অতি চমু উত্তৰৰ প্ৰশ্ন
১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?
উত্তৰ: প্ৰথম বিশ্বযুদ্ধৰ পিছত গঠিত হোৱা 'জাতি সংঘ' (League of Nations)-ৰ বিফলতা আৰু ১৯৩৯ চনত সংঘটিত দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহ ধ্বংসলীলাৰ পিছত, বিশ্বত শান্তি-শৃংখলা স্থাপন কৰা আৰু আন এক বিশ্বযুদ্ধৰ সম্ভাৱনা ৰোধ কৰাৰ উদ্দেশ্যে ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল।
২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰথম অনুচ্ছেদত উল্লেখ থকা দুটা মূল উদ্দেশ্য হ’ল:
আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ ছটা হ’ল: ১. সাধাৰণ সভা
২. নিৰাপত্তা পৰিষদ
৩. অর্থনৈতিক আৰু সামাজিক পৰিষদ
৪. ন্যাসৰক্ষী পৰিষদ
৫. আন্তর্জাতিক ন্যায়ালয়
৬. সচিবালয়
৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰ: ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি (অভিকৰণ) হ’ল:
বিশ্ব স্বাস্থ্য সংস্থা (WHO)
ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন (UNESCO)
৫। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰ: নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তি হ’ল:
আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (PTBT, 1963)
পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি (NPT, 1968)
৬। মানৱ অধিকাৰ মানে কি বুজা?
উত্তৰ: মানৱ অধিকাৰ হ’ল বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে জাতি, ধৰ্ম, বৰ্ণ আৰু লিংগ নিৰ্বিশেষে এক মর্যাদাপূর্ণ, স্বাধীন আৰু সুস্থ জীৱন-যাপন কৰিবলৈ লাভ কৰা মৌলিক অধিকাৰসমূহ, যিসমূহ ৰাষ্ট্ৰই কাঢ়ি ল’ব নোৱাৰে।
দীঘল উত্তৰৰ প্ৰশ্ন
১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।
উত্তৰ:
ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ:
ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰথম অনুচ্ছেদ অনুসৰি ইয়াৰ প্ৰধান উদ্দেশ্য চাৰিটা হ’ল: ১. আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
২. সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
৩. আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু মানৱ অধিকাৰ নিশ্চিত কৰা।
৪. উপৰিউক্ত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সমন্বয় ৰক্ষাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা।
ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ:
চনদৰ ২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰসংঘই অনুসৰণ কৰা মূল নীতিসমূহ হ’ল: ১. সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত এই সংগঠন প্ৰতিষ্ঠা হ’ব।
২. চনদৰ নিয়মসমূহ মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজ নিজ দায়িত্ব পালন কৰিব লাগিব।
৩. আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত বিঘিনি নঘটাই সকলো বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।
৪. আন্তর্জাতিক সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ বা ভাবুকি প্ৰদৰ্শন কৰিব নোৱাৰিব।
৫. ৰাষ্ট্ৰসংঘই লোৱা যিকোনো ব্যৱস্থাত সদস্য ৰাষ্ট্ৰসমূহে সহায় কৰিব লাগিব আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।
৬. ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।
