Sunday, August 2, 2026

ASSEB Class X Social Science History Chapter 4 Textbook Question and Answers

অধ্যায় ৪: ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ-ৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ তলত বিস্তৃতভাৱে আগবঢ়োৱা হ’ল:
১. অতি চমু উত্তৰৰ প্ৰশ্ন
১। য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে।
২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?
উত্তৰ: ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ সময়ছোৱাক।
৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰ: ১৮৩৬ চনত।
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰ: ১৮৭৩ চনত।
৫। অসম ছাত্র সম্মিলনৰ মুখপত্ৰখন কি আছিল?
উত্তৰ: 'মিলন'।
৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ: গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু প্ৰৱৰ্তন কৰা নতুন ভূমি নীতি ও ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰাৰ লগতে পূর্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।
৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উত্তৰ: ১৯৩৩ চনত।
৮। আহোম সভাৰ সম্পাদক কোন আছিল?
উত্তৰ: পদ্মনাথ গোহাঁইবৰুৱা।
৯। যোৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰ: ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।
১০। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰ: প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ।
১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাবে নির্বাচিত প্রথমজন সভাপতি কোন আছিল?
উত্তৰ: বিষ্ণুৰাম মেধি (১৯৩০ চনত)।
১২। অসমৰ প্ৰথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল?
উত্তৰ: গোপীনাথ বৰদলৈ; ১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহত।
১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
উত্তৰ: ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত।
১৪। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে।
১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাবে কেতিয়া নামাংকিত হয়?
উত্তৰ: ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে।
১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
উত্তৰ: ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে।
২. চমু উত্তৰৰ প্ৰশ্ন
১। 'অসমীয়া লিটাৰেৰী ছ'চাইটী'ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ১৮৭২ চনত দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰ নেতৃত্বত কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকলে 'অসমীয়া লিটাৰেৰী ছ'চাইটী' গঠন কৰে। এই সংগঠনৰ প্ৰধান উদ্দেশ্য সাহিত্যচৰ্চা আছিল যদিও ই ৰাজনৈতিক চিন্তাও প্ৰকাশ কৰিছিল। ১৮৭২ চনতে সংগঠনটোৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক-পত্ৰ দাখিল কৰি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম-বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ দাবী জনাইছিল। এই অনুষ্ঠানটো ১৮৮৫ চনলৈকে সক্ৰিয় হৈ আছিল।
