Friday, October 16, 2026

দশম শ্ৰেণীঃ অধ্যায় ২ - এছিড, ক্ষাৰক আৰু লৱণ

প্ৰশ্নাৱলী:

প্ৰশ্ন:১) তোমাক তিনিটা পৰীক্ষানলী দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলীত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিৱা।

Ans:

(i) প্ৰথমে আমাক যোগান ধৰা ৰঙা লিটমাছ কাগজখন তিনিওঁটা পৰীক্ষানলীত ডুবাই দিয়া হ’ল । এতিয়া, যিটো দ্ৰৱই ৰঙা লিটমাছ কাগজখনৰ বৰণ নীলা কৰিৱ সেইটো হ’ৱ ক্ষাৰক। এছিড আৰু পাতিত পানীৰ ক্ষেত্ৰত লিটমাছ কাগজৰ কোনো প্ৰভাৱ নাথাকিৱ।

(ii) এতিয়া ক্ষন্তেক সময় পূৰ্বে পোৱা নীলা লিটমাছ আন দুটা দ্ৰৱত ডুবাই দিয়াত যিটো দ্ৰৱই নীলা লিটমাছৰ বৰণ ৰঙা কৰিৱ সেইটো হ’ৱ অম্ল।

(iii) আনহাতে, যিটো দ্ৰৱৰ ওপৰত লিটমাছৰ কোনো প্ৰভাৱ নাথাকিৱ সেইটো হ’ৱ পাতিত পানী।

প্ৰশ্নাৱলী:

প্ৰশ্ন:১) দৈ আৰু তেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

Ans: দৈ আৰু টেঙা খাদ্য বস্তুত এছিড থাকে। ইহঁতক তাম বা পিতলৰ পাত্ৰত থ’লে ধাতুৱে এছিডৰ লগত বিক্ৰিয়া কৰি বিষাক্ত ধাতৱ লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।এই বিষাক্ত লৱণে খাদ্য বস্তুৰ লগত মিলি খাদ্য বস্তু খোৱাৰ অনুপযোগী কৰি তোলে। ইয়াৰোপৰি এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি পাত্ৰটোৰ ক্ষয়ী সাধনো কৰিৱ পাৰে।

প্ৰশ্ন:২) এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিৱা?

Ans: এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি সাধাৰণতে H2 গেছ উৎপন্ন কৰে।

উদাহৰণস্ৱৰূপে, Zn (s) + H2SO4 (dil) → ZnSO4 (aq) + H2 (↑)

যিংকে লঘূ ছালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি যিংক ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

পৰীক্ষা: এটা পৰীক্ষা নলত 5ml লঘূ ছালফিউৰিক এছিড লৈ তাঁত কেইটামান যিংকৰ টুকুৰা যোগ কৰা হ’ল । এতিয়া উদ্ভৱ হোৱা গেছখীনি চাবোন পানীৰ মাজেৰে যাৱলৈ দিয়া হ’ল।হাইড্ৰ’জেনে চাবোনৰ পানীত বুদ-বুদৰ সৃষ্টি কৰি উৰ্ধমুখী দিশত বায়ুত মুক্ত হয়। এতিয়া এডাল জ্বলি থকা মমবাতি গেছ ভৰ্তী বুদ-বুদৰ ওচৰত ধৰা হোৱাত গেছ ভৰ্তী বুদ-বুদসমূহ ফট্-ফট্ শব্দ কৰি জ্বলিৱলৈ আৰম্ভ কৰে। যিহেতু H2 গেছ ফট্-ফট্ শব্দ কৰি জ্বলি উঠে গতিকে আমি সিদ্ধান্ত উপনীত হলো যে, উদ্ভৱ হোৱা গেছটো H2.

প্ৰশ্ন:৩) এটা ধাতৱ যৌগ A লঘূ হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

Ans: ধাতৱ যৌগ ‘A’ য়ে লঘূ হাইড্ৰ’ক্লৰিক এছিডৰ সৈতে বিক্ৰিবা কৰি CO2 গেছ উৎপন্ন কৰে যিয়ে এডাল জ্বলি থকা মমবাতি নুমুৱাই।

এতেকে, ধাতৱ যৌগ ‘A’ হৈছে কেলছিয়াম কাৰ্বনেট (CaCO3)

বিক্ৰিয়াটো হ’ল-

Ca(CO)3 (s) + 2HCl (aq) → CaCl2 (aq) + H2O (l) + CO2 (g)

প্ৰশ্নাৱলী:

প্ৰশ্ন:১) জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱাই?

Ans: জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে H+ আয়ন ত্যাগ কৰি হাইড্ৰ’নিয়াম aBn (H3O+) উৎপন্ন কৰে। যাৰ ফলত ইহঁতে এছিড ধৰ্ম প্ৰদৰ্শন কৰিৱ পাৰে।

HCl (aq) + H2O (l) ↔ H3O+ (aq) + Cl– (aq)

আনহাতে, এলক’হল, গ্লুক’জ আদিৰ দৰে যৌগি জলীয় দ্ৰৱত দ্ৰৱীভূত হৈ H+ বা H3O+ আয়ন সৃষ্টি কৰিৱ নোৱাৰে বাবে এইবোৰে আম্লিক ধৰ্ম প্ৰদৰ্শন কৰিৱ নোৱাৰে।

প্ৰশ্ন:২) এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিৱহণ কৰে?

Ans: জলীয় মাধ্যমত এছিড এটাই আয়নৰ সৃষ্টি কৰে। এই আয়নবোৰৰ বাবেই জলীয় মাধ্যমত এটাই বিদ্যুত পৰিৱহন কৰে।

প্ৰশ্ন:৩) শুকান HCl গেছে কিয় শুকান লিটমাচ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটাই?

