| বছৰ / সময়ছোৱা / তারিখ | ঘটনা |
| ১৬৫৮–১৭০৯ | সম্রাট ঔৰংজেৱৰ শাসনকাল আৰু মৃত্যু। |
| ১৭৫৬–৫৭ | বংগৰ নবাব চিৰাজুদ্দৌলাৰ শাসনকাল। |
| ১৭৫৭ | ৰবাৰ্ট ক্লাইবে পলাচী যুদ্ধত বংগৰ নবাব চিৰাজুদ্দৌলাক পৰাস্ত কৰে আৰু ভাৰতত ব্ৰিটিছ শাসনৰ পাতনি মেলে। |
| ১৭৭২–১৮৩৩ | ৰাজা ৰামমোহন ৰায়ৰ জীৱনকাল। |
| ১৭৮০ | জেমছ আগষ্টাচ হিকিৰ দ্বাৰা ভাৰতৰ প্ৰথম ইংৰাজী সংবাদপত্র 'বেংগল গেজেট' প্ৰকাশ পায়। |
| ১৭৯৭ | ইউৰোপীয় মিছনেৰীসকলে শ্ৰীৰামপুৰত প্ৰথমটো হুপাখানা (ছপাশাল) স্থাপন কৰে। |
| ১৭৯৮–১৮০৪ | লৰ্ড বেলেছলিৰ শাসনকাল (১৭৯৯ চনত 'প্ৰেছ ৰেগুলেচন' প্ৰয়োগ কৰি বাতৰি কাকতৰ ওপৰত বাধা-নিষেধ প্ৰৱৰ্তন কৰে)। |
| ১৮০০ (২৫ অক্টোবৰ) | লৰ্ড মেক'লেৰ জন্ম (লিচেষ্টাৰছায়াৰ, ইংলেণ্ড)। |
| ১৮০০ (২০ ডিচেম্বৰ) | চার্লচ উডৰ জন্ম (ইংলেণ্ড)। |
| ১৮১৩–২৩ | লৰ্ড হেষ্টিংছৰ শাসনকাল (১৮১৭ চনত সংবাদ-প্ৰত্ৰৰ বাধা-নিষেধ কিছু পৰিমাণে উঠাই লয়)। |
| ১৮১৫ | ৰাজা ৰামমোহন ৰায়ে কলিকতাত 'আত্মীয় সভা' স্থাপন কৰে। |
| ১৮১৭ | ৰাজা ৰামমোহন ৰায় আৰু ডেভিড হেয়াৰে কলিকতাত 'হিন্দু কলেজ' প্ৰতিষ্ঠা কৰে। |
| ১৮১৭–১৮৯৮ | ছাৰ ছৈয়দ আহমদ খানৰ জীৱনকাল। |
| ১৮২৪–১৮৮৩ | স্বামী দয়ানন্দ সৰস্বতীৰ জীৱনকাল। |
| ১৮২৫–১৯১৭ | দাদাভাই নৌৰজীৰ জীৱনকাল। |
| ১৮২৮ | ৰাজা ৰামমোহন ৰায়ে 'ব্রাহ্ম সভা' (পিছলৈ ব্রাহ্ম সমাজ) স্থাপন কৰে। |
| ১৮২৮–১৮৩৫ | গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিংকৰ কাৰ্যকাল (আইনী প্ৰক্ৰিয়াৰে সতীদাহ প্ৰথা বিলুপ্ত কৰে)। |
| ১৮২৯ (৬ জুন) | এলেন অক্টেভিয়ান হিউমৰ জন্ম। |
| ১৮৩২ | ভাপ কলেৰে ৰেল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হয়। |
| ১৮৩৩ | ৰাজা ৰামমোহন ৰায়ে ব্ৰিটিছ হাউছ অব কমন্সত বাছনি কমিটীৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনত উপস্থিত হয়। |
| ১৮৩৪–১৮৮৬ | ৰামকৃষ্ণ পৰমহংসৰ জীৱনকাল। |
| ১৮৩৫ | লৰ্ড মেক'লে ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়ায়। |
| ১৮৩৫–১৮৩৬ | অস্থায়ী গৱৰ্ণৰ জেনেৰেল ছাৰ চাৰ্লছ মেটকাফৰ কাৰ্যকাল (১৮৩৫ চনত দেশীয় কাকতৰ ওপৰৰ বাধা-নিষেধ উঠাই লয়)। |
| ১৮৩৮–১৮৮৪ | কেশৱ চন্দ্ৰ সেনৰ জীৱনকাল। |
| ১৮৩৯ | কলিকতাৰ পৰা দিল্লীলৈ 'গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড' নিৰ্মাণ কৰা হয়। |
