Thursday, October 15, 2026

অসমীয়া ব্যাকৰণ এটা শব্দত প্ৰকাশ কৰা

১. অ’ত-ত’ত ঘূৰি ফুৰা লোক – যাযাবৰ
২. যাৰ নিজাপী ঘৰ নাই – অঘৰী
৩. অকস্মাৎ হোৱা ঘটনা / হঠাতে হোৱা ঘটনা – আকস্মিক
৪. গধূলি চকুৰে নেদেখা লোক / গধূলি চকুৰে নেদেখা ৰোগ – কুকুৰীকণা
৫. অঙ্গ বা দেহৰ পৰা যাৰ জন্ম হয় – অঙ্গজ
৬. অচিনাকি মানুহ / যাৰ চিনাকী নাই – অপৰিচিত
৭. অতি উচ্চ বা বিকট হাঁহি – অট্টহাস্য
৮. অতিশয় ঠাণ্ডাও নহয় অতিশয় গৰমো নহয় / যি বতৰ শীতো নহয় উষ্ণও নহয় – নাতিশীতোষ্ণ
৯. অতিশয় দীঘল নহয় যি – নাতিদীৰ্ঘ
১০. অনন্তকাল জীয়াই থকা – চিৰঞ্জীৱী
১১. অনুকৰণ কৰিবলগীয়া – অনুকৰণীয়
১২. অন্ত নথকা – অনন্ত
১৩. অন্য উপায় নথকাত – অগত্যা
১৪. অন্য ফালে মন যাৰ – অন্যমনস্ক
১৫. অন্যায় কাম কৰা লোক – অপকৰ্মী, অন্যায়কাৰী
১৬. অপৰাধ কৰা লোক – অপৰাধী
১৭. অভিজ্ঞ নোহোৱা / যাৰ অভিজ্ঞতা নাই – অনভিজ্ঞ
১৮. অমাবস্যাৰ নিশা – কৃষ্ণপক্ষীয় ৰাতি
১৯. আনৰ গুণত দোষ দেখা স্বভাৱ – অসূয়া
২০. আন ঠাইলৈ নিব পৰা বস্তু বা সম্পত্তি – অস্থাৱৰ
২১. নাঙলৰ সীৰলু – আঁওচ
২২. নিজৰ মতৰ পৰা লৰচৰ নকৰা – আঁকোৰ-গোজ
২৩. কাপোৰৰ আগ – আঁচল
২৪. কাপোৰত ফুল তুলিবলৈ ৰং দিয়া সূতা – আঁচু
২৫. নখ বা কাঁইটৰ আঘাত – আঁচোৰ
২৬. আঁঠুলৈ বৈ পৰা হাত যাৰ – আজানুলম্বিত
২৭. মহৰ পৰা ৰক্ষা পাবলৈ তৰি লোৱা কাপোৰৰ আৱৰণ – আঁঠুৱা
২৮. ব’ব-কাটিব নজনা তিৰোতা – আকাজী
২৯. পেটত ৰখা খং – আক্ৰোশ
৩০. আখৰ চিনি নোপোৱা লোক – অনক্ষৰ, নিৰক্ষৰ
৩১. সন্মুখত ভেটা দিয়া কাৰ্য – আগ-ভেটা
৩২. আগতিয়াকৈ দিয়া ধন বা সুবিধা – অগ্ৰিম, অগ্ৰাধিকাৰ
৩৩. যি অস্ত্ৰৰ মুখেৰে জুই ওলায় – আগ্নেয়াস্ত্ৰ
৩৪. কিবা পাবলৈ কৰা ইচ্ছা বা যত্ন – আগ্ৰহ
৩৫. আগে আগে গমন কৰে যি / প্ৰথমে বাট দেখুৱাওঁতা – অগ্ৰগামী, অগ্ৰদূত
৩৬. আগেয়ে ওপজা ভাতৃ – অগ্ৰজ
৩৭. আগেয়ে গম নোপোৱাকৈ হোৱা – আচম্বিত
৩৮. আগেয়ে শুনা নাই যি – অশ্ৰুতপূৰ্ব
৩৯. আগেয়ে হোৱা নাই যি / আগেয়ে নোহোৱা ঘটনা – অভূতপূৰ্ব
৪০. গোটেই জীৱন জুৰি – আজীৱন
৪১. যাৰ সকলো বস্তু অঁটাকৈ আছে – আটন্তিয়াৰ
