অতি চমু / চমু উত্তৰৰ প্ৰশ্ন
১। মায়ামৰা কি?
উত্তৰ: মায়ামৰা হৈছে কাল সংহতিৰ অন্তৰ্ভুক্ত এখন বৈষ্ণৱ সত্ৰ।
২। সত্ৰ বুলিলে কি বুজা?
উত্তৰ: শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহকে সত্ৰ বোলে।
৩। সংহতি কি?
উত্তৰ: শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ শিষ্য-প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে বৈষ্ণৱ সত্ৰসমূহৰ মাজত সৃষ্টি হোৱা ভাগ বা সম্প্ৰদায়সমূহকে সংহতি বোলে (যেনে— ব্ৰহ্ম, পুরুষ, কাল আৰু নিকা সংহতি)।
৪। মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰ: স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত।
৫। মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰ: স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।
৬। কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰ: স্বৰ্গদেউ চুহুংমুং।
৭। চুৰুম্ফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰ: গুৰু নিত্যানন্দদেৱক।
৮। ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰ: চতুৰ্ভুজদেৱ মহন্তক।
৯। আহোমসকলৰ প্ৰধান উপাস্য দেৱতাাজনৰ নাম লিখা।
উত্তৰ: ছোমদেউ।
১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰ: আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত।
১১। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰ: আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত।
১২। কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?
উত্তৰ: বংগদেশৰ নদীয়াৰ পৰা স্বৰ্গদেউ ৰুদ্ৰসিংহই মতাই অনা এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত (যাক পৰৱৰ্তী সময়ত ‘পৰ্বতীয়া গোসাঁই’ নামেৰে জনা গৈছিল)।
১৩। কোনজন আহোম ৰজাৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰ: স্বৰ্গদেউ শিৱসিংহৰ দিনত (বৰকুঁৱৰী ফুলেশ্বৰীৰ প্ৰভাৱত)।
১৪। গাগিনি কোন?
উত্তৰ: মোৱামৰীয়া সত্ৰাধিকাৰ/মহন্ত অষ্টভুজৰ পুত্ৰ।
১৫। মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?
উত্তৰ: নাহৰখোৱা মৰাণৰ পুত্ৰ ৰমাকান্ত (বা ৰমানন্দ)ক।
১৬। কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰ: ১৭৯২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ।
১৭। অসমৰ ক'ত লোণ উৎপাদন হৈছিল?
উত্তৰ: শদিয়া আৰু নগা পাহাৰত।
১৮। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰ: কাৰণ লোণ অতি দামী বস্তু আছিল আৰু সাধাৰণ মানুহৰ ধন-পইচাৰ নাটনি থকা বাবে ইয়াক কিনি ব্যৱহাৰ কৰিবলৈ অপাৰগ আছিল।
চমু / দীঘল উত্তৰৰ প্ৰশ্ন
১। মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক’ব পৰা যায় নে?