| ১৮৩৯ | কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। |
| ১৮৪২–১৯০১ | জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডেৰ জীৱনকাল। |
| ১৮৪৪ | কোম্পানিৰ চৰকাৰে আধুনিক শিক্ষা প্ৰৱৰ্তনৰ যো-জা চলায়। |
| ১৮৪৭ (১ অক্টোবৰ) | এনি বেছাল্টৰ (এনি বেছান্ট) জন্ম (লণ্ডন, ইংলেণ্ড)। |
| ১৮৪৭–১৯৩৩ | এনি বেছাল্টৰ জীৱনকাল। |
| ১৮৪৮–১৮৫৬ | লৰ্ড ডেলহাউচীৰ কাৰ্যকাল (গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড পেচোৱাৰলৈ সম্প্ৰসাৰিত কৰে)। |
| ১৮৫১ | লৰ্ড ডেলহাউচীয়ে টেলিগ্ৰাফ ব্যৱস্থা চৰকাৰী নিয়ন্ত্ৰণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত সম্প্ৰসাৰণ ঘটায়। |
| ১৮৫৩ | বোম্বাই আৰু থানেৰ মাজত (২১ কিলোমিটাৰ) ভাৰতবৰ্ষৰ প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। |
| ১৮৫৪ | চার্লচ উডৰ প্ৰচেষ্টাত (উডৰ প্ৰেৰণ পত্ৰ/শিক্ষা সংস্কাৰ আঁচনি) ভাৰতত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ হয়। |
| ১৮৫৪ | মাদ্ৰাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হয়। |
| ১৮৫৫ | 'হিন্দু কলেজ' প্রেছিডেন্সি কলেজ নামেৰে পুনৰনামকৰণ কৰা হয়। |
| ১৮৫৬–১৯২০ | বালগংগাধৰ তিলকৰ জীৱনকাল। |
| ১৮৫৭ | ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ সূচনা হয়। |
| ১৮৫৮–১৯৩২ | বিপিনচন্দ্র পালৰ জীৱনকাল। |
| ১৮৫৯ (২৮ ডিচেম্বৰ) | লৰ্ড মেক'লেৰ মৃত্যু (লণ্ডন, ইংলেণ্ড)। |
| ১৮৬১ | ভাৰতবৰ্ষৰ বহু ঠাইত দুৰ্ভিক্ষ আৰু খাদ্যৰ অভাৱ দেখা দিয়ে। |
| ১৮৬৩ (১২ জানুৱাৰী) | স্বামী বিবেকানন্দৰ (নৰেন্দ্ৰ নাথ দত্ত) জন্ম (কলিকতা)। |
| ১৮৬৩–১৯০২ | স্বামী বিবেকানন্দৰ জীৱনকাল। |
| ১৮৬৪ | ছাৰ ছৈয়দ আহমদ খানে গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে। |
| ১৮৬৫ | ছাৰ ছৈয়দ আহমদ খানে 'বিজ্ঞান সমিতি' (Science Society) নামৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰে। |
| ১৮৬৫–১৯২৮ | লালা লাজপত ৰায়ৰ জীৱনকাল। |
| ১৮৬৭ | কেশৱ চন্দ্ৰ সেনে মহাৰাষ্ট্ৰত ' প্ৰাৰ্থনা সমাজ' প্ৰতিষ্ঠা কৰে। |
| ১৮৭৫ | স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত 'আৰ্য সমাজ' প্ৰতিষ্ঠা কৰে। |
| ১৮৭৫ | আমেৰিকাৰ নিউয়ৰ্ক চহৰত 'থিয়'ছফিকেল ছ'চাইটি' প্ৰতিষ্ঠা কৰা হয়। |