Ans: শুকান অৱস্থাত HCl গেছে আয়নৰ সৃষ্টি কৰিৱ নোৱাৰে । যাৰ ফলত ই এছিডৰ ধৰ্ম প্ৰদৰ্শন কৰিৱ নোৱাৰে আৰু সেয়ে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন কৰিৱ নোৱাৰে।

প্ৰশ্ন:৪) এছিড এটা লঘূ কৰোঁতে এছিড পানীত যোগ কৰিৱলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিৱলৈ কোৱা নহয় কিয়?

Ans: এছিড লঘূকৰণৰ প্ৰক্ৰিয়াটো হ’ল অতিশয় তাপবৰ্জী বিক্ৰিয়া। যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিৱ পাৰে আৰু জুই লাগিৱ পাৰে। অত্যাধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাগিবওঁ পাৰে। সেয়ে গাঢ় এছিড পানীৰ সৈতে মিহলাওঁতে অতি কাৱধানেৰে কৰিৱ লাগে আৰু এছিড সদায় পানীতহে লাহে-লাহে যোগ কৰিৱ লাগে, কেতিয়াওঁ পানী এছিডত যোগ কৰিৱ নালাগে।

প্ৰশ্ন:৫) এছিডৰ দ্ৰৱ এটা লঘূ কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (HNO3) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?

Ans: এছিড এটা পানীৰে সৈতে মিহলাওঁতে প্ৰতি একক আয়তনত হাইড্ৰ’নিয়াম আয়নৰ(H3O+) গাঢ়তা হ্ৰাস পায়।

প্ৰশ্ন:৬) ছ’ডিয়াম হাইদ্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH–) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তীত হয়?

Ans: ছ’ডিয়াম হাইদ্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে প্ৰতি একক আয়তনত হাইড্ৰ’ক্সাইড আয়ন (OH–) ৰ গাঢ়তা বৃদ্ধি পায়।

প্ৰশ্নাৱলী:

প্ৰশ্ন:১)) তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ PH ৰ মান 6 আৰু দ্ৰৱ B ৰ PH ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

Ans: দ্ৰৱ ‘A’ ত হাইড্ৰ’জেন আয়নৰ(H+) গাঢ়তা বেছি।

দ্ৰৱ ‘A’ হ’ল আম্লিক আৰু দ্ৰৱ ‘B’ হ’ল ক্ষাৰকীয়।

প্ৰশ্ন:২) দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ (aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?

Ans: দ্ৰৱ এটাত H+ আয়নৰ গাঢ়তা বেছি হ’লে দ্ৰৱটো আম্লিক হয় আৰু দ্ৰৱ এটাত H+ আয়নৰ গাঢ়তা কম হ’লে দ্ৰৱটো কম আম্লিক হয় অৰ্থাৎ অধিক ক্ষাৰকীয় হয়।

প্ৰশ্ন:৩) ক্ষাৰকীয় দ্ৰৱত H+ (aq) আয়ন থাকেনে ? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?

Ans: ক্ষাৰকীয় দ্ৰৱত H+ (aq) আয়ন থাকে। ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে যদিওঁ H+ ৰ গাঢ়তা OH– আয়নৰ গাঢ়তাৰ তুলনাত বহু কম। সেয়ে, ইহঁত ক্ষাৰকীয়।

প্ৰশ্ন:৪) মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ ( কেলছিয়াম অক্সাইড ) বা শিথিলিত চূণ ( কেলছিয়াম হাইড্ৰ’ক্সাইড ) বা চক ( কেলছিয়াম কাৰ্বনেট ) প্ৰয়োগ কৰিৱ বুলি তোমালোকে ভাবা ?

Ans: গছ-গছনিৰ সুস্থ সৱল বৃদ্ধিৰ বাবে মাটিৰ PH ৰ পৰিসৰ 6.5 ৰ পৰা 7 ৰ ভিতৰত হ’ৱ লাগে। অৰ্থাৎ মাটিখিনি অধিক অম্লিক তথা অধিক ক্ষাৰকীয়ো হ’ৱ নালাগে। যদি মাটিখিনি অধিক আম্লিক অৰ্থাৎ PH ৰ মান 6.5 ৰ তলত হয় তেন্তে সেই অৱস্থাত কৃষক এজনে মাটিত পোৰা চূণ ( কেলছিয়াম অক্সাইড ) বা শিথিলিত চূণ ( কেলছিয়াম হাইড্ৰ’ক্সাইড ) বা চক ( কেলছিয়াম কাৰ্বনেট ) প্ৰয়োগ কৰিৱ যিয়ে মাটিখিনি প্ৰশম কৰি উপযোগী PH ৰ পৰিসৰলৈ লৈ আনিৱ ।

প্ৰশ্নাৱলী:

প্ৰশ্ন:১) যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি ?

Ans: যৌগ CaOCl2 ৰ সাধাৰণ নামটো হ’ল – ব্লিচিং পাউদাৰ।

প্ৰশ্ন:২) ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা?

Ans: ক্ল’ৰিণৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম হ’ল – কেলছিয়াম হাইড্ৰ’ক্সাইড [Ca(OH)2] বা শিথিলিত চূণ।

প্ৰশ্ন:৩) কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।

Ans: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম হ’ল- ছ’ডিয়াম কাৰ্বনেট (Na2CO3.10H2O)

প্ৰশ্ন:৪) ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।

Ans: ছ’ডিয়াম হাইড্ৰ’জেনৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছ’ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়।

জড়িত বিক্ৰিয়াটো হ’ল-

2NaHCO3 Na2CO3 + H2O + CO2

প্ৰশ্ন:৫) প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

Ans: নিৰ্ণেয় বিক্ৰিয়াটো হ’ল:-

CaSO4.1/2 H2O + H2O CaSO4.2H2O

(প্লাষ্টাৰ অব পেৰিছ) (জিপছাম)

প্ৰশ্নাৱলী:

প্ৰশ্ন:১) এটা দ্ৰৱই ৰঙা লিটমাছ ৰঙা কৰিছে । ইয়াত PH হ’ব পাৰে–

(a) 1 (b) 4 (c) 5 (d) 10

Ans: (d) 10

প্ৰশ্ন:২) এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে–

(a) NaCl (b) HCl (c) LiCl (d) KCl

Ans: (b) HCl

প্ৰশ্ন:৩) NaOH দ্ৰৱ এটাৰ 10ml এ HCl দ্ৰৱ এটাৰ 8ml সম্পূৰ্নৰূপে পএশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লোঁ তেন্তে এইখিনি প্ৰশমিত কৰিৱলৈ লগা HCl দ্ৰৱৰ ( আগৰ সৈতে একেটা দ্ৰৱ ) পৰিমাণ হ’ৱ–

(a) 4ml (b) 8ml (c) 12ml (d) 16ml

Ans: (d) 16ml

প্ৰশ্ন:৪) অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?

(a) এণ্টিবায়টিক

(b) বেদনানাশক (analgesic)

(c) অম্লনাশক

(d) বীজাণুবাৰক (antiseptic)

Ans: (c) অম্লনাশক

প্ৰশ্ন:৫) সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া–

(a) লঘূ ছালফিউৰিক এছিডে যিংকৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে।

(b) লঘূ হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে।

(c) লঘূ ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে।

(d) লঘূ হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।

Ans:

(a) যিংকৰ গুড়ি + লঘূ ছালফিউৰিক এছিড → যিংক ছালফেট + হাইড্ৰ’জেন গেছ Zn(s) + H2SO4(aq) → ZnSO­4(aq) + H2(g)

(b) মেগনেছিয়াম ফিটা + লঘূ হাইড্ৰ’ক্ল’ৰিক এছিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ

Mg(s) + 2HCl(aq) → MgCl2(aq) + H2(↑)

(c) এলুমিনিয়াম পাউদাৰ + লঘূ ছালফিউৰিক এছিড → এলুমিনিয়াম ছালফেট + হাইড্ৰ’জেন গেছ

2Al(s) + 3H2SO4(aq) → Al2(SO4)3 (aq) + 3H2(↑)

(d)লোৰ গুড়ি + লঘূ হাইড্ৰ’ক্ল’ৰিক এছিড → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ

Fe(s) + 2HCl(aq) → FeCl2(aq) + H2(↑)

প্ৰশ্ন:৬) এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিৱলৈ এটা পৰীক্ষা কৰা।

Ans: পৰীক্ষণীয় সঁজুলি-বিকাৰ, এলক’হল, গ্লুক’জৰ দ্ৰৱ, দুটা লোৰ গজাল, কৰ্ক, 6 ভল্টৰ বেটাৰী এটা

পদ্ধতি- কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটৌ বিকাৰটোত ৰখা হ’ল। গজাল দুটাৰ মূৰ দুটা এটা বাল্ব, এটা ছুইছ আৰু বেটাৰীৰ মূৰ দুটাৰ লগত সংযোগ কৰা হ’ল। এতিয়া বিকাৰটোত লাহে লাহে এলক’হল ভৰাই ছুইচটো টিপি দিয়া হ’ল। একেটা পৰীক্ষা এলক’হলৰ পৰিৱৰ্তে গ্লু’কজৰ দ্ৰৱলৈ পুনৰ কৰা হ’ল আৰু পাছত HCl ৰ জলীয় দ্ৰৱ লৈ পৰীক্ষাটো কৰা হ’ল।

পৰ্যবেক্ষণ- এলক’হল বা গ্লুক’জৰ দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে কিন্তু HCl ৰ জলীয় দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো জ্বলে।

সিদ্ধান্ত-এছিডে বিদ্যুৎ প্ৰৱাহিত কৰাৰ কাৰণ হ’ল ইহঁত আয়নলৈ বিয়োজিত হয়। HCl বিয়োজিত হৈ হাইড্ৰ’জেন আয়ন (H+) আৰু ক্ল’ৰাইড আয়ন(Cl–) উৎপন্ন হয়।এলক’হল আৰু গ্লুক’জ বিয়োজিত হৈ আয়ন উৎপন্ন কৰিৱ নোৱাৰে। ফলত ইহঁতে বিদ্যুৎ প্ৰৱাহিত কৰিৱ নোৱাৰে।

প্ৰশ্ন:৭) পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?

Ans: পাতিত পানীত কোনো ধৰণৰ আয়ন নাথাকে। যাৰ ফলত ইহঁতৰ মাজেদি আধানৰ সৰবৰাহ হ’ৱ নোৱাৰে। সেইবাবে পাতিত পানীৰ মাজেৰে কোনো বিদ্যুৎ প্ৰৱাহিত নহয়।

আনহাতে, বৰষুণৰ পানী বায়ুমণ্ডলৰ মাজেৰে ভূ-পৃষ্ঠলে নামি আহোঁতে বায়ুত থকা CO2,­ SO2 আদি গেছ বৰষুণৰ পানীত মিহলি হয়। এই গেছবোৰে কাৰ্বনিক এছিড (H2CO3), ছালফিউৰাছ এছিড (H2SO3) আদি এছিড উৎপন্ন কৰে। এছিডবোৰ পানীত দ্ৰৱীভূত হৈ আয়নলৈ বিযোজিত হয় আৰু এই আয়নবোৰৰ মাজেৰেই বৰঢ়ুণৰ পানীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।

প্ৰশ্ন:৮) পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় ?