মোৱামৰীয়াসকলৰ পৰিচয়: ‘মায়ামৰা’ সত্ৰৰ শিষ্যসকলকে মোৱামৰীয়া বুলি কোৱা হয়। এই সত্ৰ কাল সংহতিৰ অন্তৰ্ভুক্ত আছিল। মূলত: মৰাণ জনগোষ্ঠীৰ লোকসকল ইয়াৰ শিষ্য আছিল যদিও কছাৰী, চুতীয়া, আহোম, কৈৱৰ্ত আদি বিভিন্ন সম্প্ৰদায়ৰ লোকো এই সত্ৰৰ শিষ্য আছিল।
গণ অভ্যুত্থান: হয়, মোৱামৰীয়া বিদ্ৰোহক নিশ্চয়কৈ এক ‘গণ অভ্যুত্থান’ বুলি ক’ব পৰা যায়। কাৰণ, এই বিদ্ৰোহ কেৱল ধৰ্মীয় নেতাসকলৰ মাজতে সীমিত নাছিল; ইয়াত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ অজস্ৰ সাধাৰণ প্ৰজাই। অংশগ্ৰহণকাৰীসকলৰ অধিক সংখ্যকেই আছিল শ্ৰমজীৱী সাধাৰণ কৃষক, কাৰিকৰ আৰু অন্যান্য বৃত্তিধাৰী লোক। আহোম ৰাজযন্ত্ৰৰ দীঘলীয়া সামাজিক ও অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে সাধাৰণ জনতাই একত্ৰিত হৈ ৰাজশক্তিৰ বিৰুদ্ধে সামূহিকভাৱে বিদ্ৰোহ চলাইছিল বাবে ইয়াক এক ঐতিহাসিক গণ অভ্যুত্থান বুলি গণ্য কৰা হয়।
২। মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
উত্তৰ: মোৱামৰীয়া বিদ্ৰোহৰ অন্তৰালত বহুকেইটা দীঘলীয়া ৰাজনৈতিক কাৰণ জৰিত হৈ আছিল:
ৰাজকীয় নিৰ্যাতন আৰু অপমান: আহোম ৰজাসকলে মায়ামৰা সত্ৰৰ মহন্ত আৰু শিষ্যসকলৰ ওপৰত দীৰ্ঘদিন ধৰি নানা অত্যাচাৰ চলাইছিল। চুৰুম্ফা ভগাৰজাৰ দিনত সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা, গদাধৰ সিংহৰ দিনত বৈকুণ্ঠদেৱ মহন্তক হত্যা, ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তক অপমান আদি ঘটনাই সংঘাত বঢ়াই তুলিছিল।
কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাচাৰিতা: বৰবৰুৱা কীৰ্তিচন্দ্ৰই ব্যক্তিগত আখেজ পূৰাবলৈ মোৱামৰীয়া মহন্তক কটু কথাৰে অপমান কৰিছিল। তাৰ উপৰি কাৰ্যসূচীৰে হস্তী উপহাৰ আনি দিয়া মৰাণ নেতা নাহৰখোৱা শইকীয়াৰ কাণ কাটি পঠিওৱা আৰু ৰাঘৱ নেওগক সৌকাৰে কোবোৱা ঘটনাই মোৱামৰীয়াসকলক প্ৰকাশ্য বিদ্ৰোহলৈ ঠেলি দিয়ে।
ৰাজতন্ত্ৰৰ দুৰ্বলতা: স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৰৱৰ্তী ৰজাসকল অতি দুৰ্বল আছিল। ৰাজতন্ত্ৰ দুৰ্বল হোৱাৰ সুভাৱিক সুযোগ লৈ স্বাৰ্থপৰ মন্ত্ৰী-আমোলাসকলে শক্তিশালী হৈ ৰাজ্যত অপশাসন চলাইছিল, যাৰ ফলত প্ৰজাৰ অন্তৰত ৰাজতন্ত্ৰৰ প্ৰতি অনাস্থা গঢ়ি উঠিছিল।
৩। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা।
উত্তৰ: হয়, আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম মূল কাৰক আছিল।