৪২. ডাঙৰ চিঞৰ বা গৰ্জন – আটাহ
৪৩. আলতীয়া বা আঠা থকা মাটি – আঠালতীয়া
৪৪. অতি আদৰত ডাঙৰ-দীঘল হোৱা – আতোল-তোল
৪৫. নিজকে লৈ কৰা অহংকাৰ – আত্মগৌৰৱ, আত্মগৰ্ব
৪৬. নিজক নিজে ধ্বংস বা আঘাত কৰা – আত্মঘাত
৪৭. নিজৰ সুখ-স্বাৰ্থ এৰি দিয়া কাৰ্য – আত্মত্যাগ
৪৮. নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক – আত্মনিৰ্ভৰশীল, স্বাৱলম্বী
৪৯. নিজক আনৰ হাতত গতাই দিয়া – আত্মসমৰ্পণ
৫০. তেজৰ সম্বন্ধ থকা লোক – আত্মীয়
৫১. মানুহ মৰাৰ পিছত কৰা প্ৰথম শ্ৰাদ্ধ – আদ্যশ্ৰাদ্ধ
৫২. আধা নষ্ট হোৱা বস্তু – আধলিকা
৫৩. আধা বয়স হোৱা – আদহীয়া
৫৪. উৎপন্ন শস্যৰ আধা ভাগ – আধি
৫৫. আধি ভাগৰ চুক্তিত খেতি কৰা মানুহ – আধিয়াৰ
৫৬. এটা সন্তান হোৱাৰ পৰা আন এটা সন্তান জন্ম হোৱালৈকে সময় – আনজ
৫৭. আন ঠাইত থকা – স্থানান্তৰিত
৫৮. আনৰ অধীন যি – পৰাধীন
৫৯. আনৰ অধীন নহয় যি – স্বাধীন
৬০. আনৰ উপকাৰ স্বীকাৰ কৰা লোক – কৃতজ্ঞ
৬১. আনৰ উপকাৰ স্বীকাৰ নকৰা লোক – অকৃতজ্ঞ, কৃতঘ্ন
৬২. আনৰ ওপৰত নিৰ্ভৰশীল – পৰনিৰ্ভৰশীল
৬৩. আনৰ কথা সহজে বিশ্বাস কৰা – সহজবিশ্বাসী
৬৪. আনৰ দোষ বিচাৰি ফুৰা লোক – ছিদ্ৰান্বেষী
৬৫. আনৰ ভাল দেখিব নোৱাৰা লোক – চকুচৰহা, পৰশ্ৰীকাতৰ
৬৬. আনৰ মুখলৈ বাট চাই থকা – পৰমুখাপেক্ষী
৬৭. আনৰ বস্তু বলেৰে কাঢ়ি নিওঁতা – ডকাইত
৬৮. ভিতৰুৱা বিবাদ – আন্তঃকলহ
৬৯. মিচিংসকলে চাউলৰ পৰা তৈয়াৰ কৰা পানীয় – আপং
৭০. ভৰিৰ পৰা মূৰলৈকে – আপাদমস্তক
৭১. নিজৰ পেটলৈহে চিন্তা কৰা – আপোনপেটীয়া, স্বাৰ্থপৰ
৭২. সন্তোষ লগোৱা বা আদৰ-সাদৰ কৰা কাৰ্য – আপ্যায়ন
৭৩. আফুগছৰ আঠাৰ পৰা প্ৰস্তুত ৰাগিয়াল বস্তু – আফিং
৭৪. যাৰ বিয়া হোৱা নাই – অবিবাহিত, আবিয়ৈ
৭৫. মন মাৰি থকা অৱস্থা – আমন-জিমন
৭৬. জমা ৰখা ধন বা সম্পত্তি – আমানত
৭৭. সখিয়েকৰ মাক বা তাৱৈৰ ঘৈণীয়েক – আমৈ
৭৮. স্বামী জীৱিত থকা তিৰোতা – আয়তী, সধৱা
৭৯. আছুতীয়াকৈ সংৰক্ষণ কৰি ৰখা কাৰ্য – আৰক্ষণ
৮০. ডিঙিৰ ভিতৰত তালুৰ পৰা ওলমি থকা মাংসখণ্ড – আলজিভা
৮১. মজিয়া বা বেৰত অঁকা মাংগলিক চিত্ৰ – আলপনা
৮২. নোহোৱা বস্তুৰ উদ্ভাৱন – আৱিষ্কাৰ
