Wednesday, April 15, 2026

Class 10 Maths Exercise 3.3 to 3.5 in Assamese

Class 10 Maths Exercise 3.3 in Assamese

1. প্ৰতিষ্ঠাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণৰ যোৰবোৰ সমাধা কৰা
(i) x + y = 14
x – y = 4
(ii) s – t = 3
s/3 + t/2 = 6
(iii) 3x – y = 3
9x – 3y = 9
(iv) 0.2x + 0.3y = 1.3
0.4x + 0.5y = 2.3

2. 2x + 3y = 11 আৰু 2x – 4y = – 24 ক সমাধা কৰা। ইয়াৰ পৰা ‘m’ ৰ মান উলিওৱা যাতে y = mx + 3
3. তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ যোৰ গঠন কৰা আৰু প্ৰতিষ্ঠাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা।

i) দুটা সংখ্যাৰ পাৰ্থক্য 26। এটা সংখ্যা আনটোৰ তিনিগুণ হ’লে সংখ্যা দুটা উলিওৱা।

ii) দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। কোণ দুটা নিৰ্ণয় কৰা।

iii) এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7 খন বেট আৰু 6 টা বল কিনে 3800 টকাত। পিছত তেওঁ 3 খন বেট আৰু 5 টা বল কিনে 1750 টকাত। প্ৰতিখন েট আৰু প্ৰতিটো বলৰ দাম উলিওৱা

iv) এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগলাগি থাকে। 10 কি.মি. দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কি.মি. ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। নিৰ্দিষ্ট আৰু প্ৰতি কি.মি. ভ্ৰমণ এটাৰ ভাড়া কিমান? 25 কি.মি. দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগিব?

v) এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয়, তেন্তে ভগ্নাংশটো হয় 5/6। ভগ্নাংশটো উলিওৱা।

vi) আজিৰ পৰা পাঁচ বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ তিনিগুণ হ’ব। পাঁচ বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ সাতগুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স কিমান?

 

Class 10 Maths Exercise 3.4 in Assamese

1. তলৰ ৰৈখিক সমীকৰণকেইযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিষ্ঠাপন পদ্ধতিৰে সমাধা কৰাঃ
(i) x + y = 5 আৰু 2x – 3y = 4
(ii) 3x + 4y = 10 আৰু 2x – 2y = 2
(iii) 3x – 5y – 4 = 0 আৰু 9x = 2y + 7
(iv) x/2 + 2y/3 = -1 আৰু x – y/3 = 3
(vi) x – y = 3 আৰু x/3 + y/2 = 6

2. তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণৰ যোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান অপনয়ন পদ্ধতিৰে উলিওৱাঃ

i) যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হয়গৈ 1। আমি যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেন্তে ই হয়গৈ 1/2। ভগ্নাংশটো কি?

ii) পাঁচবছৰ আগতে নুৰৰ বয়স চুনুৰ তিনিগুণ আছিল। দহ বছৰ পিছত নুৰ চুনুৰ দুগুণ ডাঙৰ হ’ব। নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান?

iii) দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9। আকৌ, এই সংখ্যাটোৰ 9 গুণ ল’লে সংখ্যাটোৰ অংক দুটাক সালসলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয়। সংখ্যাটো উলিওৱা।

iv) মীনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ’ল। তাই ধনভৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক’লে। মীনাই মুঠতে 25 খন নোট পালে। তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে?

v) কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম তিনিদিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা ওপৰঞ্চি মাচুল লয়। ৰীতাই এখন কিতাপ সাত দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা আৰু শচীয়ে এখন কিতাপ পাঁচদিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া ওপৰঞ্চি মাচুলৰ নিৰিখ কিমান উলিওৱা।

 

Class 10 Maths Exercise 3.5 in Assamese

1. তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ যোৰৰ অদ্বিতীয় সমাধান আছে, সমাধান নাই, নাইবা অসীম সংখ্যক সমাধান আছে? যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্ৰত বজ্ৰ-গুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধা কৰা।
(i) x – 3y – 3 = 0, 3x – 9y – 2 = 0 (ii) 2x + y = 5, 3x + 2y = 8 (iii) 3x – 5y = 20, 6x – 10y = 40 (iv) x – 3y – 7 = 0, 3x – 3y – 15 =0 (v) 2x + 3y = 6, 4x + 6y = 12 (vi) x – 2y = 6, 3x – 6y = 0 (viii) 2x + y – 15 = 0, 3x – y – 5 = 0

2.

(i) a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব?
2x + 3y = 7, (a-b)x + (a+b)y = 3a + b – 2
(ii) k ৰ কি মানৰ বাবে ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাই?
3x + y = 1, (2k – 1)x + (k – 1)y = 2k + 1
(iii) p ৰ কি মানৰ বাবে px – y = 2, 6x – 2y = 3 সমীকৰণযোৰৰ একমাত্ৰ সমাধান থাকিব?
(iv) k ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে।
(v) m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সমাধান থাকে।
mx + 4y = m – 4
16x + my = m

3. প্ৰতিষ্ঠাপন আৰু বজ্ৰগুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান উলিওৱাঃ
(i) 8x + 5y = 9 3x + 2y = 4
(ii) 4x – 3y = 23 3x + 4y = 11
(iii) 2x + 3y – 11 = 0 4x – 3y + 5 = 0
(iv) 5x + 7y = 19 3x + 2y = 7

4. তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণ যোৰ গঠন কৰা আৰু যিকোনো বিজীয় পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা (যদি বৰ্তে)।

i) কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেচত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰই A ই 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসৰ মাচুল দিব লাগে 1000 টকা। আকৌ এজন ছাত্ৰ B য়ে যদি 26 দিন খাদ্য খায় তেওঁ মাচুল দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কি উলিওৱা।

ii) কোনো ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হয়গৈ 1/3; আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হয়গৈ 1/4। ভগ্নাংশটো নিৰ্ণয় কৰা।

iii) এটা পৰীক্ষাত যশোদাই লাভ কৰে 40 নম্বৰ, য’ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ। যদি যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেতেন, তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেতেন। পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল?

iv) ঘাইপথ এটাৰ ওপৰত দুখন ঠাই A আৰু B ৰ দূৰত্ব 100 কি.মি.; এখন গাড়ী A ৰ পৰা আৰু একে সময়তে এখন গাড়ী B ৰ পৰা ৰাওনা হয়। যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে, তেন্তে ইহঁত 5 ঘণ্টাৰ পিছত লগ হয়। যদি সিহঁতৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে, তেন্তে সিহঁত 1 ঘণ্টা পিছত লগ হয়। গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান?

v) এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয়, তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয়। যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায়। আয়তটোৰ দীঘ আৰু প্ৰস্থ উলিওৱা।

 

 

 

 


ণত্ব আৰু ষত্ব বিধিৰ নিয়মাৱলী

ণত্ব আৰু ষত্ব বিধিৰ নিয়মাৱলী

ইয়াত আমি পোনে পোনে ণত্ব বিধিৰ নিয়মাৱলী আলোচনা নকৰি প্ৰথমে ণত্ব বিধি আৰু ষত্ব বিধি কি বা কাক বোলে সেয়া জনা প্ৰয়োজন। আৰু সেই কাৰণে আহক আমি ণত্ব বিধি আৰু ষত্ব বিধিৰ সবিশেষ আলোচনা কৰিম।

1) ণত্ব বিধি কাক বোলে?

কেতিয়াবা দুটা বা এটা বৰ্ণৰ প্ৰভাবত আন এটা বৰ্ণৰ ৰূপ সলনি হোৱা দেখা যায়। এইক্ষেত্ৰত, বিশেষকৈ শব্দ এটাৰ দন্ত্য ন মূৰ্ধণ্য ণ আৰু দন্ত্য স মূৰ্ধণ্য ষ লৈ সলনি হোৱাটো মনকৰিবলগীয়া। যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য ন মূৰ্ধণ্য ণ লৈ পৰিৱৰ্তন হৈ পৰে, তাকে ণত্ব বিধি বোলে।

2) ষত্ব বিধি কাক বোলে?