Ans: জলীয় দ্ৰৱত এছিডে H+ আয়ন ত্যাগ কৰি হাইড্ৰ’নিয়াম আয়ন উৎপন্ন কৰে। যাৰ ফলত ইহঁতে এছিড ধৰ্ম প্ৰদৰ্শন কৰে।

HCl(aq) + H2O(l) → H3O+(aq) + Cl–(aq)

পানীৰ অনুপস্থিতিত এছিডে H+ আয়ন ত্যাগ কৰি হাইড্ৰ’নিয়াম আয়ন (H3O+) উৎপন্ন কৰিৱ নোৱাৰে। সেয়ে পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শণ কৰিৱ নোৱাৰে।

প্ৰশ্ন:৯) পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ –

(a) প্ৰশম

(b) তীব্ৰ ক্ষাৰকীয়

(c) তীব্ৰ আম্লিক

(d) মৃদু আম্লিক

(e) মৃদু ক্ষাৰকীয়

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত PH মানবোৰ সজোৱা।

Ans:

(a) D দ্ৰৱ প্ৰশম কিয়নো ইয়াৰ PH ৰ মান 7

(b) C দ্ৰৱ তীব্ৰ ক্ষাৰকীয় কিয়নো ইয়াৰ PH ৰ মান 11

(c) B দ্ৰৱ প্ৰশমতীব্ৰ আম্লিক কিয়নো ইয়াৰ PH ৰ মান 1

(d) A দ্ৰৱ মৃদু আম্লিক কিয়নো ইয়াৰ PH ৰ মান 4

(e) E দ্ৰৱ মৃদু ক্ষাৰকীয় কিয়নো ইয়াৰ PH ৰ মান 9

প্ৰশ্ন:১০) পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল । পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এছিদ (HCl) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমানেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাৱ আৰু কিয় ?

Ans: পৰীক্ষানল ‘A’ ত বেছি বেগেৰে বুৰবুৰণি ওলাৱ। কিয়নো, HCl হৈছে তীব্ৰ এছিড আৰু এছেটিক এছিড হৈছে মৃদু এছিড। সেয়ে মেগনেছিয়ামে এছেটিক এছিডৰ তুলনাত HCl ৰ সৈতে বেছি বেগেৰে বিক্ৰিয়া কৰিৱ ফলত পৰীক্ষানল ‘A’ ত বেছি বেগেৰে বুৰ-বুৰণি ওলাৱ।

প্ৰশ্ন:১১) কেঁচা গাখীৰৰ PH ৰ মান 6। ই দৈত পৰিণত হ’লে PH সলনি হ’ৱনে ? ব্যাখ্যা কৰা ।

Ans: কেঁচা গাখীৰৰ PH ৰ মান 6 । কেঁচা গাখীৰ দৈত পৰিণত হ’ৱলৈ গাখিৰত যথেষ্ট পৰিমাণে লেকটিক এছিডৰ উৎপন্ন হয়। ফলত গাখিৰৰ PH 6 ত কৈ কমি আৰু অধিক আম্লিক হয় যাৰ ফলত দৈ প্ৰস্তুত হয়।

∴ কেঁচা গাখীৰ দৈত পৰিণত হওঁতে গাখীৰৰ PH সলনি হয়।

প্ৰশ্ন:১২) এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।

(a) কিয় তেওঁ কেঁচা গাখিৰৰ PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে?

(b) এই গাখীৰখিনি দৈত পৰিণত হ’ৱলৈ বেছি সময় লাগে কিয়?

Ans: (a) সাধাৰণতেই কেঁচা গাখিৰ কিছু পৰিমাণে আম্লিক হয়। যেতিয়া গোৱাল এজনে বহু সময়ৰ বাবে গাখীৰখিনি ৰাখি থয় তেতিয়া গাখীৰৰ PH 6 ত কৈ কমি আৰু বেছি আম্লিক হয় যিয়ে গাখীৰখিনি দৈত পৰিণত কৰে। গাখীৰখিনি দৈত পৰিণত নহ’ৱলৈ গোৱালজনে কেঁচা গাখীৰত কিছূ পৰিমাণে বেকিং ছ’ডা যোগ কৰি সামান্য ক্ষাৰকীয় কৰি লয় যাৰ ফলত গাখীৰখিনি দৈত পৰিণত হৱ’লৈ আগতকৈ বেছি সময়ৰ প্ৰয়োজন হ’ৱ। ফলত গোৱালজনে গাখিৰখিনি বেছি সময় সংৰক্যণ কৰি ৰাখিৱ পাৰিৱ।

(b) ক্ষাৰকীয় গাখিৰখিনি দৈত পৰিণত হ’ৱলৈ বেছি সময়ৰ প্ৰয়োজন হ’ৱ। কিয়নো গাখীৰত থকা লেকটিক এছিডে প্ৰথমে গাখিৰৰ ক্ষাৰ প্ৰশমিত কৰিৱ লাগিৱ। অধিক পৰিমাণৰ লেকটিক এছিড উৎপন্ন হ’লেহে গাখিৰখিনিৰ PH 6 ত কৈ কম হ’ৱ আৰু ফলত গাখীৰখিনি দৈত পৰিণত হ’ৱ, যাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ’ৱ।

প্ৰশ্ন:১৩) প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ’ৱ লাগে । কিয় ? ব্যাখ্যা কৰা ।

Ans: প্লাষ্টাৰ অব পেৰিছ এবিধ বগা পাউদাৰ। যেতিয়া প্লাষ্টাৰ অব পেৰিছক মুক্ত বায়ূত ৰখা হয় তেতিয়া ই বায়ুমণ্ডলৰ পৰা জলীয় ভাৱ শোষণ কৰি পুনৰ জিপছামলৈ ঘূৰি যায়। জিপছামলৈ পুনৰ ঘূৰি যোৱাত বাধা দিৱলৈ প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাৱ নোৱাৰা পাত্ৰত থ’ৱ লাগে।

বিক্ৰিয়া:

CaSO4.H2O + 1H2O CaSO4.2H2O

(প্লাষ্টাৰ অব পেৰিছ) (জিপছাম)

প্ৰশ্ন:১৪) প্ৰশমন বিক্ৰিয়া কি ? দুটা উদাহৰণ দিয়া । কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা ।