৮৩. নোহোৱা বস্তু উদ্ভাৱন কৰোঁতা – আৱিষ্কাৰক, উদ্ভাৱক
৮৪. আহাৰ জীৰ্ণ নোহোৱাৰ ফলত হোৱা ৰোগ – অজীৰ্ণ
৮৫. নিজ ইচ্ছামতে চলা লোক – স্বেচ্ছাচাৰী, অভং
৮৬. ইন্দ্ৰিয় জয় কৰা ব্যক্তি – জিতেন্দ্ৰিয়
৮৭. ইন্দ্ৰিয়ই ঢুকি নোপোৱা বিষয় – অগোচৰ, অতিন্দ্ৰিয়
৮৮. ঈশ্বৰক বিশ্বাস কৰা লোক – আস্তিক
৮৯. ঈশ্বৰক বিশ্বাস নকৰা লোক – নাস্তিক
৯০. বিহুৰ ঠিক আগদিনা – উৰুকা
৯১. যি মাটি ফুটি ওলায় – উদ্ভিদ
৯২. পানী আৰু মাটি দুয়োটাতে চৰা প্ৰাণী – উভচৰ
৯৩. একে গুৰুৰ শিষ্য – সতীৰ্থ, হৰিভকত
৯৪. একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক – অঘৰী, যাযাবৰ
৯৫. একে মাকৰ সন্তান / একে গৰ্ভত জন্ম যাৰ – সহোদৰ, সোদৰ
৯৬. একে শ্ৰেণীত বা একেলগে পঢ়া ছাত্ৰ – সহপাঠী
৯৭. একে সময়তে হোৱা – সমসাময়িক
৯৮. একেলগে উপজা দুটা সন্তান – যমজ
৯৯. একো নজনা মানুহ – অজ্ঞ, অজলা
১০০. এটা চকুৰে নেদেখা লোক – কণা
১০১. এটা সন্তান হোৱাৰ পিছত সন্তান নোহোৱা তিৰোতা – কাকবন্ধ্যা, বিয়ৈবাঁজী
১০২. এটাৰ পিছত আন এটাকৈ হোৱা – অগা-পিছা
১০৩. কাম কৰিবলৈ এলাহ কৰা মানুহ – এলেহুৱা
১০৪. এবাৰ ফল দি মৰি যোৱা গছ – ওষধি, ঔষধি
১০৫. কঁঠালৰ সৰু কলি – মুচি
১০৬. কাঁহৰ বাচন গঢ়োঁতা – কঁহাৰ
১০৭. ককাদেউতাৰ দেউতাক – আজোককা
১০৮. কথা ক’ব নোৱাৰা লোক – বোবা, বাক্‌শক্তিহীন
১০৯. কথা কোৱাৰ ইচ্ছা – বিবক্ষা
১১০. কথাৰ লাগ-বান্ধ নথকা লোক – চেলেপু, অহৌবলীয়া
১১১. কাপোৰত ফুল তুলিবলৈ ব্যৱহাৰ কৰা সূতা – কধা
১১২. কণীৰ পৰা জন্মা প্ৰাণী – অণ্ডজ
১১৩. কানি খোৱাৰ অভ্যাস থকা মানুহ – কানীয়া
১১৪. কাণেৰে নুশুনা লোক – কলা, বধিব
১১৫. ভয়াতুৰ পুৰুষ – কাপুৰুষ
১১৬. কাৰো লগত মিলিব নোৱাৰা লোক – অজীন-পাতকী
১১৭. কাৰো নাম নোলোৱাকৈ দিয়া গালি – গুৱাল-গালি
১১৮. কাৰো পক্ষ নলয় যিয়ে – নিৰপেক্ষ
১১৯. কাৱৈ মাছৰ সৰু পোৱালি – কাৱৈটিলা, কাৱৈচোকোৰা
১২০. পোৱালি দিবৰ বয়স নোহোৱা মাইকী গৰু – কাঢ়লী
১২১. কি কৰ্তব্য স্থিৰ কৰিব নোৱাৰা অৱস্থা – কিংকৰ্তব্যবিমূঢ়
১২২. মাটিৰ বাচন সাজোঁতা – কুমাৰ
