৰ নাম আজিও ভাৰতৰ বুৰঞ্জীত সোণালী আখৰেৰে জিলিকি আছে। তাৰে কেইজনমান হ’ল-বৃদ্ধদেৱৰ চিকিৎসক ‘জীৱক’, ব্যাকৰণবিদ ‘পাণিনি’, অর্থশাস্ত্ৰৰ প্ৰণেতা ‘ চাণক্য’, চীনা পৰিব্রাজক য়ুয়ানচাং আদি।

গতিকে আমি ক’ব পাৰোঁ যে সেই সময়ৰ ভাৰতীয় শিক্ষাব্যৱস্থা অতি উন্নতমানৰ আছিল। ছাত্ৰসকলে শিক্ষা লাভ কৰি নানা বিষয়ত সিদ্ধি লাভকৰিছিল আৰু তাৰ সহায়ত বহুতো নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল। গতিকে এই পাঠটিৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিব পাৰোঁ।

ভাষা-বিষয়ক

১। বাক্য ৰচনা কৰা:

(ক) স্বাধীন চিন্তা, (খ) জ্যোতিষশাস্ত্র, (গ) পোৰা মাটি, (ঘ) বাহিৰে ভিতৰে।

উত্তৰ :-

(ক) স্বাধীন চিন্তা: প্রাচীনকালৰ ভাৰতীয় শিক্ষাব্যবস্থাই ছাত্ৰসকলক স্বাধীন চিন্তা কৰি

নতুন তত্ত্ব আৱিষ্কাৰ কৰাত সহায় কৰিছিল ।

(খ) জ্যোতিষশাস্ত্র: উজ্জয়িনীত থকা বিশ্ববিদ্যালয়খনত প্রধানকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

(গ) পোৰা মাটি: গুৱাহাটীত থকা অসম ৰাজ্যিক সংগ্রাহালয়ত বহুতে পোৰা মাটিৰ মুদ্রা সংৰক্ষিত হৈ আছে।

(ঘ) বাহিৰে ভিতৰে: নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে ধৰি হাজাৰ ছাত্ৰই অধ্যয়ন কৰিব পাৰিছিল।

২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা:

শিক্ষাগাৰ, বিদ্যালয়, পুৰুষার্থ।

উত্তৰ :-

শিক্ষাগাৰ = শিক্ষা + আগাৰ

বিদ্যালয় = বিদ্যা + আলয়

পুৰুষার্থ‌ = পুৰুষ + অর্থ

ASSEB HSLC General Science Question Paper 2016 Solution

1 | 2016, Science Paper, Class 10

2016
GENERAL SCIENCE
Class 10
(THEORY) (NEW COURSE)

Marks: 80, Hours: 3

Noted by Podmeswar Bora

Section-A

তলত প্ৰতিটো চাৰিটাকৈ উত্তৰ দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্র এটাহে উত্তৰ শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা।

1. Fe2O3 + 2Al → Al2O3 + 2Fe ওপৰৰ বিক্ৰিয়াটো হ'ল-

(a) এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ

(b) এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ

(c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ

(d) এটা দ্বিঅপসাৰণ বিক্রিয়া উদাহৰণ

উত্তৰঃ (c) এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ

2. এটা দ্ৰবই ৰঙা লিটমাছ নীলা কৰে। দ্রবটোৰ pH হ'ল-

(a) 1

(b) 4

(c) 5

(d) 10

উত্তৰঃ (d) 10

3. তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্রবল বেগে বিক্রিয়া কৰে?

(a) Al

(b) Fe

(c) Na

(d) Ca

উত্তৰঃ (c) Na

4. মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধ ক্রমান্বয়ে-

(a) বাঢ়ে

(b) কমে

(c) একেই থাকে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) কমে

5. দুডাল তাঁৰৰ দৈর্ঘ্য, ৰোধ, ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2. তাঁৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব?

(a) 1 : 2

(b) 1 : 4

(c) 4 : 1

(d) 1 : √2

উত্তৰঃ (d) 1 : √2

6. তলৰ কোনটো পৰস্পৰাগত শক্তিৰ উৎস নহয়?

(a) জীৱাশ্ম ইন্ধন

(b) জীৱভৰ

(c) নিউক্লীয় শক্তি

(d) বায়ু শক্তি

উত্তৰঃ (c) নিউক্লীয় শক্তি

7. মস্তিষ্কৰ যি অংশই দেহৰ সমতা আরু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ'ল-

(a) চেৰিবেলাম

(b) মেডুলা

(c) পনচ

(d) চেৰিব্রাম

উত্তৰঃ (a) চেৰিবেলাম

8. তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনিয়া দ্রব্য?

(a) পলিথিনৰ মোনা

(b) আমৰ বাকলি

(c) ফালি যোৱা চমৰাৰ মোনা

(d) প্লাষ্টিকৰ বটল

উত্তৰঃ (b) আমৰ বাকলি

9. অবাত শ্বসন সম্পন্ন হয় -

(a) মাইট'কন্দ্রিয়াত

(b) ক্ল'ৰ'প্লাষ্টত

(c) কোষকেন্দ্রত

(d) চাইট'প্লাজমত

উত্তৰঃ (d) চাইট'প্লাজমত

10. যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আরু একে কার্য্য সম্পন্ন কৰে, সেইবোৰ হ'ল-

(a) সমসংস্থ

(b) সমবৃত্তি

(c) নিকটবর্তী

(d) অবশেষাংগ

উত্তৰঃ (b) সমবৃত্তি

ASSEB Class X Assamese Chapter 1 – বৰগীত পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

Chapter 1 – বৰগীত

 

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) “… নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”

– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে

উত্তৰ:- “ ….নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”

– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।

(খ) সনক সনন্দ যোগী যাহাকু ধিয়ায়।

-সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰ:- সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সনক, সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কবিতাটোত কোৱা হৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰ:- কবি সাংসাৰিক জ্বালা-যন্ত্রণা, দুখ, বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰ :- বৰগীতটি মাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰ:- বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে ‘বান্ধব’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰ :- কবিয়ে পৰমপুৰুষ ঈশ্বৰক (হৰিক) বান্ধৱ বুলি সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ’ মানে কি?

উত্তৰ:- মোহ-পাশ হৈছে মায়াৰ বন্ধন।

২। বৰগীতটিৰ মূলভাব লিখা।

উত্তৰ:- ত্ৰিজগতৰ পতি ভগবান শ্রীকৃষ্ণ হৈছে সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰণ। তেখেতৰ পৰাই সমগ্র বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি। তেওঁত শৰণ ল’লেই দৰাচলতে সকলো বিপদ আপদৰপৰা উদ্ধাৰ পোৱা যায়। জীৱন কালত যেন সকলো বিপদ-আপদৰপৰা তেওঁ ৰক্ষা কৰে তাৰ বাবে কবিয়ে আঁতুৰ চিত্তে তেওঁক প্রার্থনা জনাইছে। বন্ধুৱে সিদৰে সকলো বিপত্তিতে এগৰাকী বন্ধুৰ সৈতে থাকি সহায় সহযোগিতা আগবঢ়াই বিপদসাগৰৰপৰা উদ্ধাৰ কৰে, একেদৰে হৰিয়েও যেন বান্ধৱৰ ৰূপত অৱতীৰ্ণ হৈ তেওঁৰ ভক্তক উদ্ধাৰ কৰে। জীৱনকালত লগত থকাৰ দৰে মৰণ কালতো যেন প্রভুৱে ভক্তক লগ দিয়ে। এইজন ভগৱানৰ মহিমা অপাৰ। সনক, সনন্দ আদি যোগীয়ে সেইজন ঈশ্বৰক ধ্যানৰ জৰিয়তে ঢুকি পায়, কাৰণ অন্য উপায়েৰে তেওঁক লাভ কৰা সম্ভৱ নহয়। বেদ, উপনিষদ জাতীয় গ্রন্থই এইজন ঈশ্বৰক বিচাৰি উলিয়াব নোৱাৰে। গতিকে কবিৰ দৰে সাধাৰণ নৰ মনিচৰ জানো তেওঁক বিচাৰি উলিওৱাৰ সাধ্য আছে । কেৱল হৰিব হে সেই সাধ্য আছে, তেওঁৰ ইচ্ছাতহে অন্যই তেওঁক বিচাৰি উলিয়াব পাবে।

জন্মা মুহূর্তেই মায়া মোহে মানুহক আৱৰি ধৰে। কবিও মায়াজালত আৱদ্ধ। কিন্তু মায়াৰ বন্ধনত থকা মানুহৰ বাবে মোক্ষপ্রাপ্তি কেতিয়াও সম্ভৱ নহয়। মানুহক সাংসাৰিক জ্বালা-যন্ত্ৰণাৰপৰা উদ্ধাৰ কৰিব পাৰে। ঈশ্বৰচিন্তাত নিমগ্নজনক মায়া মোহে ব্যতিব্যস্ত কৰিব নোৱাৰে । সেয়ে কবিয়ে ঈশ্বৰৰ শ্ৰীচৰণত শৰণ লৈছে যাতে তাৰ দ্বাৰা তেওঁ এই অথাই সাগৰৰপৰা উদ্ধাৰ পায়। ভগৱানৰ দুই চৰণ অতি অমূল্য সম্পদ। ভকতৰ জীৱনস্বৰূপ ভগৱানে সেই দুই চৰণত সেৱা আগবঢ়োৱাৰ সুবিধা কবিক দিয়ে যেন তাৰ বাবেই কবিয়ে ঈশ্বৰক কাতৰ কণ্ঠে প্ৰাৰ্থনা জনাইছে। ঈশ্বৰৰ দাসৰ ৰূপত তেওঁ হৰিৰ আগত নিজক অর্পণ কৰিছে। মোহ-পাশৰপৰা উদ্ধাৰ কৰি হৰিয়ে তেওঁক ৰক্ষা কৰক।