Ans: এছিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰা বিক্ৰিয়াটোকে প্ৰশমন বিক্ৰিয়া বোলে। এই বিক্ৰিয়াত অম্ল আৰু ক্ষাৰকে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে।

এছিড + ক্ষাৰক → লৱণ + পানী

উদাহৰণস্বৰূপে,

(i) NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)

(ii) Ca(OH)2 + H2SO4(aq) → CaSO4(aq) + H2O(l)

কাপোৰ ধোৱা ছ’ডাৰ দুটা ব্যৱহাৰ:

(i) ছ’ডিয়াম কাৰ্বনেট (কাপোৰ ধোৱা ছ’ডা) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।

(ii) ব’ৰাক্সৰ দৰে ছ’ডিয়াম যৌগৰ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয়।

বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ হ’ল:

(i) বেকিং পাউদাৰ প্ৰস্তুত কৰিৱলৈ। ই বেকিং ছ’ডা (ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট) আৰু টাৰটাৰিক এছিডৰ দৰে ভক্ষণীয় মৃদু এছিডৰ মিশ্ৰণ।

(ii) ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেট ( বেকিং ছ’ডা ) অম্লনাশকবোৰৰ এটা উপাদান। ক্ষাৰকীয় হোৱা বাবে ই পেটৰ অতিৰিক্ত এছিড প্ৰশমিত কৰি সকাহ দিয়ে।



পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

১। তােমাক পাতিত পানী, এছিড দ্ৰব্য আৰু ক্ষাৰকীয় দ্রব্য থকা ক্রমে A, B, C, তিনিটা পৰীক্ষা নল দিয়া হৈছে। যদি তােমাক কেৱল নীলা লিটমাছ কাগজ দিয়া হয় তেন্তে তুমি কেনেকৈ পৰীক্ষা নলত থকা দ্রব্যসমূহ চিনাক্ত কৰিবা?
উঃ নীল লিটমাছ কাগজ তিনিওটা পৰীক্ষা নলত দিয়া হ’ল। ইয়াৰ যিটো পৰীক্ষা নলত নীল লিটমাছখন ৰঙা হ’ল সেই দ্রব্যখিনি আম্লিক হয়। এতিয়া সেই ৰঙা লিটমাছ বাকী দুটা পৰীক্ষা নলত ডুবাই দিয়াত যিটো পৰীক্ষা নলত লিটমাছখন পুনৰ নীলা হয় সেই দ্রব্যখিনি ক্ষাৰকীয় হ’ব। বাকী থকা A পৰীক্ষা নলত পাতিত পানী থকা বুলি চিনাক্ত কৰা হ’ব।

২। তােমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ Aৰ PHৰ মান 6 আৰু দ্ৰৱ B টোৰ PHৰ মান 8। কোনটো দ্ৰৱত হাইড্রজেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উ : দ্ৰৱ A আম্লিক আৰু ইয়াত হাইড্রজেন আয়নৰ গাঢ়তা বেছি। দ্ৰৱ B ক্ষাৰকীয়।

২〉 দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উঃ দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এই এচিডে পিতল আৰু তামৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেই কাৰণে ইহঁতক পিতল বা তামৰ পাত্ৰত থােৱা নহয়।

৩। এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কেনেকৈ পৰীক্ষা কৰিবা।
উঃ এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ উৎপন্ন কৰে। উদাহৰণস্বৰূপে– Na ধাতুৱে HCI এছিডৰ সৈতে বিক্রিয়া কৰি H2 গেছ উৎপন্ন কৰে।
2Na(s)+2HCl (aq) +2NaCl+H2(g)
এতিয়া জ্বলন্ত কাঠি এডাল গেছটোৰ কাষলৈ নিলে গেছখিনি নীলা শিখাৰে জ্বলি উঠে। ইয়াৰ দ্বাৰা প্রমাণ হয় যে গেছখিনি হাইড্রজেন।

৪। এটা ধাতৱ যৌগ লঘু হাইড্রক্লৰিক এছিডৰ সৈতে বিক্রিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হােৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হােৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হলে বিক্রিয়াটোৰ বাবে সত্তলিত সমীকৰণটো লিখা।
উঃ গেছটোৱে বুৰবুৰণিৰ সৃষ্টি কৰিছে আৰু ই আকৌ জুই নুমুৱাত সহায় কৰিছে সেয়েহে গেছটো CO2। গতিকে A যৌগটো হ’ব কেলছিয়াম কার্বনেট CaCO3।
বিক্রিয়াটোৰ বাবে সমতুল সমীকৰণটো হ’ল—
CaCO3+2HCl →CaCI2+C02+H2

৫। জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায়?
উ : HCI, HNO3 আৰু H2SO4 ইত্যাদিয়ে জলীয় দ্ৰৱত আয়নীত হৈ হাইড্রজেন আয়ন (H+) মুক্ত কৰে। সেইবাবে ইহতে আম্লিক ধর্ম দেখুৱায়।
আনহাতে, এলকহল আৰু গ্লুক’জ জলীয় দ্ৰৱত আয়নীত হৈ হাইড্রজেন আয়ন (H+) মুক্ত নকৰে।সেইবাবে ইহঁতে আম্লিক ধর্ম নেদেখুৱায়।

৬। এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?
উঃ এছিডবােৰে জলীয় দ্ৰৱত আয়নীত হৈ হাইড্ৰ’জেন আয়ন সৃষ্টি কৰে। সেইবাবে এছিডৰ জলীয় দ্ৰবই বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ইহঁত বিদ্যুতৰ সুপৰিবাহী।

প্রঃ ৭। শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ?

