Friday, October 16, 2026

অসমীয়া ব্যাকৰণঃ সমাৰ্থক শব্দ

অ

অগ্নি [HSLC '14] : জুই, অনল, বহ্নি, হুতাশন, পাৱক।

অতি : অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।

অন্ধকাৰ : তমঃ, তিমিৰ, আন্ধাৰ।

অনুৰাগ : আসক্তি, প্ৰেম।

অমৰাপুৰী : স্বৰ্গ, দেৱলোক, সুৰলোক।

অমৃত : সুধা, অমিয়, পীয়ূষ।

অৰ্থ : ধন, বিত্ত, সম্পদ, বিভৱ, বৈভৱ, ঐশ্বৰ্য।

অলংকাৰ : আভূষণ, আভৰণ, গহনা।

অসুখ : বেমাৰ, ৰোগ, ব্যাধি, অসুস্থতা, অশান্তি।

অসুৰ : দৈত্য, দানৱ, দেৱাৰি, দিতিসুত, দেৱৰিপু, ইন্দ্ৰাৰি।

আ

আকাশ [HSLC '05, '07, '10, '14, '15, '16, '17] : অম্বৰ, গগন, ব্যোম, শূন্য, আচমান।

আনন্দ : ৰং, আমোদ, হৰ্ষ, উল্লাস।

আভৰণ : অলংকাৰ, আভূষণ, ভূষণ।

আত্মীয় : কুটুম্ব, আপোন মানুহ, সম্বন্ধীয় লোক।

আহত : আঘাতপ্ৰাপ্ত, ক্ষতবিক্ষত।

আবেদন : দৰখাস্ত, প্ৰাৰ্থনা, নিবেদন, অৰ্জি।

আৰাও : মাত, চিঞৰ, শব্দ, ৰৱ।

ই / ঈ

ইচ্ছা : বাঞ্ছা, অভিলাষ, অভিপ্ৰায়, কামনা, হেঁপাহ, হাবিয়াহ, হাবিলাষ, স্পৃহা, আকাংক্ষা।

ঈশ্বৰ : ভগৱান, পৰমেশ্বৰ, জগদীশ, বিধাতা, স্ৰষ্টা, প্ৰভু, দীনবন্ধু, পৰমপিতা, আল্লা, খোদা।