প্রশ্ন ৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰ :- অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলৰ ভিতৰত মাধৱদেৱ অন্যতম। তেখেত মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য তথা একান্ত অনুগত আছিল। তেখেতৰ জন্ম হৈছিল ১৪১১ শক অৰ্থাৎ ১৪৮৯ খ্রীঃত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰত। তেখেতৰ পিতৃ গোবিন্দগিৰী ভূঞা, মাতৃ মনোৰমা। বৰ্তমান বাংলাদেশৰ বাণ্ডুকাত ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত মাধৱদেৱে ব্যাকৰণ, পুৰাণ, তন্ত্র আদি শাস্ত্ৰ অধ্যয়ন কৰে। ১৫২২ খ্রীঃত বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ মিলন হয়। এই মিলনক ‘গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ’ বুলি কোৱা হয়। প্রথমাৱস্থাত দুয়োৰে মাজত ধর্ম সম্পর্কে তর্কাতর্কি হয়। পাছত শংকৰদেৱে তৰুমূল শ্লোকৰ অৱতাৰণা কৰাত মাধৱদেৱে নিজৰ ভুল বুজি – পায় আৰু তেওঁৰ ওচৰত শৰণ লয়। ধৰ্মত শৰণ লোৱাৰ পৰাই তেওঁ ঈশ্মৰণ জীবন যাপন কৰে। আহোম ৰজাৰ ৰোষত পৰি ১৫৪৬ চনত তেওঁ ভটিয়াই কোচবিহাৰ পায়হি। তেওঁ বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদিত ধৰ্মপ্ৰচাৰ কৰে। শংকৰদেৱৰ মৃত্যুৰ পাছত ১৫৬৮ চনত তেওঁ বৈষ্ণৱ ধৰ্মৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু সুন্দৰীদিয়াত থাকিবলৈ -লয়। ১৫৯৬ খ্রীষ্টাব্দত তেখেতৰ মৃত্যু ঘটে।

‘নামঘোষা’ হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তেখেতৰ ৰচনাসমূহ আখ্যানমূলক ৰচনা, তত্ত্বমূলক ৰচনা, অংকীয়া নাট আৰু গীত-এই চৰিভাগত ভগাব পাৰি। গীতবোৰক পুনৰায় ভটিমা আৰু বৰগীত-এই দুই শ্ৰেণীত ভগাব পাৰি। তেখেতৰ ৰচনাসমূহ-

আখ্যানমূলক ৰচনা – ৰাজসূয় যজ্ঞ, আদিকাণ্ড ৰামায়ণ।

তত্ত্বমূলক ৰচনা – নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম

মালিকা।

অংকীয়া নাট – চোৰ ধৰা, পিম্পৰা গুচোৱা, অর্জুন ভঞ্জন,

ভূমি লোটোৱা, ভোজন বিহাৰ।

এই সমূহৰ উপৰিও অন্য কেইবাখনো গ্রন্থ তেওঁৰদ্বাৰা ৰচিত বুলি কিছু সংখ্যক পণ্ডিতে দাবী কৰে।

৪। ব্যাখ্যা কৰা:

(ক) সহস্র বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।

উত্তৰ:- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য-চয়নিকা’ৰ অন্তৰ্গত শ্রীশ্রীমাধৱদেৱৰ ‘বৰগীতটিৰপৰা তুলি দিয়া হৈছে।

কবিতাফাকিৰ মাজেদি ভগৱান শ্রীহৰিৰ মহিমা সম্পর্কে কোৱা হৈছে।

পৰমপুৰুষ ভগৱান শ্রীকৃষ্ণ হৈছে ত্ৰিজগতৰ ঈশ্বৰ। জীৱজগতৰ প্রতিবিধ বস্তুতেই তেওঁ বিদ্যমান। পশু-পক্ষী, উদ্ভিদ, মানৱ সকলোৰে ৰূপতেই একেজন ঈশ্বৰৰ স্থিতি। মুঠৰ ওপৰত ভগৱানৰ সীমাৰ কোনো পাৰ নাই। গোটেই জীৱজগতত আদিৰপৰা অন্তলৈ তেওঁ আছে। সহস্র মুখৰ মাজত তেওঁৰ সীমা নির্ধাৰণ কৰা সম্ভৱ নহয়। প্রত্যক্ষৰূপতো তেওঁৰ অনেক অৱতাৰ থকাৰ কথা জানিব পাৰি। আমি প্রায়েই আওবাওঁ-মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম বৰাহ ভগৱানৰ মোহিনীরূপৰ কথা সর্বজনবিদিত। এনেকৈয়ে সহস্ৰ ৰূপৰ শ্রীৰাম, বুদ্ধ কল্কি, নামে দশ। আকৃতি ধৰিলা কৃষ্ণ।। ইয়াৰ উপৰিও মাজত ভগৱান শ্রীহবি স্থিত হৈ আছে। কবিয়ে নিজকে অধম বুলি অভিহিত কৰি ইয়াকেই কৈছে যে যিজন ঈশ্বৰক সহস্র ৰূপৰ মাজত বিচাৰিও শেষ কৰিব নোৱাৰি, যাৰ মহিমা পাৰাপাৰহীন সেইজনৰ মহিমা জনা তেওঁৰ বাবে সম্ভৱ নহয়। কবি শ্রীহৰিৰ কৃপাৰ বাবে আতুৰ। শ্রীহৰিৰ কৃপা হ’লেহে তেওঁৰ মহিমা ভক্তই বুজিব পাৰে আৰু মায়াব সাগৰৰপৰা উদ্ধাৰ পাব পাৰে ।

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে। কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।

উত্তৰ:- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীশ্ৰীমাধৱদেৱৰ ‘বৰগীত ‘টিৰপৰা তুলি দিয়া হৈছে।

কবিতাফাকিৰ মাজেদি সাংসাৰিক জ্বালা-যন্ত্রণা, বিষয়-বাসনাৰপৰা উদ্ধাৰ কৰিবলৈ কবিয়ে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে।

এই পৃথিৱী মায়াৰদ্বাৰা আচ্ছাদিত। এখন চাদৰৰ দৰে মায়াই গোটেই পৃথিৱী আৱৰি আছে। মায়াৰ জালত আৱদ্ধ হৈ পৰা বাবেই মানুহে এই পৃথিৱীত বাৰে বাৰে জন্মিব লগা হয় আৰু দুখ-কষ্ট, লাঞ্চনা ভূগিব লাগে। কর্মবন্ধই পৃথিৱীলৈ বাৰে বাৰে আহিবলৈ মানুহক বাধ্য কৰে। অৱশ্যে ঈশ্বৰচিন্তাৰ দ্বাৰা মায়াৰ বাট ভেটিব পাৰি। কাৰণ মায়াৰ সৃষ্টিয়ে ঈশ্বৰৰপৰা। মহাপুৰুষ মাধৱদেৱৰ অন্য এটা বৰগীতত পাওঁ,

যাৰ মায়াপাশে বন্দী সকল সংসাৰ।

সে তুমি বন্ধন কেনে লৈলা যশোৱাৰ।।

অৰ্থাৎ হৰিৰ মায়াপাশতেই সমগ্র জগত বন্দী হৈ আছে। গতিকে ঈশ্বৰেহে মায়াজ্ঞানৰপৰা মানুহক মুক্ত কৰিব পাৰে। মায়াৰ বন্ধন আঁতৰ হ’লেই নিজৰ আৰু ঈশ্বৰৰ মাজৰ ভেদ-অভেদ সম্পর্কে জানিবলৈ মানুহ সক্ষম হয়। যি মুহূর্ততে এক আত্মাৰ সকলোৰে মাজত অৱস্থিতি জাতীয় উপলব্ধি মানুহৰ হয়, সেই মুহূৰ্তৰপৰাই লোভ, মোহ, ক্রোধ জাতীয় বিচাৰসমূহ মনৰপৰা আঁতৰি যায় আৰু যি মুহূৰ্ততে এইবোৰৰ মাত্রা কমে সেই মুহূৰ্তৰপৰাই মোক্ষ লাভৰ দুৱাৰ অধিক প্রশস্ত হৈ পৰে। সেয়ে এই মায়া-মোহৰপৰা আঁতৰাই কবিক মুক্ত কৰিবলৈ কবিয়ে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে। সাংসাৰিক জ্বালা-যন্ত্রণা, দুখ-শোকে কবিক আতুৰ কৰিছে। তাৰপৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰহে সক্ষম বাবে কবিয়ে ঈশ্বৰক আতুৰ চিত্তে প্রার্থনা জনাইছে তেওঁ যেন কবিক তেওঁৰ শ্ৰীচৰণত শৰণ দি মায়াৰ সাগৰৰপৰা উদ্ধাৰ কৰে। মায়াৰ পাশৰপৰা মুক্ত হ’লে সাংসাৰিক জ্বালা-যন্ত্রণাই কবিক আতুৰ কৰিবলৈ নোৱাৰিব।

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীবন।

উত্তৰ:- উদ্ধৃত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীশ্ৰীমাধৱদেৱৰ ‘বৰগীত’টিৰপৰা তুলি দিয়া হৈছে।

শ্রীহৰি ভগৱান সমগ্র ব্ৰিজগতৰেই স্বামী। তেওঁৰ ওপৰতেই সমগ্র জগতৰ সৃষ্টি, স্থিতি, প্রলয় নির্ভৰশীল। কিন্তু ইমান শক্তিশালী হ’লেও’ ভগৱান সদায়েই ভক্তৰ দাস। ভক্তিৰদ্বাৰা এই ঈশ্বৰক লাভ কৰিব পাৰি। দৰাচলতে ভক্তৰ জীৱনেই হৈছে ভগৱান। সেই ভগৱানৰ চৰণ চিন্তাৰ-দ্বাৰাই তেওঁক পাব পাৰি। অৰ্থাৎ শ্রীচৰণত নিজক অর্পণ কৰি ভগৱানক সন্তুষ্ট কৰিব পাৰি। সেয়ে তেওঁৰ দুই চৰণ কবিৰ বাবে মহাধনস্বৰূপ বুলি কবিয়ে উল্লেখ কৰিছে। তেওঁৰ শ্ৰীচৰণত কবিয়ে দাসৰ ৰূপত নিজক সমর্পণ কৰিছে।

৫। সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নপায়।”