২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া।
উত্তৰ: ১৮৮৯ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দ্বাৰা প্ৰকাশিত 'জোনাকী' আলোচনীয়ে অসমত এক নতুন সাহিত্যিক তথা জাতীয়তাবাদী নৱজাগৰণৰ সূচনা কৰিছিল। জোনাকীয়ে পোনপ্ৰথমে ৰাজনীতিৰ পৰা আঁতৰত থকাৰ কথা ঘোষণা কৰিছিল যদিও কালক্ৰমত ইয়াৰ পাতত প্ৰকাশিত ৰচনাবোৰত জাতীয়তাবাদী চিন্তা প্ৰতিফলিত হৈছিল। ব্ৰিটিছ শাসনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত পৰা নেতিবাচক প্ৰভাৱৰ বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিছিল। কনকলাল বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা আৰু অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ সাহিত্যৰাজিৰ জৰিয়তে দেশপ্ৰেম আৰু আৰ্থিক সচেতনতাৰ জয়গান গোৱা হৈছিল।
৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।
উত্তৰ: ১৮৯৩ চনত পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত গঠন হোৱা আহোম সভাই (পিছলৈ ১৯১০ চনত 'সদৌ অসম আহোম এছ'চিয়েছন') ১৯৩০ আৰু ৪০ৰ দশকত কেবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক দাবী উত্থাপন কৰিছিল। ইয়াৰ মূল ৰাজনৈতিক দাবীবোৰ আছিল—
আহোমসকলক চৰকাৰীভাৱে ‘সংখ্যালঘু সম্প্রদায়’ৰ মৰ্যাদা প্ৰদান কৰা।
তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা।
আহোমসকলৰ বাবে পৃথক সমষ্টি (Separate Electorate) গঠন কৰা।
৪। আছাম এছ'চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰ: ১৯০৩ চনত গঠন হোৱা আছাম এছ'চিয়েছনে সাংবিধানিক নীতিৰে চৰকাৰৰ ওচৰত তলত উল্লেখ কৰা বিষয়সমূহ উত্থাপন কৰিছিল:
পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব'ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা।
স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী।
বৰ্ধিত মাটিত কৰ, শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা।
কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ দাবী।
বংগ বিভাজনৰ বিৰোধিতা আৰু বিধানসভাত অসমৰ প্ৰতিনিধিত্বৰ দাবী।
৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ: ১৯২০-২২ চনৰ অসহযোগ আন্দোলনত অসমত নেতৃত্ব আগবঢ়োৱা প্ৰধান অসমীয়া নেতাসকল আছিল— কুলধৰ চলিহা (প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি), নবীন চন্দ্ৰ বৰদলৈ (সম্পাদক), তৰুণৰাম ফুকন, চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ, বিষ্ণুৰাম মেধি, লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা আৰু কামিনী কুমাৰ চন্দ।
৬। কানিংহাম চাকুলাৰৰ বিষয়ে লিখা।
উত্তৰ: ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ সময়ত ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ শিক্ষা বিভাগৰ সঞ্চালক জে. আৰ. কানিংহামে এক নির্দেশাৱলী জাৰি কৰে, যাক 'কানিংহাম চাৰ্কুলাৰ' (Cunningham Circular) বোলা হয়। এই চাৰ্কুলাৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিছিল। অমান্য কৰিলে জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিয়া হৈছিল। এই অপমানজনক জাননীৰ বিৰুদ্ধে অসমত ছাত্ৰসকল প্ৰতিবাদত ফেৰি উঠিছিল আৰু ব্যাপকভাৱে চৰকাৰী বিদ্যালয় বৰ্জন কৰি আন্দোলনত জাঁপ দি পৰিছিল।