কেতিয়াবা দুটা বা এটা বৰ্ণৰ প্ৰভাবত আন এটা বৰ্ণৰ ৰূপ সলনি হোৱা দেখা যায়। এইক্ষেত্ৰত, বিশেষকৈ শব্দ এটাৰ দন্ত্য ন মূৰ্ধণ্য ণ আৰু দন্ত্য স মূৰ্ধণ্য ষ লৈ সলনি হোৱাটো মনকৰিবলগীয়া। যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য স মূৰ্ধণ্য ষ লৈ পৰিৱৰ্তন হৈ পৰে, তাকে ষত্ব বিধি বোলে।

ণত্ব আৰু ষত্ব বিধিৰ নিয়ম

ণত্ব আৰু ষত্ব বিধিৰ নিয়মাৱলী কবলৈ গলে বহুত আছে যদিও ইয়াত আমি কিছু কিছু গুৰুত্বপূৰ্ণ ণত্ব বিধিৰ নিয়মাৱলী উল্লেখ কৰিছো।

  1. কেতিয়াবা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে – ঋণ, তৃণ, কৰ্ণ, কৃষ্ণ, বিষ্ণু।
  2. ঋ, ৰ ষ আৰু দন্ত্য ন-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো আখৰ নাইবা য, ৱ হ থাকিলে পিছত থকা দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে – কৃপণ, কাৰণ, হৰণ, পূৰণ, ৰাৱণ, ৰুক্মিণী, গ্ৰহণ, পাষাণ, লক্ষণ।
  3. উত্তৰ, দক্ষিণ, পৰ, চান্দ্ৰ, নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে – উত্তৰায়ণ, দক্ষিণায়ণ, চান্দ্ৰায়ণ, নাৰায়ণ, পৰায়ণ, ৰামায়ণ।
  4. অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ ন আৰু শূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে – অক্ষৌহিণী।
  5. প্ৰ, পূৰ্ব, অপৰ আদি শব্দৰ লগত অহ্ন শব্দ যোগ হ’লে অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে – প্ৰাহ্ন, পূৰ্বাহ্ণ, অপৰাহ্ণ।
  6. ট বৰ্গৰ লগত যুক্ত হ’লে দন্ত্য ন সদায়ে মূৰ্ধণ্য ণ হয়। যেনে – কণ্টক, কণ্ঠ, পিণ্ড, বিষণ্ণ, লুণ্ঠন, সণ্ঢালনি, দণ্ড।
  7. ৰ-কাৰান্ত আৰু ষ-কাৰান্ত শব্দৰ লগত ‘পান’ শব্দ যোগ হ’লে, পান শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে- ক্ষীৰপাণ, বিষপাণ।
  8. প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম্, নী আৰু নু আদি ধাতুৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে – প্ৰণাম, পৰিণাম, প্ৰণিপাত, পৰিণতি, পৰিণয়, নিৰ্ণয়, প্ৰণৱ।
  9. ঔষধি আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে – দুৰ্বাবণ, বদৰিবণ, হৰিদ্ৰাবণ।
  10. গগন, ফাগুন আৰু ফেন শব্দ বিকল্পে গগণ, ফাগুণ আৰু ফেণ লিখা হয়।
  11. কিছুমান শব্দৰ ণ-বোৰ স্বভাৱতে মূৰ্ধন্য ণ হয়। যেনে -বাণিজ্য, বণিক, বেণু, বাণী, বীণা, বাণ, কঙ্কণ, কণিকা, পাণি, নিপুণ, কল্যাণ, লৱণ, মাণিক্য, অণু, মণি, কোণ, গুণ, চিক্কণ, শোণিত, পুণ্য, বেণী, গণ, তুণ।

ণ নিষেধৰ নিয়মাৱলী

উপৰোক্ত আলোচনাত আমি কি কি কাৰণত দন্ত্য ন মূৰ্ধণ্য ণ হয় তাৰ বিষয়ে আলোচনা কৰিলোঁ, কিন্তু আমি জানিবলৈ আৰু এটা বিষয় বাকী আছে যে ণ নিষেধ অথবা ণ কেতিয়া ব্যৱহাৰ নহয়।

  1. দুটা যুক্ত পদ হলে আগৰ পদত ঋ, ৰ আৰু ষ থাকিলেও পাছৰ পদৰ দন্ত্য ন মূৰ্ধণ্য ণ নহয়। যেনে – আয়ুষ্কামনা, ত্ৰিনয়ন, দুৰ্নাম, বৃন্দাবন, বৃষযান, ৰঘুনন্দনপুৰ, সৰ্বনাম, হৰিনাম।
  2. ত, থ, দ আৰু ধ-ৰ পাছত সদায় দন্ত্য ন হয়। যেনে – অন্ধ, চন্দন, দন্ত, নন্দন, বন্ধ, গ্ৰন্থ।

ণত্ব বিধি আৰু ষত্ব বিধি সম্বন্ধীয় প্ৰশ্ন উত্তৰ

প্ৰশ্ন:- তলত উল্লেখ কৰা শব্দকেইটাৰ বানান ভালকৈ চাই লােৱা । দ্বিতীয় ভাগত থকা শব্দবােৰৰ দন্ত্য স’ৰ ঠাইত মূর্ধন্য ষ ’ কিয় হৈছে জানি লওঁ আহা ।
স্থান – প্রতিষ্ঠান
আস্থান – অনুষ্ঠান
পুৰস্কাৰ – আৱিষ্কাৰ
লাস – অভিলাষ

Ans: ই , বা উ অন্তত থকা উপসৰ্গৰ পাছত সদ , সচ , সিধ , লস্ আৰু স্থা আদি ধাতুৰ স মূর্ধন্য ষ ’ হয় । যেনে— বি – সদ + ঘঞ = বিষাদ , অভি – সিচ + ঘ ঞ= অভিষেক , অভি – লস্ + ঘ ঞ: অভিলাষ , প্রতি – স্থা = প্রতিষ্ঠা , অনু – স্থা + ক্ত = অনুষ্ঠিত , এই উদাহৰণকেইটাত বি , প্রতি , অনু আদি উপসর্গ লগ লাগিছে আৰু এইবােৰ ই বা উ কাৰন্ত উপসর্গ ।

ট আৰু ঠ-ৰ সৈতে যুক্ত হলে স ’ মূর্ধন্য ষ ’ হয় । যেনে— কষ্ট , ষষ্ঠ , দুষ্ট , ওষ্ঠ ।

কিন্তু ভূমিষ্ঠ , গােষ্ঠ , অংগুষ্ঠ আৰু যুধিষ্ঠিৰ শব্দৰ ষ্ঠ ’ ওপৰত উল্লেখ কৰা নিয়ম মতে হােৱা নাই । ভূমি , গাে , অংগু শব্দৰ পাছত থকা স্থ ’ শব্দৰ স ’ আৰু যুধি শব্দৰ পাছত থকা স্থিৰ শব্দৰ স ’ মূর্ধন্য ষ ’ হয় । যেনে — ভূমি + স্থ = ভূমিষ্ঠ , গাে + স্থ = গােষ্ঠ , অংগু + স্থ = অংগুষ্ঠ , যুধি + স্থিৰ = যুধিষ্ঠিৰ ।

ঋ , ৰ , ঘৰ পাছত থকা দন্ত্য ন ’ মূর্ধন্য ণ ’ হয় । যেনে— ঋণ , তৃণ , কাৰণ , অৰুণ , কৃষাণ , বৰষুণ , বর্ণ ।

Important Note

  • এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্রংশ শব্দতহে খাটে । অসমীয়া শব্দত ঋ , ৰ , ষ-ৰ মাজত কোনাে ব্যঞ্জন বর্ণ বা অৰ বাদে আন স্বৰ বৰ্ণ থাকিলে দন্ত্য ন মূর্ধন্য নহয় । যেনে— ৰইনা , বৰিয়নি , ফেৰেঙনি , গেৰেকনি , বৰীয়ানী ।
  • অসমীয়া স্ত্রী প্রত্যয় নীৰন মূর্ধন্য নহয়। যেনে — বৰানী , বৰুৱানী , কমাৰনী , কুমাৰনী , গৰাকীনী।
  • দুটা ভিন ভিন শব্দ গােট খাই এটা হলে , আগৰ শব্দটোত ঋ , ৰ , ষ থাকিলেও পাছৰ শব্দৰ ন’মূর্ধন্য ণ’ নহয় । যেনে — দুর্নাম , হৰিনাম , ত্রিনয়ন , সর্বনাম , হৰিনাৰায়ণ , হৰিনাথ ।
  • উত্তৰ, চান্দ্র, পৰ আদি শব্দ আগত থাকিলে পাছৰ শব্দৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ ’ হয়। উত্তৰ + অয়ন = উত্তৰায়ণ , চান্দ্র + অয়ন = চান্দ্রায়ণ , পৰ + অয়ন = পৰায়ণ।
  • দুটা শব্দ গােট খাই এটা প্রসিদ্ধ নাম হলে আগৰ শব্দত ঋ , ৰ বা ষ থাকিলে পাছৰ শব্দৰ ‘ন’ মূর্ধন্য ‘ণ’ হয়। যেনে— শূর্পণখা , অক্ষৌহিণী ।

ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ জীৱ জগত প্ৰশ্ন উত্তৰ

খালী ঠাই পূৰ কৰা [জীৱ জগত প্ৰশ্ন উত্তৰ]

( a ) আমি উশাহত ____ গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ ।
উত্তৰঃ অক্সিজেন ।
( b ) কুকুৰাৰ পোৱালি ____ ৰ পৰা ওপজে।
উত্তৰঃ কণী ।
( c ) উদ্ভিদে ___ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্রস্তুত কৰে ।
উত্তৰঃ সালোক সংশ্লেষণ ।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা ।
( a ) লাজুকীলতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় ?
( i ) পোহৰ ।
( ii ) পোহৰ ।
( iii ) স্পর্শ ।
উত্তৰঃ ( iii ) স্পৰ্শ ।

( b ) পৰিৱেশৰ অজৈৱিক উপাদান হ’ল—
( i ) বায়ু ।
( ii ) পানী ।
( iii ) উদ্ভিদ ।
উত্তৰঃ ( i ) বায়ু আৰু ( ii ) পানী ।

( c ) প্ৰাণীৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা পদ্ধতি হ’ল ―
( i ) পাচন ।
( ii ) শ্বসন ।
( iii ) ৰেচন ।
উত্তৰঃ ( iii ) ৰেচন ।

চমুকৈ উত্তৰ দিয়া [জীৱ জগত প্ৰশ্ন উত্তৰ]

৩। জীৱ বুলিলে কি বুজা ?
উত্তৰঃ যিবোৰ বস্তুৰ প্ৰাণ আছে আৰু বংশবৃদ্ধি কৰিব পৰা ক্ষমতা আছে, সেইবোৰ বস্তুক জীৱ বুলি কোৱা হয় । আমাৰ চাৰিওঁফালে থকা জীৱ – জন্তু , চৰাই চিৰিকতি , গছ – গছনি আদি ইয়াৰ উদাহৰণ ।

৪। জীৱৰ বৈশিষ্ট্যসমূহ লিখাঁ ।
উত্তৰঃ জীৱৰ বৈশিষ্ট্যসমূহ হ’ল—

  • জীৱৰ বৃদ্ধি আৰু বিকাশ হয় ।
  • জীৱই খাদ্য গ্রহণ কৰে ।
  • জীৱই উশাহ – নিশাহ লয় ।
  • জীৱৰ চলন হয় ।

৫। আমাৰ চৌপাশ বুলিলে কি বুজা ?
উত্তৰঃ আমাৰ চাৰিওফালে বিভিন্ন জীৱ – জন্তু , চৰাই – চিৰিকতি , গছ- লতিকা আদিয়ে আৱৰি আছে । আমাৰ চাৰিওফালৰ এই পৰিৱেশটোক আমাৰ চৌপাশ বুলি কোৱা হয় ।

৬। পৰিৱেশৰ উপাদান কেই প্ৰকাৰৰ ?
উত্তৰঃ পৰিবেশৰ উপাদানসমূহ প্ৰধানকৈ দুই প্ৰকাৰৰ । সেই দুটা হ’ল—
a) জৈৱিক উপাদান ।
b) অজৈৱিক উপাদান ।

৭। পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা ।
উত্তৰঃ পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্রাণী হ’ল— গৰু , কুকুৰ , মেকুৰী , বাদুলি আদি ৷

৮। উদ্দীপক কাক বোলে ।
উত্তৰঃ গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাৎ আঁতৰি আহোঁ বা চকুত ছাট মাৰি ধৰা পোহৰ পৰিলে আমি চকু দুটা মুদি দিওঁ । এই ক্ষেত্ৰত স্পর্শ , অতিপাত গৰম বা ঠাণ্ডা , অতি উজ্জ্বল পোহৰ আদিক উদ্দীপক বোলা হয় ।

৯। জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ দিয়া ।
উত্তৰঃ জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা দুটা উদাহৰণ হ’ল—
ক ) চকুত উজ্জ্বল পোহৰ আহি পৰিলে , আমি চকু মুদি দিওঁ ।
খ ) গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাৎ আঁতৰি আহোঁ ।

১০। জীৱ আৰু জড়ৰ চাৰিটা পার্থক্য লিখা ।
উত্তৰঃ জীৱ আৰু জড়ৰ চাৰিটা পার্থক্য হ’ল ―
ক ) জীৱই খাদ্য গ্ৰহণ কৰে , কিন্তু জড়ই খাদ্য গ্রহণ নকৰে ।
খ ) জীৱই বংশবৃদ্ধি কৰিব পাৰে , কিন্তু জড়ই বংশবৃদ্ধি কৰিব নোৱাৰে ।
গ ) জীৱই চলন কার্য সম্পন্ন কৰে , কিন্তু জড়ৰ চলন নাই । (চলন মানে অংগ – প্ৰত্যংগ লৰচৰ হোৱা)
ঘ ) জীৱই উশাহ – নিশাহ লয় , কিন্তু জড়ই উশাহ – নিশাহ ল’ব নোৱাৰে ।

১১। উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ দুটা পার্থক্য লিখাঁ।
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ দুটা পার্থক্য হ’ল—
ক ) উদ্ভিদে শ্বসন কাৰ্যৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা কাৰ্বণ – ডাই – অক্সাইড গেছ গ্ৰহণ কৰে ; কিন্তু প্রাণীয়ে অক্সিজেন গেছ গ্ৰহণ কৰে ।
খ ) উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় ; কিন্তু প্ৰাণীয়ে নিজৰ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে ।

১২। ৰেচনৰ প্ৰয়োজনীয়তা কি ?
উত্তৰঃ সকলো জীৱই খাদ্য গ্ৰহণ কৰে । খাদ্যৰ এটা অংশ প্রয়োজন অনুসৰি জীৱদেহত ব্যৱহৃত হয় আৰু খাদ্যৰ অনাৱশ্যকীয় অংশখিনি জীৱদেহৰ পৰা বাহিৰ কবি দিয়াটো নিতান্তই প্রয়োজন । কাৰণ ই শৰীৰত থাকিলে কিছুমান বিষাক্ত দ্ৰব্যৰ সৃষ্টি কৰে । যিটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক । সেয়েহে এই বর্জনীয় বস্তুবোৰ ৰেচন প্ৰক্ৰিয়াৰ সহায়ত জীৱদেহৰ পৰা বাহিৰ কৰি দিয়া হয় ।

১৩। আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয় ?
উত্তৰঃ আন্ধাৰত গছৰ বৃদ্ধি নহয় । কাৰণ উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰি লয় । ইয়াৰ বাবে সূৰ্যৰ তাপ আৰু পোহৰ নিতান্তই প্ৰয়োজন৷উদ্ভিদৰ পাতত সেউজীয়া পত্ৰহৰিৎ নামৰ এবিধ ৰঞ্জক পদার্থ থাকে । এই পত্ৰহৰিতে সূৰ্যৰ তাপ আৰু পোহৰ শোষণ কৰি লয় আৰু ইয়াৰ সহায়ত কাৰ্ব ‘ হাইড্ৰেট নামৰ খাদ্য উদ্ভিদে তৈয়াৰ কৰি লয় । সূৰ্যৰ পোহৰ অবিহনে উদ্ভিদ জীয়াই থকাটো অসম্ভৱ৷

অতিৰিক্ত প্রশ্নোত্তৰ [জীৱ জগত প্ৰশ্ন উত্তৰ]

১। সালোক সংশ্লেষণ কাক বোলে ?
উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা শক্তি আহৰণ কৰে । এই শক্তিৰ দ্বাৰা উদ্ভিদে খাদ্য প্রস্তুত কৰে । এই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে ।

২। প্রধান প্রাকৃতিক উপাদানসমূহ কি কি ?
উত্তৰঃ প্রধান প্রাকৃতিক উপাদানসমূহ হ’ল— বায়ু , পানী , মাটি , সূর্যৰ তাপ , উদ্ভিদ ইত্যাদি ।

৩। ৰেচন ক্রিয়া কাক বোলে ?
উত্তৰঃ সকলো জীৱই খাদ্য গ্রহণ কৰে । খাদ্যৰ এটা অংশ শৰীৰত ব্যৱহৃত হয় । আৰু বাকী অপ্রয়োজনীয় অংশটো শৰীৰত কিছুমান পদ্ধতিৰে আন পদাৰ্থলৈ পৰিৱৰ্তিত হয় । এইবোৰ শৰীৰৰ পৰা বৰ্জন কৰা হয় । এই বৰ্জন কৰা প্ৰক্ৰিয়াটোক ৰেচন ( excretion ) ক্রিয়া বোলে ।