-তাৎপর্য বিচাৰ কৰা।

উত্তৰ :- ভগৱান শ্রীহৰিৰ মহিমা অপাৰ। তেওঁৰ মহিমা কোনেও বুজিব নোৱাৰে। জগতৰ সৃষ্টি, স্থিতি, প্রলয়ৰ তেওঁ কাৰণ। কেৱল ভক্তিৰ দ্বাৰাহে তেওঁৰ মায়া ভেদ কৰিব পাৰি। সনক, সনন্দ প্রভৃতি মহাযোগীয়ে সেয়ে ভক্তিৰদ্বাৰা তেওঁক লাভৰ প্ৰয়াস কৰে। তেওঁৰ ধ্যানৰদ্বাৰা তেওঁলোকে ভগৱানক পায়। আনকি বেদ, পুৰাণ আদি নিগম শাস্ত্রইও এইজন হৰিৰ সন্ধান দিব নোৱাৰে। কাৰণ তেওঁ মায়াৰ অতীত, মহিমাধাৰী পৰমপুৰুষ। তেওঁক লাভৰ একমাত্র উপায় তেওঁৰ শ্ৰীচৰণত নিজক অর্পণ কৰা। এই কথাখিনি উপলব্ধি কৰি কবিয়ে শ্রীহৰিৰ কথা এনেদৰে কৈছে। সনক, সনন্দ প্রভৃতি মহাযোগীৰ তুলনাত কবি অতি তুচ্ছ। সেইসকলে মহাপ্রভুক ধ্যান কৰিয়েই মোক্ষ লভিছে আৰু সংসাৰ বন্ধনৰপৰা মুক্ত হৈছে। নিগমশাস্ত্রইও বিচাৰি উলিয়াব নোৱাৰা সেইজন হৰিৰ মায়াৰাজি বর্ণোৱাৰ প্ৰসংগতে এই কবিতাফাকিৰ অৱতাৰণা।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

উত্তৰ :- মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা সৃষ্ট বিশেষ ভাৱ-ভঙ্গীযুক্ত, উচ্চমানবিশিষ্ট গীতসমূহকে বৰগীত বোলে। এই গীতিসমূহ অন্যান্য, গীততকৈ পৃথক। আধ্যাত্মিক ভাৱ তথা শাস্ত্ৰীয় ৰাগৰ প্রয়োগে এই গীতসমূহক বিশেষ মর্যাদা প্রদান কৰিছে।

বৰগীতৰ চাৰিটা লক্ষণ তলত উল্লেখ কৰা হ’ল

১। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।

২। এই বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।

৩। বৰগীতসমূহ আধ্যাত্মিক ভাৱযুক্ত তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

৪। বৰগীতসমূহ প্রধানতঃ ভক্তিৰস প্রধান। ইয়াৰোপৰি এই সমূহত

দাস্য, শান্ত, বাৎসল্য আদি ৰস উপলব্ধ হয়।

ভাষা-বিষয়ক:

১। তলত দিয়া শব্দকেটইটাৰ আধুনিক ৰূপ লিখাঃ

নপাবস্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।

উত্তৰ:- প্রাচীন ৰূপ আধুনিক ৰূপ

নপাৱন্ত —- নাপায়; পোৱা নাযায়

কেনে —– কেনেকৈ; কিদৰে

ভৈলোহো —– হলোঁ

তুমিসে —— তুমিহে

জনেৰ —— জনৰ

কহয় —– কয়

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ :- ব্ৰজাৱলী ভাষা একপ্ৰকাৰ কৃত্রিম উপভাষা। এই ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ অন্য ভাষাৰ সংমিশ্রণ হৈ ই এক স্বতন্ত্র ৰূপ লাভ কৰিছে।

ব্ৰজাৱলী ভাষাৰ কেইটামান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল-

(১) ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম উপভাষা।

(২) ব্ৰজাৱলী ভাষাৰ মূল ভেটি ছে মৈথিলী।

(৩) ব্রজাবলী ভাষাত মৈথিলীৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণ হয়।

(৪) ব্ৰজাৱলী ভাষা শ্রুতিমধুৰ। প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগে ইয়াক

শ্রুতিমধুৰ কৰাৰ লগতে বিশেষ মাত্রা প্রদান কৰিছে।

(৫) এই সাহিত্যিক ভাষাৰ অন্য নাম ব্রজবুলি, ব্রজবোল বা ব্ৰজাৱলী।

ASSEB Class X Social Science Geography অসমৰ ভূগোল সম্পূৰ্ণ প্ৰশ্ন উত্তৰ


অসমৰ ভূগোল MCQ

1) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাৱৰ জনসংখ্যা কিমান শতাংশ ।
(a) 85.90%
(c) ৭২.১৯ %
(b) ৮৭.১০ %
(d) 90.90 %
উত্তৰ: (a) 85.90%

2) অসমত (২০১১) অনুসূচিত জনজাতিৰ জনসংখ্যা কিমান?
(a) ১২.৪১
(c) ১২.৪১
(b) 7.80
(d) ১২.৪৫
উত্তৰ: (d) ১২.৪৫

3) ২০১১ চনৰ তথ্য মতেৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিমান ?
(a) প্ৰতি বৰ্গকিলোমিটাৰত ৪৪৫ জন
(b) প্রতি বর্গকিলোমিটাৰত ৫৪৫ জন
(c) প্রতি বর্গকিলোমিটাৰত ৫৫০ জন
(d) প্রতি বর্গকিলোমিটাৰত ৫৫৫ জন
উত্তৰ : (b) প্রতি বর্গকিলোমিটাৰত ৫৪৫ জন

4) ২০১১ চনৰ তথ্য মতে কামৰূপ (মেট্রো) জনসংখ্যাৰ ঘনত্ব কিমান ?
(a) ২০২০ জন
(b) ২০১০ জন
(c) ২০১১ জন
(d) ২০২১ জন
উত্তৰ: (b) ২০১০ জন

5) জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহ জনজাতিটো কি?
(a) কছাৰী
(b) দেউৰী
(c) বড়ো
(d) সোণোৱাল কছাৰী
উত্তৰঃ (c) বড়ো

6) অসমৰ জনজাতিসকল মূলত : তলৰ কোণ প্ৰজাতিৰ লোক ?
(a) মংগোলীয়
(b) অষ্টিক
(c) আহোম
(d) ওপৰৰ এটাও নহয়
উত্তৰ : (a) মংগোলীয়

7) কোন ধর্মালম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি?
(a) খ্রীষ্টান
(b) হিন্দ
(c) ইছলাম
(d) বৌদ্ধ
উত্তৰ ঃ (b) হিন্দু

8) অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা ?
(a) ৫ টা
(b) ৩ টা
(c) ২ টা
(d) ৪ টা
উত্তৰঃ (c) ২ টা

9) নাথ-যোগী জাতিৰ লোকসকল কোণ জন-গোষ্ঠীৰ অন্তৰ্গত ?
(a) মংগোলীয়
(b) অষ্ট্ৰিক
(c) ক’কেছীয়
(d) তিবতীয় বৰ্মন
উত্তৰঃ (c) ক’কেছীয়

10) গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই পথটো (NH) হ’ল– (HSLC-2017)
(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ: (b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

11) বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল—(HSLC-2018)
(a) ১০ খন
(b) ৭ খন
(c) ২০ খন
(d) ৬ খন
উত্তৰ : (b) ৭ খন

12) অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান অংশ আতৰি আছে?
(a) ২.১ শতাংশ
(b) ২.২ শতাংশ
(c) ২.৩ শতাংশ
(d) ২.৪ শতাংশ
উত্তৰ: (d) ২.৪ শতাংশ

13) ভাৰতবৰ্ষৰ কিমান শতাংশ লোক অসমত আছে।
(a) ২.৫ শতাংশ
(b) ২.৬ শতাংশ
(c) ২.৭ শতাংশ
(d) ২.২ শতাংশ
উত্তৰ: (b) ২.৬ শতাংশ

4) অসমৰ জলবায়ু কোন প্ৰকাৰৰ জলবায়ুৰ অন্তৰ্গত ?
(a) মৌচুমী জলবায়ুৰ অন্তৰ্গত
(b) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত
(c) নাতি-শীতোষ্ণ জলবায়ুৰ অন্তৰ্গত
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (b) উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত

15) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ?
(a) ৩ কোটি ১০ লাখ
(c) ৩ কোটি ১১ লাখ
(b) ৩ কোটি ১২ লাখ
(d) ২ কোটি ১৩ লাখ
উত্তৰ : (b) ৩ কোটি ১২ লাখ

16) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ পুৰুষৰ সংখ্যা কিমান?
(a) ১৫০.৩৯ লাখ পুৰুষ
(b) ১৫৮.৩৯ লাখ
(c) ১৫৯.৩৯ লাখ
(d) ১৫৯.৪০ লাখ
উত্তৰঃ (c) ১৫৯.৩৯ লাখ

17) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ কিমান ?
(a) ৭২.১৬
(b) 93.59
(c) ৭২.১৯
(d) ৭২.১৭
উত্তৰ: (c) ৭২.১৯ শতাংশ

18) প্রশ্ন : অসমৰ বৰ্ত্তমান জিলা কেইখন ?
(a) ২৬
(b) ২৭
(c) ৩০
(d) ৩১
উত্তৰ: (d) ৩১খন

19) অসমৰ ৰাজ্যভাষা কি?
(a) হিন্দী
(b) বড়ো
(c) অসমীয়া
(d) বাংলা
উত্তৰ: (c) অসমীয়া

20) অসমত সৰ্বপ্ৰথম কেতিয়া ৰে’লসেৱা আৰম্ভ হৈছিল ?
(a) ১৮৮৪
(c) ১৯৮৪
(b) ১৮৮৫
(d) ১৯৮৫
উত্তৰ: (a) ১৮৮৪

21) অসমক মুঠ কেইটা কৃষি জলবায়বীয় অঞ্চলত ভাগ কৰা হৈছে ?
(a) ৫ টা
(b) ৬ টা
(c) ৭টা
(d) ৯ টা
উত্তৰ: (b) ৬ টা

22) অসমৰ প্ৰধান শস্য কি?
(a) গমধান
(b) জবধান
(c) ধান
(d) বড়োধান
উত্তৰ: (c) ধান

23) পাহাৰীয়া অঞ্চলত কৰা খেতি এবিধৰ নাম লিখা ?
(a) ঘেঁহু
(c) ঝুম
(b) আলু
(d) শাক-পাচলী
উত্তৰ: (c) ঝুম