উ

উজু : সহজ, সৰল, সুচল।

উত্তম : উৎকৃষ্ট, শ্ৰেষ্ঠ, ভাল, অনুপম।

উভতি : ওভতি, উলটি, উভতি আহি।

ঋ

ঋণ : ধাৰ, দেনা, কৰ্জ।

ক

কথা : উক্তি, বচন, বাক্য, ভাষণ।

কন্যা : দুহিতা, তনয়া, জীয়াৰী, আত্মজা।

কপাল [HSLC '05] : ললাট, ভাল, অদৃষ্ট।

কম : তাকৰ, অল্প, নগণ্য।

কৰুণ [HSLC '13] : কাতৰ, শোকাবহ, ব্যাকুল, মৰ্মভেদী।

কলঙ্ক : দাগ, খুঁত, অপযশ।

কাপোৰ : বস্ত্ৰ, অম্বৰ, বসন, বাস, আচ্ছাদন।

কাৰেং : ৰাজপ্ৰাসাদ, ৰজাৰ অট্টালিকা।

কিতাপ : পুস্তক, গ্ৰন্থ, পুথি।

কিৰণ : ৰশ্মি, দীপ্তি, জেউতি, পোহৰ, অংশু।

কুশল : কল্যাণ, মঙ্গল, শুভ, সমৃদ্ধি।

কুসুম : ফুল, পুষ্প, প্ৰসূন।

কেৰাহি : বেঁকা দৃষ্টি, তিৰ্যক দৃষ্টি।

কেৰাহী : লোহৰা (ভাজি ৰন্ধা পাত্ৰবিশেষ)।

কেয়ূৰ / কেৰু : থুৰীয়া, কাণফুলি, কুণ্ডল।

গ

গছ [HSLC '14, '16] : বৃক্ষ, বিৰিখ, বিটপী, পাদপ, দ্ৰুম, শাখী, মহীৰুহ।

গধূলি : সন্ধিয়া, সন্ধ্যা, দিনান্ত, গোধূলি।

গাখীৰ : ক্ষীৰ, দুগ্ধ, পয়।

গীত : গান, সংগীত।

গৃহস্থ : সংসাৰী, পৰিণীতিপ্ৰাপ্ত, ঘৰৰ মুৰব্বী।

ঘ

ঘৰ [HSLC '15] : গৃহ, আলয়, আবাস, ভৱন, নিলয়, সদন।

ঘাট : নৈৰ পাৰ, উপকূল, তৰণীঘাট।

ঘাঁহ : তৃণ, বন।

ঘিউ : ঘৃত, হব্য, সৰ্পি।

ঘোঁৰা : অশ্ব, ঘোটক, তুৰঙ্গ, হয়।

চ / ছ

চকু [HSLC '05, '09, '15] : অক্ষি, নয়ন, নেত্ৰ, লোচন, দৃষ্টি।

চন্দ্ৰ : জোন, জোনবাই, শশী, শশধৰ, শশাঙ্ক, সুধাকৰ, সুধাংশু, সোম, ইন্দু, নিশাকৰ।

চৰা : উচ্চ, বৰ্ধিত, বৃদ্ধি পোৱা।

চৰাই : পক্ষী, বিহগ, বিহঙ্গ, বিহঙ্গম, খগ, খেচৰ, দ্বিজ।

চাকৰ : দাস, ভৃত্য, অনুচৰ, পৰিচাৰক।

চাৰু : সুন্দৰ, মনোহৰ, শুৱনি, উত্তম, ধুনীয়া।

চিকুণ : মিহি, মসৃণ, সুন্দৰ, নিপোটল।

চিনেমা : চলচ্চিত্ৰ, বোলছবি।

চিন্তো : ভাবোঁ, চিন্তা কৰোঁ।

ছাল : চৰ্ম, চামৰা, ত্বক, বাকলি।

ছিদ্ৰ : বিন্ধা, ফুটা, জলঙা।

জ

জন্ম : উৎপত্তি, জনন, জনম, উদ্ভৱ, আৱিৰ্ভাৱ।

জলক : দীপ্তি, চকমকীয়া পোহৰ, ঝলক।

জড় : অচেতন, অপ্ৰাণ, জীৱনহীন।

জিভা : জিহ্বা, ৰসনা।

জীৱিত : জীয়াই থকা, জীৱন্ত, প্ৰাণৱন্ত।

জুই : অগ্নি, অনল, বহ্নি, হুতাশন, পাৱক।

জোন : চন্দ্ৰ, শশী, জোনবাই।

ড

ডাঙৰ : বৃহৎ, বিশাল, প্ৰকাণ্ড, শ্ৰেষ্ঠ, গুৰু।

ত

তপ্ত : গৰম, উত্তপ্ত।

তৰংগ : ঢৌ, লহৰ, ঊৰ্মি, হিল্লোল।

তেজ : ৰক্ত, শোণিত, ৰুধিৰ।

ত্যাগ : বৰ্জন, পৰিত্যাগ, বিসৰ্জন।

দ

দক্ষিণা : বৰঙণি, দান, মাননি, অৰিহণা।

দৰিয়া : সাগৰ, সিন্ধু, নদী।

দাহ : পোৰণি, দহন, জ্বলা।

দিন : দিৱস, দিবা, অহঃ, বাৰ, বাসৰ।

দুখ : বেদনা, কষ্ট, যন্ত্ৰণা, ক্লেশ, বেজাৰ।

দেৱতা : সুৰ, অমৰ, দেৱ, ত্ৰিদশ, আদিত্য।

ধ

ধন : অৰ্থ, বিত্ত, সম্পদ, বিভৱ, সম্পত্তি, ঐশ্বৰ্য।

ধনী : চহকী, আঢ্যৱন্ত, ধনৱন্ত।

ধৰা [HSLC '14] : পৃথিৱী, ধৰিত্ৰী, মেদিনী, বসুন্ধৰা।

ধৱল [HSLC '17] : বগা, শুক্ল, শ্বেত।

ধুনীয়া : সুন্দৰ, শুৱনি, সুশ্ৰী, মনোহৰ।

ধাম : পবিত্ৰ স্থান, তীৰ্থস্থান, বাসস্থান।

ন

নাবালক : অপ্ৰাপ্তবয়স্ক, কিশোৰ।

নাৰী : তিৰোতা, মহিলা, স্ত্ৰী, ৰমণী, অংগনা, অবলা, কামিনী, বনিতা।

নিগাজী : স্থায়ী, চিৰকলীয়া, যুগমীয়া।

নিশা [HSLC '04, '08, '09] : ৰাতি, ৰজনী, নিশি, যামিনী, বিভাৱৰী, শৰ্বৰী।

নিঃশব্দ : নীৰৱ, নিস্তব্ধ, নিমাওমাও।

নৈ / নদী [HSLC '04, '09, '15] : তটিনী, স্ৰোতস্বিনী, স্ৰোতৱতী, তৰঙ্গিণী, সৰিৎ, নিম্নগা, নিৰ্ঝৰিণী, প্ৰবাহিনী।

প

পতি : স্বামী, প্ৰভু, নাথ, কান্ত, গিৰিহঁত।

পত্নী : ঘৈণী, তিৰোতা, স্ত্ৰী, সহধৰ্মিণী, জায়া, গৃহিণী।

পদ : ভৰি, চৰণ, পাদ।

পদূলি : বাটৰ মুখ, চোতালৰ সম্মুখ।

পদুম ফুল : পদুম, পদ্ম, কমল, উৎপল, নলিন, নলিনী, অৰবিন্দ, পঙ্কজ, সৰোজ, শতদল, পুণ্ডৰীক, কোকনদ।

পণ্ডিত : বিদ্বান, জ্ঞানী, প্ৰাজ্ঞ, মনীষী, সুধী, বিজ্ঞ।

পৰ্বত : গিৰি, শৈল, পাহাৰ, ভূধৰ, মহীধৰ, অচল, অদ্ৰি, শৃংগী, শিখৰী।

পহু : হৰিণা, মৃগ, কুৰঙ্গ, সাৰঙ্গ।

পানী : জল, বাৰি, অপ, অম্বু, উদক, নীৰ।

পিৰীতি : প্ৰেম, মৰম, চেনেহ, প্ৰণয়।

পিয়াহ : পিয়াহ লগা, তৃষ্ণা, পিপাসা।

পীড়া : ব্যাধি, ৰোগ, কষ্ট, যন্ত্ৰণা, বেদনা।

পুথি : পুস্তক, গ্ৰন্থ, কিতাপ।

পূৰ্বতে : আগতে, আদিতে, প্ৰাচীন কালত।

পৃথিৱী [HSLC '04, '07, '09] : ধৰা, ধৰিত্ৰী, বসুন্ধৰা, বসুধা, মেদিনী, অৱনী, মহী, ক্ষিতি, বসুমতী, ৰত্নগৰ্ভা।