শাক্তধৰ্মৰ প্ৰভাৱ আৰু বৈষ্ণৱ নিৰ্যাতন: আহোম ৰজাসকলে নিজস্ব ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মত শৰণ লোৱাৰ পিছত বিশেষকৈ স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনৰ পৰা শাক্ত ব্ৰাহ্মণ্য ধৰ্মই ৰাজ পৃষ্ঠপোষকতা লাভ কৰে। বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তসকলক জোৰ-জুলুমকৈ শাক্ত পূজাত অংশ লোৱাই বলিৰ ফোঁট ল’বলৈ বাধ্য কৰা হৈছিল, যিয়ে বৈষ্ণৱসকলৰ ধৰ্মীয় ভাৱাবেগত চৰম আঘাত হানে।
ব্ৰাহ্মণ আৰু শূদ্ৰ সত্ৰৰ প্ৰভেদ: ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ পৰা শৰণ লৈ ব্ৰাহ্মণ সত্ৰসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰি শূদ্ৰ সত্ৰসমূহক অৱহেলা কৰিছিল। ইয়াৰ ফলত সামাজিক বিচ্ছিন্নতা বৃদ্ধি পায় আৰু ধৰ্মীয় বৈষম্যই বিদ্ৰোহৰ জুইত ঘিউ ঢালে।
৪। পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমানদূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।
উত্তৰ: মোৱামৰীয়া বিদ্ৰোহৰ নেপথ্যত পাইক প্ৰথাৰ শোষণ অতি গভীৰভাৱে জগৰীয়া আছিল।
অতিৰিক্ত শ্ৰমৰ বোজা: আহোম ৰাজ্যৰ সকলো প্ৰজা (পাইক) কায়িক শ্ৰম দিবলৈ বাধ্য আছিল। পূৰ্বে ৪ জনীয়া গোটৰ পৰা এজন পাইকে ৩ মাহ কাম কৰিব লাগিছিল। কিন্তু ৰাজেশ্বৰ সিংহৰ দিনত গোটৰ সদস্য সংখ্যা ৩ জনলৈ হ্ৰাস কৰাত প্ৰতিজন পাইকৰ খাটনী বছৰত ৪ মাহলৈ (১ মাহ অতিৰিক্ত) বৃদ্ধি পায়, যিটো শ্ৰমজীৱী মোৱামৰীয়াসকলে মানি ল'বলৈ অনিচ্ছুক আছিল।
সামাজিক অসমতা আৰু শোষণ: পাইকসকলৰ ভিতৰত ‘চমুৱা পাইক’সকলে মুদ্ৰাৰ বিনিময়ত শাৰীৰিক শ্ৰমৰ পৰা ৰেহাই পাইছিল। কালক্ৰমত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পোৱাত সাধাৰণ ‘কাড়ী পাইক’সকলৰ সংখ্যা কমি যায় আৰু বাকী থকাসকলৰ ওপৰত শ্ৰমৰ শোষণ বহুগুণে বৃদ্ধি পায়। মোৱামৰীয়া শিষ্যসকল মূলত: কাৰিকৰ আৰু খেতিয়ক হোৱা বাবে ৰাজযন্ত্ৰই তেওঁলোকৰ এই দক্ষতাৰ সুযোগ লৈ চৰম অৰ্থনৈতিক ও সামাজিক শোষণ চলাইছিল, যাৰ প্ৰতিবাদত তেওঁলোকে বিদ্ৰোহৰ পথ বাছি লয়।
৫। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।
উত্তৰ: মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি:
ৰাজনৈতিক ফলাফল:
প্ৰায় ৩৫ বছৰীয়া এই বিদ্ৰোহৰ ফলত আহোম সামন্তীয় ৰাজতন্ত্ৰৰ ভেটি একেবাৰে দুৰ্বল হৈ পৰে।
আহোম ৰজাই বিদ্ৰোহ দমন কৰিবলৈ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ল’বলগীয়া হয়, যাৰ ফলত অসমত ব্ৰিটিছৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু আধিপত্য স্থাপনৰ পথ প্ৰশস্ত হয়।
আৰ্থ-সামাজিক ফলাফল:
যুদ্ধ, লুণ্ঠন আৰু শস্যপথাৰ ধ্বংসৰ ফলত সমগ্ৰ দেশত ভয়াৱহ দুৰ্ভিক্ষ আৰু অৰাজকতাই দেখা দিয়ে।
অসংখ্য কাৰিকৰ, খেতিয়ক আৰু লোকৰ মৃত্যু হোৱাত ব্যৱসায়-বাণিজ্য আৰু সোণ-অস্ত্ৰ উৎপাদন প্ৰক্ৰিয়া ধ্বংস হৈ পৰে।
মটক ৰাজ্যৰ সৃষ্টি:
