বৰগীত: জয় জয় যাদৱ- শংকৰদেৱ
অতি চমু প্ৰশ্ন(মূল্যাংক-১)
১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীত ‘মন মেৰি ৰাম চৰণহি লাগু’ ৷
২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?
উত্তৰঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা
পুথিখনৰ নাম ভক্তি ৰত্নাকৰ ৷
৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
উত্তৰঃ শংকৰদেৱে ছয়খন নাট ৰচনা কৰিছিল ৷
৪। বৰগীতবোৰ কি ভাষাত ৰচিত?
উত্তৰঃ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত ৷
৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?
উত্তৰঃ শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কৃষ্ণ ভক্তিৰ
মহিমা প্ৰকাশ ৷
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। ‘ শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰদ্বাৰা কাৰ কথা কোৱা হৈছে?
উত্তৰঃ
‘ শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ
সকলোকে উদ্ধাৰ কৰোঁতা ৷ ইয়াৰদ্বাৰা ভগৱানৰ কথা কোৱা হৈছে ৷
২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা৷
উত্তৰঃ বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম-কেশী
আৰু মুৰ ।
৩। বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?
উত্তৰঃ বৰগীতটিত ভগৱান
শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে কাৰণ তেওঁ মহৎ বা পৰম আনন্দৰ মূল কাৰণ ৷
৪। শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
উত্তৰঃ শ্ৰীকৃষ্ণই মৎস্য অৱতাৰত
প্লাৱনৰ পৰা সৃষ্টি হোৱা প্ৰলয়ংকৰী জলৰপৰা বেদসমূহ উদ্ধাৰ কৰিছিল ৷
৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?
উত্তৰঃ
বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা সম্পৰ্কে কবিয়ে কৈছে যে, ভগৱানৰ নাম
শ্ৰৱণ বা স্মৰণ কৰা মাত্ৰেই সকলোবোৰ দুখ-কষ্ট মোচন হয় ৷ তেওঁৰ নাম
উচ্চাৰণে জগতক বিপদৰ পৰা উদ্ধাৰ কৰি ভক্তৰ মনোকামনা পূৰ্ণ কৰে ৷
দীঘল প্ৰশ্ন(মূল্যাংক-৪/৫)
১। শংকৰদেৱৰ ” জয় জয় যাদৱ জলনিধিজা ” বৰগীতটিৰ মূলভাব লিখা ৷
উত্তৰঃ
শংকৰদেৱৰ ” জয় জয় যাদৱ জলনিধিজা ” বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় ধ্বনিৰে
আৰম্ভ কৰা হৈছে ৷ বৰগীতটিৰ মাধ্যমৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ আৰু
স্মৰণৰ মহিমা প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰম কৰুণাময় ৰূপ অংকন কৰিছে ৷ তেওঁৰ
নাম শ্ৰৱণ আৰু স্মৰণ কৰা মাত্ৰেই জগতৰ সকলোৰে মনোকামনা সিদ্ধি হয় ৷ কেশী,
মধু, মুৰ আদি অসুৰক বধ কৰি তেওঁ জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ পীতবস্ত্ৰ
পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ
পেলাই বুলি উল্লেখ কৰি ভগৱানৰ চৰণ কমলত সেৱা জনাইগুৰুজনাই নিজৰ নামেৰে
ভণিতা পেলাই বৰগীতটি সামৰণি মাৰিছে ৷
২। বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷
উত্তৰঃ
বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ প্ৰকাশিত হৈছে ৷
বৰগীতটিত উল্লেখ কৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণ ‘শ্ৰুতমাত্ৰাখিলত্ৰাতা’ ৷
অৰ্থাৎ স্মৰণ আৰু শ্ৰৱণ কৰা মাত্ৰকে তেওঁ পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰে ৷
প্ৰলয় জলৰপৰা মৎস্য অৱতাৰ ধাৰণ কৰি বেদসমূহক উদ্ধাৰ কৰিছিল ৷ কেশী, মধু,
মুৰ আদি অপৰাজেয় অসুৰে নানা অত্যাচাৰেৰে যেতিয়া জগতবাসীৰ শান্তি ভংগ
কৰিছিল, তেতিয়াই তেনে অসুৰক বধ কৰি জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷
শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলোৱা সেই মংগলময় মূৰুতি শ্ৰীকৃষ্ণৰ চৰণত
কবিয়ে প্ৰণিপাত জনাইছে ৷
৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা ৷
উত্তৰঃ
বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ অপৰূপ অৱয়বৰ বৰ্ণনা কৰা হৈছে ৷শ্ৰীকৃষ্ণৰ
শাৰীৰিক সৌন্দৰ্যক শৰতৰ জোনৰ লগত তুলনা কৰিছে৷’ শাৰদ ইন্দু নিন্দি’ বুলি
উল্লেখ কৰি কবিয়ে কৈছে যে, পীতাম্বৰৰ সৌন্দৰ্য মাধুৰীৰ ওচৰত শৰতৰ জোনৰ
সৌন্দৰ্যও ম্লান পৰি গৈছে ৷ এনেদৰে কবিয়ে অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা
কৃষ্ণৰ অপৰূপ শাৰীৰিক সৌন্দৰ্যৰ প্ৰশস্তি কৰিছে ৷
৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা ৷
উত্তৰঃ
সাধাৰণতে কবিতা এটাৰ ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে
কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয় ৷ শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত ‘ জয় জয় যাদৱ
জলনিধিজা’ বৰগীতটি এটা বেদ-উপনিষদৰ মৰ্মাৰ্থপূৰ্ণ ভক্তিমূলক গীত৷গীতটো
আশোৱাৰী ৰাগত বন্ধা ৷ বিষয়বস্তুৰ মহত্ত্ব, সুৰৰ গাম্ভীৰ্য, ভক্তি ভাৱৰ
প্ৰকাশ আদি বৈশিষ্ট্যই কবিতাটিক অনন্য সৌষ্ঠৱ দান কৰিছে ৷ বৰগীতটিত ব্যৱহৃত
ভাষা হৈছে ব্ৰজাৱলী ৷ কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃত ভাষাত থকা গভীৰ
দখলে বৰগীতটিৰ সৌন্দৰ্য দুগুণ চৰাইছে ৷ অলংকাৰ প্ৰয়োগেও বৰগীতটোক বিশেষ
মাত্ৰ প্ৰদান কৰিছে ৷ যেনে- ‘জগত বন্ধুবিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি
মুৰনাশী’ ৷ তেনেদৰে কবিয়ে বৰগীতটোত শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ
সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে ৷
৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
ক) জগজনজীৱন অজন জনাৰ্দন দনুজদমন দুখহাৰী৷
মহানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী
৷
উত্তৰঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত বৰগীত পাঠটোৰ পৰা তুলি দিয়া হৈছে
৷
ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে ৷
ভগৱান
শ্ৰীকৃষ্ণ সমস্ত চৰাচৰৰ অধিপতি, জগতৰ সকলোৰে জীৱন স্বৰূপ ৷ সেই ভগৱন্তই
সকলোকে পালন কৰি থকাৰ উপৰিও পৃথিৱীৰ পৰা দুষ্কৃতিক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা
কৰে ৷ তেওঁৰ নাম স্মৰণে জগতৰ সকলো দুখ দূৰ কৰে৷নন্দৰ পুত্ৰৰূপে ধৰাত জন্ম
গ্ৰহণ কৰা ভগৱন্ত জগতৰ পৰম আনন্দ স্বৰূপ ৷ তেওঁৰ অপাৰ মহিমাই সকলো পাপ নাশ
কৰে আৰু জগতত শান্তি প্ৰৱাহিত কৰে ৷
অতিৰিক্ত প্ৰশ্ন
১। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি কি?
উত্তৰঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি ‘কীৰ্তন ঘোষা’
৷
২। শংকৰদেৱ ৰচিত চাৰি প্ৰকাৰৰ গীত কি কি?
উত্তৰঃ শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত-বৰগীত, ভটিমা,
টোটয়, চপয় ৷
৩। শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?
উত্তৰঃ শংকৰদেৱ ৰচিত ছয়খন নাট- পত্নীপ্ৰসাদ, কালিয় দমন,
কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম-বিজয় ৷
৪। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ কি কি?
উত্তৰঃ শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ- ভাগৱত, উত্তৰাকাণ্ড
ৰামায়ণ ৷
৫। শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা৷
উত্তৰঃ শংকৰদেৱে ৰচনা কৰা দুখন
নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম- কীৰ্তন ঘোষা আৰু গুণমালা ৷
৬। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?
উত্তৰঃ
শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য,
বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ ৷
৭। শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম লিখা ৷
উত্তৰঃ শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব
প্ৰকাশক গ্ৰন্থকেইখনৰ নাম- ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদিপাতন ৷
No comments:
Post a Comment