উঃ শুকান HCI গেছে H+ আয়ন উৎপন্ন কৰিব নােৱাৰে বাবে ই শুকান লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নঘটায়।

৮। এছিড এটা লঘু কৰোতে এছিড পানীত যােগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যােগ কৰিবলৈ কোৱা নহয় কিয়?
উঃ এছিডত পানী মিহলি কৰিলে অত্যধিক পৰিমাণে তাপৰ উদ্ভৱ হয়। যাৰ ফলত বিক্রিয়া সংঘটিত কৰা বিকাৰ ভাঙি যাব পাৰে বা জুই লাগিব পাৰে। সেইবাবে এছিডক লঘু কৰোতে পানী এছিডত যােগ কৰা নহয়।

৯। এছিড এটা লঘু কৰোতে হাইড্রনিয়াম আয়ন (H3O+)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয় ?
উঃ এছিড দ্ৰৱ পানীৰ সৈতে মিহলালে (H3O+) আয়নৰ প্রতি একক আয়তনৰ মান হ্রাস পায়, ফলত এছিড লঘু হয়।

১০| ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্রক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱর্তিত হব?
উঃ ছ’ডিয়াম অক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে OH ৰ গাঢ়তা বৃদ্ধি হয়।

১১। তােমাৰ হাতত A আৰু B দুটা দ্ৰৱ। A PH ৰ মান 6 আৰু দ্ৰৱ Bৰ PHৰ মান ৪ কোনটো দ্ৰৱত হাইড্রজেন (H3o+) আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উঃ দ্ৰৱ Aত হাইড্রজেন আয়নৰ গাঢ়তা বেছি। দ্ৰৱ A আম্লিক আৰু দ্ৰৱ B ক্ষাৰকীয়। ইয়াৰ HO‾ আয়নৰ গাঢ়তা বেছি।

১২। দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্রভাব আছে?
উ :H+ আয়নৰ গাঢ়তা অধিক হলে ই আম্লিক, H+ আয়নৰ গাঢ়তা কম হলে ক্ষাৰকীয়া হয়।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

১৩। ক্ষাৰকীয় দ্ৰবত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?
উঃ ক্ষাৰকীয় দ্ৰববােৰত OH– আয়নৰ উপৰিও H+ আয়ন থাকে যদিও এইবােৰ ক্ষাৰকীয় হয়। ইহঁতে H+ আয়নতকৈ OH– আয়ন বেছি পৰিমাণে এৰি দিয়ে।

১৪। মাটিত কি অৱস্থাত কৃষক এজনে পােৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চুণ (কেলছিয়াম হাইড্রক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়ােগ কৰিব বুলি তােমালােকে ভাবা?
উঃ চুণ বা শিথিলিত চুণ বা চক মাটিত ব্যৱহাৰ কৰিলে শস্যক্ষেত্ৰত বৃদ্ধি হােৱা এছিডৰ পৰিমাণ হ্রাস হয়।

১৫। যৌগ CaOCI2ৰ সাধাৰণ নামটো কি?

উঃ ব্রিচিং পাউডাৰ।

১৬। ক্ল’ৰিণৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।
উ : চূণ পানী Ca(OH)2

১৭ | ছডিয়াম হাইড্রজেন কার্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্রিয়াটোৰ সমীকৰণ লিখা।
উঃ ছ’ডিয়াম হাইড্রজেন কার্বনেটত তাপ প্রয়ােগ কৰিলে Na2CO3, CO2 আৰু পানী উৎপন্ন হয়।
2NaHC03→ Na2CO3+CO2+H2

১৮। প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্রিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।
উ : CaSO4 ½ H2O+3/2H20→Cas042H2

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

১৯। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ’ব পাৰে-
(a) 1 (b) 4 (c) 5 (d) 10
উ : (d) 10.

২০। এটা দ্ৰৱই গুড়ি কৰি লােৱা কণীৰ খােলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণ পানী ঘােলা কৰে দ্ৰৱটোত থাকে
(a) Nacl (b) HCl (c) Licl (d) KCI
উ : (b) HCl

২১। NaOH দ্ৰৱ এটাৰ 10mL এ HCl দ্ৰৱ এটাৰ। 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 200mL লওঁ তেন্তে এই প্রসমিত কৰিবলগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ)ৰ পৰিমাণ হ’ব
(a) 4ml (b) 8ml (c) 12ml (d) 16ml
উঃ (d) 16ml

২২। অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ- ঔষধ ব্যৱহাৰ কৰা হয় ?
(a)
এন্টিবায়টিক (b) বেদনানাশক (c) অম্লনাশক। (d) বীজাণুবাৰক
উ: (c) অম্লনাশক।

২৩। সংঘটিত বিক্রিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া-
(a)
লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
(b)
লঘু হাইড্ৰ’ক্লৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।
(c)
লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্রিয়া কৰে।
(d)
লঘু হাইড্রক্ল’ৰিক এছিড়ে লােৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
উ : (a) জিংকৰ + ছালফিউৰিক এচিড → জিংক ছালফেট + হাইড্রজেন গেছ।
Zn(s)+H2SO4(aq) ZnSO4(aq)+H2(g)

(b) মেগনেছিয়াম + হাইড্ৰ’ক্ল’ৰিক এচিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্রজেন গেছ
Mg(s)+2HCl(aq) → MgCl2(aq)+H2(g)

(c) এলুমিনিয়াম + ছালফিউৰিক এচিড (aq) → এলুমিনিয়াম ছালফেট + হাইড্রজেন গেছ।
2Al(s)+3H2S04(aq) →AI2(SO4)3(aq) +3H2(g)

(d) লাে + হাইড্ৰ’ক্ল’ৰিক এচিড় (aq) →আইৰণ ক্ল’ৰাইড
Fe(s)+2HCl(aq) →FeCI2(aq)+H2(g)