24) অসমত সর্বপ্রথম কেতিয়া জাহাজ চলিবলৈ লয় ?
(a) ১৮৪৮
(b) ১৮৩৯
(c) ১৮৪৯
(d) ১৮৫০
উত্তৰ: (c) ১৮৪৯

25) অসমত পোণ প্রথমে কোণ ঠাইত তেলৰ সন্ধান পোৱা গৈছে ?
(a) লাম দিং
(b) নুন মাটি
(c) ডিগবৈ
(d) নুমলিগড়
উত্তৰ : (c) ডিগবৈ

26) মূগা সূতাৰ আন এটা নাম কি?
(a) ৰূপালী সূতা
(c) আছু সূতা
(b) সোণালী সূতা
(d) বাদামী সূতা
উত্তৰ : (b) সোণালী সূতা

27) অসমৰ বেছিজনসংখ্যা থকা জিলাখন কি?
(a) কামৰূপ গ্ৰাম্য
(b) কামৰূপ মেট্রো
(c) নগাওঁ
(d) ধুবুৰী
উত্তৰঃ (c) নগাওঁ

28) উত্তৰ পূৱ ভাৰতৰ ভিতৰত এক মাত্র আন্তৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?
(a) তেজপুৰ
(c) ডিব্ৰুগড়
(b) যোৰহাট
(d) লোকপ্রীয় গোপিনাথ বৰদলৈ বিমান বন্দৰ
উত্তৰ : (d) লোকপ্রীয় গোপিনাথ বৰদলৈ বিমান

29) অসমৰ ভূ-প্রাকৃতিক ভাগ কেইটা?
(a) চাৰিটা
(c) ছয়টা
(b) পাঁচটা
(d) তিনিটা
উত্তৰ : (a) চাৰিটা

30) অসমৰ অৰণ্য সমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?
(a) 8 b
(b) ৫ টা
(c) ৬ টা
(d) ৭ টা
উত্তৰ: (b) ৫ টা

31) অসমত মুঠ কিমানখন অভয়াৰণ্য আছে?
(a) ১০ খন
(b) ১৫ খন
(c) ২০ খন
(d) ২৫ খন
উত্তৰঃ (c) ২০ খন

32) ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ গেছ অসমে উৎপন্ন কৰে ।
(a) ২৯ শতাংশ
(b) ২৭ শতাংশ
(c) ২৬ শতাংশ
(d) ২৫ শতাংশ
উত্তৰ: (d) ২৫ শতাংশ।

33) বৰ্ত্তমান অসমৰ জিলাসমূহত কিমান কেইখন বাণিজ্যিক পাম আছে ?
(a) ২৯ খন
(c) ৬৪ খন
(b) ৬২ খন
(d) ৬৫ খন
(i) উত্তৰঃ (c) ৬৪ খন

34) অসমৰ উদ্যোগসমূহক কেইপ্ৰকাৰে ভাগ কৰিব পাৰি?
(a) 5 প্ৰকাৰে
(b) ৬ প্ৰকাৰে
(c) ৭ প্ৰকাৰে
(d) ৮ প্ৰকাৰে
উত্তৰ : (a) ৫ প্রকাৰে

35) অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য্য কেতিয়া আৰম্ভ হয় ?
(a) ১৮৯০
(b) ১৮৮৯
(c) ১৮৮৮
(d) ১৮৮৭
উত্তৰ:(b) ১৮৮৯

36) অসমৰ আটাইতকৈ সেৰেঙা জনবসতিৰ জিলাখন কি ?
(a) দৰং জিলা
(c) ডিমা হাছাও
(b) বৰপেটা
(d) নগাঁও
উত্তৰ: (c) ডিমা হাছাও

37) অসমৰ এবিধ খনিজ সম্পদৰ নাম উল্লেখ কৰা ?
(a) কয়লা
(b) শিল
(c) বালি
(d) ওপৰৰ এটাও নহয
উত্তৰ : (a) কয়লা

অতি চমু প্ৰশ্নৰ উত্তৰ

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

a) বর্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হল— (ক) ১০ খন (খ) ৫ খন (গ) ২০ খন (ঘ) ৬খন।

উঃ (খ) ৫ খন।

b) ২০১১ চনৰ তথ্যমতে অসমৰ সবাতােকৈ ঘন বসতিপূর্ণ জিলা হৈছে— (ক) কামৰূপ মেট্র (খ) নগাঁও (গ) বৰপেটা (ঘ) গােৱালপাৰা।

উ : (ক) কামৰূপ মেট্র।

c) আহােমসকল অসমলৈ আহিছিল- (ক) ১২৩০ চনত (খ) ১২২৮ চনত (গ) ১২৩৫ চনত (ঘ) ১২৩৩ চনত

উ : (খ) ১২২৮ চনত।

d) মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখন হ’ল— (ক) কোকৰাঝাৰ (খ) ডিমা হাছাও (গ) কাৰ্বি আংলং (ঘ) কাছাৰ।

উ : (গ) কাৰ্বি আংলং।

e) সম্প্রতি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি কিমান কিলােমিটাৰ পথ পকীকৰণ হৈছে?

উঃ ২৫,৫৪৬ কিলােমিটাৰ পথ পকীকৰণ হৈছে।

e) ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?

উঃ ২০১১ চনৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬খন দ্বিতীয় শ্রেণীৰ চহৰ আছে। প্রথম শ্ৰেণীৰ চহৰ ৭ খন হ’ল— গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যােৰহাট, নগাওঁ, তেজপুৰ আৰু তিনিচুকীয়া। দ্বিতীয় শ্রেণীৰ ৬ খন চহৰ হ’ল— ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গােৱালপাৰা।

চমু প্ৰশ্নৰ উত্তৰ

১। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবােৰ, উদাহৰণসহ চমুকৈ আলােচনা কৰা।

উ : অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণসমূহ হ’ল—

  1. যাতায়াত ব্যৱস্থা:  অসমৰ সকলাে ঠাইতে যাতায়াত ব্যৱস্থা সুচল নহয়। যিবােৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত সেইবােৰ অঞ্চলত জনসংখ্যা ঘনত্ব অধিক। উদাহৰণ স্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগাওঁ, বৰপেটা, গােৱালপাৰা আদি জিলাসমূহত বসতিৰ ঘনত্ব অধিক। কিন্তু পার্বত্য জিলা কার্বিআংলং আৰু ডিমাহাছাওত যাতায়াত ব্যৱস্থা সুচল নথকাৰ কাৰণে জনবসতিৰ ঘনত্ব কম।
  2. নগৰৰ ওপৰত ভিত্তি কৰি: নগৰবােৰত সাধাৰণতে গাওঁ অঞ্চলতকৈ বেপাৰ-বাণিজ্য, যাতায়াতে, শিক্ষা আদিৰ ক্ষেত্ৰত অধিক সুবিধা থকা বাবে গাঁও অঞ্চলতকৈ নগৰ অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক।
  3. প্রাকৃতিক পৰিৱশেৰ ভিন্নতা: অসমৰ প্রাকৃতিক পৰিৱেশ সকলাে ঠাইতে একে নহয়। ইয়াৰ কোনাে অঞ্চলৰ ভূমি সাৰুৱা, কোনাে অঞ্চলৰ ভূমি কম সাৰুৱা। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাটি সাৰুৱা হােৱা বাবে উপত্যকা দুটাত জনসংখ্যা ঘনত্ব অধিক। ইয়াৰ বিপৰীতে কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনত সাৰুৱা মাটিৰ অভাৱৰ বাবে জনসংখ্যাৰ ঘনত্ব সেৰেঙা। ২০১১ চনৰ তথ্যমতে ২,৮২৬,০০৬ জনসংখ্যাৰে নগাওঁ জিলাখন অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে আৰু ২১৩,৫২৯ জনসংখ্যাৰে ডিমা হাছাও জিলাখন আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত হৈছে।
  4. কৃষি: অসমৰ সৰহভাগ লােক কৃষিৰ ওপৰত নিৰ্ভৰশীল। যিবােৰ অঞ্চলত কৃষিভূমিৰ বাবে সাৰুৱা ভূমিৰ পৰিমাণ বেছি সেইবােৰ অঞ্চলৰ জনবসতিৰ ঘনত্ব অধিক। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটি সাৰুৱা বাবে ইয়াত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লােক বাস কৰে।

২। সম্পদ বুলিলে কি বুজায়? অসমৰ প্রধান প্রাকৃতিক সম্পদবােৰ কি কি?

উ : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলাে বস্তুকেই সম্পদ বােলা হয়। সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবােৰ দ্ৰব্য বা বস্তুক বুজা যায়, যিবােৰ বস্তুৰ ব্যৱহাৰে আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বতাহ, পানী, মাটি, উদ্ভিদ ইত্যাদি। অসমৰ প্রধান সম্পদবােৰ চাৰি ভাগত ভাগ কৰিব পাৰি। যেনে- (ক) খনিজ সম্পদ (খ) জল সম্পদ (গ) ভূমি সম্পদ আৰু (ঘ) বনজ সম্পদ।

প্রঃ ৩। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ কি কি?