৪। মানুহৰ দৰে আন প্রাণী বা উদ্ভিদে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়নে ?
উত্তৰঃ মানুহৰ দৰে অন্য প্রাণী বা উদ্ভিদেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় । উদাহৰণ স্বৰূপে , যেনে- কেঁচু এডাল চুই দিলে কোচ খাই যায় । লাজুকীলতাৰ পাত চুই দিলে জাপ খাই যায় ।

৫। জীৱই শক্তি ক’ৰ পৰা পায় ?
উত্তৰঃ জীৱই খাদ্যৰ পৰা শক্তি পায় ।

৬। উদ্ভিদ আৰু প্ৰাণীৰ মাজত সম্পৰ্ক কি ?
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ মাজত ওতঃপ্রোত সম্পর্ক আছে , য’ত উদ্ভিদ অবিহনে প্ৰাণী জীয়াই থাকিব নোৱাৰে আৰুপ্ৰাণী অবিহনে উদ্ভিদ জীয়াই থাকিব নোৱাৰে । উদ্ভিদে শ্বসন কার্যত কার্বন – ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে আৰু উদ্ভিদে সালোক সংশ্লেষণ কৰোঁতে যথেষ্ট পৰিমাণে অক্সিজেন গেছ উৎপন্ন হয় । এই অক্সিজেন গেছ গ্ৰহণ কৰি গোটেই প্রাণীজগত জীয়াই আছে । আকৌ প্ৰাণীয়ে গ্ৰহণ কৰা বেছিভাগ খাদ্য উদ্ভিদৰ পৰাই পোৱা যায় । গতিকে উদ্ভিদ অবিহনে প্রাণী আৰু প্ৰাণী অবিহনে উদ্ভিদ জীয়াই থকাটো অসম্ভৱ ।

৭। প্ৰাণী আৰু উদ্ভিদৰ বৃদ্ধি কেতিয়াৰ পৰা হয় ?
উত্তৰঃ প্রাণী আৰু উদ্ভিদ দুয়োটাৰে ভ্ৰূণ অৱস্থাৰ পৰাই বৃদ্ধি হয় । কিন্তু তাৰ বাবে প্রয়োজনীয় খাদ্য বা শক্তি পাব লাগিব ।

৮। জীৱজগতৰ প্ৰধান উপাদান দুটা কি কি ?
উত্তৰঃ জীৱজগতৰ প্ৰধান উপাদান দুটা হ’ল উদ্ভিদ আৰু প্ৰাণী ।

৯। শ্বসন ক্রিয়া বুলিলে কি বুজা ?
উত্তৰঃ সকলো প্ৰাণীয়ে উশাহ – নিশাহ লয় । প্রাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বণ – ডাই – অক্সাইড গেছ এৰি দিয়ে । আনহাতে উদ্ভিদে উশাহত কার্বন – ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু নিশাহত অক্সিজেন এৰি দিয়ে । এই উশাহ – নিশাহ লোৱা যি বিশেষ প্রক্রিয়া , এই প্রক্রিয়াক শ্বসন ক্রিয়া বোলা হয় ।

১০। জীৱৰ চলন বুলিলে কি বুজা ?
উত্তৰঃ জীৱই লৰচৰ কৰাকে চলন বোলে । সকলো জীৱ – জন্তু , চৰাই চিৰিকতি আদিয়ে লৰচৰ কৰে । কিন্তু উদ্ভিদে লৰচৰ নকৰে । কিন্তু ইহঁতেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় আৰু নিজৰ দেহৰ বাবে প্ৰয়োজনীয় সকলো কার্য চলাই থাকে । এইবোৰকে উদ্ভিদৰ চলন বুলি কোৱা হয় ।

খালী ঠাই পূৰ কৰা

a ) জীৱই ____ প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰে।
উত্তৰঃ জীৱন ।

b ) ____ শ্বসন ক্রিয়া সম্পন্ন কৰে ।
উত্তৰঃ জীৱই ।

c ) জীৱই প্ৰজননৰ সহায়ত ____ বৃদ্ধি কৰে ।
উত্তৰঃ বংশ ।

d ) জীৱই ____ ৰ প্ৰতি সঁহাৰি জনায় ।
উত্তৰঃ উদ্দীপক ।

e ) খাদ্যৰ কাৰণে প্ৰাণীয়ে ____ ৰ ওপৰত নিৰ্ভৰ কৰে ।
উত্তৰঃ উদ্ভিদ ।

f ) উদ্ভিদে ____ প্ৰক্ৰিয়াৰে খাদ্য প্রস্তুত কৰে ।
উত্তৰঃ সালোক সংশ্লেষণ ।


Monday, April 13, 2026

অসমীয়া মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ “জীৱৰ আৱাসস্থলী” প্ৰশ্ন উত্তৰ

জীৱৰ আৱাসস্থলী মূলকথা

পৃথিৱীখন বিভিন্ন জীৱৰ আৱাসস্থলী । জীৱ এটাই স্বাভাৱিকভাৱে বাস কৰা স্থানকে আৱাসস্থলী (habitat) বোলে। জলজ আৱাসস্থলী আৰু স্থলজ আৱাসস্থলী এই দুই ধৰণৰ আৱাসস্থলী পোৱা যায় ৷ কিছুমান জীৱ পানীত থাকে । এইবোৰ হ’ল জলজ আৱাসস্থলীৰ জীৱ । জলজ আৱাসস্থলীৰ প্ৰধান ভাগ দুটা । সেই দুটা হ’ল নিৰ্মল পানী (fresh water) আৱাসস্থলী আৰু লুণীয়া পানী (saline water) আৱাসস্থলী । নির্মল পানী আৱাসস্থলী আকৌ দুই প্ৰকাৰৰ । স্থিৰ (stagnant) আৰু প্ৰৱাহী (flowing) । পুখুৰী (pond) , হ্রদ (lake) বিল আদি স্থিৰ জলজ আৱাসস্থলীৰ উদাহৰণ ।

আনহাতে নিজৰা ( stream ) , নদী ( river ) আদি প্ৰৱাহী জলজ আৱাসস্থলীৰ উদাহৰণ ।

পৃথিৱীৰ স্থলভাগত বহুতো উদ্ভিদ আৰু প্ৰাণী থাকে । সেইকাৰণে স্থলভাগ হ’ল স্থলজ আৱাসস্থলী । স্থলজ আৱাসস্থলী কেইবাপ্ৰকাৰৰ আছে। যেনে — অৰণ্য , মৰুভূমি , উপকূলীয় অঞ্চল পৰ্বতীয়া অঞ্চল , মেৰু অঞ্চল আদি । স্থলজ আবাসস্থলীৰ প্ৰাণীবোৰক কিছুমান ভাগত ভাগ কৰিব পাৰি । যেনে – অন্তভূমিক (Subterranean) , ধাবনশীল (Sursorial) , বৃক্ষীয় (Arboreal) আদি । মাটিৰ তলত থকা প্ৰাণীবোৰ হ’ল অন্তভূমিক প্রাণী । যেনে— কেঁচু । আকৌ ধামনশীল শ্ৰেণীৰ প্ৰাণীবোৰে মাটিৰ ওপৰত ঘূৰি ফুৰে । যেনে— গৰু – ছাগলী । আকৌ গছত বগাই ফুৰা প্ৰাণীবোৰ হ’ল বৃক্ষীয় প্ৰজাতিৰ প্ৰাণী । যেনে – কেৰ্কেটুৱা ।


জীৱৰ আৱাসস্থলী প্ৰশ্ন উত্তৰ

১। খালী ঠাই পূৰ কৰা ।

a ) খাগৰি এবিধ _____ জাতীয় উদ্ভিদ ।
উত্তৰঃ তৃণ।

b ) জীৱ বুলিলে আমি ____ আৰু ____ দুয়োকে বুজোঁ ।
উত্তৰঃ উদ্ভিদ , প্ৰাণী ।

c ) ____ আৰু ____ চৰায়ে উৰিব নোৱাৰে ।
উত্তৰঃ উট চৰাই , কি-উই ।

d ) ____ তৃণভূমিত থাকে ।
উত্তৰঃ এনে প্রাণী ।

২। অতি চমুকৈ উত্তৰ দিয়া ।

a ) আৱাসস্থলী কি ?
উত্তৰঃ জীৱ এটাই স্বাভাৱিকভাৱে বাস কৰা স্থানকে আৱাসস্থলী বোলে । আৱাসস্থলীত থাকি জীৱবোৰে নিজৰ প্ৰয়োজনীয় সকলো কাম কৰিব পাৰে ।

b ) গঁড়ে গৰমত কিয় বোকাত লুটি – বাগৰ দি থাকে ?
উত্তৰঃ গঁড়ৰ দেহৰ উত্তাপ যথেষ্ট বেছি । সেইবাবে গৰমৰ দিনত গৰমৰ পৰা ৰক্ষা পাবৰ বাবে গঁড়বোৰে বোকাত লুটি – বাগৰ দি থাকে ।

c ) অভিযোজন কাক বোলে ? ইয়াৰ প্ৰয়োজনীয়তা কি ?
উত্তৰঃ সকলো জীৱই জীয়াই থাকিবলৈ নিজৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱায় । ইয়াৰ বাবে জীৱই বিভিন্ন উপায় বা কৌশল অৱলম্বন কৰে। এনে উপায় বা কৌশলবোৰক অভিযোজন বোলে।

