Friday, October 16, 2026

সমাজ বিজ্ঞান/দশম শ্ৰেণী ৰাজনীতি আৰু অৰ্থনীতিবিজ্ঞান/ পাঠ -অৰ্থনৈতিক উন্নয়ন

 



অতি চমু উত্তৰৰ প্ৰশ্ন-


১) বাখ্যা কৰা (এটা বাক্যত)


(ক) অৰ্থনৈতিক বিকাশ 

দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ 


(খ) অৰ্থনৈতিক উন্নয়ন 

এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় ǀ 


(গ) মানৱ উন্নয়ন

 মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক,অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে ǀ


(ঘ)অৰ্থনৈতিক পৰিকল্পনা

নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হবলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ’ল-অৰ্থনৈতিক পৰিকল্পনা


(ঙ)গণতান্ত্ৰিক পৰিকল্পনা

যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশ গ্ৰহণ সুনিশ্চিত কৰা হয়,সেই পৰিকল্পনাই গণতান্ত্ৰিক পৰিকল্পনা ǀ


(চ) উদাৰীকৰণ

দেশৰ আৰ্থিক ব্যৱস্হাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণেই হ’ল  উদাৰীকৰণ ǀ


(ছ) ব্যক্তিগতকৰণ

চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্হাপনাৰ অধীনত থকা  প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱেই হ’ল ব্যক্তিগতকৰণ ǀ


(জ) গোলকীকৰণ বা বিশ্বায়ন

দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল -গোলকীকৰণ বা বিশ্বায়ন ǀ


চমু উত্তৰৰ প্ৰশ্ন-

২) অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাথক্য উল্লেখ কৰা ǀ


উত্তৰঃ

অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন

দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ ǀ


অৰ্থনৈতিক বিকাশ

অৰ্থনৈতিক উন্নয়ন

দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল-অৰ্থনৈতিক বিকাশ ǀ

 

এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় ǀ

অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত ǀ

অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল ǀ



৩) মানৱ উন্নয়নৰ তিনিটা সূচক কি কি ?

উত্তৰ- মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল ক্ৰমে-

    1) প্ৰত্যাশিত আয়ুস

    2) শিক্ষা

    3) জীৱন যাত্ৰাৰ মান


৪) সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?

উত্তৰঃ বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ বা ভাল-বেয়াৰ ওফৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয় ǀ সমষ্টিগত পছন্দই অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দকো সামৰি লয় ǀ সমষ্টিগত পছন্দৰ লগত মানৱ উন্নয়নৰ প্ৰসংঙ্গ জড়িত হৈ আছে ǀ প্ৰকৃততে মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক,অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে ǀএই মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ হোৱাটো বুজায় ǀ


৫) ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য হৈছে- 

    1) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰি তোলা

    2) আৰ্থ সামাজিক বৈষম্য দুৰ কৰা 

    3) দৰিদ্ৰতা নিৰ্মূল কৰা



৬) NITI আয়োগৰ সদস্য সকল কোন কোন ?

উত্তৰঃ NITI আয়োগৰ অধ্যক্ষ হল প্ৰধানমন্ত্ৰী  ǀ এই আয়োগৰ অন্য সদস্য সকল হৈছে-এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল,চাৰি গৰাকী কেন্দ্ৰীয় মন্ত্ৰী,মুখ্যকাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল ǀ


দীঘল উত্তৰৰ প্ৰশ্ন


৭)ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ)ৰ মাজত থকা এটা মূল পাৰ্থক্য বাখ্যা কৰা ǀ


উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডই আধিপত্য বিস্তাৰ কৰিছিল ǀ ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ ǀ প্ৰায়বিলাক ঔদ্যোগীক নীতি সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল ǀ অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰধান্য লাভ কৰিছিল  ǀ ষাঠিৰ দশকৰ কৃষি খণ্ডত সংঘটিত সেউজ বিপ্লৱে উত্তৰ ভাৰতৰ কেইএইখনমান নিৰ্দিষ্ট ৰাজ্যৰ বাদে অন্যৰাজ্যক চুব পৰা নাছিল ǀদেখা গল, সময়ত দেশৰ  অৰ্থনীতিৰ উন্নয়ন হাৰ আশানৰূপ নহল ǀ


