Tuesday, September 15, 2026

ASSEB Class IX General Science Chapter 6 questions and Answers

অধ্যায়-৬: কলা (Tissues)

ইন-টেক্সট প্রশ্নাৱলী (In-Text Questions)

পৃষ্ঠা ৬৮ - প্রশ্ন ১: কলা কি?

উত্তৰ: একোটা নির্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি-প্ৰকৃতিৰ কোষৰ সমষ্টিকে কলা বোলা হয় (উদাহৰণ স্বৰূপে: তেজ, ফ্লোৱেম, পেশী আদি)।

পৃষ্ঠা ৬৮ - প্রশ্ন ২: বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?

উত্তৰ: বহুকোষী জীৱৰ শৰীৰত শ্ৰমবিভাজন ঘটে। কলাই একোটা নিৰ্দিষ্ট স্থানত গোট খাই নির্দিষ্ট কাৰ্য অতি উৎকৃষ্টতা আৰু দক্ষতাৰে সম্পন্ন কৰাত সহায় কৰে। যেনে— চলনৰ বাবে পেশী কলা, বাৰ্তা কঢ়িয়াবলৈ স্নায়ু কলা আৰু সংবহনৰ বাবে তেজ বা সংবহন কলা।

কাৰ্যকলাপ ৬.১ ৰ প্ৰশ্নসমূহ (পৃষ্ঠা ৬৯):

পিয়াঁজৰ কন্দৰ শিপাৰ বৃদ্ধি দেখুওৱা কাচৰ গিলাচৰ চিত্ৰ (চিত্র-৬.১)
চিত্র-৬.১: পিয়াঁজৰ কন্দৰ শিপাৰ বৃদ্ধি
  1. দুয়োটা পিয়াঁজৰ ভিতৰত কোনটোৰ শিপাৰ দৈৰ্ঘ্য বেছি পালা আৰু কিয়?
    উত্তৰ: ১ নং গিলাচৰ পিয়াঁজটোৰ শিপাৰ দৈৰ্ঘ্য বেছি, কাৰণ ইয়াৰ শিপাৰ অগ্ৰস্থ ভাজক কলাটো কাটি পেলোৱা হোৱা নাই।
  2. শিপা কাটি পেলোৱাৰ পিছত পিয়াঁজ দুটাৰ শিপাৰ বৃদ্ধি একেদৰে হৈছে নে?
    উত্তৰ: নাই হোৱা। ২ নং গিলাচৰ পিয়াঁজটোৰ শিপা কাটি দিয়াৰ পিছত তাৰ বৃদ্ধি বন্ধ হৈ গৈছে।
  3. ২ নং গিলাচৰ পিয়াঁজটোৰ শিপা কাটি পেলোৱাৰ পিছত কিয় শিপাৰ বৃদ্ধি বন্ধ হৈ গ'ল?
    উত্তৰ: শিপাৰ একেবাৰে মূৰত অগ্ৰস্থ ভাজক কলা থাকে, যিয়ে কোষ বিভাজন কৰি শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। শিপাৰ মূৰ অংশ কাটি পেলোৱাৰ ফলত ভাজক কলা আঁতৰি যায়, সেয়ে বৃদ্ধি বন্ধ হৈ যায়।
উদ্ভিদ দেহত অগ্ৰস্থ, নিৱেশিত আৰু পাৰ্শ্বীয় ভাজক কলাৰ স্থান দেখুওৱা চিত্ৰ (চিত্র-৬.২)
চিত্র-৬.২: উদ্ভিদ দেহত ভাজক কলাৰ স্থান

কাৰ্যকলাপ ৬.২ ৰ প্ৰশ্নসমূহ (পৃষ্ঠা ৭০):