১২৩. গৰমো নোহোৱা চেঁচাও নোহোৱা – কুহুমীয়া
১২৪. গোপনে অনিষ্ট সাধন কৰা কাৰ্য – কূটাঘাত
১২৫. কপট বা প্ৰতাৰণাপূৰ্ণ আচৰণ – কৈতৱ
১২৬. কোনো কথা নিশ্চয় কৰিবলৈ পঠিওৱা বিশ্বাসী মানুহ – সঁজাতী
১২৭. কোনো বস্তুৰ বৰ বেছি মাত্ৰা – অতিচাৰ, অতিপাত
১২৮. আঘাত বা ক্ষত নোহোৱা অৱস্থা – অক্ষত
১২৯. ক্ৰমে ক্ষয় হ’বলৈ ধৰা – ক্ষয়িষ্ণু
১৩০. বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য – খৰিচা
১৩১. বৰষুণ নোহোৱা শুকান বতৰ – খৰাং
১৩২. মিহি নোহোৱা গুড়ি – খৰচি
১৩৩. খাৰণি সনা সৰিয়হৰ গুড়ি – খাৰলি
১৩৪. খোৱাৰ উপযোগী বস্তু – খাদ্য
১৩৫. খুজি বা মাগি খোৱা মানুহ – খোজনিয়াৰ, মগনিয়াৰ, ভিক্ষাৰী
১৩৬. খুৰাৰ পত্নী – খুড়ী
১৩৭. দিন আৰু ৰাতিৰ সংগমৰ সময় – সন্ধিয়া, গধূলি
১৩৮. গৰু বন্ধা ঠাই – গোহালি
১৩৯. গৰুৰ পোৱালি – দামুৰি
১৪০. গৰৈ মাছৰ সৰু পোৱালি – গৰৈচিৰিকা
১৪১. গাঁৱত বাস কৰা লোক – গাঁৱলীয়া
১৪২. গুণীৰ গুণ বুজিব পৰা লোক – গুণগ্ৰাহী
১৪৩. গৰু-ম’হ চৰোৱা লোক – গুৱাল, ৰাখাল
১৪৪. ঘৰতে থাকি কৰিব পৰা শিল্প বা উদ্যোগ – কুটীৰ শিল্প
১৪৫. গোচৰ তৰা ব্যক্তি – গোচৰীয়া
১৪৬. ঘাঁহেৰে ভৰা ঠাই – ঘাঁহনি
১৪৭. যি ঘৰতেই ওপজে – ঘৰ-ওপজা
১৪৮. ঘৰত পোহা জন্তু – ঘৰচীয়া, পোহনীয়া
১৪৯. ঘৰৰ চালৰ পানী পৰা ঠাই – পানীপচা
১৫০. চক্ৰাকাৰে ঘূৰি অহা বতাহ – ঘূৰ্ণীবতাহ, চক্ৰবাত
১৫১. চোবাই খাব লগা খাদ্য – চব্য, চৰ্ব্য
১৫২. চুহি খাব লগা খাদ্য – চুষ্য
১৫৩. চিত্ৰ অঁকা ব্যক্তি – চিত্ৰকাৰ
১৫৪. চিঠি বিলাই ফুৰা মানুহ – ডাকোৱাল, পিয়ন
১৫৫. যি ঠাইত কোনো মানুহ নাই – জনশূন্য, নিৰ্জন
১৫৬. য’ত বহুত মানুহ থাকে – জনবহুল
১৫৭. নিজৰ ওপজা ঠাই – জন্মভূমি
১৫৮. জন্মৰ পৰাই অন্ধ যি – জন্মান্ধ
১৫৯. পানীত চৰা জীৱ – জলচৰ
১৬০. পানীত জন্মা বস্তু – জলজ
১৬১. পনীয়া গাখীৰ দিয়া গাই – জলাহী
১৬২. যাৰ পূৰ্বজন্মৰ কথা মনত থাকে – জাতিস্মৰ
১৬৩. জন্তুৰ দৰে স্বভাৱ বা আচৰণ – জান্তৱ
১৬৪. জীয়াই থকাৰ প্ৰবল ইচ্ছা – জিজীৱিষা
১৬৫. জানিবলৈ কৰা ইচ্ছা – জিজ্ঞাসা
১৬৬. জানিবলৈ আগ্ৰহী ব্যক্তি – জিজ্ঞাসু
১৬৭. যিটো কথা সুধিবলগীয়া – জিজ্ঞাস্য