প্ৰয়াস : চেষ্টা, যত্ন, উদ্যোগ, পুৰুষাৰ্থ।

প্ৰাচীন : পুৰণি, পুৰাতন, বহুদিনীয়া।

প্ৰাপ্তবয়স্ক : পূৰ্ণবয়স্ক, সাবালক, বয়স্ক।

প্ৰিয় : মৰমৰ, চেনেহৰ, বাঞ্ছিত।

ব

বন : হাবি, অৰণ্য, জংঘল, কানন, বিপিন।

বতাহ [HSLC '16] : বায়ু, পৱন, অনিল, সমীৰ, সমীৰণ, মৰুৎ, প্ৰভঞ্জন।

বন্ধু : সখা, সখি, মিত্ৰ, সুহৃদ, বান্ধৱ, লগৰীয়া।

বধ : হত্যা, হনন, নিধন।

বাট : পথ, আলি, ৰাস্তা, মাৰ্গ।

বাৰিধি [HSLC '17] : সাগৰ, সমুদ্ৰ, জলধি, অম্বুধি।

বিখ্যাত : প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত।

বিটপী [HSLC '16] : গছ, বৃক্ষ, বিৰিখ।

বৃত্তি : জীৱিকা, পেচা, ব্যৱসায়।

বেছি : অধিক, সৰহ, প্ৰচুৰ।

ব্যথা [HSLC '13] : বেদনা, কষ্ট, দুখ, যন্ত্ৰণা।

ভ

ভৰি : পদ, চৰণ, ঠেং।

ভাত : অন্ন, আহাৰ, সিজোৱা চাউল।

ভৃত্য : চাকৰ, দাস, লগুৱা, পৰিচাৰক।

ম

মন্দিৰ : দেৱালয়, মঠ, দ'ল, দেৱগৃহ।

মহিমা : মাহাত্ম্য, গৌৰৱ, প্ৰতাপ।

মণ্ডিত : অলংকৃত, বিভূষিত, শোভিত।

মাছ : মৎস্য, মীন।

মাটি : মৃত্তিকা, মৃৎ, ভূমি।

মিত্ৰ : বন্ধু, সখা, সুহৃদ, বান্ধৱ।

মুখ : বদন, আনন, আস্য।

মৃত্যু : মৰণ, দেহাৱসান, পঞ্চত্ব, বিনাশ, তিৰোভাৱ, পৰলোকগমন।

মেঘ [HSLC '04] : ডাৱৰ, জলধৰ, জীমূত, বাৰিদ, নীৰদ, ঘন।

য

যম : যমৰাজ, অন্তক, শমন, কৃতান্ত, ধৰ্মৰাজ, কাল, দণ্ডধৰ।

যত্ন : চেষ্টা, প্ৰয়াস, পৰিশ্ৰম, শুশ্ৰূষা, উদ্যোগ।

ৰ

ৰজা [HSLC '08, '10] : নৃপতি, নৰপতি, ভূপতি, নৰেশ্বৰ, সম্ৰাট।

ৰ'দ : কিৰণ, আতাপ, ৰ'দালি।

ৰহম : দয়া, কৃপা, কৰুণা।

ৰাগি : খং, ক্ৰোধ, কোপ, ৰোষ।

ৰোগ : ব্যাধি, বেমাৰ, নৰীয়া, পীড়া, অসুখ।

ল

লাঠী : লাখুটি, টোকোন, টাঙোন।

লেখীয়া : নিচিনা, দৰে, সদৃশ।

শ

শত্ৰু : অৰি, বৈৰী, ৰিপু, শতৰু, অৰাতি।

শেষ : অন্ত, অৱসান, সমাপ্তি, ওৰ, অন্তিম।

স

সঞ্চাৰ / সঁচাৰ : চাবি, তলা বন্ধ কৰা আহিলা।

সাউদ : সদাগৰ, ব্যৱসায়ী, বেপাৰী, মুদৈ।

সাগৰ : সমুদ্ৰ, সিন্ধু, জলধি, ৰত্নাকৰ, পাৰাবাৰ, অম্বুধি, অৰ্ণৱ, জলনিধি।

সামৰণি : সমাপ্তি, সমাপন, অন্ত।

সুঘ্ৰাণ : সুগন্ধ, সুবাস, ভাল গোন্ধ।

সুচল : সুবিধা, সহজ, অনুকূল।

সূৰ্য : ৰবি, বেলি, ভাস্কৰ, দিবাকৰ, ভানু, দিনকৰ, অৰুণ, তপন।

সোণ : স্বৰ্ণ, কাঞ্চন, হেম, কনক, সুৱৰ্ণ, হিৰণ্য।

স্থান : ঠাই, থল, বাসস্থান, আশ্ৰয়।

স্নিগ্ধ : কোমল, মসৃণ, শীতল।

স্বৰ্গ : দেৱলোক, সুৰলোক, ত্ৰিদিব, নাক, স্বঃ।

হ

হৰিষ : হৰ্ষ, আনন্দ, উল্লাস।

হাট : বজাৰ, বিপণি।

হাত [HSLC '16] : কৰ, হস্ত, বাহু, ভুজ, পাণি।

হাতী [HSLC '05] : হস্তী, গজ, দ্বিপ, কুঞ্জৰ, মাতঙ্গ, নাগ।

হৃদয় / হিয়া [HSLC '13] : বুকু, অন্তৰ, মন।

হোজা : সৰল, নিৰীহ, অজলা।

হ্ৰদ : সৰোবৰ, সৰসী, পুষ্কৰিণী।

সমাৰ্থক শব্দ: একেটা অৰ্থযুক্ত আন শব্দবোৰক সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলা হয়।