কাণ্ডৰ প্ৰস্থচ্ছেদৰ চিত্ৰ (চিত্র-৬.৩)
চিত্র-৬.৩: কাণ্ডৰ প্ৰস্থচ্ছেদ
  1. সকলো বিলাক কোষৰ গঠন একেইনে?
    উত্তৰ: নহয়, কাণ্ডৰ প্ৰস্থচ্ছেদত থকা সকলো কোষৰ গঠন একে নহয়।
  2. কেইপ্ৰকাৰৰ কোষ দেখিবলৈ পালা?
    উত্তৰ: ইয়াত বিভিন্ন আকৃতি আৰু আকাৰৰ কেইবা প্ৰকাৰৰো কোষ দেখিবলৈ পোৱা যায় (যেনে: বহিত্বক, কৰ্টেক্স, ফ্লোৱেম, জাইলেম আদিৰ কোষ)।
  3. বিভিন্ন প্ৰকাৰৰ কোষ কিয় দেখিবলৈ পাইছা নিজে চিন্তা কৰি উলিয়াব পাৰিবানে?
    উত্তৰ: উদ্ভিদৰ বিভিন্ন অংগে বিভিন্ন কাৰ্য (যেনে— সুৰক্ষা, সঞ্চয়, পানী আৰু আহাৰ সংবহন, দৃঢ়তা প্ৰদান) সম্পন্ন কৰিব লগা হয়। বিভেদান প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্দিষ্ট কামৰ বাবে কোষবোৰ বিশেষ ৰূপলৈ ৰূপান্তৰিত হয়, সেয়ে বিভিন্ন প্ৰকাৰৰ কোষ দেখা যায়।
বিভিন্ন প্ৰকাৰৰ সৰল কলা - পেৰেণকাইমা, ক'লেণকাইমা আৰু স্কেৰেণকাইমাৰ প্ৰস্থচ্ছেদ আৰু দীঘচ্ছেদ (চিত্র-৬.৪)
চিত্র-৬.৪: বিভিন্নপ্ৰকাৰৰ সৰল কলা: (a) পেৰেণকাইমা (i) প্ৰস্থচ্ছেদ, (ii) দীঘচ্ছেদ; (b) ক'লেণকাইমা (i) প্ৰস্থচ্ছেদ, (ii) দীঘচ্ছেদ; (c) স্কেৰেণকাইমা (i) প্ৰস্থচ্ছেদ, (ii) দীঘচ্ছেদ
ৰক্ষীকোষ আৰু বহিত্বকীয় কোষৰ পাৰ্শ্বীয় আৰু সমুখ দৃষ্টিৰ চিত্ৰ (চিত্র-৬.৫)
চিত্র-৬.৫: ৰক্ষীকোষ আৰু বহিত্বকীয় কোষ (a) পাৰ্শ্বীয় দৃষ্টিত, (b) সমুখ দৃষ্টিত
সুৰক্ষা প্ৰদান কৰা কৰ্ক কোষ আৰু ভাঙি যোৱা বহিত্বক (চিত্র-৬.৬)
চিত্র-৬.৬: সুৰক্ষা প্ৰদান কৰা কলা
জটিল কলাৰ প্ৰকাৰ - ট্ৰেকীড, নলিকা, জাইলেম পেৰেনকাইমা আৰু ফ্লোৱেমৰ ছেদাংশ (চিত্র-৬.৭)
চিত্র-৬.৭: জটিল কলাৰ প্ৰকাৰ

পৃষ্ঠা ৭৪ - প্রশ্ন ১: বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।

উত্তৰ: বিভিন্ন প্ৰকাৰৰ সৰল স্থায়ী কলাসমূহ হ'ল:

  • পেৰেণকাইমা (Parenchyma)
  • ক'লেণকাইমা (Collenchyma)
  • স্কেৰেণকাইমা (Sclerenchyma)

পৃষ্ঠা ৭৪ - প্রশ্ন ২: অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায়?

উত্তৰ: অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ বা মূৰ অংশত পোৱা যায়।

পৃষ্ঠা ৭৪ - প্রশ্ন ৩: কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?

উত্তৰ: স্কেৰেণকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে।

পৃষ্ঠা ৭৪ - প্রশ্ন ৪: ফ্লোৱেম কলা কিহেৰে গঠিত?

উত্তৰ: ফ্লোৱেম কলা চাৰিবিধ উপাদানেৰে গঠিত:

  1. চালনি নলিকা (Sieve tube)
  2. সংগী কোষ (Companion cell)
  3. ফ্লোৱেম পেৰেণকাইমা (Phloem parenchyma)
  4. ফ্লোৱেম তন্তু (Phloem fibre)
পাকস্থলী আৰু অৰেখিত পেশী তন্তুৰ অৱস্থান (চিত্র-৬.৮)
চিত্র-৬.৮: পেশীতন্তুৰ অৱস্থান
আচ্ছাদক কলাৰ বিভিন্ন প্ৰকাৰ - ছটীয়া, ঘনকাকৃতিৰ, স্তম্ভাকৃতিৰ আৰু স্তৰীভূত ছটীয়া আচ্ছাদক কলা (চিত্র-৬.৯)
চিত্র-৬.৯: আচ্ছাদক কলাৰ বিভিন্ন প্ৰকাৰ
বিভিন্ন প্ৰকাৰৰ সংযোজক কলা - এৰিওলাৰ, মেদ কলা, অস্থিকলা, হায়েলিন অস্থি, আৰু ৰক্ত কণিকা কোষ (চিত্র-৬.১০)
চিত্র-৬.১০: বিভিন্ন প্ৰকাৰৰ সংযোজক কলা
বিভিন্ন প্ৰকাৰৰ পেশী তন্তুসমূহ - ৰেখিত পেশী, অৰেখিত/মসৃণ পেশী, আৰু হৃদযন্ত্রপেশী (চিত্র-৬.১১)
চিত্র-৬.১১: বিভিন্ন প্ৰকাৰৰ পেশী তন্তুসমূহ (a) ৰেখিত পেশী (b) অৰেখিত/মসৃণ পেশী (c) হৃদযন্ত্রপেশী
স্নায়ুকোষ বা নিউৰনৰ গঠন (চিত্র-৬.১২)
চিত্র-৬.১২: স্নায়ুকোষ (Neuron), স্নায়ুকলাৰ একক

পৃষ্ঠা ৭৮ - প্রশ্ন ১: প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

উত্তৰ: প্ৰাণীদেহৰ চলনৰ লগত পেশী কলা (Muscular tissue) আৰু সংযোজক কলা (যেনে— অস্থি, টেণ্ডন, লিগামেন্ট) জড়িত।

পৃষ্ঠা ৭৮ - প্রশ্ন ২: নিউৰন (Neuron) দেখাত কেনেকুৱা হয়?

উত্তৰ: এটা নিউৰন বা স্নায়ুকোষ দেখাত দীঘল (প্ৰায় ১ মিটাৰ পৰ্যন্ত)। ইয়াৰ মূল অংশবোৰ হ'ল:

  • কোষদেহ (Cell Body): ইয়াৰ ভিতৰত স্পষ্ট কোষকেন্দ্ৰ আৰু সাইট'প্লাজম থাকে।
  • এক্সন (Axon): কোষদেহৰ পৰা ওলোৱা এডাল সুদীঘল নলীসদৃশ প্ৰবৰ্ধ।
  • ড্ৰেনড্ৰাইট (Dendrite): কোষদেহৰ পৰা ওলোৱা সৰু সৰু শাখা-প্ৰশাখাযুক্ত প্ৰবৰ্ধ।

পৃষ্ঠা ৭৮ - প্রশ্ন ৩: হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: হৃদপেশীৰ তিনিটা প্ৰধান বৈশিষ্ট্য হ'ল:

  1. এই পেশীবোৰ অনৈচ্ছিক প্ৰকৃতিৰ আৰু গোটেই জীৱন ধাৰাবাহিকভাৱে লয়বদ্ধভাৱে সংকুচিত আৰু প্ৰসাৰিত হৈ থাকে।
  2. পেশীতন্তুবোৰ চুঙাকৃতিৰ, শাখাবিশিষ্ট আৰু এক-কোষকেন্দ্ৰযুক্ত।
  3. ইয়াত পাতল অনুপ্ৰস্থ ৰেখা বা পটি দেখা যায়।

পৃষ্ঠা ৭৮ - প্রশ্ন ৪: এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?

উত্তৰ: এৰিওলাৰ কলাৰ প্ৰধান কাৰ্যসমূহ হ'ল:

  • ই আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা আৰু সহায় প্ৰদান কৰে।
  • ই কলাৰ ক্ষতিগ্ৰস্ত অংশ বা ক্ষত অংশ মেৰামতি কৰাত সহায় কৰে।

অনুশীলনী (Exercises)

১. 'কলা'ৰ সংজ্ঞা দিয়া।

উত্তৰ: একোটা নির্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি-প্ৰকৃতিৰ কোষৰ সমষ্টিকে কলা বোলা হয়।

২. কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।

উত্তৰ: জাইলেম কলা তলত দিয়া চাৰিবিধ উপাদানেৰে গঠিত:

  1. ট্ৰেকীড (Tracheids)
  2. নলিকা (Vessels)
  3. জাইলেম পেৰেণকাইমা (Xylem parenchyma)
  4. কাষ্ঠ তন্তু বা জাইলেম তন্তু (Xylem fibre)

৩. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?