২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।
উত্তৰ:
নিৰাপত্তা পৰিষদ হ’ল ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। বিশ্বত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাই ইয়াৰ প্ৰধান দায়িত্ব।
গঠন: নিৰাপত্তা পৰিষদ প্ৰথম অৱস্থাত ৫জন স্থায়ী আৰু ৬জন অস্থায়ী সদস্যৰে গঠিত আছিল। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয়। বৰ্তমান ইয়াৰ মুঠ সদস্য সংখ্যা ১৫জন।
স্থায়ী সদস্য: নিৰাপত্তা পৰিষদৰ ৫খন স্থায়ী সদস্য ৰাষ্ট্ৰ হ’ল— আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। অস্থায়ী সদস্যসকলক সাধাৰণ সভাই ২ বছৰৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে।
সিদ্ধান্ত গ্ৰহণ আৰু ভেটো ক্ষমতা: পৰিষদৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ ৫খন স্থায়ী ৰাষ্ট্ৰসহ অতি কমেও ৯জন সদস্যৰ সন্মতি প্রয়োজন। পৰিষদৰ ৫খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ 'ভেটো' (Veto) বা নাকচ কৰাৰ বিশেষ ক্ষমতা আছে। যদি কোনো এখন স্থায়ী ৰাষ্ট্ৰই কোনো প্ৰস্তাৱৰ বিৰুদ্ধে ভেটো প্ৰয়োগ কৰে, তেন্তে সেই সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি।
৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
উত্তৰ:
১৯৪৫ চনত জন্ম লাভ কৰা ৰাষ্ট্ৰসংঘই বিগত দশকসমূহত বিশ্ব শান্তি আৰু নিৰাপত্তা সুৰক্ষিত কৰাৰ দিশত অনবদ্য ভূমিকা পালন কৰি আহিছে। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা মূল পদক্ষেপসমূহ তলত আলোচনা কৰা হ’ল:
১. নিৰস্ত্ৰীকৰণ প্ৰচেষ্টা: যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই ১৯৫২ চনৰ জানুৱাৰীত 'নিৰস্ত্ৰীকৰণ আয়োগ' (Disarmament Commission) গঠন কৰে।
২. আন্তর্জাতিক চুক্তি সম্পাদন: পাৰমাণৱিক আৰু মাৰাত্মক অস্ত্ৰৰ কুপ্ৰভাৱ ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘই বিভিন্ন গুৰুত্বপূৰ্ণ চুক্তি সম্পাদ কৰাত সহায় কৰিছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ’ল—
আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (PTBT, 1963)
বহিঃ মহাকাশ চুক্তি (Outer Space Treaty, 1967)
পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি (NPT, 1968)
সমুদ্রতলি নিয়ন্ত্রণ চুক্তি (1971)
কৌশলগত অস্ত্ৰ প্ৰতিবন্ধকতা চুক্তি (SALT-I, 1972 & SALT-II, 1979)
কৌশলগত অস্ত্ৰ হ্ৰাস চুক্তি (START-1, 1991 & START-2, 1993)
পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (CTBT, 1996) ৩. প্ৰতিৰোধমূলক কূটনীতি (Preventive Diplomacy): ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই 'প্ৰতিৰোধমূলক কূটনীতি' গ্ৰহণ কৰি বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা বিবাদসমূহ যুদ্ধলৈ ৰূপান্তৰিত হ’বলৈ নিদি আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণ সমাধান কৰাত গুৰুত্ব প্ৰদান কৰিছে।
৪. বিশ্বযুদ্ধ ৰোধ: যদিও কিছুমান ক্ষেত্ৰত শক্তিশালী ৰাষ্ট্ৰসমূহৰ একত্ৰিত প্ৰভাৱ দেখা গৈছে, তথাপি ৰাষ্ট্ৰসংঘই সফলতাৰে আন এক তৃতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাৰ পৰা বিশ্ববাসীক ৰক্ষা কৰি ৰাখিছে।
৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পর্কত এটা টোকা লিখা।
উত্তৰ:
ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা আৰু ভিয়েনা অধিৱেশনৰ সিদ্ধান্তমৰ্মে ভাৰতবৰ্ষত মানৱ অধিকাৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়।