৭। গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে চমুকৈ লিখা।
উত্তৰ: ১৯৪৭ চনৰ স্বাধীনতা আৰু দেশ বিভাজনৰ পিছত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই বিভিন্ন জটিল সমস্যাৰ মুখামুখি হ'বলগীয়া হৈছিল:
যোগাযোগ বিচ্ছিন্নতা: দেশ বিভাজনৰ ফলত অকল ১২ কিলোমিটাৰৰ এখন ঠেক ভূখণ্ডৰ (চিকেনছ নেক) জৰিয়তেহে উত্তৰ-পূব ভাৰত মূল ভাৰতৰ সৈতে সংলগ্ন হৈ ৰ’ল; ৰেল আৰু নদী পথ পূব পাকিস্তানলৈ গুচি যোৱাত বাণিজ্য ব্যাহত হৈছিল।
অর্থনৈতিক সংকট: বংগ-অসমৰ পুৰণি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক সম্পৰ্ক ভংগ হোৱাৰ ফলত অৰ্থনৈতিক বিশৃঙ্খলা আৰু আন্তঃগাঁথনিৰ দুৰ্বলতাই দেখা দিছিল।
অনু প্ৰৱেশকাৰী আৰু সীমান্ত সমস্যা: পূব পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰা অনুপ্ৰৱেশকাৰী আৰু সীমান্ত সুৰক্ষা সংক্রান্তীয় সমস্যা বাঢ়িছিল।
৮। অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰ: ১৯১৩ চনত কৰিমগঞ্জ আৰু ১৯২৩ চনত তিতাবৰত স্থাপন হোৱা কৃষি গৱেষণা কেন্দ্ৰৰ জৰিয়তে ইয়াৰ আৰম্ভণি ঘটিছিল। পৰৱৰ্তী সময়ত ১৯৪৮ চনত নগাঁৱত 'অসম পশু মহাবিদ্যালয়' আৰু যোৰহাটত 'অসম কৃষি মহাবিদ্যালয়' প্ৰতিষ্ঠা কৰা হয়। ১৯৬৯ চনত এই দুয়োখন মহাবিদ্যালয়ক সামৰি উত্তৰ-পূব ভাৰতৰ প্ৰথম সুকীয়া বৃত্তিভিত্তিক বিশ্ববিদ্যালয় হিচাপে অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। পিছলৈ পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁও পৰা গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰ কৰা হয়।
৯। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰ: ১৯০০ চনত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ দানৰ ধনেৰে ডিব্ৰুগড়ত 'বেৰী-হোৱাইট মেডিকেল স্কুল' স্থাপিত হৈছিল। ১৯১০ চনত ইয়াত এক্স-ৰে মেচিন আনি ৰেডিঅ’ল’জী বিভাগ মুকলি কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ই ওচৰৰে আমেৰিকান সামৰিক হাস্পতালৰ চৌহদলৈ স্থানান্তৰিত হয়। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰত এই অনুষ্ঠানটোক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College) নাম দিয়া হয়। ই আছিল উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়।
+ 4
৩. দীঘল উত্তৰৰ প্ৰশ্ন
১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: ১৮৮৮ চনত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকল— হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতীৰ উদ্যোগত অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভা গঠন হয়।
মুখ্য ভূমিকা আৰু কাৰ্যাৱলী:
ভাষা আৰু ব্যাকৰণৰ উন্নয়ন: সভাই অসমীয়া ভাষাৰ বিজ্ঞানসন্মত বিকাশ আৰু সকলো পাঠশালাত পৰিশুদ্ধ ব্যাকৰণ প্ৰয়োগত গুৰুত্ব দিছিল।