উত্তৰ:

সৰল স্থায়ী কলা (Simple Permanent Tissue) জটিল স্থায়ী কলা (Complex Permanent Tissue)
একে প্ৰকাৰৰ কোষেৰে গঠিত। একাদিক প্ৰকাৰৰ কোষেৰে গঠিত।
সকলো কোষে দেখাত আৰু কামত একে। বিভিন্ন প্ৰকাৰৰ কোষে সমন্বয় ৰক্ষা কৰি এটা উমৈহতীয়া কাৰ্য কৰে।
উদাহৰণ: পেৰেণকাইমা, ক'লেণকাইমা। উদাহৰণ: জাইলেম, ফ্লোৱেম।

৪. কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক'লেইনকাইমা, স্কেৰেণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা।

উত্তৰ: কোষবেৰৰ গঠনৰ ওপৰত ভিত্তি কৰি পাৰ্থক্যসমূহ:

বৈশিষ্ট্য পেৰেণকাইমা ক'লেণকাইমা স্কেৰেণকাইমা
কোষবেৰৰ স্থূলতা কোষবেৰ অতি পাতল। চুকবোৰ অনিয়মিতভাৱে ডাঠ। লিগনিন জমা হৈ সমভাৱে ডাঠ হয়।
পদাৰ্থৰ গঠন ছেলুল'জেৰে গঠিত। ছেলুল'জ আৰু পেক্টিন প্ৰধান উপাদান। লিগনিন যুক্ত টান ৰাসায়নিক পদাৰ্থ।
আভ্যন্তৰীণ খালী ঠাই কোষৰ মাজত খালী ঠাই বা গুহা থাকে। অন্তঃকোষীয় স্থান খুবেই কম। কোষৰ ভিতৰত খালী স্থান নাথাকে।

৫. পত্ৰৰন্ধৰ কাৰ্যবিলাক কি কি?

উত্তৰ: পত্ৰৰন্ধৰ মুখ্য কাৰ্যসমূহ হ'ল:

  • বায়ুমণ্ডলৰ সৈতে গেছৰ আদান-প্ৰদান ঘটোৱা (যেনে— অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড)।
  • বাষ্পমোচন (Transpiration) প্ৰক্ৰিয়াৰে উদ্ভিদৰ অতিৰিক্ত পানী ভাগ বাষ্প আকাৰে বাহিৰলৈ এৰি দিয়া।

৬. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

উত্তৰ: প্ৰাণীদেহৰ চলনত মূলতঃ পেশী কলা (Muscular Tissue) আৰু সংযোজক কলা (Connective Tissue - যেনে অস্থি, টেণ্ডন, লিগামেন্ট) জড়িত থাকে।

৭. স্নায়ুকোষ (Neuron) দেখাত কেনেকুৱা হয়?

উত্তৰ: স্নায়ুকোষ বা নিউৰন হ'ল শৰীৰৰ সুদীঘল কোষ। ইয়াত এটা ডাঙৰ কোষকেন্দ্ৰ থকা কোষদেহ থাকে। কোষদেহৰ পৰা ওলোৱা লম্বায়মান নলীসদৃশ অংশক এক্সন আৰু চুটি শাখা-প্ৰশাখাবোৰক ড্ৰেনড্ৰাইট বোলে।

৮. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ:

  1. হৃদপেশী এক প্ৰকাৰ অনৈচ্ছিক পেশী, যি অবিৰামভাৱে সংকুচিত আৰু প্ৰসাৰিত হয়।
  2. তন্তুবোৰ চুঙাকৃতিৰ, শাখাবিশিষ্ট আৰু এটা কোষকেন্দ্ৰযুক্ত।
  3. এই পেশীত অনুভূতিক পটি বা ৰেখা দেখা যায়।

৯. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?

উত্তৰ:

  • আভ্যন্তৰীণ অংগসমূহক সুৰক্ষিত কৰা আৰু স্থানত ধৰি ৰখা।
  • ক্ষতিগ্ৰস্ত কলাৰ মেৰামতি আৰু পুনৰুজ্জীৱনত সহায় কৰা।

১০. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্তুষমূহৰ মাজৰ পাৰ্থক্য দেখুওৱা।