বিদ্ৰোহৰ স্থায়ী সমাধানৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ১৮০৫ চনত মৰাণ নেতা সৰ্বানন্দৰ সৈতে চুক্তি কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূ-খণ্ডত ‘মটক ৰাজ্য’ নামৰ এখন স্বতন্ত্ৰ ৰাজ্য গঠন কৰে।
৬। মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা? যুক্তি দিয়া।
উত্তৰ: মোৱামৰীয়া বিদ্ৰোহক সম্পূৰ্ণৰূপে এফালে ‘সফল’ বা ‘বিফল’ বুলি ক’ব নোৱাৰি; ইয়াৰ দুয়োটা দিশেই আছিল:
সফলতাৰ যুক্তি:
মোৱামৰীয়াসকলে দীৰ্ঘদিন ধৰি চলি অহা আহোম ৰাজযন্ত্ৰৰ চৰম সামাজিক, ধৰ্মীয় আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।
তেওঁলোকে আহোম ৰাজধানী দখল কৰি নিজৰ প্ৰতিনিধিক ৰজা পাতিবলৈ সক্ষম হৈছিল।
অৱশেষত বুঢ়াগোহাঁইক বাধ্য কৰাই ‘মটক ৰাজ্য’ নামৰ সুকীয়া স্বতন্ত্ৰ অস্তিত্ব আদায় কৰিবলৈ সমৰ্থ হৈছিল।
বিফলতাৰ যুক্তি:
শাসন ক্ষমতা লাভ কৰাৰ পিছতো মোৱামৰীয়াসকলে কোনো সুসংগঠিত কেন্দ্ৰীকৃত বা প্ৰজাতান্ত্ৰিক নতুন শাসন ব্যৱস্থা গঢ়ি তুলিব নোৱাৰিলে।
ক্ষমতাৰ খোৱাকামোৰা আৰু সাধাৰণ প্ৰজাৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে তেওঁলোকো প্ৰজাৰ অপ্ৰিয় হৈ পৰিছিল।
চূড়ান্তভাৱে এই বিদ্ৰোহে সমগ্ৰ অসমক পঙ্গু কৰি পেলাইছিল, যাৰ সুযোগ লৈ মানৰ আক্ৰমণ ঘটিছিল আৰু শেষত অসমে ইংৰাজৰ অধীন হ’বলগীয়া হৈছিল।
৭। কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ’ল?
উত্তৰ:
অসমলৈ অহাৰ পৰিস্থিতি: মোৱামৰীয়া বিদ্ৰোহৰ ক্ৰমাগত আক্ৰমণ, দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰ বিদ্ৰোহ আৰু বংগৰ ‘বৰকান্দাজ’ ভেৰোণীয়া সৈন্যৰ উপদ্ৰৱত অতিষ্ঠ হৈ আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই নিজৰ আসন হেৰুৱাই ইংৰাজৰ সহায় ভিক্ষা কৰে। এই সামৰিক আবেদনৰ পৰিস্থিতিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ তথ্য সংগ্ৰহ কৰা আৰু গৌৰীনাথ সিংহক পুনৰ সিংহাসনত বসোৱাৰ উদ্দেশ্যে ১৭৯২ চনত কেপ্তেইন থমাছ ওৱেলছক সামৰিক অভিযানৰ বাবে অসমলৈ পঠিয়ায়।
ঘূৰি যোৱাৰ কাৰণ: কোম্পানীৰ নতুন গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰে (Sir John Shore) ‘পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি’ (Non-Intervention Policy) কাৰ্যকৰী কৰিব বিচাৰিছিল। গতিকে, স্বৰ্গদেউ গৌৰীনাথ সিংহ আৰু আহোম ডা-ডাঙৰীয়াসকলে বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও গৱৰ্ণৰৰ নিৰ্দেশ মানি কেপ্তেইন ওৱেলছে ১৭৯৪ চনত আধৰুৱাকৈ অভিযান সামৰি গোৱালপাৰালৈ ঘূৰি যায়।
৮। মোৱামৰীয়া বিদ্ৰোহ দমনত ওৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা?