অ

অন্ত : অৱশেষ, শেষ, ইতি, মৃত্যু

অৰ্জুন : পাৰ্থ, সব্যসাচী, ফাল্গুনী।

অতি : অত্যন্ত, অধিক, পৰম।

অগ্নি : জুই, অনল, বহ্নি।

অনুৰাগ : আসক্তি, প্ৰেম।

অন্ধকাৰ : তিমিৰ, আন্ধাৰ, নিশি।

অমৰাপুৰী : স্বৰ্গ, দেৱলোক।

অমৃত : সুধা, অমিয়, পীযুষ।

অৰ্থ : টকা,সম্পদ, বিত্ত।

অলংকাৰ : গহণা, আভৰণ।

অসুৰ : দৈত্য, দানৱ।

অসুখ : বেজাৰ।


আ

আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য।

আতংক : ভয়, ভীতি।

আত্মীয় : কুটুম, সম্বন্ধীয় মানুহ।

আদৰ্শ : আৰ্হি, চানেকি।

আদিম : প্ৰথম, প্ৰাচিন।

আনন্দ : উল্লাস, ৰং, আমোদ, ধেমালি।

আহত : আঘাত।

আপোন : নিজ, আত্ম।

আবেদন : দৰ্খাস্ত, নিৱেদন।

আৰাও : মাত, চিঞৰ।


আৰ্হি : চানেকি, আদৰ্শ।


আৱিৰ্ভূত : প্ৰকাশিত, অৱতীৰ্ণ।


আৱেগ : ব্যাকুলতা, ব্যগ্ৰতা।



ই


ইচ্ছা : বাঞ্ছা, স্পৃহা, অনুৰোধ।


ইন্দ্ৰ : পুৰন্দৰ, বজ্ৰপাণি, স্বৰ্গাধিপতি।


ইতৰ : হীন, অধম।


ইতিহাস : বুৰঞ্জী।



ঈ


ঈশ্বৰ : পৰমাত্মা,ভগৱান,নাথ।


ঈষত্ : অলপ, কিঞ্চিত।


ঈসান : মহাদেৱ, শিৱ।


ঈক্ষণ : দৃষ্টি, দৰ্শণ।


উ


উকা : শুদা, উদং।


উগ্ৰ : তীব্ৰ, চোকা।


উচিত : সমীচীন, যথাৰ্থ।


উজু : সৰল, সহজ, ঢিলা।


উত্কট : তীব্ৰ, অতিশয়।


উত্কন্ঠা : ব্যাকুলতা, উদ্বিগ্নতা।


উত্ফুল্ল : আনন্দিত, বিকশিত।


উত্ৰাৱল : অস্থিৰ, চঞ্চল।


উত্তম : উৎকৃষ্ট, শ্ৰেষ্ঠ।


উদয় : উত্থান, উত্পত্তি।



ঊ


ঊৰ্মি : ঢৌ , তৰংগ।


ঊষা : ধলপুৱা।



ঋ


ঋণ : কৰ্জ, দেনা, ধাৰ।


ঋষি : শাস্ত্ৰবিদ, তপস্বী, মুনি।



এ


একান্ত : একাগ্ৰ, একমুখী।



ঐ


ঐক্য : একতা।


ঐচ্ছিক : ইচ্ছাধীন।


ঐশ্বৰ্য্য : সম্পত্তি, বিভৱ।



ও


ওজা : শিক্ষক, পণ্ডিত।


ওপৰঞ্চি : অতিৰিক্ত, উপৰুৱা।


ওলগ : সেৱা, নমস্কাৰ।



ঔ


ঔষধ : দৰৱ।



ক


কথা : উক্তি।


কণ্ঠ : গল, ডিঙি, টেঁটু, গ্ৰীৱা।


কন্যা : জীয়াৰী, ছোৱালী।


কপাল : কপোল, ললাট।


কবিৰাজ : বৈদ্য।


কম : তাকৰ।


কৰ : ৰাজহ, খাজনা।


কৰুণ : কাতৰ, ব্যাকুল।


কলম : কাপ, লেখনি।


কলংক : দাগ।


ক’লা : কৃঞ্চবৰ্ণ।


কাণ : কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়।


কাপোৰ : বস্ত্ৰ,অচ্ছাদন।


কামুক : কামী, কামাতুৰ, কামাৰ্ত


কাৰেং : ৰাজপ্ৰাসাদ।


কাষ : ওচৰ, সমীপ, দাঁতি।


কিতাপ : গ্ৰন্থ, পুথি।


কিৰণ : ৰশ্মি, পোহৰ।


কটুম্ব : আত্মীয়, স্বজন, জ্ঞাতি।


কুল : বংশ, গোত্ৰ, জাতি।


কুশল : কল্যান।


কুসুম : পুষ্প, ফুল।


কৃপণ : কৰাইচ, চিকটা।


কৃষক : খেতিয়ক, কৃষাণ।


কেৰাহি : বেকাঁ দৃষ্টি,


কেৰাহী : লোহৰা।


কেৰু : থুৰীয়া, কাণফুলি।


কোৰ্হাল : কোলাহল, হুলস্থূল।


কোঠা : কোঠালি, খোটালি, কক্ষ।


ক্লান্তি : অৱসাদ, ভাগৰ।


ক্ৰমশ : পৰ্যাক্ৰমে, ক্ৰমান্বয়ে।


ক্ৰমিক : ধাৰাবাহিক।



খ


খঙাল : কোপী, ক্ৰোধী।


খৰ : খৰাং, অবৃষ্টি।