ৰেখিত, অৰেখিত আৰু হৃদপেশী তন্তুৰ চিত্ৰ (চিত্র-৬.১১)
চিত্র-৬.১১: বিভিন্ন প্ৰকাৰৰ পেশী তন্তুসমূহ: (a) ৰেখিত পেশী, (b) অৰেখিত/মসৃণ পেশী, (c) হৃদযন্ত্রপেশী
বৈশিষ্ট্য ৰেখিত পেশী (Striated) অৰেখিত পেশী (Unstriated) হৃদপেশী (Cardiac)
আকাৰ দীঘলীয়া, চুঙাকৃতিৰ। মাকো সদৃশ, মূৰ দুটা জোঙা। চুঙাকৃতিৰ আৰু শাখাবিশিষ্ট।
কোষকেন্দ্ৰ বহুকোষকেন্দ্ৰযুক্ত। এক-কোষকেন্দ্ৰযুক্ত। এক-কোষকেন্দ্ৰযুক্ত।
পটি/ৰেখা অস্পষ্ট আৰু স্পষ্ট পটি থাকে। কোনো পথালি ৰেখা নাথাকে। পাতল পথালি ৰেখা থাকে।

১১. হৃদপেশীসমূহৰ বিশেষ কাম কি?

উত্তৰ: হৃদপেশীৰ বিশেষ কাম হ'ল জীৱনৰ শেষ মুহূৰ্তলৈকে কোনো ভাগৰ নলগাকৈ লয়বদ্ধভাৱে হৃদযন্ত্ৰৰ সংকোচন আৰু প্ৰসাৰণ ঘটাই গোটেই শৰীৰত তেজ সঞ্চালিত কৰি ৰখা।

১২. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰ:

পেশীৰ প্ৰকাৰ গঠনগত বৈশিষ্ট্য অৱস্থান (শৰীৰৰ ক'ত থাকে)
ৰেখিত পেশী (Striated) দীঘল, চুঙাকৃতিৰ, শাখাহীন, বহুকোষকেন্দ্রযুক্ত আৰু পটিযুক্ত। হাত, ভৰি আৰু কংকালৰ হাড়ৰ লগত সংলগ্ন হৈ থাকে।
অৰেখিত পেশী (Unstriated) মাকো আকৃতিৰ, এক-কোষকেন্দ্রযুক্ত, শাখাহীন আৰু পটিহীন। পাচন নলী, ৰক্তনলীকা, চকুৰ আইৰিছ, জৰায়ু, ব্ৰংকাইত থাকে।
হৃদপেশী (Cardiac) চুঙাকৃতিৰ, শাখাবিশিষ্ট, এক-কোষকেন্দ্রযুক্ত আৰু লয়বদ্ধ। কেৱল হৃদযন্ত্ৰৰ (Heart) বেৰত পোৱা যায়।

১৩. এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ অংকন কৰা।

স্নায়ুকোষ বা নিউৰনৰ চিহ্নিত চিত্ৰ
চিত্র-৬.১২: স্নায়ুকোষ (Neuron)

১৪. তলত দিয়া কলাসমূহৰ নাম লিখা:

(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰ: সৰল ছটীয়া আচ্ছাদক কলা (Simple squamous epithelium) / স্তৰীভূত ছটীয়া আচ্ছাদক কলা

(b) পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে?
উত্তৰ: টেণ্ডন (Tendon)

(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?
উত্তৰ: ফ্লোৱেম (Phloem)

(d) আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰ: মেদকলা (Adipose tissue)

(e) জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰ: তেজ বা ৰক্ত (Blood)

(f) মস্তিষ্কত কি কলা থাকে?
উত্তৰ: স্নায়ুকলা (Nervous tissue)

১৫. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

উত্তৰ: ছটীয়া আচ্ছাদক কলা (Squamous Epithelium) (সৰল ছটীয়া আচ্ছাদক কলা) ।

১৬. তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা: ছাল, অস্থি, বৃক্কৰ আৱৰণ।

উত্তৰ:

  • ছাল: স্তৰীভূত ছটীয়া আচ্ছাদক কলা (Stratified Squamous Epithelium)
  • অস্থি: সংযোজক কলা / অস্থি কলা (Connective / Bone Tissue)
  • বৃক্কৰ আৱৰণ (বৃক্ক নলীকা): ঘনকাকৃতিৰ আচ্ছাদক কলা (Cuboidal Epithelial Tissue)

১৭. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা:

পূৰণ কৰা তালিকা:

কলা
সৰল (Simple) জটিল (Complex)
পেৰেনকাইমা জাইলেম
ক'লেনকাইমা ফ্লোৱেম
স্কেৰেণকাইমা

No comments:

Post a Comment

ASSEB Class IX General Science Chapter 1 questions and Answers

অধ্যায়-১: আমাৰ চাৰিওকাষৰ বস্তুবোৰ (Matter in Our Surroundings) ইন-টেক্সট প্রশ্নাৱলী (In-Text Questions) ১. তলৰ কোনবোৰ...