হেমকোষ প্ৰকাশ: অঃ ভাঃ উঃ সাঃ সভাৰ আশাশুধীয়া প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অভিধান 'হেমকোষ' প্ৰকাশৰ কাম হাতত লৈছিল।
ইতিহাস আৰু সাহিত্য সংস্কৃতি চৰ্চা: সংস্থাই অসমৰ সামগ্ৰিক সামাজিক ইতিহাস সংকলন কৰা আৰু সংস্কৃত আদি ভাষাৰ প্ৰসিদ্ধ গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ পদক্ষেপ লৈছিল।
শাখা গঠন: কলিকতাৰ শিক্ষা সামৰি ঘূৰি অহা যুৱকসকলে গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, ক’হিমা আদি ঠাইত ইয়াৰ শাখা প্ৰতিষ্ঠা কৰে।
'জোনাকী' প্ৰকাশ: সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত প্ৰকাশ পোৱা 'জোনাকী' আলোচনীয়ে অসমত 'জোনাকী যুগ'ৰ সৃষ্টি কৰি এক অনন্য নৱজাগৰণ ঘটাইছিল।
২। অসম ছাত্র সম্মিলনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ: ১৯১৬ চনত গুৱাহাটীত লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত অসম ছাত্র সম্মিলন গঠন হয়, যি অসমৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায়।
অৱদানসমূহ:
ভাষা-সাহিত্যৰ বিকাশ: ছাত্ৰ সন্মিলনৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন কৰা।
একতা আৰু বাতাবৰণ: এই সন্মিলনে অসমৰ ভিন ভিন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলক একত্ৰিত কৰি এটা সুদৃঢ় সম্পৰ্ক আৰু জাতীয় চেতনা গঢ়ি তুলিছিল।
সম্প্ৰীতি আৰু চিন্তাৰ বিকাশ: সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত পদ্মনাথ গোহাঁইবৰুৱা, প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ আদি মনীষীসকল একত্ৰিত হৈছিল। সন্মিলনৰ মুখপত্ৰ 'মিলন'-এ নতুন প্ৰতিভা বিকাশ আৰু বৈদ্ধিক আলোচনাত ইন্ধন যোগাইছিল।
জাতীয় আন্দোলনলৈ বৰঙণি: প্ৰথম অৱস্থাত অৰাজনৈতিক আন্দোলন হিচাপে গঢ় লৈ উঠিলেও পিছলৈ কানিংহাম চাৰ্কুলাৰ বিৰোধী আন্দোলন, অসহযোগ আৰু আইন অমান্য আন্দোলনত অংশ লৈ এই সংগঠনে সমগ্ৰ অসমত স্বৰাজৰ মেৰুদণ্ড স্বৰূপ ভূমিকা পালন কৰিছিল।
৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ: ১৯ শতিকাৰ শেষৰফালে মধ্যবিত্ত শ্রেণীৰ নেতৃত্বত তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভা গঠন হৈছিল।
উদ্দেশ্য:
ব্ৰিটিছ চৰকাৰৰ শোষক ভূমি ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰা।
মাটিৰ খাজনা আৰু গ্ৰেজিং কৰ কৰোৱা।
পূৰ্ববংগৰ পৰা হোৱা অনিয়ন্ত্ৰিত প্ৰব্ৰজন ৰোধ কৰা।
ভূমিকা:
ৰায়ত সভাসমূহে ব্ৰিটিছ চৰকাৰৰ ৰাজহ নীতিৰ বিৰুদ্ধে খেতিয়কসকলৰ মাজত সচেতনতা আনিছিল।
১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধানত নদুৱাৰ, ছয়দুৱাৰ, দৰং, শিৱসাগৰ আদিত ৰায়ত সভাসমূহ অধিক সক্ৰিয় হৈ পৰে আৰু ৫০% মাটিত ৰাজহ হ্ৰাসৰ দাবী তোলে।
১৯৩৩ চনত টিলিকি আমত নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত 'সদৌ অসম ৰায়ত সভা' গঠন কৰা হয়। ১৯৩৪-৩৯ চনত অসমত প্ৰায় ৩০০খন ৰায়ত সভা সক্ৰিয় আছিল, যিয়ে পিছলৈ কংগ্ৰেছৰ গণভিত্তি ক্ৰমে শক্তিশালী কৰাত সহায় কৰে।
৪। যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পর্কে লিখা।