উ : অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ হ’ল—

  • জনসংখ্যাৰ হেঁচাত ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন হৈ বনাঞ্চলৰ ভূমিৰ অনুপাত হ্রাস হৈছে।
  • প্রাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰ সঠিক নােহােৱাৰ ফলত সম্পদৰ নাটনি, গুৰুতৰ পাৰিৱেশিক আৰু আর্থ- সামাজিক সমস্যাৰ সৃষ্টি হৈছে।
  • অবাধ গতিত বন ধ্বংস কার্য চলি থকাটোও প্রাকৃতিক সম্পদ অৱক্ষয়ৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হ’বলৈ ধৰিছে।
  • অসমত নগৰীকৰণ আৰু ঔদ্যোগীকৰণ প্ৰক্ৰিয়াৰ ফলত প্রাকৃতিক সম্পদসমূহৰ ওপৰত ইয়াৰ প্রত্যক্ষ আৰু পৰােক্ষ প্রভাৱ বৃদ্ধি পাইছে। প্রাকৃতিক সম্পদ আৱক্ষয়ৰ ইয়াে এটা কাৰণ।

৪। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।

উ : অসম ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্বেও ঔদ্যোগিক ক্ষেত্ৰত পিছ পৰি আছে। ইয়াৰ কাৰণসমূহ হল—

  1. প্ৰচুৰ সম্ভাৱনা থকা সত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ।
  2. ৰাজ্যখনৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সু-সংহত পৰিকল্পনাৰ অভাৱ।
  3. উদ্যোগিক বিকাশৰ বাবে পর্যাপ্ত মূলধনৰ অভাৱ।
  4. অনুন্নত পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা।
  5. ঔদ্যোগিকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁথনিৰ অভাৱ।
  6. উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল, উদ্যোগ নীতিৰ অভাৱ।
  7. ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যােগান আৰু বিতৰণ নিয়মীয়া আৰু পর্যাপ্ত নহয়।

৫। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবােৰ উল্লেখ কৰা

উ : অসম অতীতৰে পৰা প্রাকৃতিক সৌন্দর্যৰে ভৰা ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত অনুন্নত পৰিবহণ ব্যৱস্থা, মূলধন বিনিয়ােগ, বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পর্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি আদি সমস্যাৰ বাবে পর্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হােৱা নাই

৬। অসমৰ প্ৰধান তৈলক্ষেত্র সমূহ উল্লেখ কৰা।

উঃ অসমৰ প্ৰধান তৈলক্ষেত্ৰবােৰ হ’ল- ডিগবৈ, মৰাণ, দুলিয়াজান, নাহৰকটীয়া, ৰুদ্ৰসাগৰ, গেলেকী, বৰহােলা, লাকোৱা আৰু আমগুৰি তৈলক্ষেত্র।

৭। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উঃ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ। অসমৰ চাহ পৃথিৱী বিখ্যাত। ভাৰতত উৎপাদিত চাহৰ আধাতকৈ বেছি অংশ অসমত উৎপন্ন হয়। ২০১২ চনৰ তথ্য মতে, অসমত মুঠ ৭৬৫ খন চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে। অসমত মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। অসমতে ২০০৯ চনত ৫০০ হেজাৰ টন আৰু ২০১২ চনত প্রায় ৫৯০ হেজাৰ টন চাহ অসমে উৎপাদন কৰিছিল। অসমৰ চাহ উদ্যোগত দৈনিক গড়ে ৬.৮৬ লাখ লােক নিয়ােজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ তথ্যমতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্রায় ৮৮ হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি প্রায় ১০৭ হেজাৰ টন চাহ উৎপাদন কৰিছে।

৮| অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বর্ণনা দিয়া।

উঃ অসমৰ কৃষি উপযােগী জলবায়ু আৰু মাটিৰ বাবে ইয়াত বিভিন্ন প্রকাৰৰ খাদ্য শস্য আৰু অৰ্থকৰী শস্য উৎপন্ন হয়। এই কৃষিজাত শস্য বিলাকক কেঁচা সামগ্রী হিচাপে লৈ উদ্যোগ স্থাপন কৰাৰ সুযােগ অসমত আছে। বর্তমান অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবিলাক হৈছে- চাহ উদ্যোগ, বন উদ্যোগ, ৰবৰ উদ্যোগ, ৰেচম উদ্যোগ, কাগজ উদ্যোগ আৰু খাদ্য প্রস্তুতকৰণ উদ্যোগ আদি। কৃষিভিত্তিক উদ্যোগৰ এটা প্রধান ভাগ হৈছে খাদ্য প্রস্তুতকৰণ উদ্যোগ। অসমৰ হাবিত প্ৰচুৰ বন সম্পদেৰে ভৰা আৰু এই সম্পদ ব্যৱহাৰ কৰি কাগজ, প্লাইউদ আদি উদ্যোগ গঢ় লৈ উঠিছে।

অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ হৈছে চাহ। ভাৰতৰ লগতে গােটেই পৃথিৱীতে অসমৰ চাহৰ সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযােগ্য ভূমিকা পালন কৰি আহিছে। অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্রধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনি, প্রকাৰৰ, ৰেচম উৎপাদন কৰা হয়- এৰি, মুগা আৰু নুনী পাট। অসমৰ সমাজ-সংস্কৃতিত এই তিনিবিধ ৰেচমে গুৰুত্বপূর্ণ স্থান দখল কৰিছে। ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা এৰি, মুগা আৰু পাট কাপােৰে ভাৰতৰ লগতে পৃথিৱীৰ বিভন্ন দেশত সমাদৰ লাভ কৰিছে। ৰবৰ উদ্যোগ অসমৰ আন এটা উল্লেখযােগ্য কৃষিভিত্তিক উদ্যোগ।

৯। সম্প্রতি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি কিমান কিলােমিটাৰ পথ পকীকৰণ হৈছে?

উঃ ২৫,৫৪৬ কিলােমিটাৰ পথ পকীকৰণ হৈছে।

১০ | ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?

উঃ ২০১১ চনৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬খন দ্বিতীয় শ্রেণীৰ চহৰ আছে। প্রথম শ্ৰেণীৰ চহৰ ৭ খন হ’ল— গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যােৰহাট, নগাওঁ, তেজপুৰ আৰু তিনিচুকীয়া। দ্বিতীয় শ্রেণীৰ ৬ খন চহৰ হ’ল— ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গােৱালপাৰা।

১১। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।

উঃ ১৯৯১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ আছিল   ৫২.৮৯ %  , ২০০১ চনত সেইয়া ৬৩.২৫ % আৰু ২০১১ চনৰ লোকপিয়ত ৭২.১৯ % হয়গৈ ǀ অৰ্থাৎ প্ৰতিটো দশকত অসমত ক্ৰমান্বয়ে শিক্ষিতৰ হাৰ বৃদ্ধি পায় অহা দেখা গৈছে । ১৯৯১ চনৰ লোকপিয়ল মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ আছিল  ৬১.৯০ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৪৩.০০ % । ২০০১ চনৰ লোকপিয়লত পুৰুষৰ সাক্ষৰতাৰ হাৰ হয় ৭১.২৮ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৫৪.৬১ % । ২০১১ চনৰ লোকপিয়ল মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ হয় ৭৭.৮৫ % আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৬.২৭ %  হয়গৈ ।

১২। ২০১১চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাহতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

উঃ ২০১১ চনৰ তথ্যমতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হ’ল নগাঁও। ইয়াৰ মুঠ জনসংখ্যা হ’ল ২,৮২৬,০০৬ জন। আটাইতকৈ বেছি জনসংখ্যা ঘনত্ব থকা জিলাখন হ’ল কামৰূপ (মেট্র’) জিলা। ইয়াৰ জনসংখ্যাৰ ঘনত্ব প্রতিবর্গকিলােমিটাৰত ২০১০ জন। আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হ’ল— ডিমা হাছাও। ইয়াৰ জনসংখ্যা ঘনত্ব প্রতিবর্গ কিলােমিটাৰত ৪৪ জন।

১৩। অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হােৱা জনপ্ৰব্ৰজনৰ সোঁতবােৰ একাদিক্রমে উল্লেখ কৰা।

উ : অসমলৈ প্রাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা। জনপ্ৰৱজনৰ সেতবােৰ একাদিক্রমে এনেধৰণৰ। অষ্ট্রিক জনগােষ্ঠী, মংগােলীয় গােষ্ঠী, ককেছীয় জনগােষ্ঠী, আর্যমূলৰ ইছলাম ধৰ্মীয় লােক, আহােমসকল, চাহ জনজাতিৰ লােক আৰু বাংলাদেশৰ পৰা অহা ভূমিহীন লােক।

১৪। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা

উঃ ধান খেতিৰ পিছতে অসমৰ প্ৰচুৰ পৰিমাণে মাহজাতীয় শস্যৰ খেতি কৰা হয়। মাহজাতীয় শস্যৰ ভিতৰত মাটি মাহ, মগুমাহ, মচুৰমাহ, ৰহৰ মাহ, বুট মাহ আদি।

১৫। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োেগ নীতিৰ প্রধান লক্ষ্যবােৰ কি কি?

উঃ অসম ঔদ্যোগিক উন্নয়নৰ বাবে অসম চৰকাৰে ২০০৮ চনত ঘােষণা কৰা উদ্যোগনীতি পর্যালােচনা কৰি ২০১৪ চনত অসম ঔদ্যোগিক নীতি আৰু বিনিয়ােগ নীতি ঘােষণা কৰে। এই উদ্যোগ আৰু বিনিয়ােগ নীতিৰ প্ৰধান লক্ষ্যবােৰ হ’ল-

  1. ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অর্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।
  2. ৰাজ্যখনত বিশেষকৈ গ্ৰাম্যাঞ্চলত জনমূৰি আয় আৰু নিয়োেগৰ সুবিধা বৃদ্ধি কৰা।
  3. ৰাজ্যখনৰ অতি ক্ষুদ্র ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়ােগ বৃদ্ধি কৰা।
  4. বৃহৎ সংখ্যক দক্ষ লােক সৃষ্টি কৰা।

১৬। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।

উঃ  মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত উদ্যোগসমূহক সেৱা খণ্ডৰ উদ্যোগ বুলি কোৱা হয়। এই উদ্যোগবােৰৰ দ্বাৰা মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়। উদাহৰণস্বৰূপে-বাণিজ্য, যােগাযােগ আৰু পৰিবহণ, পর্যটন উদ্যোগ, হােটেল ব্যৱসায়, বেংক আৰু বীমা সেৱা, সকলােধৰণৰ ব্যৱসায়, লােক প্রশাসন আদি।

১৭। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।

উ : অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ আগুৰি আছে। অর্থাৎ ইয়াৰ মাটিকালি ৭৮,৪৩৮ বর্গকিলােমিটাৰ। ২০১১ চনৰ লােকপিয়লৰ অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৬ শতাংশ লােক অসমত বাস কৰি আছে। অসমৰ মুঠ ৩১২.৫ লাখ আৰু ইয়াৰ ১৫৯,৩৯ লাখ পুৰুষ আৰু ১৫২,৬৬ লাখ মহিলা। প্রতি ১০০০ পুৰুষৰ বিপৰীতে ৯৫৮ জনী মহিলা আছে। ভাৰতৰ ১৯০১ চনৰ লােকপিয়লৰ তথ্য মতে অসমৰ জনসংখ্যা ঘনত্ব আছিল প্রতি বর্গকিলােমিটাৰত