সকলো জীৱৰ আকৃতি , প্রকৃতি , আহাৰ আদি সকলো বেলেগ । উদাহৰণস্বৰূপে মাছকে লোৱা হ’ল । ইহঁতৰ শৰীৰ দীঘলীয়া আৰু এই আকৃতিয়ে ইহঁতক পানীত চলাচল কৰাত সহায় কৰে । ইহঁতৰ ফিছাবোৰে সাঁতুৰাত সহায় কৰে । দেহত থকা পাখিবোৰে গতি সলোৱাত সহায় কৰে । মাছৰ ফুল ( gill ) আছে । ইয়াৰ সহায়ত মাছে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰে । এনে অভিযোজনৰ ফলত মাছ পানীত থকাৰ উপযোগী হৈছে।

d ) চৰাইবোৰে উৰিবৰ সময়ত কেনে ধৰণৰ অভিযোজনৰ আশ্ৰয় লয় ?
উত্তৰঃ উৰিবৰ বাবে চৰাইৰ অগ্ৰপদ ( forelimb ) ডেউকালৈ ৰূপান্তৰিত হৈছে । তদুপৰি ইহঁতৰ হাড়বোৰ ফোপোলা । ফলত ইহঁতৰ দেহৰ ওজন কমি যায় । এনে অভিযোজনৰ বাবে চৰাই উৰিব পাৰে ।

৩। a) দুটা স্থলজ আৰু দুটা জলজ আৱাসস্থলীৰ নাম লিখাঁ ।
উত্তৰঃ দুটা স্থলজ আৱাসস্থলী হ’ল — অৰণ্য আৰু মৰুভূমি । আৰু দুটা জলজ আৱাসস্থলী হ’ল— নদী আৰু সাগৰ ।

b ) হৰিণাই আক্ৰমণকাৰীৰপৰা হাত সাৰিবৰ বাবে কি কি অভিযোজনৰ সহায় লয় ?
উত্তৰঃ হৰিণৰ কাণবোৰ দীঘলীয়া । ফলত ইহঁতে সহজে খাদকৰ ( বাঘ , সিংহ ) চলাচলৰ উমান পায় । ইয়াৰ উপৰি ইহঁতৰ চকু মূৰৰ কাষৰ ফালে থাকে । সেয়েহে বিপদৰ সময়ত চাৰিওঁফালে চাব পাৰে । আকৌ হৰিণৰ প্ৰধান অভিযোজন হ’ল দ্ৰুতগতি । এই দ্রুতগতিৰ বাবে ইহঁতে নিজকে আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিব পাৰে।

c ) মেটেকা কেনেকৈ পানীত ওপঙি থাকে ?
উত্তৰঃ মেটেকাৰ গা – গছ বা পাতবোৰত অসংখ্য ক্ষুদ্র ক্ষুদ্র ছিদ্রযুক্ত মোনা থাকে । এই মোনাসমূহত থকা বায়ুৱে উদ্ভিদসমূহক ওপঙি থকাত সহায় কৰে ।

৪। বহলাই লিখা ।

a ) মৰুভূমিত প্রাণী আৰু উদ্ভিদৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মৰুভূমি ( desert ) ৰ পৰিৱেশ শুকান । ইয়াত অতি কম পৰিমাণে পানী থাকে । দিনৰ ভাগত বৰ গৰম আৰু ৰাতিৰ ভাগত অতিপাত ঠাণ্ডা হয় । মৰুভূমিত থকা জীৱৰ শৰীৰ ইয়াৰ পৰিৱেশত থকাৰ উপযোগীকৈ গঠিত হয় । মৰুভূমিত উট ঠাকে । মৰুভূমিৰ তপত বালি আৰু কম পানী থকা সত্ত্বেও এই পৰিৱেশত জীয়াই থাকিব পৰাকৈ উটৰ দেহটো গঠিত । ইয়াৰ দীঘল ঠেংবোৰে দেহটোক বালিৰ উত্তাপৰ পৰা ৰক্ষা কৰে । উটে কম সময়তে যথেষ্ট পৰিমাণে পানী খাব পাৰে । দেহত পানী সংৰক্ষণৰ বাবে উটে ঘাম নিঃসৰণ নকৰে আৰু কম পৰিমাণৰ মূত্র ত্যাগ কৰে । আকৌ উটৰ পিঠিত এটা কুঁজ আছে । কুঁজটোত ই বহু পৰিমাণে চৰ্বী জমা কৰি ৰাখে । কুঁজটোৱে পানীখিনিক দেহৰ উষ্ণতা ৰক্ষা কৰাত সহায় কৰে। লগতে খাদ্যৰ অভাৱৰ সময়ত কুঁজটোৱে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে ।

মৰুভূমিত থকা উদ্ভিদসমূহেও অভিযোজন কৰে । এই উদ্ভিদবোৰৰ পাত নাথাকে । পাতসমূহ কাঁইটলৈ ৰূপান্তৰিত হয়। ই উদ্ভিদৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ কমায় ৷ এই উদ্ভিদৰ কাণ্ড ৰসাল হয় । গতিকে মৰুভূমিত থকা জীৱসমূহৰ দুটা মূল অভিযোজন হ’ল দেহত পানীৰ সংৰক্ষণ আৰু পৰিৱেশৰ অধিক উষ্ণতাৰ লগত খাপ খুৱাই জীয়াই থকা।

b ) মাছৰ জলজ অভিযোজনৰ কিছুমান কৌশল বর্ণনা কৰা ।
উত্তৰঃ মাছৰ শৰীৰ দীঘলীয়া আৰু এই আকৃতিয়ে ইহঁতক পানীত চলাচল কৰাত সহায় কৰে । মাছৰ ফিছা আছে । ফিছাৰ সহায়ত মাছে পানীত সাঁতুৰিব পাৰে । দেহত থকা পাখিবোৰে গতি সলোৱাত সহায় কৰে । মাছৰ ফুল (Gill ) আছে । ইয়াৰ সহায়ত মাছে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰে । এনে অভিযোজনৰ ফলত মাছবোৰে পানীত থকাৰ উপযোগী হৈছে ।

c ) চাৰিটা জলজ আৱাসস্থলীৰ বৰ্ণনা কৰা ।
উত্তৰঃ জলজ আৱাসস্থলীৰ প্ৰধান ভাগ দুটা । নির্মল পানী (Fresh Water ) আৱাসস্থলী আৰু লুণীয়া পানী (Saline water) আৱাসস্থলী।

নির্মল পানী আৱাসস্থলী আকৌ দুই প্ৰকাৰৰ । স্থিৰ ( stagnant ) আৰু প্ৰৱাহী ( flowing ) । পুখুৰী ( pond ) , হ্রদ ( lake ) , বিল আদি স্থিৰ জলজ আৱাসস্থলীৰ উদাহৰণ । আকৌ নিজৰা ( stream ) , নদী ( river ) আদি প্ৰৱাহী জলজ আৱাসস্থলীৰ উদাহৰণ ।

d ) উটে মৰুভূমিত থকাৰ উপযোগীকৈ কি কি অভিযোজনৰ সহায় লয় ?
উত্তৰঃ মৰুভূমিৰ পৰিৱেশ শুকান । ইয়াৰ পানীৰ পৰিমাণ অতি কম । চাৰিওঁফালে বালি । দিনত অতিপাত গৰম আৰু ৰাতি অতিপাত ঠাণ্ডা । ইয়াত উট থাকে । উটৰ ভৰিৰ খুৰাবোৰ ফাঁট মেলা । সেইবাবে মৰুভূমিৰ বালিত পিচলি নাযায় । ইহঁতৰ দীঘল ঠেংবোৰে দেহটোক বালিৰ উত্তাপৰ পৰা ৰক্ষা কৰে । উটে কম সময়তে যথেষ্ট পৰিমাণৰ পানী খাব পাৰে । দেহত পানী সংৰক্ষণৰ বাবে উটে ঘাম নিঃসৰণ নকৰে আৰু কম পৰিমাণৰ মূত্র ত্যাগ কৰে । উটৰ পিঠত এটা কুঁজ থাকে ৷ কুঁজটোত ই বহু পৰিমাণে চৰ্বী জমা কৰি ৰাখে । কুঁজটোৰ পানীখিনিয়ে দেহৰ উষ্ণতা ৰক্ষা কৰাত সহায় কৰে । লগতে খাদ্যৰ অভাৱৰ সময়ত কুঁজটোৱে প্রয়োজনীয় শক্তিও যোগান ধৰে ।