উত্তৰ: ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাটত যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হয়। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ আৰু সম্পাদক আছিল জগন্নাথ বৰুৱা। ই আছিল অসমৰ প্ৰথমটো ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান।
উদ্দেশ্যসমূহ:
১. ৰাইজৰ আশা-আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা।
২. চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজাই দিয়া।
৩. জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।
কাৰ্যাৱলী:
১৮৮৬ চনৰ ভূমি ৰাজহ আইনৰ (Assam Land and Revenue Regulation Act) তীব্ৰ প্ৰতিবাদ কৰিছিল।
১৮৯২-৯৩ চনত বৰ্ধিত কৰৰ বিৰুদ্ধে খেতিয়কসকলৰ সৈতে একত্ৰিত হৈ আন্দোলনত নামিছিল।
১৮৯৩ চনত ৰাজকীয় কানি আয়োগক স্মাৰক-পত্ৰ দি কানিৰ প্ৰচলন বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল।
১৯০৫ চনৰ বংগ বিভাজনৰ প্ৰথম অৱস্থাত বিৰোধিতা কৰিছিল; পিছলৈ অসমীয়াৰ অধিকাৰ সংৰক্ষণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছিল।
৫। আছাম এছ'চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰ: ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েছন গঠন কৰা হয়, যিয়ে অসমীয়া সমাজত সাংবিধানিক উপায়েৰে বহু সংস্কাৰ সাধন কৰিছিল:
প্ৰশাসনিক সংস্কাৰ: স্থানীয় ব'ৰ্ড আৰু পৌৰসভা সমূহত চৰকাৰী বিষয়া আৰু চাহ খেতিয়কৰ আধিপত্য বিৰোধিতা কৰি ই স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী তুলিছিল।
সামাজিক আৰু অৰ্থনৈতিক সংস্কাৰ: চৰকাৰৰ বৰ্ধিত কৰ, শুল্ক ব্যৱস্থা আৰু সমাজ ধ্বংসকাৰী কানি ব্যৱসায়ৰ প্ৰচলন বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছিল।
শিক্ষা ক্ষেত্ৰত সংস্কাৰ: কটন কলেজত থলুৱা অসমীয়া শিক্ষক নিযুক্তি, কাৰিকৰী শিক্ষাৰ প্ৰসাৰ আৰু ১৯২০ চনত অসমত সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰিছিল।
মণ্টেগ’-চেমাছফ’ৰ্ড সংস্কাৰ: এছ'চিয়েছনৰ প্ৰচেষ্টাত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই লণ্ডনলৈ গৈ মণ্টেগ’ সংস্কাৰ আঁচনিত অসমক অন্তৰ্ভুক্ত কৰোৱাত সফল হৈছিল।
১৯২১ চনত এই অনুষ্ঠানে নিজৰ স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে চামিল হয়।
৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ: জন্ম: আছাম এছ'চিয়েছনৰ ১৯২০ চনৰ সিদ্ধান্ত অনুসৰি আৰু ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত ১৮ এপ্রিল ১৯২১ত বহা বিশেষ বৈঠকৰ পৰিণতিস্বৰূপে, ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হয়। ইয়াৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ।
মুখ্য ভূমিকা:
অসহযোগ আন্দোলনৰ নেতৃত্ব: ১৯২১ চনত মহাত্মা গান্ধীক অসমলৈ নিমন্ত্ৰণ কৰি আনি আন্দোলনত জনসাধাৰণক বিপুলভাৱে সংগঠিত কৰিছিল।
কংগ্ৰেছৰ ৪১তম অধিৱেশন: ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৪১তম কংগ্ৰেছ অধিৱেশন সফলতাৰে অনুষ্ঠিত কৰিছিল।