৪২ জন। সময় আগবাঢ়ি যােৱাৰ লগে লগে জনসংখ্যা বৃদ্ধি হয় আৰু লগে লগে ইয়াৰ জনসংখ্যাৰ ঘনত্বও বৃদ্ধি পাই থাকে। ১৯৪১ চনত অসমৰ জনসংখ্যা ঘনত্ব বাঢ়ি প্রতি বর্গকিলােমিটাৰত ৮৫ জনলৈ বৃদ্ধি পায়। ইয়াৰ পিছত ১৯৯১ চনৰ লােক পিয়লৰ তথ্য অনুসৰি প্রতি বর্গকিলােমিটাৰত ২৮৬ জন, ২০০১ চনত ৩৪০ জন আৰু ২০১১ চনত ৩৯৮ জনলৈ বৃদ্ধি পাইছে।

১৮। ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলােচনা কৰা।

উ : ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমতাে দ্রুত গতিত জনসংখ্যা বৃদ্ধি হৈছে। ১৯০১ চনত অসমৰ মুঠ জনসংখ্যা আছিল, ৩,২৮৯,৬৮০ জন। এই সংখ্যা বাঢ়ি গৈ ১৯৪১ চনত হয় ৬,৬৯৪,৭৯০ জন। ইয়াৰ পৰা দেখা যায় যে চাৰিটা দহকত অসমৰ জনসংখ্যা দুগুণতকৈ অধিক বৃদ্ধি পাইছে। ১৯১১ চনৰ পৰা অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্রমে ১৯২১-১৯৩১ দহকত হয়গৈ ১৯.৯০ শতাংশ, ১৯৩১-১৯৪১ দহকত হয় ২০.৪০, ১৯৪১-১৯৫১ দহকত ১৯.৯৩ শতাংশ হাৰ বৃদ্ধি হৈ ১৯৫১ চনত অসমৰ জনসংখ্যা হয়গৈ ৮,০২৮,৮৬৫ জন।  আকৌ ১৯৫১-১৬৬১ৰ দহকত ৩৪.৯৮ শতাংশ হাৰত জনসংখ্যা বৃদ্ধি হৈ ২০১১ চনত অসমৰ মুঠ জনসংখ্যা হয় ৩১,২০৫,৫৭৬ জন।

দীঘলীয়া প্ৰশ্নৰ উত্তৰ

১। ভৌগােলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালােচনা কৰা।

উঃ ভৌগােলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰৰ তাৰতম্য দেখা যায়। সাধাৰণতে যিবােৰ অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয় বা যাতায়ত ব্যৱস্থা উন্নত নহয়, তেনে অঞ্চলৰবাৰত জনসংখ্যা সেৰেঙা বা কম। আনহাতে যিবােৰ অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল আৰু যাতায়ত ব্যৱস্থা অর্থনৈতিক অৱস্থা উন্নত সেইবােৰ অঞ্চলত জনবসতি ঘন। অসমৰ মুঠ জনসংখ্যা প্রায় ৮৫ শতাংশ লােক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে। ২০০১ চনৰ লােকপিয়লৰ মতে, ব্রহ্মপুত্র উপত্যকাৰ জনসংখ্যা ঘনত্ব আছিল প্রতিবর্গকিলােমিটাৰত ১২২০ জন আৰু ২০১১ চনত হয়গৈ ১৫০২ জন। ব্ৰহ্মপুত্ৰ উপত্যকাতে আকৌ জনসংখ্যাৰ বিতৰণৰ পার্থক্য দেখা যায়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলতকৈ মধ্য অঞ্চল আৰু মধ্য অঞ্চলতকৈ নামনি অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি।

বৰাক উপত্যকাতাে সৰু-বৰ মালভূমি অঞ্চল, যাতায়তৰ সুবিধা, অর্থনৈতিক অৱস্থা আদিৰ বাবে জনবসতি ঘন। ২০১১ চনৰ তথ্যমতে, ইয়াৰ জনসংখ্যাৰ

ঘনত্ব আছিল প্রতিবর্গকিলােমিটাৰত ৫৪৫ জন। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনৰ ভূ-প্রাকৃতিক

অৱস্থা প্রতিকূল হােৱা বাবে ইয়াৰ জনসংখ্যা কম। ২০১১ চনৰ লােকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ঘনত্ব হৈছে। প্রতিবর্গকিলােমিটাৰত ৬৮ জন। এইদৰে ভৌগােলিক অঞ্চলভেদে, জিলাভেদে অসমৰ জনসংখ্যাৰ বিতৰণত তাৰতম্য আছে।

২। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।

উঃ অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা হল —

  • প্রাকৃতিক বৃদ্ধি: এইটো দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পার্থক্য নাই। ২০১১ চনৰ তথ্যমতে ২০০১-২০১১ চনত অসমৰ বৃদ্ধিৰ হাৰ ১৭.৭%। এই সময়ছােৱাত ভাৰতবৰ্ষৰৰ এই হাৰ ১৭.০৭% ইয়াৰ অৰ্থ হ’ল ভাৰতবৰ্ষত যি প্রাকৃতিক বৃদ্ধিৰ হাৰত জনসংখ্যা বৃদ্ধি পাইছে সেই একেটা হাৰতে অসমৰ জনসংখ্যাও বৃদ্ধি হৈছে।
  • জনপ্ৰব্ৰজন: অসমৰ অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা প্রধান কাৰণ হৈছে বাহিৰৰ পৰা অসমলৈ ঘটা জনপ্ৰব্ৰজন। অসমলৈ সময়ে সময়ে ভাৰতৰ আন আন প্ৰদেশৰ পৰা বেহা-বেপাৰ আৰু কর্ম সংস্থাপনৰ উদ্দ্যেশ্যে প্ৰব্ৰজন হয়। অসমলৈ প্ৰব্ৰজন ঘটা দুখন বিদেশী ৰাষ্ট্ৰ হ’ল— বাংলাদেশ আৰু নেপাল। অৱশ্যে ১৯৭১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমে হ্রাসহৈ বর্তমান স্বাভাৱিক অৱস্থালৈ আহিছে।
  • শিক্ষা/আধুনিক চিকিৎসা: পূর্বতে অসমৰ শিক্ষিত হাৰ একেবাৰে কম থকাৰ বাবে অন্ধবিশ্বাস আৰু কু-সংস্কাৰে অসমৰ গৰিষ্ঠ সংখ্যক অশিক্ষিত মানুহক আৱৰি ৰাখিছিল। ইয়াৰ ফলত জন্মৰ হাৰ বৃদ্ধি হৈছিল। বর্তমান সময়ত শিক্ষা দীক্ষাত মানুহে অধিক মুনােযােগ দিয়াত জন্মৰ হাৰ ক্রমে হ্রাস পাইছে। বর্তমান সময়ত আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়ােগৰ বাবে মানুহৰ গড় আয়ুস তুলনামূলক ভাৱে বৃদ্ধি পাইছে ফলস্বৰূপে মৃত্যুৰ সংখ্যা কমিছে। এই হ্রাস পােৱা মৃত্যুৰ হাৰৰ প্ৰভাৱতাে অসমৰ জনসংখ্যা বৃদ্ধি পাইছে।

৩। অসমৰ আহােমসকলৰ জনগােষ্ঠীয় পৰিচয় দাঙি ধৰা।

উ : অসমলৈ প্ৰব্ৰজন কৰা এটা জনগােষ্ঠী হ’ল আহােমসকল। আহােমসকল মূলতঃ মংগােলীয় জনগােষ্ঠীৰ লােক। ১২২৮ খ্রীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ অসমলৈ আহে। তেওঁলােকে প্রথমতে উজনি অসমত থিতাপি লৈ আহােম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত তেওঁলােকে গােটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ অধীনলৈ আনে। আহােমসকলে অসমত প্রায় ৬০০ বছৰ ৰাজত্ব কৰে। সম্প্রতি আহােমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যােৰহাট, গােলাঘাট, লখিমপুৰ আৰু ধেমাজী জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শােণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।

৪। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলােচনা কৰা।

উ : পৰিবহণ ব্যৱস্থা হৈছে অর্থনৈতিক উন্নয়নৰ এক অপৰিহার্য উপাদান। পৰিবহণ ব্যৱস্থাৰ যােগেদি বিভিন্ন অঞ্চলৰ মাজত যােগাযােগ স্থাপন হােৱাৰ উপৰিও সম্পদ, কাৰিকৰী জ্ঞান, সভ্যতা-সংস্কৃতি আদিৰ আদান-প্রদান হয়। সুপৰিবহণ ব্যৱস্থাৰ ফলত এখন দেশৰ উন্নতিৰ লগতে নিয়োেগৰে সৃষ্টি হয়।

অসমৰ পৰিবহণ ব্যৱস্থা চাৰিটা ভাগত ভাগ কৰিব পাৰি। যেনে— জল পৰিবহণ, ৰেল পৰিবহণ, পথ পৰিবহণ আৰু বায়ু পৰিবহণ। পথ পৰিবহণ হৈছে আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা। জনসাধাৰণৰ অহা-যােৱা আৰু মাল-বস্তু অনা-নিয়াৰ বাবে পথ পৰিবহণ সুচল। কম দূৰত্বৰ বাবে পথ পৰিবহণ ব্যৱস্থা অতিকে উপযােগী। অসমৰ গ্ৰাম্য অর্থনীতিত পথ পৰিবহণ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে। অসমৰ আভ্যন্তৰীণ পথ পৰিবহণ ব্যৱস্থাত ৰাষ্ট্ৰীয় ঘাই পথৰ উপৰি আন পথসমূহৰ সক্রিয় ভূমিকা আছে।