জীৱৰ আৱাসস্থলী অতিৰিক্ত প্রশ্নোত্তৰ

১। সকলো জীৱৰে প্ৰয়োজনীয় পাঁচবিধ বস্তুৰ নাম লিখা ।
উত্তৰঃ সকলো জীৱৰে প্ৰয়োজনীয় পাঁচবিধ বস্তু হ’ল—

  • ক) বায়ু— উশাহ ল’বলৈ বায়ু লাগে ।
  • খ ) পানী – জীয়াই থাকিবলৈ পানী লাগিবই ।
  • গ ) খাদ্য — খাদ্য অবিহনে জীয়াই থকা সম্ভৱ নহয় ।
  • ঘ ) সূৰ্য – সূৰ্যৰ পোহৰ অবিহনে কোনো জীৱ জীয়াই নাথাকে ।
  • ঙ ) আশ্রয়স্থল — য’ত জীৱই নিৰাপদে থাকিব পাৰে । জীৱই বংশবৃদ্ধিও কৰে । তাৰ বাবে নিৰাপদ স্থানৰ প্ৰয়োজন ।

২। অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা ।
উত্তৰঃ অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ’ল ― কাজিৰঙা ।

৩। অসমৰ এখন অভয়াৰণ্যৰ নাম লিখা ।
উত্তৰঃ অসমৰ এখন অভয়াৰণ্যৰ নাম হ’ল ― মানস অভয়াৰণ্য ।

৪। সাপৰ আৱাসস্থলী কি ?
উত্তৰঃ সাপবোৰ গাঁতত থাকে । গাঁতেই সিহঁতৰ আৱাসস্থলী ।

৫। আৱাসস্থলী প্রধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ আৱাসস্থলী প্ৰধানকৈ দুই প্ৰকাৰৰ । স্থলজ আৱাসস্থলী আৰু জলজ আৱাসস্থলী।

৬। স্থলজ আৱাসস্থলীৰ চাৰিটা ভাগ লিখা ।
উত্তৰঃ স্থলজ আৱাসস্থলী চাৰি প্ৰকাৰৰ । যেনে ― উপকূলীয় অঞ্চল আৰু মেৰু অঞ্চল । অৰণ্য , মৰুভূমি , উপকূলীয় অঞ্চল আৰু মেৰু অঞ্চল।

৭। স্থলজ আৱাসস্থলীৰ প্ৰাণীবোৰক কি কি ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ স্থলজ আৱাসস্থলীৰ প্ৰাণীবোৰক কিছুমান ভাগত ভাগ কৰা হৈছে। যেনে –

  • ক ) অন্তভূমিক (subterranean) : মাটিৰ তলত থকা প্ৰাণীবোৰ হ’ল অন্তভূমিক প্রাণী । যেনে – কেঁচু ।
  • খ ) ধাবনশীল (cursorial) : এই শ্ৰেণীৰ প্ৰাণীবোৰে মাটিৰ ওপৰত ঘূৰি ফুৰে । যেনে – গৰু।
  • গ ) বৃক্ষীয় (arboreal) : গছত বগাই ফুৰা প্ৰাণীবোৰ এই শ্ৰেণীৰ । যেনে কেৰ্কেটুৱা ।

৮। জলজ আৱাসস্থলীৰ প্ৰধান ভাগ কেইটা কি কি ?
উত্তৰঃ জলজ আৱাসস্থলী প্ৰধানকৈ দুবিধ – নির্মল পানী আৱাসস্থলী আৰু লুণীয়া পানী আৱাসস্থলী ।

৯। নির্মল পানী আৱাসস্থলী কেই প্ৰকাৰৰ ?
উত্তৰঃ নির্মল পানী আৱাসস্থলী দুই প্ৰকাৰৰ । স্থিৰ ( stagnant ) আৰু প্ৰৱাহী ( flowing)

১০। অভিজোেজন কাক বোলে ?
উত্তৰঃ জীয়াই থাকিবলৈ সকলো জীৱই নিজ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱায় । ইয়াৰ বাবে জীৱই বিভিন্ন উপায় বা কৌশল অৱলম্বন কৰে। এই উপায় বা কৌশলবোৰকে অভিযোজন বোলে।

১১। দুবিধ উৰিব নোৱাৰা চৰাইৰ নাম লিখা ।
উত্তৰঃ দুবিধ উৰিব নোৱাৰা চৰাই হ’ল— উট চৰাই ( ostrich ) আৰু কি-উই ( ki – wi )

১২। তৃণভূমি কাক বোলে ?
উত্তৰঃ ঘাঁহ – বন বেছিকৈ থকা , লতা , গুল্ম , শাক – বন আদিৰে পৰিপূৰ্ণ ভূমিক তৃণভূমি বোলে ।

১২। পৰ্বতীয়া অঞ্চলৰ উদ্ভিদৰ আৰু প্ৰাণীবোৰৰ অভিযোজন কেনেকুৱা ?
উত্তৰঃ পৰ্বতীয়া অঞ্চলসমূহ সাধাৰণতে ঠাণ্ডা হয়। কিছুমান অঞ্চলত শীতকালত তুষাৰপাত হোৱাও দেখা যায় । এই জলবায়ুত নিজকে খাপ খুৱাবলৈ জীৱবোৰে বিশেষ অভিযোজনৰ সহায় লয়। এই অঞ্চলৰ গছসমূহ শংকু আকৃতিৰ; ডালবোৰ তললৈ নামি অহা । কেতবোৰ গছৰ পাত বেজীৰ দৰে। এই বিশেষ আকৃতিয়ে বৰষুণৰ পানী আৰু বৰফৰ কণাবোৰ পিছলি যোৱাত সহায় কৰে। উদ্ভিদৰ দৰে এই অঞ্চলত প্রাণীবোৰেও কেতবোৰ অভিযোজনৰ সহায় লয়। শীতৰ পৰা ৰক্ষা পাবলৈ সিহঁতৰ ছাল ডাঠ আৰু নোমযুক্ত হয়।

১৩। বেং, হাঁহ আদিয়ে পানীত কিদৰে অভিযোজন কৰে ?
উত্তৰঃ বেং, হাঁহ আদিৰ ভৰিৰ আঙুলিবোৰৰ মাজত পটা থাকে। এনেকুৱা গঠনে পানীত সাঁতুৰিবলৈ সহায় কৰে।

১৪। সাগৰীয় প্ৰাণীবোৰে কেনেদৰে অভিযোজন কৰে ?
উত্তৰঃ সাগৰত থকা স্কুইড, অক্টোপাছ আদিৰ দেহৰ গঠন দীঘলীয়া নহয়। কিন্তু পানীত চলাচল কৰাৰ সময়ত সিহঁতে দেহটো দীঘলীয়া কৰে। এই প্রাণীসমূহৰ জাইক্লোম থাকে। ডলফিন, তিমিমাছ আদি স্তন্যপায়ী প্ৰাণীৰ দেহত জাইক্লোম নাথাকে। ইহঁতে হাঁওফাঁওৰ (lungs) সহায়ত উশাহ নিশাহ লয়।

মূল্যবোধ শিক্ষা Class 12 Question Answer


অতি চমু প্ৰশ্নৰ উত্তৰ

১.ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ?
উত্তৰঃ ভাৰতীয় প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবােধ ।

২.প্রথম অৱস্থাত ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰঃ অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ।

৩.নৈতিক শব্দটো ইংৰাজী প্রতিশব্দ ‘ম’ৰেল ’ (moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
উত্তৰঃ লেটিন ভাষাৰ ম’ৰীজ শব্দৰ পৰা ।

৪.মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ কি ?
উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয় , ব্যক্তিনিষ্ঠহে ।

৫.ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূলবােধ চিনাক্ত কৰিছে ?
উত্তৰঃ ৮৪ বিধ মূল্যবােধ চিনাক্ত কৰিছে ।

চমু প্ৰশ্নৰ উত্তৰ

১. আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ কেইটা আৰু কি কি ? অথবা , মূল্যবােধৰ ত্রিনীতি ’ কি ?
উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম – শিৱম – সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ , যাৰ কোনাে পৰিৱৰ্তন নাই । এই মূল্যবােধসমূহ সমাজতে আছে । মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা । চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই । আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে ।

