| বছৰ | ঘটনা |
১৬০৩-১৬৪১ | স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকাল; এই সময়ছোৱাতে তেওঁ মোৱামৰীয়া শিষ্যসকলৰ পৰীক্ষা ল'বলৈ ঘোঁৰাত উঠাই ডিঙিৰ সমানকৈ তৰোৱাল বান্ধি দিছিল আৰু শিষ্য দুজনে শিৰশ্ছেদ গ্ৰহণ কৰিছিল। |
১৬৪১-৪৪ | চুৰুম্ফা ভগাৰজাৰ ৰাজত্বকাল; ৰাজ আজ্ঞামতে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল। |
১৭৬৯ | মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি আৰু প্ৰথম পৰ্যায়ৰ গণবিদ্ৰোহ সূচনা; প্ৰায় ৭০০০ সৈন্য গোটাই আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা। |
১৭৬৯-১৮০৫ | মোৱামৰীয়া বিদ্ৰোহৰ সমগ্ৰ সময়ছোৱা (প্ৰায় ৩৫ বছৰ)। |
১৭৮৬ | তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি; দফলা-বহতীয়া সকলৰ লগত লাগি বিদ্ৰোহ কৰে আৰু ১৭৮৬ চনৰ পৰাই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে যোৰহাটৰ বাহিৰত বিদ্ৰোহীৰ গতিৰোধ কৰিবলৈ চেষ্টা চলায়। |
১৭৮৮ (১৯ জানুৱাৰী) | স্বৰ্গদেউ গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্ৰোহীৰ কৱলৰ পৰা ৰক্ষা পাবলৈ ৰাজধানী এৰি গুৱাহাটীলৈ যাত্ৰা কৰে। |
১৭৯২ | কেপ্টেইন থমাছ ওৱেলছৰ নেতৃত্বত ব্ৰিটিছ সেনা প্ৰথমবাৰৰ বাবে অসমত প্ৰৱেশ কৰে। |
১৭৯২ (নৱেম্বৰ)-১৭৯৪ (মে') | কেপ্টেইন ওৱেলছৰ সামৰিক বাহিনী অসমত থকাৰ সময়ছোৱা। |
১৭৯৩ (৮ ফেব্ৰুৱাৰী) | গৌৰীনাথ সিংহ আৰু কেপ্টেইন ওৱেলছৰ মাজত বাণিজ্য চুক্তি স্বাক্ষৰিত হয়। |
১৭৯৪ (২১ মাৰ্চ) | গৌৰীনাথ সিংহই পুনৰ ৰাজধানী ৰংপুৰত প্ৰৱেশ কৰে। |
১৭৯৪ (৩ জুলাই) | কেপ্টেইন ওৱেলছে সামৰিক অভিযান সামৰি সৈন্যসহ গোৱালপাৰাত উপস্থিত হয়। |
১৭৯৫ | স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু। |
১৭৯৫-১৮১০ | স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ (চুক্লেংফা) ৰাজত্বকাল। |
১৮০১ | বেংমৰাত ভৰত সিংহৰ নেতৃত্বত মোৱামৰীয়াসকলে চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ কৰে, য'ত ভৰত সিংহৰ মৃত্যু হয়। |
১৮০৫ | (১) কাছাৰত বিজয়ী বৰমুৰাগোহাঁইৰ নেতৃত্বত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হয়। (২) পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু মোৱামৰীয়া নেতা সৰ্বানন্দৰ মাজত চুক্তি স্বাক্ষৰিত হয় আৰু 'মটক ৰাজ্য' গঠন কৰা হয়। |
Sunday, August 2, 2026
ASSEB Class IX Social Science History Chapter 3 Dates
Subscribe to:
Post Comments (Atom)
Class 9 History MCQ Chapter 1
1. প্রাচীন কালৰে পৰা ভাৰতবৰ্ষৰ লগত কোন কোন দেশৰ যোগাযোগ আছিল ? - a) গ্ৰীচ আৰু ৰোম - b) চিন আৰু মঙ্গোলিয়া - c) ইজিপ...
-
অনুশীলনীৰ প্ৰশ্নোত্তৰ অতি চমু উত্তৰৰ প্ৰশ্ন ১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? উত্তৰ: ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত মহাত্ম...
-
অতি চমু / চমু উত্তৰৰ প্ৰশ্ন ১। মায়ামৰা কি? উত্তৰ: মায়ামৰা হৈছে কাল সংহতিৰ অন্তৰ্ভুক্ত এখন বৈষ্ণৱ সত্ৰ । ২। সত্ৰ বুলিলে কি বুজা? উত্তৰ: ...
-
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন ১। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পো...
No comments:
Post a Comment