(e) Zn + CuS04 → ZnSO4 + Cu

২৪ | এলকহল ‘আৰু গ্লুক’জৰ দৰে যৌগবােৰতাে হাইড্রজেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভূক্ত কৰা হােৱা নাই। ইয়াক প্রমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উঃ এটা বিকাৰত গ্লুক’জৰ দ্ৰৱ লােৱা হ’ল। এটা কৰ্কৰ সহায়ত দ্ৰৱৰ ভিতৰত দুটা গজাল সুমুৱাই দি গজাল দুটাৰ মূৰত তাৰৰ সহায়ত 6 ভল্টৰ বেটাৰী, এটা বাল্ব আৰু এটা চুইচ সংযােগ কৰা হ’ল। এতিয়া চুইচটো দিয়াত বাল্বটো জ্বলা নাই। একেদৰে গ্লুক’জৰ পৰিৱর্তে এলকহলৰ দ্ৰাৱত চুইচ দিলে বাল্বটো নজ্বলে। অর্থাৎ, দ্রবত হাইড্রজেন আয়ন। (H+) উৎপন্ন হােৱা নাই। সেইবাবে এলকহল আৰু গ্লুকজক এছিডত শ্রেণীভূক্ত কৰা হােৱা নাই।

এছিড ক্ষাৰক আৰু লৱণ

২৫। পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?
উঃ বৰষুণৰ পানীত H+ আয়ন থাকে বাবে বিদ্যুৎ সৰবৰাহ কৰে। আনহাতে, পাতিত পানীত H+ আয়ন নাথাকে বাবে বিদ্যুৎ সৰবৰাহ নকৰে।

২৬। পানীৰ অনুপস্থিতিত এছিডে এছিডৰ ধর্ম প্রদর্শন নকৰে কিয়
উঃ পানীৰ অনুপস্থিতিত এছিডে আয়ন সৃষ্টি নকৰে। সেইবাৰে এইবােৰে এছিডৰ ধৰ্ম প্রদর্শন নকৰে।

প্রঃ ২৭। পাচটা দ্রব A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্রমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রব

(a) প্ৰশম (b) তীব্র ক্ষাৰকীয় (c) তীব্র আম্লিক (d) মৃদু আম্লিক (e) মৃদু ক্ষাৰকীয়
হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমাত PH ৰ মানবােৰ সজোৱা।
উ : (a) D প্ৰশম (pH) =7
(b) C
তীব্র ক্ষাৰকীয়PH =11
(c) B
তীব্র আম্লিক pH =1
(d) A
মৃদু আম্লিক PH =4
(e) E
মৃদু ক্ষাৰকীয় PH =9
হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমত PHৰ মানবােৰ হ’ল— 11<9<7<4<1

২৮ | পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লােৱা হ’ল। পৰীক্ষানল Aত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু পৰীক্ষানল Bত এচিটিক এছিড যােগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লােৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ?
উঃ পৰীক্ষানল Aত বেছি বেগেৰে বুৰবুৰণি ওলাব। কাৰণ, HCI এছিড CH3COOH তকৈ তীব্র। গতিকে HCl এছিড আৰু মেগনেছিয়ামৰ মাজৰ বিক্রিয়াৰ বেগ বেছি হ’ব। গতিকে A Bতকৈ বেছি শব্দ কৰি বুৰবুৰণিৰ সৃষ্টি হ’ব।

২৯। কেঁচা গাখীৰৰ PHৰ মান 6। ই দৈত পৰিণত হলে pH সলনি হ’বনে? ব্যাখ্যা কৰা।
উ: কেচা গাখীৰ দৈত পৰিণত কৰিলে PHৰ মান কমি আহে। কাৰণ, প্রক্রিয়াটোত লেক্টিক এছিড উৎপন্ন হয়।

৩০। এজন গােৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছডা যােগ কৰিলে।
(a)
কিয় তেওঁ কেচা গাখীৰৰ PHৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে।
(b)
এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?
উঃ (a) গাখীৰত বেকিং ছডা মিহলালে গাখীৰ সামান্য পৰিমাণে ক্ষাৰকীয় আৰু গাখীৰ বেছি সময়লৈ নষ্ট নােহােৱাকৈ থাকে।
(b)
লেকটিক এছিড গাখীৰত মিহলােৱা বেকিং ছডাৰ লগত বিক্রিয়া কৰি প্ৰশম হয়। এতিয়া গাখীৰ দৈত পৰিণত হ’বলৈ অধিক পৰিমাণৰ লেকট্রিক এছিডৰ প্রয়ােজন হয়। ফলত গাখীৰ দৈত পৰিণত হ’বলৈ অধিক সময়ৰ প্রয়ােজন।

৩১। প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সােমাব নােৱাৰা পাত্ৰত থব লাগে কিয়? ব্যাখ্যা কৰা।
উঃ প্লাষ্টাৰ অৱ পেৰিছত জলীয় বাষ্প সােমালে ই সহজে জিপছামলৈ পৰিৱৰ্তন হ’ব। ফলত ই কঠিন হৈ ব্যৱহাৰৰ অনুপযােগী হ’ব। সেয়েহে প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সােমাব নােৱাৰা পাত্ৰত থব লাগে।

প্রঃ ৩২। প্রশমন বিক্রিয়া কি ? দুটা উদাহৰণ দিয়া? কাপােৰ ধােৱা ছডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্ব ব্যৱহাৰ লিখা।
উঃ এছিড আৰু ক্ষাৰৰ মাজৰ বিক্রিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াক প্রশমণ বিক্রিয়া বােলে।
উদাহৰণ—
(a) HCl(aq)+NaOH(aq) → NaCl2(aq) + H20(l)
(b) 2NaOH(aq)+H2SO4(aq) → Na2SO4(aq)+ 2H2O(l)

৩৩। এলকালি কাক বােলে ?
উ : যিবােৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবােৰক এলকালি বােলে।

৩৪। এছিড কাক বােলে?
উঃ যিবােৰ পদার্থই জলীয় দ্ৰৱত আয়নিত হৈ হাইড্রজেন আয়ন মুক্ত কৰে সেইবােৰক এছিড বােলে।