খৰচ : ভগন, ব্যয়।


খনিকৰ : ভাস্কৰ, কাৰিকৰ, মূৰ্তিশিল্পী।


খনিজ : খনিজাত, অকৰিক।


খাট : বিছনা, বিছনা, পালেংগি।


খৱৰ : বতৰা, বাতৰি, সংবাদ।


খং : ৰাগ, ক্ৰোধ।



গ


গগনস্পৰ্শী : গগনচুম্বী, আকাশচুম্বী আকাশলংঘা।


গছ : বৃক্ষ, বিটপ।


গতানুগতিক : নতুনত্বহীন, অব্যতিক্ৰম।


গপচ : ধীৰ, গম্ভীৰ, গহীন।


গমন : যাত্ৰা, চলন।


গৰখীয়া : বৎসপাল, গোপালক।


গৰম : তপ্ত, উষ্ণ।


গৰাকী : মালিক, অধিকাৰী।


গল : কণ্ঠ, টেঁটু, ডিঙি।


গধূলি : সন্ধিয়া, সন্ধ্যা।


গংগা : ভাগিৰথী, জাহ্নবী, মন্দাকিনী।


গাখীৰ : ক্ষীৰ।


গা : শৰীৰ, দেহ।


গাফিলতি : অৱহেলা, আওকাণ, অনাদৰ।


গীত : গান।


গোচৰ : আপত্তি, অভিযোগ।


গৰ্ভৱতী : সগৰ্ভা, সসত্ত্বা, অন্তৰ্ৱতী।



ঘ


ঘৰ : আবাস, আলয়, গৃহ, ভৱন, নিবাস।


ঘাট : উপকূল।


ঘাঁহ : তৃণ, বন।


ঘিউ : ঘৃত, অমৃত।


ঘোঁৰা : অশ্ব।


ঘোষণা : জাননী, ইস্তাহাৰ।


ঘোঁটনী : মন্থনী, মথনী।


ঘনিষ্ঠ : আপোন, আন্তৰিক, অন্তৰংগ।



চ


চকু : অক্ষি, লোচন, নয়ন, নেত্ৰ।


চক্ৰান্ত : ষড়যন্ত্ৰ।


চছমা : বিতচকু।


চন্দ্ৰ : জোন।


চফা : নিৰ্মল, পৰিষ্কাৰ।


চমু : সংক্ষেপ, চুটি।


চৰা : বৰ্ধিত।


চৰণকমল : পাদপদ্ম, পদপংকজ।


চৰাই : পক্ষী, বিহগ।


চলন্ত : গমনশীল, গতিশীল।


চহৰ : নগৰী, টাউন।


চহী : স্বাক্ষৰ ।


চাকৰ : দাস, ভৃত্য।


চাকি : বন্তি, দীপক,।


চাৰু : মিহি, নিমজ।


চিকুণ : মিহি।


চিন : প্ৰতীক, চিহ্ন।


চিনাকী : পৰিচিত।


চিনেমা : চলচিত্ৰ, বোলছবি।


চিন্তো : ভাবোঁ।


চিপাহী : যোদ্ধা, জোৱান, ৰণুৱা।


চিৰকালীন : চিৰন্তন, চিৰস্থায়ী ।


চিৰবৈৰী : চিৰশত্ৰু।


চিয়াঁহী : মহী, মসী, কালি।


চুলি : কেশ।


চেঁচা : ঠাণ্ডা, জুৰ, শীতল ।


চেলেপু : চেলবেলীয়া, চেলচেলীয়া।


চোকা : তীক্ষ্ণ।


চোতাল : প্ৰাংগন, অংগন।


চোৰ : তস্কৰ।


চৌকা : আখল।



ছ


ছাঁ : ছায়া।


ছমহীয়া : ষান্মাষিক।


ছটফটনি : ধৰফৰণি।


ছবি : চিত্ৰ।


ছাই : ভষ্ম।


ছাউনী : শিবিৰ।


ছাল : চৰ্ম, চামৰা।


ছাত্ৰ : বিদ্যাৰ্থী, শিষ্য।


ছিদ্ৰ: বিন্ধা, ফুটা।



জ


জগৰ : দায়, দোষ।


জনশ্ৰুতি : কিংবদন্তি।


জন্ম : উৎপত্তি, জনম, অৱিৰ্ভাৱ।


জন্তু : পশু।


জড় : নীৰ্জিৱ, জীৱহীন, প্ৰাণহীন।


জাগতিক : লৌকিক।


জিৰণী : অৱসৰ, বিশ্ৰাম।


জিভা : ৰসনা।


জীৱিত : প্ৰাণযুক্ত, জীৱন্ত।


জুই : অগ্নি, বহ্নি।


জোন : জোনবাই, চন্দ্ৰ।


জ্ঞানী : পণ্ডিত।



ঝ


ঝৰনা : জুৰি।


ঝঞ্জা : ধুমুহা।


ঝাৰু : বাঢ়নী।


ঝংকাৰ : ধ্বনি, শব্দ।


ঝঙ্কৃত : ধ্বনিত।


ঝুলন : দোলন।



ট


টকা : বিত্ত।


টুকুৰা : ডোখৰ, অংশ।


টেঙৰ : ধূৰ্ত, চতুৰ।


টেবুল : মেজ।


টোপনি : নিদ্ৰা।



ঠ


ঠাই : স্থান, জেগা।


ঠাৱৰ : নিশ্চয়, থিৰাং।


ঠগ : টেটোন, প্ৰতাৰক।


ঠঙনা : আঘাত।


ঠাল : ডাল।


ঠাট্টা : ইতিকিং।


ঠিকনা : নিশ্চয়তা।