          আনহাতে, ৰাষ্ট্ৰীয় ঘাই পথে অসমক উত্তৰ- পূবৰ ৰাজ্যসমূহৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে সংযোেগ কৰি উন্নয়নৰ পথ সুগম কৰি তুলিছে। বর্তমান অসমৰ প্ৰতিখন জিলাত ৰেল পৰিবহণৰ ব্যৱস্থা কৰা হৈছে। ৰেল পৰিবহণে অসমৰ ব্যৱসায়- বাণিজ্যত এক বিশেষ অৰিহণা যােগাই অসমৰ অর্থনৈতিক উন্নয়নত যথেষ্ট সহায় কৰিছে। দীর্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্রী আৰু বয় বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰেল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযােগ্য। অসমৰ ৰে’ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ-পূব ৰে’ল মণ্ডল। এই মণ্ডলৰ মুখ্য কার্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। অসমৰ জল পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ পৰিবহণ ব্যৱস্থা। অসমৰ, প্ৰধানকৈ ব্ৰহ্মপুত্র নদীত জল পৰিবহণ ব্যৱস্থাৰ সুচল ব্যৱস্থা আছে যদিও বৰাক নৈ আৰু অন্যান্য উপনৈবােৰেদিও কিছু পৰিমাণে জল পৰিবহণৰ সুবিধা আছে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্রহ্মপুত্র নদীয়েদি ৮৯১ কিলােমিটাৰ জলপথৰ ব্যৱস্থা আছে। এই জল পৰিবহণে ব্যৱসায়-বাণিজ্যৰ বাবে বয়-বস্তু অনা-নিয়া কৰাত সহায় কৰি অর্থনীতিত এক বিশেষ অৰিহণা যােগাইছে। ইয়াৰ উপৰি ৰাজ্যখনৰ সুচল পথ পৰিবহণ

         নথকা ভিতৰুৱা অঞ্চলবিলাকক সামৰি যাত্ৰী আৰু বয়- বস্তু কঢ়িওৱাৰ বাবে বিভাগটোৱে ৬১ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰিছে।

       অসমত বিমান পৰিবহণ ব্যৱস্থাও কিছু উন্নত হৈছে। গুৱাহাটীৰ বিমান বন্দৰটো লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উন্নীত হৈছে। উত্তৰ- পূব ভাৰতৰ ভিতৰত এইটোৱেই একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। এই বিমান বন্দৰৰ যােগেদি গােটেই বিশ্বৰ লগত অসমৰ যােগাযােগ সম্ভৱ হৈছে। অসম হৈছে উত্তৰ-পূব ভাৰতৰ দুৱাৰ মুখ। এই দুৱাৰ মুখৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে উত্তৰ-পূব ভাৰতৰ লগতে ৰাজ্যসমূহৰ সংযােগ স্থাপন হৈছে। সেয়ে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগত উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক উন্নয়ন ওতঃপ্রােতভাৱে জড়িত হৈ আছে।

৫। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা।

উঃ অসমৰ জলপৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ। অসম এখন নদী মাতৃক দেশ। অসমৰ জলসম্পদ বুলিলে প্রধানকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী দুখনৰ লগতে এই নদী দুখনৰ বহু উপনৈসমূহক সামৰি লয়। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ৮৯১ কিলােমিটাৰ নাব্য জলপথ আছে। বৰাক নদীৰ জলপথৰ দৈর্ঘ্য মুঠ ১২১ কিলােমিটাৰ। ১৯৮৮ চনত দেশৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ব্রহ্মপুত্র জলপথ স্বীকৃত হৈছিল। এই জলপথটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক উন্নয়নত অৰিহণা যােগাই আহিছে। আনহাতে বৰাক নদীৰ লখিপুৰৰ পৰা ভাংগালৈ মুঠ ১২১ কিলােমিটাৰ নাব্য জলপথছােৱাক চৰকাৰে ২০১৩ চনত ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃত দিয়ে এই জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত অতি কম খৰচতে, কম সময়তে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্রদেশৰ অর্থনৈতিক উন্নয়নত অৰিহণা যােগাইছে।

অসমৰ ব্ৰহ্মপুত্ৰৰ নদীত কেইবাটাও বন্দৰ থকাৰ উপৰিও ৩০ যােৰতকৈ অধিক ফেৰীঘাট আছে। বর্তমানলৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈসমূহত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬খন ফেৰী চলাচল কৰি আছে। ইয়াৰ উপৰি ব্যক্তিগত মালিকাধীন ভালেমান ফেৰী সেৱা ভুটভুটি নাও সেৱা অসমৰ নদীসমূহেদি চলি আছে। অসমত জলপৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে দুটা চৰকাৰী সংস্থাই প্রচেষ্টা চলাই। আছে। এই সংস্থা দুটা হৈছে কেন্দ্রীয় আভ্যন্তৰীণ জলপৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। এই সংস্থা দুটাৰ প্রধান দায়িত্ব হৈছে— জলপৰিহণৰ ক্ষেত্ৰত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ কৰা, সস্তীয়া জলপৰিবহণৰ সহায়ত যাত্রী আৰু বয়বস্তু অন- নিয়া কৰা, ব্যৱসায়িক ভিত্তিত অঞ্চলটোৰ জলপথসমূহ সঠিকভাৱে ব্যৱহাৰ কৰা আদি। পাণ্ডুকে ধৰি ব্ৰহ্মপুত্ৰৰ কেইবাটাও সৰু নদী বন্দৰ আছে।

৬। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।

উ : অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ তলত উল্লেখ করা হল-

  1. মালভূমি, পাহাৰ, সমভূমি, জলাশয়, প্লাৱন ভূমি আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূ-প্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়।
  2. অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।
  3. বাট-পথ নির্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ সিমান উপযুক্ত নহয়। তাৰােপৰি বাৰিষা কালত হােৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়।
  4. ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত এতিয়াও পিছপৰি আছে। ইয়াৰ প্রধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহণৰ ব্যৱস্থা। ঔদ্যোগিক বিকাশ হ’লে সমান্তৰালভাৱে অসমৰ পৰিবহণ ব্যৱস্থাও উন্নত হ’ব।
  5. অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে এতিয়াও যথােপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হােৱা নাই। পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চিতভাবে ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাও উন্নতি হ’ব।

৭। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বােজা (সমস্যা) নে সম্পদ? আলােচনা কৰা।

উঃ অসমত দ্রুতগতিত জনসংখ্যা বৃদ্ধি পাইছে। এই বৃহৎ জনসংখ্যাৰ সমস্যাটো ৰাজ্যখনৰ এক বােজা হৈ পৰিছে। বর্ধিত জনসংখ্যাই কৃষিভূমিৰ ওপৰত হেঁচা দিছে। খাদ্য শস্যৰ নাটনিয়ে দেখা দিয়াত মানুহে অৰণ্য ধ্বংস কৰিছে। মটৰ-গাড়ী, ৰাস্তা-ঘাট আদিত জনসমাগম বৃদ্ধি পাইছে। বধিত জনসংখ্যাৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যখনত নতুন নতুন উদ্যোগ-কাৰখানা স্থাপন হৈ আছে। উদ্যোগৰ পৰা নিৰ্গত ধোঁৱা, ছাই পেলনীয়া পদার্থই ৰাজ্যখনৰ বায়ু, পানী, মাটি আদি প্ৰদূষিত কৰিছে। তাৰ লগে লগে মানুহৰ বেমাৰৰ সৃষ্টি হৈছে। ফলত বর্ধিত জনসংখ্যা ৰাজ্যখনৰ বাবে এক বােজা হৈ পৰিছে।

। অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।

উঃ অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা হ’ল-

  1. নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চল: এই অঞ্চলটো কামৰূপকে ধৰি নামনি অসমৰ দহখন জিলাক সামৰি লৈছে। ইয়াৰ মুঠ ৯.৩০ লাখ হেক্টর ভূমিত ৪.৬৯ লাখ হেক্টৰ আৰু এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  2. উত্তৰ পাৰৰ সমভূমি অঞ্চল : এই অঞ্চলটোত দৰং জিলাৰ সৈতে মুঠ পাঁচখন জিলাত মুঠ ৫৩৭ লাখ হেক্টৰ মাটিত খেতি কৰা হয়। ইয়াৰ ৩.৩৬ লাখ হেক্টৰ মাটিত বছৰত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  3. মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চল: মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চলত ৩.২৮ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়্যৰ ০.৮৬ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  4. উজনি ব্রহ্মপুত্র উপত্যকা অঞ্চল : এই অঞ্চলটোত মুঠ ৬.২০ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়াৰ ১.৯৪ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  5. বৰাক উপত্যকা অঞ্চল: বৰাক উপত্যকা অঞ্চলটোৱে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাক সামৰি লৈছে। এই অঞ্চলত মুঠ ২.৪২ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০২ লাখ হেক্টর ভূমিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
  6. পার্বত্য অঞ্চল : কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনক সামৰি পার্বত্য অঞ্চলটোত মুঠ ১.৫৪ লাখ হেক্টর ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০১ লাখ হেক্টর মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

৯। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলােচনা কৰা।

উঃ অসম এখন কৃষি প্রধান ৰাজ্য হােৱাৰ বাবে কৃষিয়েই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। অসমৰ অর্থনৈতিক উন্নতিত কৃষিখণ্ডই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। অসমৰ মুঠ কর্ম নিয়ােজিত লােকৰ ভিতৰত ৫৩ শতাংশতকৈয়াে অধিক লােক কৃষি খণ্ডত প্রত্যক্ষ আৰু পৰােক্ষভাৱে নিয়ােজিত হৈ আছে। অসমৰ কৃষিখণ্ডৰ জৰীপৰ মতে, ২০১০-২০১১ বৰ্ষত ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। অর্থাৎ অসমৰ মুঠ ৮৮ শতাংশ মাটিত খেতি কৰা হৈছিল। অসমত প্ৰধানকৈ তিনিপ্ৰকাৰৰ খেতি কৰা হয়। সেইবােৰ হ’ল— শালিধান, আহুধান আৰু বড়ােধান।

অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়, যেনে-আহু ধান, শালিধান আৰু বড়ােধান। ইয়াৰ ভিতৰত শালি ধানৰ খেতি বিস্তৃতভাবে কৰা হয়। ধানৰ উপৰি অসমৰ প্রধান খাদ্যশস্য হৈছে- ঘেঁহু, গােমধান আৰু নানাবিধ মাহ। জাতীয় শস্য। অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাও পার্বত্য জিলা দুখন সামৰি লােৱা পার্বত্য কৃষি-জলবায়বীয় অঞ্চলটোত ঝুম খেতিয়ে প্রাধান্য লাভ কৰিছে। ২০১১ বৰ্ষত মুঠ ০.৭৬ লাখ মেট্রিক টন শস্য উৎপাদন কৰা হৈছিল। অসমৰ ৰাজহৰ এক বুজন পৰিমাণ কৃষি খণ্ডৰ পৰাই লাভ কৰা হয়।

১০| অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে ?