৩৫। দুবিধ প্রাকৃতিক আৰু দুবিধ কৃত্রিম সূচকৰ নাম লিখা।
উঃ দুবিধ প্রাকৃতিক সূচক হ’ল—লিটমাছ আৰু হালধী।
দুবিধ কৃত্রিম সূচকৰ নাম হ’ল—মিথাইল অৰেঞ্জ আৰু ফেন’লফথেলিন।

৩৬। লিটমাছ দ্ৰৱ কি? প্রশম অৱস্থাত ইয়াৰ ৰং কেনেকুৱা?
উ : লিটমাছ হ’ল লাইকেন নামৰ উদ্ভিদৰ পৰা নিষ্কাষণ কৰা এবিধ ৰঞ্জক পদার্থ।

সুচক কি?
উঃ যি দ্ৰৱ্যই অম্ল বা ক্ষাৰকীয় মাধ্যমত নিজৰ ৰং সলনি কৰে তাকে সূচক বােলে।

৩৭। পানীৰ লগত বিক্রিয়া কৰি ক্ষাৰক উৎপন্ন কৰা দুবিধ অক্সাইডৰ নাম লিখা।
উ : পানীৰ লগত বিক্রিয়া কৰি ক্ষাৰক উৎপন্ন কৰা অক্সাইড দুবিধ হ’ল—
(
ক) মেগনেছিয়াম আৰু (খ) কেলছিয়াম।

৩৮ | ক্ষাৰকৰ দুটা ধর্ম উল্লেখ কৰা।
উঃ ক্ষাৰকৰ দুটা ধর্ম হ’ল—
(
ক) ক্ষাৰকৰ সােৱাদ তিতা বা কেহা।
(
খ) ক্ষাৰকে ৰঙা লিটমাছৰ বৰণ নীলা কৰে।

৩৯। এছিড বৰষুণ কি?
উ : বৰষুণৰ পানীত pHৰ পৰিমাণ 5.6তকৈ কম হলে তাক এছিড় বৰষুণ কোৱা হয়।

৪০। ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্রিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা।
উঃ শুকান শিথিলিত চূণৰ ওপৰেদি ক্ল’ৰিণ গেছ যাবলৈ দি ব্রিচিং পাউডাৰ প্ৰস্তুত কৰা হয়।
Ca(OH)2+Cl2→ CaOCI2+H2
ব্লিচিং পাউডাৰৰ ব্যৱহাৰ হ’ল—
(
ক) বস্ত্র শিল্প, কাগজ শিল্প আৰু বিভিন্ন উদ্যোগত ব্লিচিং পাউডাৰৰ বিৰঞ্জক হিচাপে ব্যৱহাৰ কৰা হয়।
(
খ) খােৱাপানী বিশুদ্ধ কৰিবলৈ আৰু বীজাণুনাশক হিচাপে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়।
(
গ) কাপােৰ ধুবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়।

৪১: প্লাষ্টাৰ অব পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ইয়াৰ এটা গুৰুত্বপূর্ণ ব্যৱহাৰ লিখা। প্লাষ্টাৰ অৱ পেৰিছৰ দুটা ব্যৱহাৰ লিখা।
উঃ প্লাষ্টাৰ অৱ পেৰিছ হ’ল এবিধ বগা পাউদাৰজাতীয় পদার্থ। ইয়াৰ ৰাসায়নিক নাম কেলছিয়াম ছালফেট হেমিহাইড্রেট (Caso4so.½H2o) জিপছাম (Cas042H20) ক 100° C ত উত্তপ্ত কৰি ইয়াক প্ৰস্তুত কৰা হয়।
প্লাষ্টাৰ অৱ পেৰিছৰ দুটা ব্যৱহাৰ হ’ল—
(
ক) ভগা হাড় জোৰা লগাবলৈ প্লাষ্টাৰ অৱ পেৰিছ ব্যৱহাৰ কৰা হয়।
(
খ) পুতলা, ঘৰ সজোৱা সামগ্ৰী আৰু মিহি তল সাজি বাবে প্লাষ্টাৰ অৱ পেৰিছ ব্যৱহাৰ কৰা হয়।

৪২। ছ’ডিয়াম হাইড্রজেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্রিয়াটোৰ সমীকৰণ দিয়া।
উ : ছ’ডিয়াম হাইড্রজেন কার্বনেট গৰম কৰিলে ছ’ডিয়াম কার্বনেট, পানী আৰু কার্বন-ডাই অক্সাইড পােৱা যায়।
2NaHCO3 → Na2c03+H2O+CO2

৪৩: pH কি? (H.S.L.C -15)
উঃ pH হল এছিড আৰু ক্ষাৰৰ গাঢ়তা জোখা স্কেল।

প্রঃ ৪৪। কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা।
উ : ছ’ডিয়াম কার্বনেট।

৪৫। যৌগ Ca0cl2ৰ সাধাৰণ নামটো কি?

উ : Ca0cl2ৰ সাধাৰণ নাম ব্লিচিং পাউডাৰ।

প্রঃ বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা।
উ : বেকিং ছ’ডাৰ ৰাসায়নিক নাম – ছ’ডিয়াম হাইড্রজেন কার্বনেট NaHCO3
ছডিয়াম ক্ল’ৰাইডক অন্যতম কেঁচামাল হিচাপে ব্যৱহাৰ কৰি তলত দিয়া সমীকৰণত দেখুওৱা পদার্থসমূহ লৈ বেকিং ছডা প্রস্তুত হয়।
NaCl+H2O+CO2+NH3→NH4Cl+NaHCO3
(
বেকিং ছডা)


No comments:

Post a Comment

Class 9 History MCQ Chapter 1

1. প্রাচীন কালৰে পৰা ভাৰতবৰ্ষৰ লগত কোন কোন দেশৰ যোগাযোগ আছিল ? - a) গ্ৰীচ আৰু ৰোম - b) চিন আৰু মঙ্গোলিয়া - c) ইজিপ...