১৬৮. মাৰিবলৈ বা বধ কৰিবলৈ কৰা ইচ্ছা – জিঘাংসা
১৬৯. জুই ধৰি ৰখা ঠাই – জুহাল
১৭০. জুইত পুৰি নোযোৱা বস্তু – অদাহ্য
১৭১. জুয়ে ঘৰ-বাৰী পুৰি হোৱা দুৰ্ঘটনা – অগ্নিকাণ্ড
১৭২. কাঁচাও নহয় পকাও নহয় এনে ফল – ডাহেচীয়া
১৭৩. ঢেঁকী থোৱা ঘৰ – ঢেঁকীশাল
১৭৪. মূৰত চুলি নথকা মানুহ – তপা, তপামূৰা
১৭৫. দ নোহোৱা বাম ঠাই – তৰাং
১৭৬. বাপেকৰ সখিয়েক – তাৱৈ
১৭৭. ধানৰ বাকলি – তুঁহ
১৭৮. তেজৰ সম্বন্ধ নথকা ব্যক্তি – অনাত্মীয়
১৭৯. দিনৰ পোহৰত নেদেখা ব্যক্তি – দিনকণা
১৮০. দিনৰ ভাগত শোৱা টোপনি – দিবাশয্যা
১৮১. দুখ সহ্য কৰিব পৰা গুণ – তিতিক্ষা
১৮২. দুঘৰৰ মাজৰ ঠাই – দোঘোৰা
১৮৩. দুটা মাহৰ সংগম বা মধ্যবৰ্তী দিন – দোমাহী, সংক্ৰান্তি
১৮৪. সহজে পাবলৈ টান বস্তু – দুৰ্লভ, দুষ্প্ৰাপ্য
১৮৫. সহজে লঙ্ঘন কৰিব নোৱাৰা বিষয় – দুৰ্লঙ্ঘ্য, অলঙ্ঘ্য
১৮৬. সহজে ভেদ কৰিব নোৱাৰা দুৰ্গ বা স্থান – দুৰ্ভেদ্য
১৮৭. মাগিলেও ভিক্ষা নোপোৱা অকাল সময় – দুৰ্ভিক্ষ
১৮৮. ভৱিষ্যতৰ কথা আগতীয়াকৈ ভাবিব পৰা লোক – দূৰদৰ্শী
১৮৯. দূৰলৈ দেখিব পৰা শক্তি – দূৰদৃষ্টি
১৯০. দেশক ভালপোৱা ব্যক্তি – দেশপ্ৰেমিক, দেশভক্ত
১৯১. দেশৰ হকে মৃত্যু বৰণ কৰা ব্যক্তি – শ্বহীদ
১৯২. দুই বছৰৰ মূৰত পোৱালি দিয়া গাই – দোৰাহী
১৯৩. দাঁত ওলোৱা হাতী – দঁতাল
১৯৪. দৰমহা নোলোৱাকৈ কৰা কাম – অবৈতনিক
১৯৫. সামান্য কথাতে ভয় খোৱা – ধঁতুৱা
১৯৬. ধৰ্মলৈ ভয় থকা লোক – ধৰ্মভীৰু
১৯৭. ধাৰ থকা মানুহ – ধৰুৱা, ঋণী
১৯৮. ধান দোৱা তিৰোতা – দাৱনী
১৯৯. ধান ৰোৱা তিৰোতা – ৰোৱনী
২০০. ধান সাঁচি থোৱা ঘৰ – ভঁৰাল
২০১. নাটক লিখা ব্যক্তি – নাট্যকাৰ
২০২. নাৱত উঠি ব্যৱসায় কৰা সদাগৰ – মুদৈ
২০৩. নাও বাওঁতা – নাৱৰীয়া
২০৪. নাম প্ৰকাশ নকৰা বা নাম নথকা – অনামী, বেনামী
২০৫. ৰাতিপুৱাই নাম ল’বলগীয়া ব্যক্তি – প্ৰাতঃস্মৰণীয়
২০৬. ৰাতি চৰি ফুৰা প্ৰাণী – নিশাচৰ
২০৭. অলপো বিৰতি নথকা – নিৰবচ্ছিন্ন
২০৮. বেমাৰৰ পৰা আৰোগ্য হোৱা অৱস্থা – নিৰাময়
২০৯. মাছ-মাংস নোখোৱা লোক – নিৰামিষাহাৰী
২১০. যাৰ দয়া-মমতা নাই – নিৰ্দয়