গণ আন্দোলন চলোৱা: ১৯৩০-৩৪ চনৰ আইন অমান্য আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন অসমত সুচাৰুৰূপে চলাই সমগ্ৰ ৰাজ্যত স্বাধীনতাক এক গণ আন্দোলনলৈ পৰিৱৰ্তন কৰিছিল।
'গ' গোট বিৰোধী সংগ্ৰাম: কেবিনেট মিছনে অসমক পূব বংগৰ সৈতে 'গ' গোটত (Group C) সামৰিব বিচৰাত গোপীনাথ বৰদলৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰি অসমৰ স্বতন্ত্ৰ অস্তিত্ব ৰক্ষা কৰে।
৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ: ১৯০৫ চনৰ বংগ বিভাজনৰ ফলত জন্ম হোৱা স্বদেশী আন্দোলনৰ প্ৰভাৱ অসমতো পৰিছিল:
প্ৰতিবাদ ও সভা: ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদি চহৰত পদ্মনাথ গোহাঁইবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত প্ৰতিবাদ গঢ়ি উঠিছিল।
বিদেশী বস্তু বৰ্জন: অসমৰ ৰাইজে বিদেশী বস্তু বৰ্জন কৰি বেনাৰসৰ চেনি, খাৰ আৰু এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ লৈছিল। গুৱাহাটীৰ ছাত্ৰসকলে কুলীৰ কাম কৰি উপাৰ্জন কৰা টকা আন্দোলনৰ পুঁজিলৈ দিছিল।
বিপ্লৱী কাৰ্যকলাপ: অম্বিকাগিৰী ৰায়চৌধুৰীয়ে 'সেৱা সংঘ' গঠন কৰি 'বন্দিনী ভাৰত' নাটক আদিৰ জৰিয়তে সজাগতা আনিছিল আৰু ১৯০৬ চনত লেফটেনেন্ট গৱৰ্ণৰ ব্যামফিল্ড ফুলাৰক হত্যাৰ বাবে বোমা পুতি অন্তৰীণ বন্দী হ'বলগীয়া হৈছিল।
জাতীয় বিদ্যালয়: সুৰমা উপত্যকাত সুৰমা ভেলী এছ'চিয়েছনৰ উদ্যোগত শ্ৰীহট্ট, শ্ৰীমংগল, কৰিমগঞ্জ আদি স্থানত জাতীয় বিদ্যালয় স্থাপিত হৈছিল।
৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ: ১৯২০ চনৰ ডিচেম্বৰত আছাম এছ'চিয়েছনৰ তেজপুৰ অধিৱেশনৰ সিদ্ধান্ত অনুসৰি অসমে অসহযোগ আন্দোলনত জাঁপ দিয়ে।
মুখ্য ভূমিকা:
মহাত্মা গান্ধীৰ আগমন: ১৯২১ চনৰ আগষ্টত গান্ধীজীৰ অসম ভ্রমণে আন্দোলনক এক অভূতপূৰ্ব জোৱাৰ আনি দিয়ে। বিদেশী কাপোৰৰ মেজি সাজি জুই লগোৱা হয়।
শিক্ষানুষ্ঠান আৰু আদালত বৰ্জন: ছাত্ৰসকলে চৰকাৰী স্কুল-কলেজ বৰ্জন কৰে। নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকীলে ওকালতি ত্যাগ কৰে।
জাতীয় বিদ্যালয় প্ৰতিষ্ঠা: ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত 'তিলক সোঁৱৰণী স্কুল' ধৰি বিভিন্ন জিলাত জাতীয় বিদ্যালয় স্থাপন কৰা হয়।
কানি নিবাৰণ: কংগ্ৰেছ কৰ্মীসকলৰ প্ৰচেষ্টাত কানিৰ বিক্ৰী অভূতপূৰ্বভাৱে হ্ৰাস পাই চৰকাৰৰ ১৯ লাখ টকাৰ ৰাজহ ক্ষতি হয়।
চাহ বাগিচাৰ বনুৱা বিদ্ৰোহ: ১৯২১ চনৰ মে’ মাহত কৰিমগঞ্জৰ চাৰাগোলা আৰু লংগাই উপত্যকাৰ ১৩খন বাগিচাৰ প্ৰায় ৮০০০ বনুৱাই 'গান্ধী মহাৰাজৰ জয়' ধ্বনিৰে আন্দোলনত নামি পৰে।
৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ: ১৯৩০ চনৰ গান্ধীজীৰ দাণ্ডি যাত্ৰাৰ পৰা আৰম্ভ হোৱা আইন অমান্য আন্দোলনত অসমৰ ভূমিকা আছিল উল্লেখনীয়:
নেতৃত্ব আৰু সংগ্ৰাম: হেমচন্দ্ৰ বৰুৱা, বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লা আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত লোণ সত্যগ্ৰহৰ সমৰ্থনত সমাৱেশ অনুষ্ঠিত হৈছিল। লীলাধৰ বৰুৱাই গান্ধীজীৰ মূল দাণ্ডি যাত্ৰাত অংশ লৈছিল।