উত্তৰ:
ওৱেলছৰ ভূমিকা: ওৱেলছে অসমত প্ৰৱেশ কৰিয়েই প্ৰথমে নামনি অসমত গুৱাহাটী পুনৰ উদ্ধাৰ কৰে আৰু বৈৰাগী ৰজাক বন্দী কৰে। ইয়াৰ পিছত দৰঙীয়া বিদ্ৰোহ আৰু বৰকান্দাজসকলক পৰাস্ত কৰে। তাৰ পিছত ১৭৯৩ চনত গৌৰীনাথ সিংহৰ সৈতে বাণিজ্যিক চুক্তি কৰি উজনিত বুঢ়াগোহাঁইৰ সেনাৰ সৈতে যুটীয়াভাৱে মোৱামৰীয়াসকলক আক্ৰমণ কৰি ৰংপুৰ চহৰ বিদ্ৰোহীৰ কৱলৰ পৰা মুক্ত কৰে আৰু গৌৰীনাথ সিংহক পুনৰ ৰাজসিংহাসনত বসায়।
সফলতাৰ মূল্যাংকন: সামৰিক দিশৰ পৰা ওৱেলছ সম্পূৰ্ণ সফল আছিল, কাৰণ তেওঁ অতি কম সময়ৰ ভিতৰতে বিদ্ৰোহীসকলক পৰাস্ত কৰি ৰাজধানী উদ্ধাৰ কৰিছিল। কিন্তু, ৰাজনৈতিকভাৱে তেওঁৰ সফলতা স্থায়ী নাছিল, কাৰণ তেওঁ ঘূৰি যোৱাৰ লগে লগে মোৱামৰীয়াসকলে পুনৰ ৰংপুৰ দখল কৰে আৰু দেশত অৰাজকতাই দেখা দিয়ে।
৯। কেপ্তেইন ওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা।
উত্তৰ: কেপ্তেইন ওৱেলছে গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰলৈ প্ৰেৰণ কৰা টোকাত ১৮ শতিকাৰ অসমৰ বিষয়ে এক গুৰুত্বপূৰ্ণ বিৱৰণ পোৱা যায়:
ৰাজনৈতিক স্থিতি: তেওঁ আহোম ৰজাৰ ক্ষমতা, পাঁচগৰাকী প্ৰধান মন্ত্ৰীৰ মাজৰ অৰিয়া-অৰি, পাইক প্ৰথা আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাচাৰিতাক অসমৰ প্ৰশাসনিক অচলাৱস্থাৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰে।
বাণিজ্যিক অৱস্থা: অসম আৰু বংগৰ মাজত চলি থকা ব্যৱসায়ৰ পৰা অসমে বছৰি ৯০,০০০ টকা শুল্ক তুলিছিল যদিও ৰাজকোষত ২৬,০০০ টকাহে সোমাইছিল। অসমত লোণৰ তীব্র নাটনি আছিল আৰু বংগৰ পৰা বছৰি ১২০,০০০ মোন লোণ আমদানি কৰা হৈছিল।
প্ৰাকৃতিক সম্পদ আৰু নগৰ: অসমত ধানক উপৰি সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, লা, সোণ ইত্যাদি প্ৰচুৰ উৎপাদিত হৈছিল। গুৱাহাটী এখন বিস্তাৰিত, সুৰক্ষিত আৰু জনবহুল নগৰ আছিল, য’ত ১১৩ টা কামান আছিল। ৰংপুৰ নগৰৰ পৰিসীমা ২০ মাইল আছিল।
অৰ্থনৈতিক চিত্ৰ: বজাৰত টকা-পইচাৰ অভাৱ আছিল, ক্ৰয়-বিক্ৰয় মূলত: সোণ আৰু লোণৰ বিনিময়ত হৈছিল। বস্তু-বাধানিজ অতি সস্তা আছিল যদিও প্ৰজাসকল ধনৰ নাটনিত ভুগিছিল।
চমুটোকা লিখা
১। কীৰ্তিচন্দ্ৰ বৰবৰুৱা:
কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনৰ একজন অতি প্ৰতাপী আৰু ক্ষমতাশালী বিষয়া। তেওঁ দিহিং সত্ৰৰ শিষ্য আছিল। তেওঁৰ স্বেচ্ছাচাৰিতা, ব্যক্তিগত আখেজ আৰু মোৱামৰীয়া সত্ৰৰ প্ৰতি দৰ্শোৱা তাচ্ছিল্যই বিদ্ৰোহ দ্ৰুততৰ কৰি তুলিছিল। মৰাণ নেতা নাহৰখোৱা শইকীয়াৰ কাণ কটা আৰু ৰাঘৱ নেওগক লাঠিৰে কোবোৱাৰ ঘটনাই মোৱামৰীয়াসকলক প্ৰকাশ্য বিদ্ৰোহ কৰিবলৈ বাধ্য কৰিছিল।
২। মায়ামৰা সত্ৰ:
মায়ামৰা সত্ৰ হৈছে কাল সংহতিৰ অন্তৰ্ভুক্ত এখন প্ৰধান বৈষ্ণৱ সত্ৰ। মূলতঃ মৰাণ সম্প্ৰদায় আৰু সমাজৰ নিম্ন বৰ্গ বা বিভিন্ন জনজাতীয় লোকসকল ইয়াৰ শিষ্য আছিল। এই সত্ৰৰ সত্ৰাধিকাৰসকল শূদ্ৰ সম্প্ৰদায়ৰ হোৱা বাবে ইয়াত সকলোৱে সুকীয়া মৰ্যাদা পাইছিল, যাৰ ফলত দিনক দিনে ইয়াৰ শক্তি আৰু শিষ্য সংখ্যা বৃদ্ধি পাইছিল। এই শক্তিৰ বাবেই পৰৱৰ্তী সময়ত আহোম ৰাজশক্তিৰ সৈতে সংঘাত ঘটি মোৱামৰীয়া বিদ্ৰোহৰ সৃষ্টি হয়।
৩। পূৰ্ণানন্দ বুঢ়াগোহাঁই:
ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ লাড়ি গোহাঁই ‘পূৰ্ণানন্দ বুঢ়াগোহাঁই’ পদত অধিষ্ঠিত হয়। তেওঁ আছিল অত্যন্ত বুদ্ধিমান, বিক্ৰমী আৰু কৰ্তব্যনিষ্ঠ ৰাজনীতিবিদ। মোৱামৰীয়া বিদ্ৰোহৰ ভয়াৱহ সংকটৰ সময়ত তেওঁ প্ৰজাক সুৰক্ষা দি যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। অৱশেষত ১৮০৫ চনত মোৱামৰীয়া নেতা সৰ্বানন্দৰ সৈতে চুক্তি কৰি ‘মটক ৰাজ্য’ গঠন কৰি তেওঁ অসমক এক ডাঙৰ ৰাজনৈতিক বিপদৰ পৰা ৰক্ষা কৰিছিল।
৪। কাড়ী পাইক আৰু চমুৱা পাইক:
আহোম ৰাজ্যৰ পাইক প্ৰথাক দুটা প্ৰধান ভাগত ভাগ কৰা হৈছিল—
কাড়ী পাইক: সংখ্যাত অধিক থকা সাধাৰণ প্ৰজাসকল কাড়ী পাইক আছিল, যিসকলে ৰাজ্যৰ বাবে কায়িক আৰু শাৰীৰিক শ্ৰম আগবঢ়াবলৈ বাধ্য আছিল।
চমুৱা পাইক: সংখ্যাত তাকৰ কিন্তু কাড়ী পাইকতকৈ মৰ্যাদাত উচ্চ পাইকসকল চমুৱা পাইক আছিল। তেওঁলোকে শাৰীৰিক শ্ৰমৰ পৰিৱৰ্তে মুদ্ৰা বা কৰ পৰিশোধ কৰি শ্ৰমৰ পৰা ৰেহাই পাইছিল।
৫। ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি:
১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত কেপ্তেইন থমাছ ওৱেলছ আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মাজত এখন ঐতিহাসিক বাণিজ্য চুক্তি স্বাক্ষৰিত হয়। চৰ্তসমূহ আছিল:
১. ইংৰাজৰ অধীনস্থ ঠাইৰ পৰা অসমলৈ আমদানী সামগ্ৰীত ১০% কৰ ধাৰ্য হ’ব।
২. অসমৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীত ১০% কৰ ধাৰ্য হ’ব।
৩. ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।
৪. গুৱাহাটী আৰু কান্দাহাৰত শুল্ক চকী স্থাপন কৰা হ’ব।
৫. ইংৰাজৰ অনুমতি অবিহনে অন্য কোনো ইউৰোপীয় বেপাৰীয়ে ব্যৱসায় কৰিব নোৱাৰিব।
৬। বৰৰজা ফুলেশ্বৰী:
স্বৰ্গদেউ শিৱসিংহৰ বৰকুঁৱৰী ফুলেশ্বৰীক ‘বৰৰজা’ উপাধি দি প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল। তেওঁ অত্যন্ত শাক্তধৰ্মী আছিল। তেওঁৰ দিনতে ৰাজআজ্ঞামতে বৈষ্ণৱ শূদ্ৰ মহন্তসকলৰ ওপৰত চৰম নিৰ্যাতন চলোৱা হৈছিল আৰু জোৰ-জুলুমকৈ শাক্ত পূজাত অংশ গ্ৰহণ কৰাই বলিৰ তেজৰ ফোঁট ল’বলৈ বাধ্য কৰা হৈছিল, যিয়ে মোৱামৰীয়া বিদ্ৰোহৰ তীব্ৰ সূচনা কৰিছিল।
৭। পৰ্বতীয়া গোসাঁই:
স্বৰ্গদেউ ৰুদ্ৰসিংহই বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ যিজনা শাক্ত ব্ৰাহ্মণ পণ্ডিতক অসমলৈ আনিছিল, তেওঁকেই ‘পৰ্বতীয়া গোসাঁই’ বুলি জনা যায়। ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈ নীলাচল পাহাৰত (কামাখ্যা) প্ৰতিষ্ঠা কৰিছিল বাবে তেওঁ আৰু তেওঁৰ উত্তৰপুৰুষসকল এই নামেৰে পৰিচিত হয়।
৮। সৰ্বানন্দ:
সৰ্বানন্দ আছিল উজনিত মোৱামৰীয়াসকলৰ এজন প্ৰধান নেতা। তেওঁ বেংমৰাত নিজকে স্বাধীন ঘোষণা কৰি নিজৰ নামত মোহৰ মাৰিছিল। পিছলৈ ১৮০৫ চনত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈতে চুক্তি কৰি তেওঁ নতুনকৈ গঠিত ‘মটক ৰাজ্য’ৰ প্ৰথমজন কৰতলীয়া শাসক বা ‘বৰসেনাপতি’ নিযুক্ত হয়।
৯। ভৰত সিংহ:
১৭৮৬ চনৰ তৃতীয় মোৱামৰীয়া বিদ্ৰোহত বিদ্ৰোহীসকলে ৰাজধানী দখল কৰি মোৱামৰীয়া মহন্তৰ আত্মীয় ভৰত সিংহক ৰজা পাতিছিল। পৰৱৰ্তী সময়ত ১৮০১ চনত তেওঁ চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ পুনৰ বিদ্ৰোহ কৰিছিল যদিও আহোম সৈন্যৰ হাতত তেওঁৰ মৃত্যু হয়।
১০। ৰংপুৰ নগৰ:
ৰংপুৰ আছিল আহোম ৰাজ্যৰ অন্যতম প্ৰধান আৰু সুৰক্ষিত ৰাজধানী নগৰ। কেপ্তেইন ওৱেলছৰ বিৱৰণ মতে, ইয়াৰ পৰিসীমা আছিল প্ৰায় ২০ মাইল। ইখন ইটাবোৰেৰে ঘেৰা এখন সুৰক্ষিত চহৰ আছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এই নগৰখন কেইবাবাৰো বিদ্ৰোহীৰ কৱলত পৰিছিল আৰু খ্য়তিগ্ৰস্ত হৈছিল।
No comments:
Post a Comment