Monday, April 13, 2026

জিকিৰ Class 10 কবিতাটোৰ কবি আজান ফকীৰ

জিকিৰ Class 10 কবিতাটোৰ কবি আজান ফকীৰ

ইছলাম ধৰ্মৰ প্ৰচাৰক আজান ফকীৰ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম হজৰত চাহ মিলন

জনশ্ৰুতি মতে আজান ফকীৰেই পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আন এটা মত অনুসৰি তেওঁক অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰি অজান ফকীৰ বা আজান ফকীৰ বুলিছিল। আজান ফকীৰৰ জীৱন বৰ সংঘাত পূৰ্ণ আছিল।

অসমত ইছলাম ধৰ্ম তত্ব প্ৰচাৰ কৰাৰ অপৰাধত আহোম ৰজাই ৰূপাই দাধৰা নামৰ এজন মুছলমান বিষয়াৰ হতুৱাই তেওঁক ৰাজসভালৈ ধৰাই নি চকু কাঢ়ে। পিছত তেওঁৰ মাহাত্ম্যৰ কথা বুজি পায় দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি- বাৰী দি মছজিদ সজাই দিয়ে। তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল। মৃত্যুৰ পিছত তেওঁক শিৱসাগৰ চহৰৰ ধাই আলিত কবৰ দিয়ে।

জিকিৰ Class 10 কবিতাটোৰ  প্ৰশ্নৱলী

আজি আমি  “জিকিৰ Class 10 মুলভাব, পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ” দিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰো HSLC 2024 পৰীক্ষাত আপুনি Class 10 Assamese ৰ সম্পূৰ্ণ  প্ৰশ্ন উত্তৰ কৰিব পাৰে।

চমু উত্তৰ কৰা-

(ক) জিকিৰৰ ৰচক কোন?
উত্তৰ:- জিকিৰৰ ৰচক হল `শ্বাহ মিলান’ নামৰ এগৰাকী ইছলামী সাধু। তেওঁক `আজান ফকিৰ’ বুলিও জনা যায়।

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ:- জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰ:- `জিকিৰ’ শব্দটো আৰবী `জিকৰ’ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা।

  • তলত শব্দবোৰৰ অৰ্থ লিখাঃ

ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা

উত্তৰ:-
ৰছুল –  ঈশ্বৰ প্ৰেৰিত পুৰুষ, দেৱদূত, আল্লাৰ দূত।
মোমিন – বিশ্বাসী মুছলমান।
ৰহম – দয়া।
কুটুব – ধ্ৰুৱ,নক্ষত্ৰ।
বান্দা – ভৃত্য।

প্ৰশ্ন: ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
     যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ।  — উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰ:- আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ কথা কবলৈ বিচৰা হৈছে। মক্কা হল এক পবিত্ৰ তীৰ্থস্থান।  ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভূল ধাৰণৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ললেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। তাক মাত্ৰ স্মৰণ  কৰিলেই হল।

প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা-

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
       খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
উত্তৰঃ 
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকিৰৰ দ্বাৰা ৰচিত `জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই পদফাঁকিৰ জৰিয়তে আল্লা অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই কবলৈ বিচাৰিছে।

ব্যাখ্যাঃ পানীৰ পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি পোৱা নাযায়। আল্লা বা ভগৱান আমাৰ হৃদয়ত থাকে। কিন্তু অামি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাথ কৰিলেও বিচাৰি নাপাও। সৎ কৰ্মত বিশ্বাসী, প্ৰকৃত মুছলমানৰ কৰ্ত্তব্য পালনত দৃঢ় সংকল্প, লৈ কোনো কৰ্মত লাগিলে অন্তৰতেই আল্লাৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লা বিৰাজমান। ই পৰম সত্য।

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰ্ বেণীৰ ঘাট।
      বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰঃ  প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি: এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।

ব্যাখ্যা :  ইয়াত মক্কাক পবিত্ৰ তিৰবেণীৰ ঘাট বুলি কোৱা হৈছে। তিৰবেণী অৰ্থাৎ ত্ৰিৱেণী হৈছে হিন্দু সকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দু সকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা, আৰু সৰস্বতী নদীয়ে বাৰানসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিৱেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱেই যদি সেই ত্ৰিৱেণীলৈ গৈ তিনিও সংগমস্হল স্নান কৰিব পাৰে তেন্তে সকলোঁ পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিৱেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হল মুছলমান সকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান, মক্কালৈ গলে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গলে মনত সুখ, শান্তি নাপায়। কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওলোকক মুক্তিৰ পথত বাধা হে দিছে। ফলত জীৱই সুখৰ উপৰি দুখ হে পাব লগা হৈছে।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
      দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
উত্তৰ: প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি :  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানব দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে।

ব্যাখ্যা : মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানব দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই  এটাই  যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভূলাই ঠিক তেনেদৰে মানব দেহত বন্দী আত্মায়ো নানা ধৰনৰ  আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক ক্ষন্তেকীয়া। এই সম্পৰ্কটো ছেদ হলেই আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন, গতিকে আত্মা বা জীৱহীন দেহক  আমি  মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে, মৃতদেহৰ পিছত সজাত্যাগি মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম, স্নেহ, প্ৰেম, প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া – মোহ, প্ৰেম – প্ৰীতিৰ পৰা মুক্ত হৈ পৰে।

ভাষা বিষয়ক প্ৰশ্নৱলী


১) সমাৰ্থক শব্দ লিখাঃ

চিন্তো, ঘাট, পিৰীতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল

উত্তৰ :
চিন্তো – স্মৰণ কৰোঁ, ভাবোঁ।
ঘাট – বন্দৰ
পিৰীতি – প্ৰেম, প্ৰীতি
আচমান- আকাশ
দৰিয়া- নদী, সাগৰ
পিয়াহ – তৃষ্ণা
বাট – ৰাস্তা, পথ, আলি
ভেল – দেহ, শৰীৰ

অতিৰিক্ত প্ৰশ্নোত্তৰ

ক) আজান ফকিৰ কোন শতিকাৰ কবি অনুমান কৰা হৈছে?
উত্তৰ : খ্ৰীষ্টীয় সপ্তম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে।

খ) আজান ফকিৰৰ প্ৰকৃত নাম কি?
উত্তৰ :  হজৰত  চাহ  মিলন।

গ) আজান ফকিৰৰ মৃত্যু ক’ত হৈছিল?
উওৰ : দিখৌমুখৰ শৰাগুৰি চাপৰিত মৃত্যু হৈছিল।

ঘ) জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ : স্তুতি গীতৰ লগত।

ঙ) জিকিৰটোত উল্লেখ কৰা আদম কোন?
উত্তৰ :আদম  হল আল্লাই সৃষ্টি কৰা প্ৰথম মানব।

চ) মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে?
উত্তৰ : ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে।

ছ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?
উত্তৰ :ৰূপাই দা ধৰা নামৰ এজন লোক এজনে অজান ফকীৰৰ চকু কাঢ়িছিল।

জ) ‘মোমিন’ মানে কি?
উত্তৰ : বিশ্বাসী মুছলমান।

No comments:

Post a Comment

Class 10 Maths Exercise 3.3 to 3.5 in Assamese

Class 10 Maths Exercise 3.3 in Assamese 1. প্ৰতিষ্ঠাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণৰ যোৰবোৰ সমাধা কৰা (i) x + y = 14 x – y = 4 (ii) s – t ...