১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈ ভাৰতবৰ্ষৰ অৰ্থনীতিত আমোল পৰিবৰ্তন আহিল ǀ ৰাজহুৱা খণ্ডৰ গুৰুত্ব কমি আহিল ǀ অৰ্থনীতিত ব্যক্তিগতকৰণ, উদ্যোগীকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে ǀ সময় আগবঢ়াৰ লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিত এই সংস্কাৰমূলক প্ৰদক্ষেপসমূহৰ সুফল দেখিবলৈ পোৱা গৈছে ǀ দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে ǀপাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ǀ কেন্দ্ৰীয় বেংকত বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে ǀ 


৮)ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ বাখ্যা কৰা ǀ

উত্তৰঃ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হৈছে-

1) অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডত গুৰুত্ব হৈছিল ǀ কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগ হৈছিল যদিও ভালেমান উদ্যোগ লোকচানৰ সন্মুখীন হবলগীয়া হৈছিল ǀ ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত ৫৮টা ই ৰুগ্ন হৈ পৰিছিল ǀ

2) অনাবৃষ্টি,ৰাজনৈতিক প্ৰেক্ষাপটৰ সঘন পৰিবৰ্তন ৰ ফলত এই সমছোৱাত অৰ্থনীতিৰ বিভিন্ন খণ্ডত সীমিত উৎপাদন হৈছিল ǀ সীমিত উৎপাদনৰ বাবে সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে আৰ্থিক ভাৱে দুৰ্বল লোকসকলক জুৰুলা কৰিছিল ǀ

3) ১৯৯০-৯১ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ অৱস্হা একেবাৰে লাওলোৱা হৈছিল ǀ বিদেশৰ পৰা মূলধন অহাটো কমি গৈছিল ǀ অৰ্থনীতিৰ পৰা মূলধনৰ বহিঃগমণ হৈছিল ǀ 

এনেবোৰ সমস্যাৰ বাবে বিশ্ববেংকেও ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিবৰ্তনৰ বাবে পৰামৰ্শ দিছিল ǀ


৯) অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা ǀ

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে-

    1) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে ǀ

    2) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে ǀ

  3) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে ǀ


১০) অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ বাখ্যা কৰা ǀ

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হৈছে-

1) অৰ্থনীতিত প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে ǀ বজাৰলৈ বিভিন্ন ধৰণৰ ন ন সা-সামগ্ৰী আহিব ধৰিছে ǀলাভালাভত গুৰুত্ব দিয়া বজাৰ সম্পৰ্কীয় বেছিভাগ প্ৰতিযোগিতাত সুস্হ মানসিকতা নিহিত নাথাকে ǀ

2) গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে ǀ গোলকীকৰণৰ বাবে বৰ্তমান সময়ত  নিজস্বতা ধৰি ৰখাটো অতিশয় দূৰূহ কাৰ্য হৈ পৰিছেǀ ইতিমধ্যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠীয়ে বাহিৰাগতৰ আগ্ৰাসনত নিজ সভ্যতা-সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছে 


১১) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা ǀ

উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল-

    1) জৈৱ বৈচিত্ৰ ৰক্ষা কৰি জলবায়ু পৰিবৰ্তনৰ সমস্যাটোৰ মোকাবিলা কৰা ǀ

    2) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা ǀ

    3) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা ǀ

    4) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা  প্ৰয়োগ কৰা ǀ

    5) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্হাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা ǀ

    6) অহা দুটা তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশৈ বৃদ্ধি কৰা ǀ


No comments:

Post a Comment

Class 9 History MCQ Chapter 1

1. প্রাচীন কালৰে পৰা ভাৰতবৰ্ষৰ লগত কোন কোন দেশৰ যোগাযোগ আছিল ? - a) গ্ৰীচ আৰু ৰোম - b) চিন আৰু মঙ্গোলিয়া - c) ইজিপ...