ঠিলা : সোপা।


ঠেকা : ঢোকা।


ঠেৰুছিগা : নিঠৰুৱা।


ঠেহ : অভিমান।





ড


ডলীয়া : নফলা।


ডাঙৰ : বৃহৎ।


ডাঠ : ঘন।


ডাৱৰ : মেঘ।


ডাং : টাঙুন।


ডিঙা : নাও।


ডিঙি : গল।


ডেও : জাঁপ।


ডেকা : যুৱক।


ডেউকা : ডৌকা, পাখি।


ডেওনা : প্ৰতিবন্ধক।


ডোল : জৰী, ৰছী।


ডোং : খাৱৈ।



ঢ


ঢৰীয়া : ডাঙৰ।


ঢল : জাক, জুম।


ঢং : ৰীতি, প্ৰকাৰ।


ঢৌ : তৰঙ্গ, লহৰ, উৰ্মি।



ত


তদাৰক : চোৱাচিতা।


তদন্ত : অন্বেষণ, অনুসন্ধান।


তপ্ত : গৰম, উত্তাপ।


তপস্বী : যোগী, ঋষি।


তৰংগ : ঢৌ, লহৰ।


তৰা : নক্ষত্ৰ।


তলুৱা : কৰতল।


তামোল : গুৱা।


তিতা : ভিজা।


তিনিমহীয়া : ত্ৰৈমাসিক।


তীক্ষ্ণ : চোকা, জোঙা।


তুমুল : তয়াময়া।


তৃষ্ণা : তৃষা , পিয়াহ।


তেজ : ৰক্ত, শোণিত।


ত্ৰিজগত : ত্ৰিলোক, ত্ৰিভূবন।


ত্যাগ : বৰ্জন, বিসৰ্জন।



থ


থলুৱা : খিলঞ্জীয়া, স্থানীয়।


থলী : ঠাই, স্ঠান।


থাম : স্তম্ভ, খুঁটা।


থিৰ : স্থিৰ, শান্ত।



দ


দুৰাকাংক্ষা : দুৰাশা।


দল : সংগঠন, জাক।


দক্ষ : পটু, পাৰ্গত, কামিলা।


দক্ষিণা : বৰঙণি, দান, অৰিহণা।


দৰিয়া : সাগৰ, নদী।


দাঁত : দন্ত, দশন।


দিন : দিবা, দিৱস।


দিহা : পৰামৰ্শ, উপদেশ।


দুখ : বেজাৰ।


দুখীয়া : দৰিদ্ৰ, দীন।


দূৰ : নিলগ, আতৰ।


দুৰ্বৃত্ত : দুৰ্জন।


দুৰ্দশা : দুৰৱস্থা, দুৰ্গতি।


দুৰ্ভিক্ষ : অকাল।


দূৰ্লভ : আপুৰুগীয়া, দষ্পাপ্য।


দেউতা : পিতা, বোপাই, পিতৃ ।


দেউলীয়া : সৰ্বহাৰা।


দেৱালী : দীপাৱলী, দীপান্বিতা।


দেৱতা : দেৱ, ত্ৰিদশ।


দেশপ্ৰেমী : দেশহিতৈষী, দেশসেৱক।


দেশদ্ৰোহী : দেশবৈৰী।


দৈহিক : শাৰীৰিক, দেহগত।


দোকান : বিপণী।


দ্ৰুত : ক্ষিপ্ৰ।



ধ


ধন: অৰ্থ, টকা, পইচা।


ধনিয়া : মেমেধু।


ধনী : চহকী, আঢ্যৱন্ত।


ধৰা : পৃথিৱী।


ধৰুৱা : ঋণী, ঋণগ্ৰস্ত।


ধৱল : বগা, শুক্ল।


ধ্বংস : বিনাশ, নাশ।


ধীৰ : লেহেম।


ধুনীয়া : সুন্দৰ, শুৱনী।


ধোঁৱাখুলীয়া : অমিতব্যয়ী।



ন


নকল : প্ৰতিলিপী।


নতুন : নবীন, নৱ, অভিনৱ।


নাও : নৌকা, ডিঙা।


নাক : নাসিকা, ঘ্ৰাণেন্দ্ৰিয়।


নাবালক : শিশু, কিশোৰ।


নাৰী : মহিলা, স্ত্ৰী, তিৰোতা।


নিগাজী : স্থায়ী।


নিজৰা : জুৰি, ঝৰণা।


নিজান : নিস্তব্ধ, নিৰিবিলি ।


নিমখ : লোণ, লৱণ।


নিৰাপদ : সুৰক্ষিত।


নিৰাশা : হতাশা।


নিৰাশ্ৰয় : আশ্ৰয়হীন।


নিৰুদ্দেশ : সন্ধানহীন, নিখোজ।


নিৰ্ণয় : নিৰ্ধাৰণ।


নিৰ্দেশ : তলব, আদেশ।


নিশা : ৰাতি।


নিয়ৰ : হিম।


নিস্তাৰ : মুক্তি, ৰেহাই।।


নিঃশব্দ : নীৰৱ, নিস্তব্ধ।


নৈ : স্ৰোতৱতী, তৰঙ্গিনী।



প


পতি : নাথ, স্বামী।


পত্নী : ঘৈণী, তিৰোতা, সহধৰ্মিণী ,গৃহিনী।


পথ : বাট, ৰাস্তা।


পদ : ভৰি, চৰণ।


পদুম : কমল।


পণ্ডিত : জ্ঞানী, বিদ্বান।


পৰ্বত : গিৰি।


পলক : পচাৰ, নিমেষ ।


পহু : মৃগ।


পাত : পল্লৱ, পত্ৰ।