| ১৮৭৫ | ছাৰ ছৈয়দ আহমদ খানে 'আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ' প্ৰতিষ্ঠা কৰে। |
| ১৮৭৬–১৮৮০ | লৰ্ড লিটনৰ কাৰ্যকাল (আই চি এছ পৰীক্ষাৰ্থীৰ উচ্চতম বয়সৰ সীমা ২১ৰ পৰা ১৯ বছৰলৈ হ্রাস কৰে)। |
| ১৮৭৮ | লৰ্ড লিটনে কুখ্যাত ' প্ৰেছ আইন' (আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত বাধা-নিষেধ) জাৰি কৰে। |
| ১৮৭৮ | লৰ্ড লিটনে 'অস্ত্ৰ আইন' জাৰি কৰে। |
| ১৮৮০–১৮৮৪ | গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰিপণৰ কাৰ্যকাল (ছাৰ ৰমেশচন্দ্ৰ মিত্ৰক মুখ্য ন্যায়াধীশ পদত নিয়োগ কৰে)। |
| ১৮৮৩ | অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয়। |
| ১৮৮৩ (১ মাৰ্চ) | এলেন অক্টেভিয়ান হিউমে কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকসকললৈ মুকলি চিঠি প্ৰেৰণ কৰে। |
| ১৮৮৪–১৮৮৮ | গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকাল। |
| ১৮৮৫ | 'থিয়'ছফিকেল ছ'চাইটি'ৰ শাখা কাৰ্যালয় মাদ্ৰাজত মুকলি কৰা হয়। |
| ১৮৮৫ (২৮ ডিচেম্বৰ) | বোম্বাইৰ গকুলদাস তেজপাল সংস্কৃত কলেজত 'ভাৰতীয় জাতীয় কংগ্ৰেছ' প্ৰতিষ্ঠা কৰা হয়। |
| ১৮৮৫ (৮ আগষ্ট) | চালর্চ উডৰ মৃত্যু (ইংলেণ্ড)। |
| ১৮৮৬ | দাদাভাই নৌৰজী প্ৰথমবাৰলৈ জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। |
| ১৮৮৭ | স্বামী বিবেকানন্দই এটা মঠ প্ৰতিষ্ঠা কৰে। |
| ১৮৯০ | জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা সঁজাতী দল ইংলেণ্ডলৈ পঠিয়ায়। |
| ১৮৯২ | দাদাভাই নৌৰজী ব্ৰিটিছ কমন্স সভাৰ সদস্য নিৰ্বাচিত হয়। |
| ১৮৯২ | 'ভাৰত পৰিষদ আইন' প্ৰণয়ন কৰা হয়। |
| ১৮৯৩ | স্বামী বিবেকানন্দই ছিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসভাত বক্তৃতা প্ৰদান কৰে। |
| ১৮৯৩ | এনি বেছান্ট মাদ্ৰাজত উপস্থিত হয়। |
| ১৮৯৩ | দাদাভাই নৌৰজী দ্বিতীয়বাৰলৈ জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। |
| ১৮৯৮ | এনি বেছান্টে বাৰাণসীত 'চেণ্ট্ৰেল হিন্দু স্কুল' প্ৰতিষ্ঠা কৰে। |
| ১৮৯৯–১৯০৫ | লৰ্ড কাৰ্জনৰ কাৰ্যকাল। |
| ১৯০২ (৪ জুলাই) | স্বামী বিবেকানন্দৰ মৃত্যু (কলিকতা)। |
| ১৯০৪ (১৬ আগষ্ট) | 'ইত্তেহাড' আলোচনীৰ ১৬ আগষ্ট সংখ্যাত মহম্মদ ইকবালৰ 'স্যাৰে জহাঁছে আচ্ছা' গীতটি কবিতা হিচাপে প্ৰকাশ পায়। |
| ১৯০৫ | জাপানৰ হাতত ৰুছিয়াৰ পৰাজয় আৰু বংগ ভংগৰ ঘটনা সংঘটিত হয়। |