২. ভাৰতীয় দর্শনে মূল্যবােধক কেষ্টা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি ?
উত্তৰঃ ভাৰতীয় দর্শন হৈছে মূল্যবােধৰ দর্শন । সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়ােজনীয়তাৰ পৰাই ইয়াৰ সৃষ্টি হৈছে । ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা শ্ৰেণীত ভাগ , কৰিছে । সেই চাৰিটা হল—

  • ধর্ম ।
  • অর্থ ।
  • কাম ।
  • মােক্ষ ।

৩. প্রকৃততে মূল্যবােধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ?
উত্তৰঃ প্রকৃততে মূল্যবােধ সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । কাৰণ মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্রয়ােজন পূৰণৰ ধাৰণাৰে মূল্যবােধক বিচাৰ কৰিব নােৱাৰি । ব্যক্তিৰ প্রয়ােজন পূৰণ কৰা বস্তুক মূল্যৱান নহয় বুলি কব নােৱাৰি ; কিন্তু প্রয়ােজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে , তেনে কার্যৰ কোনাে ধৰণৰ মূল্য আছে বুলি ক’ব নােৱাৰি । সহজে অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ যিবােৰ মানুহে শিক্ষণৰ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে ।

মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি , যিবােৰ মানুহৰ দৈহিক , মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ । সমাজত প্রচলিত ধর্মীয় বিশ্বাস , জীৱন – দর্শন , নৈতিক আদর্শ , ৰাজনৈতিক আদর্শ , আচাৰ – ব্যৱহাৰ , দৈনন্দিন জীৱনৰ কার্যাৱলী এই সকলােবােৰ মূল্যবােধে সামৰি লয় । সমাজৰ পৰিৱেশ আৰু প্রয়ােজনীয়তা সাপেক্ষে মূল্যবােধৰাে পৰিৱর্তন হয় । সমাজত পৰিৱৰ্তনৰ লগে লগে নতুন মূল্যবােধৰ সৃষ্টি হয় ।

৪. সহজ অর্থত মূল্যবোধ মানে কি ?
উত্তৰঃ প্রকৃততে মূল্যবােধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । সেয়ে সহজ অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ— যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে ৷

৫. মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি ?
উত্তৰঃ মনােবিজ্ঞানী সকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই যি চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে , সেই চাৰিটা তলত উল্লেখ কৰা হ’ল-

  1. যুক্তিনিষ্ঠতা:- শিশুৱে সন্মুখীন হােৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ।
  2. পৰােপকাৰিতা:- অন্য মানুহৰ সুখ – দুখৰ প্রতি সহানুভূতিশীল হােৱা আৰু প্রয়ােজন সাপেক্ষে সহায় কৰা ।
  3. দায়িত্ববােধ:- সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হােৱা আৰু নিজে কৰা কামৰ ভুল – ত্রুটিসমূহ স্বীকাৰ কৰি লােৱা ।
  4. নৈতিক স্বতন্ত্রতা:- নিজস্বভাৱে কোনাে এক নৈতিক সিদ্ধান্ত লােৱাৰ ক্ষমতা । আনৰ লগত আলােচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লােৱাৰ মানসিকতা ।

দীঘলীয়া প্ৰশ্নৰ উত্তৰ

১. আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবােধ মানে কি ?
উত্তৰঃ ভাৰতীয় সমাজ – সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ । আধ্যাত্মিক মূল্যবােধৰ লগত ধর্মীয় মূল্যবােধৰ সম্পর্ক আছে । আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবােধৰ ওপৰত প্রতিষ্ঠিত । আধ্যাত্মিক মূল্যবােধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে । মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্রকৃত সুখৰ সন্ধান দিব পাৰে । আধ্যাত্মিক মূল্যবােধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল , দুর্নীতিপৰায়ণ আৰু অনৈতিক । আধ্যাত্মিক মূল্যবােধ বিকাশ হ’ব , যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব , সহযােগিতা, সহমর্মিতা , অহিংসা ভাব , ভক্তি , সংযম , উদাৰতা আদি বৃদ্ধি হ’ব । মহাপুৰুষ শংকৰদেৱে কোৱাৰ দৰে “ কুকুৰ শৃগাল গর্দভৰাে আত্মাৰাম , জানিয়া সবাকো পৰি কৰিবা প্রণাম । ”

২. নন্দন তাত্ত্বিক মূল্যবােধে কি কি বিষয় সামৰি লয় চমুকৈ আলােচনা কৰা ।
উত্তৰঃ নন্দনতাত্ত্বিক মূলবােধক আন কথাত সৌন্দর্যবােধ বুলি ক’ব পাৰি । কিছুমান পণ্ডিতে মত প্রকাশ কৰে যেনন্দনতাত্ত্বিক মূল্যবােধ কেৱল ইন্দ্রিয়গ্রাহ্য বস্তুৰ ক্ষেত্ৰতহে প্রযােজ্য , অপার্থিব বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়ােগ কৰিব নােৱাৰি । কিন্তু মানুহে সকলাে ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে । সেই বাবে এইবােৰৰ নান্দনিক মূল্যবােধ বিচাৰি পােৱা যায় । মানৱ জীৱনৰ তিনিটা মূল মূল্যবােধ হৈছে—
ক) সত্য ।
খ) শিৱ ।
গ) সুন্দৰ ।

এই সুন্দৰৰ মূল্যবােধেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধ । নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তােলে । জীৱন্ত বা জড় সকলাে বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে । মানুহৰ সকলাে কার্য একেটা চকুৰে চালেও মনােযােগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ । পর্যায়ত মূল্যায়ন কৰা হয় । গতিকে , মনােযােগেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধৰ চাবি কাঠী ।

৩. চিৰন্তন মূল্যবােধ সম্পর্কে চমুকৈ বুজাই লিখা ।
উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম – শিৱম – সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ ; যাৰ কোনাে পৰিৱৰ্তন নাই । এই মূল্যবােধসমূহ সমাজতে আছে । মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা । চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই । আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে ।

৪. নৈতিক মূল্যবােধৰ ধাৰণাই কি কি কথা সামৰি লয় আলােচনা কৰা ।
উত্তৰঃ যিহেতু নৈতিকতাৰ লগত সামাজিক নীতি – নিয়ম আৰু আদর্শ জড়িত হৈ থাকে , সেয়ে নৈতিকতাই সমাজৰ ৰীতি – নীতি মানি চলাটোকে বুজায় । সমাজৰ গ্রহণযােগ্য নীতি নিয়ম , আচাৰ – ব্যৱহাৰৰ বিপৰীতে চলাটোক অনৈতিক আচৰণ বুলি কয় । নৈতিক মূল্যবােধে মানুহক প্রভাৱিত কৰে আৰু সামাজিক , অর্থনৈতিক , সাংস্কৃতিক , ৰাজনৈতিক , প্রশাসনিক আদি সকলাে ক্ষেত্রতে ইয়াৰ প্রতিফলন হয় । গতিকে – শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্রচলিত আচৰণবােৰ আয়ত্ত কৰিবলৈ শিকোৱা । মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে-

  • যুক্তিনিষ্ঠতা:- শিশুৱে সন্মুখীন হােৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ – বিশ্লেষণ কৰা।
  • পােপকাৰিতা:- অন্য মানুহৰ সুখ – দুখৰ প্রতি সহানুভূতিশীল হােৱা আৰু প্রয়ােজন , সাপেক্ষে সহায় কৰা ।
  • দায়িত্ববােধ:- সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হােৱা আৰু নিজে কৰা কামৰ ভুল – ত্রুটিসমূহ স্বীকাৰ কৰি লােৱা ।
  • নৈতিক স্বতন্ত্রতা:- নিজস্বভাৱে কোনাে এক নৈতিক সিদ্ধান্ত লােৱাৰ ক্ষমতা । আনৰ লগত আলােচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লােৱাৰ মানসিকতা ।

৫. মূল্যবােধ সম্পর্কে তােমাৰ কি ধাৰণা তাক চমুকৈ ব্যাক্ত কৰা ।
উত্তৰঃ মূল্যবােধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাৱে জড়িত হৈ আছে যে ইয়াৰ সম্পর্কে ধাৰণা বা ব্যাখ্যা আগবঢ়োৱাটো খুবেই কঠিন কাম । প্রথম অৱস্থাত ‘ মূল্য ’ শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যেতহে ব্যৱহাৰ কৰা হৈছিল । বহল অর্থত চাবলৈ গ’লে , মূল হৈছে কোনাে বস্তু বা অৱস্থা কার্য , যিয়ে ব্যক্তিৰ প্ৰয়ােজন বা ইচ্ছা পূৰণ কৰে । গতিকে মূল্যই সেইবােৰ বস্তুকে বুজাই , যিবােৰ ব্যক্তিয়ে বিচাৰে । আকৌ মানুহে বহুতাে বস্তুকে বিচাৰে , যেনে টকা – পইচা , সম্পত্তি , খাদ্য , নিৰাপত্তা , সুখ – শান্তি ইত্যাদি । এই সকলাে ব্যক্তিৰ কাৰণে মূল্যৱান । আনহাতে মানুহে বহুতাে বস্তু নিবিচাৰে বা আশা নকৰে , যেনে , ফুধা , অজ্ঞতা , বেমাৰ – আজাৰ , অশান্তি আদি । এইবােৰ সেইবাবে মূল্যহীন । গতিকে এনে অর্থত মূল্যবােধৰ কোনাে ভাল – বেয়া , উচ্চ – নীচৰ প্রশ্ন জড়িত নাথাকে ।

মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্রয়ােজন পূৰণৰ ধাৰণাৰে মূল্যবােধ বিচাৰ কৰিব নােৱাৰি । ব্যক্তিৰ প্রয়ােজন পূৰণে যদি আন ব্যক্তি বা সমাজৰ অনিষ্ট সাধন কৰে , তেনেহ’লে সেই কাৰ্যৰ কোনাে ধৰণৰ মূল্য আছে বুলি ক’ব নােৱাৰি । সহজ অথত মূল্যবােধৰ ধাৰণা এয়ে যে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ — যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে । সেয়ে মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশনা নীতি , যিবােৰ মানুহৰ দৈহিক , মানসিক , উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ।

জিকিৰ Class 10 কবিতাটোৰ কবি আজান ফকীৰ

জিকিৰ Class 10 কবিতাটোৰ কবি আজান ফকীৰ

ইছলাম ধৰ্মৰ প্ৰচাৰক আজান ফকীৰ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম হজৰত চাহ মিলন

জনশ্ৰুতি মতে আজান ফকীৰেই পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আন এটা মত অনুসৰি তেওঁক অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰি অজান ফকীৰ বা আজান ফকীৰ বুলিছিল। আজান ফকীৰৰ জীৱন বৰ সংঘাত পূৰ্ণ আছিল।

অসমত ইছলাম ধৰ্ম তত্ব প্ৰচাৰ কৰাৰ অপৰাধত আহোম ৰজাই ৰূপাই দাধৰা নামৰ এজন মুছলমান বিষয়াৰ হতুৱাই তেওঁক ৰাজসভালৈ ধৰাই নি চকু কাঢ়ে। পিছত তেওঁৰ মাহাত্ম্যৰ কথা বুজি পায় দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি- বাৰী দি মছজিদ সজাই দিয়ে। তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল। মৃত্যুৰ পিছত তেওঁক শিৱসাগৰ চহৰৰ ধাই আলিত কবৰ দিয়ে।

জিকিৰ Class 10 কবিতাটোৰ  প্ৰশ্নৱলী

আজি আমি  “জিকিৰ Class 10 মুলভাব, পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ” দিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰো HSLC 2024 পৰীক্ষাত আপুনি Class 10 Assamese ৰ সম্পূৰ্ণ  প্ৰশ্ন উত্তৰ কৰিব পাৰে।

চমু উত্তৰ কৰা-

(ক) জিকিৰৰ ৰচক কোন?
উত্তৰ:- জিকিৰৰ ৰচক হল `শ্বাহ মিলান’ নামৰ এগৰাকী ইছলামী সাধু। তেওঁক `আজান ফকিৰ’ বুলিও জনা যায়।

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ:- জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰ:- `জিকিৰ’ শব্দটো আৰবী `জিকৰ’ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা।

  • তলত শব্দবোৰৰ অৰ্থ লিখাঃ

ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা

উত্তৰ:-
ৰছুল –  ঈশ্বৰ প্ৰেৰিত পুৰুষ, দেৱদূত, আল্লাৰ দূত।
মোমিন – বিশ্বাসী মুছলমান।
ৰহম – দয়া।
কুটুব – ধ্ৰুৱ,নক্ষত্ৰ।
বান্দা – ভৃত্য।

প্ৰশ্ন: ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
     যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ।  — উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰ:- আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ কথা কবলৈ বিচৰা হৈছে। মক্কা হল এক পবিত্ৰ তীৰ্থস্থান।  ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভূল ধাৰণৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ললেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। তাক মাত্ৰ স্মৰণ  কৰিলেই হল।

প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা-

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
       খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
উত্তৰঃ 
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা ৰচিত `জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে।

ব্যাখ্যাঃ পানীৰ পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি পোৱা নাযায়। আল্লা বা ভগৱান আমাৰ হৃদয়ত থাকে। কিন্তু অামি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাথ কৰিলেও বিচাৰি নাপাও। সৎ কৰ্মত বিশ্বাসী, প্ৰকৃত মুছলমানৰ কৰ্ত্তব্য পালনত দৃঢ় সংকল্প, লৈ কোনো কৰ্মত লাগিলে অন্তৰতেই আল্লাৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লা বিৰাজমান। ই পৰম সত্য।

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰ্ বেণীৰ ঘাট।
      বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰঃ  প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি: এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।

ব্যাখ্যা :  ইয়াত মক্কাক পবিত্ৰ তিৰবেণীৰ ঘাট বুলি কোৱা হৈছে। তিৰবেণী অৰ্থাৎ ত্ৰিৱেণী হৈছে হিন্দু সকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দু সকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা, আৰু সৰস্বতী নদীয়ে বাৰানসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিৱেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱেই যদি সেই ত্ৰিৱেণীলৈ গৈ তিনিও সংগমস্হল স্নান কৰিব পাৰে তেন্তে সকলোঁ পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিৱেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হল মুছলমান সকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান, মক্কালৈ গলে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গলে মনত সুখ, শান্তি নাপায়। কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওলোকক মুক্তিৰ পথত বাধা হে দিছে। ফলত জীৱই সুখৰ উপৰি দুখ হে পাব লগা হৈছে।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
      দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
উত্তৰ: প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি :  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানব দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে।

ব্যাখ্যা : মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানব দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই  এটাই  যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভূলাই ঠিক তেনেদৰে মানব দেহত বন্দী আত্মায়ো নানা ধৰনৰ  আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক ক্ষন্তেকীয়া। এই সম্পৰ্কটো ছেদ হলেই আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন, গতিকে আত্মা বা জীৱহীন দেহক  আমি  মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে, মৃতদেহৰ পিছত সজাত্যাগি মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম, স্নেহ, প্ৰেম, প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া – মোহ, প্ৰেম – প্ৰীতিৰ পৰা মুক্ত হৈ পৰে।

ভাষা বিষয়ক প্ৰশ্নৱলী


১) সমাৰ্থক শব্দ লিখাঃ

চিন্তো, ঘাট, পিৰীতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল

উত্তৰ :
চিন্তো – স্মৰণ কৰোঁ, ভাবোঁ।
ঘাট – বন্দৰ
পিৰীতি – প্ৰেম, প্ৰীতি
আচমান- আকাশ
দৰিয়া- নদী, সাগৰ
পিয়াহ – তৃষ্ণা
বাট – ৰাস্তা, পথ, আলি
ভেল – দেহ, শৰীৰ

অতিৰিক্ত প্ৰশ্নোত্তৰ

ক) আজান ফকিৰ কোন শতিকাৰ কবি অনুমান কৰা হৈছে?
উত্তৰ : খ্ৰীষ্টীয় সপ্তম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে।

খ) আজান ফকিৰৰ প্ৰকৃত নাম কি?
উত্তৰ :  হজৰত  চাহ  মিলন।

গ) আজান ফকিৰৰ মৃত্যু ক’ত হৈছিল?
উওৰ : দিখৌমুখৰ শৰাগুৰি চাপৰিত মৃত্যু হৈছিল।

ঘ) জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ : স্তুতি গীতৰ লগত।

ঙ) জিকিৰটোত উল্লেখ কৰা আদম কোন?
উত্তৰ :আদম  হল আল্লাই সৃষ্টি কৰা প্ৰথম মানব।

চ) মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে?
উত্তৰ : ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে।

ছ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?
উত্তৰ :ৰূপাই দা ধৰা নামৰ এজন লোক এজনে অজান ফকীৰৰ চকু কাঢ়িছিল।

জ) ‘মোমিন’ মানে কি?
উত্তৰ : বিশ্বাসী মুছলমান।

Class 10 Maths Exercise 3.3 to 3.5 in Assamese

Class 10 Maths Exercise 3.3 in Assamese 1. প্ৰতিষ্ঠাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণৰ যোৰবোৰ সমাধা কৰা (i) x + y = 14 x – y = 4 (ii) s – t ...