পানী : জল, সলিল।


পিতৃ : পিতা, দেউতা, বোপাই, জনক।


পিৰীতি : প্ৰেম।


পিয়াহ : পিপাসা।


পীড়া : ব্যাধি, যন্ত্ৰণা।


পুত্ৰ : সন্তান, আত্মজ।


পুথি : গ্ৰন্থ, কিতাপ।


পুৰণি : প্ৰাচীন, পুৰাতন, আগৰ।


পূৰ্বতে : আগতে।


পৃথিৱী : বসুন্ধৰা, ধৰিত্ৰী।


প্ৰচলন : প্ৰৱৰ্তন।


প্ৰতিষ্ঠা : স্থাপন।


প্ৰয়াস : চেষ্টা, যন্ত।


প্ৰাচীন : পুৰণি, পুৰাতন।


প্ৰাপ্তবয়স্ক : পূৰ্ণবয়স্ক।


প্ৰিয় : মৰমৰ।


প্লাৱিত : জলমগ্ন।



ফ


ফটিকা : মদ, সুৰা।


ফণী : সাপ।


ফৰকাল : মুকলি।


ফলপ্ৰসু : ফলদায়ক।


ফাঁই : খং, উত্তেজনা।


ফুল : কুসুম, পুষ্প।



ব


বছৰেকীয়া : বাৰ্ষিক।


বন : হাবি, অৰণ্য।


বৰফ : নীহাৰ, তুষাৰ, হিম।


বজাৰ : হাট, বিপণী।


বতাহ : বায়ু, পৱন।


বন্ধু : বান্ধৱ, মিত্ৰ।


বধ : হত্যা, হনন।


বৰঙনি : অৰিহনা।


বৰফ : তুষাৰ।


বল : শক্তি, জোৰ।


বাঘ : বনৰজা, ব্যাঘ্ৰ।


বাট : পথ, ৰাস্তা।


বাঁহী : মুৰুলী, বংশী।


বিখ্যাত : জনাজাত।


বিটপী : বিৰিখ, গছ।


বিন্ধা : ফুটা, ৰন্ধ্ৰ, জনঙা।


বিবাদ : কলহ, দন্দ, আপদ।


বিধৱা : স্বামীহীনা, পতিহীনা ।


বিস্ময়কৰ : চমত্কাৰ, আশ্চৰ্যজনক।


বিস্তৃত : প্ৰসাৰিত , বিস্তাৰিত।


বীৰত্ব : পৰাক্ৰম, বিক্ৰম।


বৃত্তি : জীৱিকা।


বেছি : সৰহ, অধিক।


বেলিফুল : সুৰুযমুখী, সূৰ্যমুখী।


বেপাৰ : বেহা, ব্যৱসায়, বাণিজ্য।


বেপাৰী : বণিক, দোকাণী, সদাগৰ।


বৈকুন্ঠ : বিষ্ণুধাম, বিষ্ণুলোক।


বৈশিষ্ট্য : বিশেষত্ব, বিশিষ্টতা।


বুকু : হৃদয়, আমঠু।


ব্ৰাহ্মণ : দ্বিজ, বামুণ, বিপ্ৰ।


ব্যথা : দুখ, বেদনা।


বস্ত্ৰ : কাপোৰ, আৱৰণ, সাজ।



ভ


ভৰি : পদ, চৰণ।


ভদ্ৰ : সভ্য, নম্ৰ।


ভনী : ভন্টী।


ভয় : ত্ৰাস।


ভয়াতুৰ : ভয়াৰ্ত।


ভয়ানক : ভয়াৱহ, ভয়ংকৰ।


ভাগ্যৱান : ভাগ্যশালী।


ভাত : অন্ন, আহাৰ।


ভিক্ষাৰী : মগনিয়াৰ।


ভৃত : দাস, লগুৱা।


ভেঁজাল : অশুদ্ধ।


ভোক : ক্ষুধা।



ম


মগজ : মস্তিষ্ক, মগজু।


মন্দিৰ : দেৱালয়।


মৰম : প্ৰীতি, চেনেহ, ভালপোৱা ।


মহাকাশ : মহাশূণ্য, অন্তৰীক্ষ।


মহিমা : প্ৰতাপ।


মণ্ডিত : অলংকৃত, বিভূষিত।


মনোৰম : মনোমুগ্ধকৰ, মনোমোহন ।


মধ্যাহ্ন : দুপৰ, দুপৰীয়া।


মাতৃঃ মা , আই , জননী , জন্মদাত্ৰী , বৌতি।


মাছ : মৎস্য, মীন।


মানুহ : মনুষ্য, লোক, মানৱ।


মাটি : ভূমি, মৃত্তিকা।


মিত্ৰ : বন্ধু, বান্ধৱ।


মিহি : মসৃণ, নিমজ।


মুখ : বদন, আনন।


মুগ্ধ : মোহিত।


মূৰ্তি : বিগ্ৰহ, প্ৰতিমা।


মৃগ : হৰিণ, কুৰংগ, শাৰংগ।


মৃত্যু : মৰণ, প্ৰলয়, অন্ত, অস্ত, তিৰোভাব, দেহত্যাগ,


মেঘ : ডাৱৰ, বাদল।


মৌ : মধু, মৌৰস, মৌজোল।



য


যত্ন : চেষ্টা।


যতন : সঁজুলি।


যন্ত্ৰণা : কষ্ট, যাতনা।


যম : ধৰ্মৰাজ।


যমজ : যঁজা।


যাত্ৰী : ভ্ৰমণকাৰী।


যান : বাহন, গাড়ী।


যাদু : ইন্দ্ৰজাল।


যুগান্ত : প্ৰলয়।