উঃ মানৱ সম্পদ যিহেতু এখন দেশৰ শ্ৰেষ্ঠ সম্পদ, সেয়েহে ইয়াৰ ওপৰত দেশ এখনৰ প্রগতি নির্ভৰ কৰে। তলত দিয়া বিষয়কেইটাত গুৰুত্ব দিলেহে অসমত

প্রকৃতাৰ্থত মানৱ সম্পদ গঢ়ি উঠিব—

  1. শিক্ষিত হাৰ বৃদ্ধি: দেশৰ জনসাধাৰণক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব। উপযুক্ত মানৱ সম্পদ গঠন কৰিবলৈ ৰাজ্যখনৰ শিক্ষা বিষয় আৰু শিক্ষা পদ্ধতি সলনি কৰি কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰ বাবে অধিক কাৰিকৰী শিক্ষানুষ্ঠান গঢ়ি তুলিব লাগিব।
  2. কর্ম দক্ষতা : অসমত বহুত শিক্ষিত যুৱক-যুৱতী উপযুক্ত উচ্চ শিক্ষাৰে শিক্ষিত হৈয়াে কর্মহীন হৈ ঘৰতে বহি আছে। সেয়েহে কর্মদক্ষতা বৃদ্ধি কৰি অসমৰ অর্থনৈতিক খণ্ডসমূহত নিয়ােগৰ ব্যৱস্থা কৰিব লাগিব।
  3. সৱলীকৰণ : জনসাধাৰণৰ দুর্বল শ্ৰেণীৰ লােক, বিশেষকৈ দৰিদ্র, অক্ষম আৰু মহিলাসকলক উপযুক্তভাৱে সবলীকৰণ কৰিব লাগিব।
  4. প্রাকৃতিক সম্পদৰ সুব্যৱহাৰ: কেৱল অর্থনৈতিক উন্নতিৰ নামত প্রাকৃতিক সম্পদৰাজি (ভূমি, বন, জল আদি) অবিবেচকভাৱে ব্যৱহাৰ কৰিলে নহ’ব, বহনক্ষম উন্নয়ন লক্ষ্যৰে প্রাকৃতিক সম্পদৰ সুপৰিকল্পিত ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব।

। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।

উ : পাহাৰৰ নামনিত হাবি জংঘল পুৰি ছাফা কৰি পৰম্পৰাগত পদ্ধতিৰে কৰা খেতিক ঝুমখেতি বােলা হয়। অসমৰ কাৰ্বি আংলং আৰু ডিমাহাছাও পার্বত্য জিলা দুখনত প্রধানকৈ ঝুম খেতি কৰা হয়। কাৰ্বি আংলং জিলাৰ মুঠ মাটি কালিৰ ৬৬ শতাংশ অঞ্চল আৰু ডিমাহাছাও জিলাৰ ৮৫ শতাংশ অঞ্চলত ঝুম খেতি কৰা হয়। একেড় মাটিত কেইবাবছৰ ধৰি খেতি কৰাৰ পিছত মাটৰ উৰ্বৰতা হ্রাস পালে আন এডােখৰ ঠাই নির্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰা হয়। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি জনজাতীয় লােকসকলৰ সমাজ-সংস্কৃতি আৰু জীৱন ধাৰণ প্ৰণালীৰ লগত ওতঃপ্রােতভাৱে জড়িত হৈ আছে।

১২। অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ কি কি?

উঃ অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ তলত উল্লেখ কৰা হ’ল–

  • ৰাজ্যখনৰ সামগ্রিক উন্নতিৰ বাবে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, সেৱা খণ্ড আদি অর্থনৈতিক খণ্ডসমূহৰ মাজত সুসমন্বয় স্থাপন কৰি আগবাঢ়িব লাগিব।
  • কৃষিক্ষেত্ৰত আধুনিক পদ্ধতি প্রয়ােগ কৰিলে অসমৰ অর্থনৈতিক উন্নয়ন হব।
  • অসমত থকা প্রাকৃতিক সম্পদবােৰ উপযুক্তভাৱে ব্যৱহাৰ কৰি অসমৰ অর্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব লাগিব।
  • যােগাযােগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধন কৰিব লাগিব।
  • ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত মূলধন বিনিয়োেগ, অনুন্নত পৰিবহণ ব্যৱস্থা, বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পর্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি আদি সমস্যাৰ বাবে পর্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হােৱা নাই।

১৩। অসমৰ কৃষি উন্নয়নৰ সমস্যাবােৰ উল্লেখ কৰা।

উঃ অসম কৃষি প্রধান ৰাজ্য যদিও কৃষি উন্নয়নৰ ক্ষেত্ৰত অসমে বহুতাে সমস্যাৰ সন্মুখীন হৈ আছে।

  1. অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পুৰণিকলীয়া পদ্ধতিৰে প্ৰচলিত হৈ আছে।
  2. অসমৰ খেতিয়কসকলৰ খেতি মাটি সৰু সৰু খণ্ডত বিভক্ত হােৱা বাবে সেইবােৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্রয়ােগ কৰিবলৈ অসুবিধা ফলত উৎপাদন বৃদ্ধি পােৱা নাই।
  3. অসমত জলসিঞ্চন পদ্ধতি উন্নত নহয়। ফলত কৃষকে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হােৱাৰ বাবে উৎপাদন আশানুৰূপ হােৱা নাই।
  4. বানপানী, গৰাখহনীয়া আদিৰ বাবে অসমৰ খেতিপথাৰ প্রতিবছৰে নদীত জাহ যায়।
  5. শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপােৱাৰ পদ্ধতিও উন্নত নহয়।
  6. অসমত কৃষকসকলে উন্নত মানৰ বীজ, সাৰ, কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ। অসমত কৃষিখণ্ড আৰু কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই।
  7. অসমত কৃষিখণ্ড আৰু কৃষি ভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই।
  8. ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ-চহৰৰ বজাৰৰ মাজত উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ।

১৪। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

উঃ অসম জলসম্পদত চহকী। ব্রহ্মপুত্র, বৰাক আৰু ইয়াৰ উপনৈসমূহে দেশৰ প্রায় এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে। ৰাজ্যখনত অলেখ সৰু-ডাঙৰ পিতনি আৰু জলাহৰ উপৰিও প্রায় তিনি হাজাৰৰাে অধিক আর্দ্রভূমি আছে। এইবােৰত প্ৰধানকৈ নানা প্রকাৰৰ মাছ আৰু ভিন ভিন প্রজাতিৰ জলজ উদ্ভিদ পােৱা যায়। সমভূমি অঞ্চলত ভূ-পৃষ্ঠৰ পৰা প্রায় ৫ মিটাৰ গভীৰতাৰ ভিতৰত ভূ-তল জলস্তৰ পােৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তলজল ৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰি ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ হয়।

১৫। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।

উঃ অসমত প্ৰধানকৈ তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়।

  • শালিধান
  • আহুধান
  • বড়ােধান

(ক) শালি ধান: অসমত শালিধানৰ খেতি অধিক বিস্তৃত ভাৱে কৰা হয়। অসমৰ মুঠ ধান খেতিৰ ৭০ শতাংশ ভূমিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা ভূমিত শালিধানৰ খেতি ভাল হয়। শালি ধানৰ খেতি ৰােপণ পদ্ধতিৰে জুলাই, আগষ্ট মাহত আৰম্ভ হয় আৰু নবেম্বৰ ডিচেম্বৰ মাহত চপােৱা হয়।

(খ) আহু ধান: আহুধানৰ খেতি বিশেষকৈ নামনি অসমৰ সাৰুৱা সমভূমি অঞ্চলত কৰা হয়। আহু খেতি ৰােপণ আৰু সিঁচন দুয়াে পদ্ধতিৰে কৰা হয়। এই খেতি মার্চ মাহত আৰম্ভ কৰি জুন, জুলাই মাহত চপােৱা হয়।

(গ) বড়াে ধান : বড়াে ধান কম-বেছি পৰিমাণে, অসমৰ সকলােবােৰ জিলাত কৰা হয়। বড়াে ধানৰ খেতি সাধাৰণতে দ ঠাইত কৰা হয়। এই খেতি শীতকালত। আৰম্ভ কৰি বাৰিষা জুন, জুলাই মাহত বানপানী অহাৰ আগে আগে চপােৱা হয়।

১৬। অসমৰ মীন উদ্যোগৰ বর্তমান অৱস্থা কেনেকুৱা?

উ : অসম হৈছে নদী মাতৃক দেশ। অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী দুখন আৰু ইয়াৰ অসংখ্য সৰু-বৰ উপনৈ, বিল- খাল, এৰা সূতি, পিতনি, জলাশয়, আদি আছে। মাছ। উৎপাদনত নগাঁও জিলা প্রথম স্থানত আৰু কাছাৰ আৰু ধুবুৰী জিলাত ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। যােৱা দহ বছৰৰ ভিতৰত অসমত মাছৰ পােনা উৎপাদন প্রায় ২.৫ গুণ বৃদ্ধি পাইছে যদিও মাছৰ উৎপাদন কেৱল ১.৫ গুণহে বৃদ্ধি পাইছে।

সেয়ে দেখা যায় অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত বিশেষ অৰিহণা মােগাব পৰা নাই। ৰাজ্যৰ ঘৰুৱা উৎপাদন খণ্ডলৈ মীন উদ্যোগৰ অৰিহণা হৈছে ২ শতাংশ। অসমৰ মীন উদ্যোগে ঘৰুৱা চাহিদাও পূৰণ কৰাত ব্যৰ্থ হৈছে। প্রতি বছৰ অসমৰ ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ অসমে ০.২০ লাখ টন মাছ। বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। ৰাজ্যখনত বছৰি ০.৫২ লাখ টন মাছৰ নাটনি হয় আৰু সেয়েহে মাছৰ দাম অধিক হাৰত বৃদ্ধি হ’ব ধৰিছে।

ASSEB Class IX General Science Chapter 1 questions and Answers

অধ্যায়-১: আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in Our Surroundings) ইন-টেক্সট প্রশ্নাৱলী (In-Text Questions) ১. তলৰ কোনবোৰ...