| ১৯০৫ | বাৰাণসী জাতীয় কংগ্ৰেছৰ অধিবেশন (সভাপতি গোপালকৃষ্ণ গোখলে) অনুষ্ঠিত হয়। |
| ১৯০৫ (ডিচেম্বৰ) | মাদ্ৰাছত এনি বেছাল্ট, হেনৰি অলকট আৰু চালৰ্চ লিডবিটাৰৰ সমাৱেশ ঘটে। |
| ১৯০৬ | দাদাভাই নৌৰজীৰ সভাপতিত্বত জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশন অনুষ্ঠিত হয় (স্বৰাজ প্রাপ্তিক লক্ষ্য হিচাপে ঘোষণা কৰে)। |
| ১৯০৭ | ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিবেশনত কংগ্ৰেছ চৰমপন্থী আৰু নৰমপন্থী - এই দুটা শিবিৰত বিভক্ত হয়। |
| ১৯১০ | প্রেছিডেন্সি কলেজ প্রেছিডেন্সি ইউনিভাৰচিটীলৈ উন্নীত হয়। |
| ১৯১২ (৩১ জুলাই) | এলেন অক্টেভিয়ান হিউমৰ মৃত্যু। |
| ১৯১৬ | বাৰাণসীৰ 'চেণ্ট্ৰেল হিন্দু স্কুল'খন বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়। |
| ১৯১৬ | এনি বেছান্টে 'হোম ৰুল লীগ' প্ৰতিষ্ঠা কৰে। |
| ১৯১৬ | চৰমপন্থীসকল জাতীয় কংগ্ৰেছলৈ পুনৰ ঘূৰি আহে (১৯১৬ চনলৈকে আতঁৰত আছিল)। |
| ১৯১৭ | এনি বেছান্টে জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতিৰ পদ অলংকৃত কৰে। |
| ১৯১৭ (৩০ জুন) | দাদাভাই নৌৰজীৰ মৃত্যু। |
| ১৯২০ | 'আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ'খন 'আলিগড় মুছলিম বিশ্ববিদ্যালয়'লৈ উন্নীত হয়। |
| ১৯৩৩ (২০ ছেপ্টেম্বৰ) | এনি বেছাণ্টৰ মৃত্যু (মাদ্ৰাছ)। |
Sunday, August 2, 2026
ASSEB Class IX Social Science History Chapter 2 Dates
Subscribe to:
Post Comments (Atom)
ASSEB Class IX General Science Chapter 1 questions and Answers
অধ্যায়-১: আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in Our Surroundings) ইন-টেক্সট প্রশ্নাৱলী (In-Text Questions) ১. তলৰ কোনবোৰ...
-
অনুশীলনীৰ প্ৰশ্নোত্তৰ অতি চমু উত্তৰৰ প্ৰশ্ন ১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? উত্তৰ: ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত মহাত্ম...
-
অতি চমু / চমু উত্তৰৰ প্ৰশ্ন ১। মায়ামৰা কি? উত্তৰ: মায়ামৰা হৈছে কাল সংহতিৰ অন্তৰ্ভুক্ত এখন বৈষ্ণৱ সত্ৰ । ২। সত্ৰ বুলিলে কি বুজা? উত্তৰ: ...
-
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন ১। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পো...
No comments:
Post a Comment