যুঁজ : ৰণ, যুদ্ধ।


যোগাযোগ : সম্পৰ্ক, সম্বন্ধ।


যোগী : তপস্বী।


যোগ্য : উপযুক্ত।


যোদ্ধা : যুঁজাৰো, ৰণুৱা।



ৰ


ৰঙিয়াল : আনন্দময়।


ৰজক : ধোবা।


ৰজত : ৰূপ।


ৰজনী : ৰাতি, নিশা।


ৰক্ত : তেজ, শোণিত, শক্তি।


ৰজা : নৃপতি, ভূপতি।


ৰজ্জু : জৰী।


ৰন্ধ্ৰ : বিন্ধা, ছিদ্ৰ।


ৰসনা : জিভা।


ৰহণ : বৰণ।


ৰশ্মি : পোহৰ, কিৰণ।


ৰ'দ : কিৰণ।


ৰবি : সূৰ্য্য।


ৰং : আনন্দ, আমোদ।


ৰাগি: মাদকতা, নিচা।


ৰাজকীয় : ৰজাঘৰীয়া।


ৰাণীঃ মাদৈ, পটেশ্বৰী


ৰাতি : নিশা, ৰজনী।


ৰিক্ত : শূন্য, উদং।


ৰিজনি : তুলনা।


ৰোগ : ব্যাধি, বেমাৰ।



ল


লাঠী : লাখুটি, টোকোন।


ল'ৰা : পুত্ৰ , বালক।


ললাট : কপাল, ভাগ্য।


ললিত : মনোৰম, সুন্দৰ।


লৱণ : নিমখ, লোণ।


লৱণু : মাখন।


লহৰ : ঢৌ, তৰঙ্গ।


লক্ষ্য : উদ্দেশ্য।


লোপ : ধ্বংস, নাশ।


লোভ : লালসা।


লৈহিত্য : লুইত, ব্ৰক্ষ্মপুত্ৰ।



শ


শক্তি : বল, সামৰ্থ্য


শত্ৰু : বৈৰী, শতৰু, অৰি।


শতাব্দ : শতিকা।


শপত : প্ৰতিজ্ঞা।


শব্দ : ধ্বনি।


শৱ : মৃতদেহ, মৰাশ।


শিল : পাষাণ, প্ৰস্তৰ, পাথৰ।


শিক্ষক : গুৰু, শিক্ষাদাতা।


শিৱ : মহাদেৱ, কৈলাসপতি, নীলকণ্ঠ।


শীত : চেঁচা, ঠাণ্ডা।


শেষ : অন্ত, অৱসান।


শুকুলা : শুক্ল, বগা।


শৃংখল : শিকলি।


শেষ : অন্ত, অৱসান।


শৈল : পৰ্বত, পাহাৰ।


শোকাকুল : শোকাতুৰ, শোকাৰ্ত।


শোণিত : ৰক্ত, তেজ।


শৌৰ্য : বীৰত্ব, শক্তি।



ষ


ষড়ানন: কাৰ্ত্তিক।


ষণ্ড : ষাড়, ঋষভ।


ষন্মাস : ছমাহ।


ষান্মাসিক : ছমহীয়া।



স


সখা : মিত্ৰ, সুহৃদ, বান্ধৱ।


সচেতন : সজাগ, চেতনাযুক্ত।


সচেষ্ট : যত্নপৰ।


সঞ্চাৰ : গমন, চলন।


সমীৰ : বতাহ, বায়ু, পৱন।


সৰস্বতী : বাগদেৱী, বাগীস্বৰী, দ্বিসন।


সাপ : সৰ্প, ফণী, অহি।


সঞ্চাৰ : তলা।


সংকট : বিপদ, সমস্যা।


সংগ্ৰাম : যুদ্ধ, সমৰ।


সাউদ : বেপাৰী, সদাগৰ।


সাগৰ : সমুদ্ৰ।


সামৰণি : অন্ত।


সুচল : সুবিধা। উজু, সহজ।


সূৰ্য : ৰবি, বেলি।


স্থান : ঠাই।


স্নিগ্ধ : শীতল, চেঁচা।


স্বৰ্গ : ত্ৰিদশালয়, দেৱলোক।


স্বৰ্ণ : সোণ, সুৱৰ্ণ।



হ


হৰিষ : আনন্দ।


হাট : বজাৰ।


হাত : হস্ত, পাণি।


হাতী : হস্তী,গজ।


হাবি : অৰণ্য, অটবী।


হিয়া : হৃদয়।


হিংসা : অসূয়া, ঈৰ্ষা।


হৃদয়: বুকু, অন্তৰ।


হেমাহি : গাফিলতি, হেলা।


হোজা : সৰল,


হ্ৰদ : সৰোবৰ, সৰসী।


হ্ৰাস : ক্ষয়, অলপ।



ক্ষ


ক্ষণ : ক্ষন্তেক।


ক্ষতি : হানি, অনিষ্ট।


ক্ষমতা : সামৰ্থ্য, প্ৰতিপত্তি।

ক্ষতি : হানি, অনিষ্ট।

ক্ষিপ্ৰ : দ্ৰুত, তীব্ৰ।

ক্ষুধা : ভোক, বুভুক্ষা।

ক্ষুব্ধ : বিতুষ্ট, অসন্তুষ্ট।

ক্ষেত্ৰ : স্থান।

No comments:

Post a Comment

Class 9 History MCQ Chapter 1

1. প্রাচীন কালৰে পৰা ভাৰতবৰ্ষৰ লগত কোন কোন দেশৰ যোগাযোগ আছিল ? - a) গ্ৰীচ আৰু ৰোম - b) চিন আৰু মঙ্গোলিয়া - c) ইজিপ...