গঠনৰ প্ৰক্ৰিয়া: ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু ১৯৯৩ চনৰ ১২ অক্টোবৰত 'ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ' গঠন কৰা হয়। পৰৱৰ্তী সময়ত ১৯৯৪ চনৰ ৮ জানুৱাৰীত ৰাষ্ট্ৰপতিৰ অনুমোদন ক্ৰমে এই বিধেয়কখন 'মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩' নামেৰে আইনত পৰিণত হয়।
আয়োগৰ সদস্যসকল:
১. সভাপতি: ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশগৰাকী ইয়াৰ সভাপতি হ’ব লাগে।
২. সদস্যসকল:
উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ বা প্রাক্তন ন্যায়াধীশ।
কোনো উচ্চ ন্যায়ালয়ৰ এজন মুখ্য ন্যায়াধীশ বা প্রাক্তন মুখ্য ন্যায়াধীশ।
মানৱ অধিকাৰ সম্পৰ্কে বিশেষজ্ঞ জ্ঞান থকা দুজন ব্যক্তি।
ইয়াৰোপৰি, ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগ, আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিসকল ইয়াৰ পদেন সদস্য।
নিযুক্তি আৰু কাৰ্যকাল: আয়োগৰ সভাপতি আৰু সদস্যসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰৰ কাৰ্যকালৰ বাবে নিযুক্তি দিয়ে।
কাৰ্যাৱলী: আয়োগে ভাৰতত মানৱ অধিকাৰ উলংঘনাৰ ঘটনাৰ পৰ্যালোচনা কৰি চৰকাৰলৈ প্ৰতিবেদন দাখিল কৰে আৰু মানৱ অধিকাৰৰ অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰে।
৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।
উত্তৰ:
মানৱ অধিকাৰ ৰক্ষা আৰু প্ৰৱৰ্ধনৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ:
১. মানৱ অধিকাৰ আয়োগ গঠন (১৯৪৬): বিশ্বৰ মানৱ সমাজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰসংঘই ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰীত 'মানৱ অধিকাৰ আয়োগ' গঠন কৰে। এই আয়োগে মানৱ অধিকাৰ উলংঘনাৰ অভিযোগ গ্ৰহণ কৰি তদন্তৰ ব্যৱস্থা কৰে।
২. মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ (১৯৪৮): ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৪৮খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত 'মানৱ অধিকাৰৰ বিশ্বজনীন ঘোষণাপত্ৰ' (Universal Declaration of Human Rights) গ্ৰহণ কৰে। এয়া মানৱ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ। সেয়েহে প্ৰতি বছৰে ১০ ডিচেম্বৰ দিনটো "মানৱ অধিকাৰ দিৱস" হিচাপে পালন কৰা হয়।
৩. উদ্দেশ্য আৰু অনুচ্ছেদসমূহ: ১টা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ থকা এই ঘোষণাপত্ৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বৰ নাগৰিকসকলৰ বাবে প্রয়োজনীয় শিক্ষা, স্বাস্থ্য, স্বাধীনতা আৰু অধিকাৰসমূহ নিৰ্ধাৰণ কৰি দিয়ে আৰু সদস্য ৰাষ্ট্ৰসমূহক তাক স্বীকৃতি দিবলৈ বাধ্য কৰে।
৪. ৰাষ্ট্ৰসমূহৰ ওপৰত সচেতনতা বৃদ্ধি: এই ঘোষণাপত্ৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘই স্পষ্ট কৰি দিছে যে নিজৰ নাগৰিকক অধিকাৰৰ পৰা বঞ্চিত কৰি কোনো দেশে বিশ্ব শান্তি স্থাপন কৰিব নোৱাৰে।
৫. ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োগ গঠনত উদগনি: সদস্য ৰাষ্ট্ৰসমূহে নিজ নিজ দেশত যাতে 'মানৱ অধিকাৰ আয়োগ' গঠন কৰে, তাৰ বাবে ৰাষ্ট্ৰসংঘই নিয়মিত অনুৰোধ আৰু নিৰ্দেশনা আগবঢ়াই আহিছে (যেনে— ১৯৬৬, ১৯৭০ আৰু ১৯৯৩ চনৰ ভিয়েনা সন্মিলন)।
No comments:
Post a Comment