কানিংহাম চাৰ্কুলাৰ আৰু ছাত্ৰ আন্দোলন: চৰকাৰৰ 'কানিংহাম চাৰ্কুলাৰ'ৰ প্ৰতিবাদত অসম ছাত্ৰ সন্মিলনে শিক্ষানুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লয় আৰু ১৯৩০ চনৰ জুলাই-আগষ্টত হাজাৰ হাজাৰ ছাত্ৰই চৰকাৰী বিদ্যালয় এৰি আন্দোলনত যোগ দিয়ে।
কৃষক ও জনসাধাৰণৰ অংশগ্ৰহণ: কৃষকে ৫০% মাটিত ৰাজহ হ্ৰাসৰ দাবী তুলি ৰায়ত সভাৰ জৰিয়তে আন্দোলন কৰে, সুৰা-কানি দোকানৰ পিকেটিং চলায় আৰু ফৰেষ্ট/বন আইন উলংঘা কৰাৰ চেষ্টা কৰে।
১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰ: ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় স্তৰত ঘোষিত 'ভাৰত ত্যাগ আন্দোলন'ত অসমৰ ৰাইজে 'কৰিম কিম্বা মৰিম' শ্লোগানেৰে অ অভূতপূৰ্ব অংশগ্ৰহণ কৰে।
বিৱৰণ:
জনসজাগতা আৰু প্ৰতিবাদ: প্ৰথম অৱস্থাত শোভাযাত্ৰা, হৰতাল, পিকেটিং চলিছিল। কিন্তু চৰকাৰে কংগ্ৰেছক নিষিদ্ধ কৰি নেতাসকলক গ্ৰেপ্তাৰ কৰাত আন্দোলনে হিংসাত্মক ৰূপ লয়।
চৰকাৰী সম্পত্তি ধ্বংস: নগাঁও আৰু দৰঙত চৰকাৰী ভৱন আক্ৰমণ কৰাৰ উপৰি সৰুপথাৰ, পাণবাৰী, ৰঙিয়া, চাফ্ৰাই আদি স্থানত ৰেলপথ বগৰোৱা হয়।
শ্বহীদ আৰু কাৰাবাস: সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ গোচৰত কুশল কোঁৱৰক ফাঁচী দিয়া হয়। গহপুৰত থানাৰ চালত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ গৈ ১৪ বছৰীয়া কনকলতা বৰুৱা শ্বহীদ হয়। ঢেকিয়াজুলি, বঢ়মপুৰ, বাৰপুজীয়া আদিত পুলিচৰ গুলীত ২৭ জনতকৈও অধিক লোক শ্বহীদ হয়।
আত্মগোপনকাৰী সংগঠন আৰু সমান্তৰাল চৰকাৰ: জ্যোতিপ্ৰসাদ আগৰৱালা, শংকৰচন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা আদিৰ নেতৃত্বত আত্মগোপনকাৰী স্বেচ্ছাসেৱী দল গঠন হয়। বজালী, ৰহা, ঢকুৱাখনা আদিত আন্দোলনকাৰীসকলে 'গাঁও পঞ্চায়ত' গঠন কৰি সমান্তৰাল চৰকাৰ চলাইছিল।
১১। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ: ১৯৪৬ চনত গঠিত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ প্ৰাক্-মুহূৰ্তত আৰু স্বাধীনতাৰ পিছতো উত্তৰ-পূবৰ মানৱ সম্পদ বিকাশ আৰু আন্তঃগাঁথনি উন্নত কৰিবলৈ শিক্ষা খণ্ডত বৈপ্লৱিক পদক্ষেপ লৈছিল:
গুৱাহাটী বিশ্ববিদ্যালয়: ১৯৪৮ চনৰ ২৬ জানুৱাৰীত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চৰকাৰী বিশ্ববিদ্যালয় হিচাপে 'গুৱাহাটী বিশ্ববিদ্যালয়' প্ৰতিষ্ঠা কৰা হয়। আৰম্ভণিতে ১৭খন মহাবিদ্যালয় ইয়াৰ অধীনস্থ আছিল।
অসম চিকিৎসা মহাবিদ্যালয় (ডিব্ৰুগড়): ড° জন বেৰী হোৱাইটৰ অৱদানেৰে গঢ়ি উঠা স্কুলখনক ১৯৪৭ চনৰ ৩ নৱেম্বৰত আনুষ্ঠানিকভাৱে উত্তৰ-পূবৰ প্ৰথম 'অসম চিকিৎসা মহাবিদ্যালয়' হিচাপে উন্নীত কৰা হয়।
অসম কৃষি আৰু পশু চিকিৎসা মহাবিদ্যালয়: ১৯৪৮ চনত যোৰহাটত 'অসম কৃষি মহাবিদ্যালয়' আৰু নগাঁৱত 'অসম পশু চিকিৎসা মহাবিদ্যালয়' স্থাপন কৰা হয়। (এই দুয়োখন মহাবিদ্যালয় পৰৱৰ্তী সময়ত ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনলৈ অনা হয়)।

No comments:

Post a Comment

ASSEB Class IX General Science Chapter 1 questions and Answers

অধ্যায়-১: আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in Our Surroundings) ইন-টেক্সট প্রশ্নাৱলী (In-Text Questions) ১. তলৰ কোনবোৰ...