২১১. নিৰ্ধাৰিত নিয়ম নথকা – অনিয়মীয়া
২১২. বংশত কোনো নথকা লোক – নিৰ্বংশ
২১৩. বল বা শক্তি নথকা – দুৰ্বল, নিৰ্বলী
২১৪. যাৰ কোনো ভয় নাই – নিৰ্ভীক
২১৫. কোনো মল বা দাগ নথকা – নিৰ্মল
২১৬. কোনো অৰ্থ নথকা কথা – নিৰৰ্থক, অৰ্থহীন
২১৭. যাৰ কোনো সন্তান নাই – নিঃসন্তান
২১৮. যাৰ একো নাই – নিঃস্ব
২১৯. নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা – মানিনী
২২০. নিজে নিজে উদ্ভৱ হোৱা সত্ত্বা – স্বয়ম্ভূ
২২১. জুখি-মাখি নিয়মমতে খৰচ কৰা ব্যক্তি – মিতব্যয়ী
২২২. নিয়মমতে খৰচ নকৰা ব্যক্তি – অমিতব্যয়ী
২২৩. ইটা-পকী ঘৰ সজা কাৰিকৰ – ৰাজমিস্ত্ৰী
২২৪. উচিত পথৰ পৰা বিচলিত হোৱা – পথভ্ৰষ্ট, বিপথগামী
২২৫. খাবলৈ অনা কলপুলি – পচলা
২২৬. বোকাত জন্ম যাৰ – পঙ্কজ (পদ্ম)
২২৭. নিজকে নিজে পণ্ডিত ভবা – পণ্ডিতম্মন্য
২২৮. লোকৰ উপকাৰ কৰা ব্যক্তি – পৰোপকাৰী
২২৯. ফলাফল চিন্তা কৰি কাম কৰা লোক – পৰিণামদৰ্শী
২৩০. পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ – পুৰুষোত্তম
২৩১. পান কৰিব লগা তৰল বস্তু – পেয়
২৩২. দেউতাকৰ ভনীয়েক – পেহী
২৩৩. তৎকালীনভাৱে বুদ্ধি ওলাব পৰা শক্তি – প্ৰত্যুৎপন্নমতি
২৩৪. বিদেশত বাস কৰা লোক – প্ৰবাসী, প্ৰৱসুৱা
২৩৫. প্ৰাণ পণ কৰি কাম কৰা – প্ৰাণপণে
২৩৬. ফুল নুফুলাকৈ গুটি হোৱা গছ – বনস্পতি
২৩৭. ফুল নধৰা উদ্ভিদ – অপুষ্পক
২৩৮. ব’ব-কাটিব জনা নিপুণ তিৰোতা – শিপিনী
২৩৯. যাক বধ কৰা উচিত – বধ্য
২৪০. যাক বধ কৰিব নাপায় – অবধ্য
২৪১. হাবিত বাস কৰা জন্তু – বনৰীয়া
২৪২. গছ-বনেৰে ভৰা ঠাই – বননি
২৪৩. যাৰ ঘৈণীয়েক ঢুকাইছে – বিপত্নীক, বৰলা
২৪৪. বৰালি মাছৰ সৰু পোৱালি – বৰালিলেটা
২৪৫. সন্তান জন্ম দিব নোৱাৰা তিৰোতা – বাঁজী
২৪৬. বাটেদি খোজকাঢ়ি যোৱা মানুহ – বাটৰুৱা, পদাতীক
২৪৭. বাৰে বাৰে আওৰোৱা কাৰ্য – পুনৰাবৃত্তি, আওৰোৱা
২৪৮. যাৰ স্বামী ঢুকাইছে – বিধৱা, বাঁৰী
২৪৯. নিয়ম আৰু আইন অনুসৰি হোৱা – বৈধ, বিধিসম্মত
২৫০. বিধিসম্মত নোহোৱা কাৰ্য – অবৈধ
২৫১. যাৰ হাতত বীণা আছে – বীণাপাণি (সৰস্বতী)
২৫২. যি হিচাপমতে নচলে – বেহিচাপী
২৫৩. বিষ্ণুক উপাসনা কৰা লোক – বৈষ্ণৱ
২৫৪. ব্যাকৰণ শাস্ত্ৰত পাৰদৰ্শী লোক – বৈয়াকৰণিক, বৈয়াকৰণ
২৫৫. ব্ৰত পালন কৰা ব্যক্তি – ব্ৰতী
২৫৬. প্ৰায় ভাঙি যোৱা অৱস্থা – ভগ্নপ্ৰায়
২৫৭. সহজে ভাঙি যোৱা বস্তু – ভঙ্গুৰ
২৫৮. সামান্য কথাতেই ভয় খোৱা লোক – ভয়াতুৰ
২৫৯. ভকুৱা মাছৰ সৰু পোৱালি – ভকুৱাটেপা
২৬০. হতভাগ্য যাৰ – হতভগা, মন্দভাগ্য
২৬১. মাগিলেও ভিক্ষা নোপোৱা অৱস্থা – দুৰ্ভিক্ষ
২৬২. মাটিৰ সৰু টেকেলি – ভুৰুকা
২৬৩. ভেঁকুৰ লগা অৱস্থা – ভেঁকুৰণি
২৬৪. ভোগ-উপভোগেৰে পৰিপূৰ্ণ – ভোগালী
২৬৫. মাটিৰে নিৰ্মিত বস্তু – মৃন্ময়
২৬৬. মাকৰ ভনীয়েক – মাহী
২৬৭. মাকৰ সতিনীয়েক – বিমাতা, মাহীমা
২৬৮. মাক নথকা সন্তান – মাউৰা
২৬৯. মাক-দেউতাক দুয়ো ঢুকোৱা নিৰাশ্ৰয় সন্তান – ঘাট-মাউৰা
২৭০. মাগুৰ মাছৰ সৰু পোৱালি – মাগুৰজালি
২৭১. মাছৰ পোৱালি – পোনা
২৭২. মান থকা লোক – মানী, মান্যৱন্ত
২৭৩. মিছা কথা কোৱা লোক – মিছলীয়া
২৭৪. মৰিবলৈ ওলোৱা বা মৰোঁ-মৰোঁ অৱস্থা হোৱা – মুমূৰ্ষু
২৭৫. সমাজৰ মেলত কথা কোৱাত পাৰ্গত – মেলেকী
২৭৬. মৃতকৰ মুখত জুই দিয়া ব্যক্তি – অগ্নিদাতা
২৭৭. মৃতদেহ সৎকাৰ কৰা কাৰ্য – অন্ত্যেষ্টিক্ৰিয়া
২৭৮. য’লৈ যোৱা কষ্টকৰ বা অসম্ভৱ – দুৰ্গম
২৭৯. ক্ষয়ৰোগ – যক্ষ্মা
২৮০. হাতেৰে সূতা কটা কাঠৰ আহিলা – যঁতৰ
২৮১. যাৰ কোনো শত্ৰু জন্মা নাই – অজাতশত্ৰু
২৮২. যাৰ মৰণ নাই – অমৰ
২৮৩. যাৰ মূল নাই – নিৰ্মূল
২৮৪. যাৰ সমান কোনো নাই – অতুলনীয়, অনুপম
২৮৫. যাৰ সীমা নাই – অসীম
২৮৬. যাৰ সীমা আছে – সসীম
২৮৭. যাৰ আদি নাই – অনাদি
২৮৮. যাৰ পুত্ৰ সন্তান নাই – অপুত্ৰক
২৮৯. যাৰ আশ্ৰয় নাই – নিৰাশ্ৰয়
২৯০. যাৰ ঋণ নাই – অনৃণী
২৯১. যাৰ বিবেচনা শক্তি নাই – অবিবেচক
২৯২. যাৰ বিৰুদ্ধে গোচৰ তৰা হয় – আচামী, প্ৰতিবাদী
২৯৩. যাৰ দুই হাত সমানে চলে – সব্যসাচী
২৯৪. যাক কোনেও জয় কৰিব নোৱাৰে – অজয়, দুৰ্জয়
২৯৫. যাক কল্পনা কৰিব নোৱাৰি – কল্পনাতীত, অকল্পনীয়
২৯৬. যাক গণনা কৰিব নোৱাৰি – অগণন, অপৰিমেয়
২৯৭. যাক চুব নোৱাৰি – অস্পৃশ্য
২৯৮. যাক দেখা নাযায় – অদৃশ্য
২৯৯. যাক বৰ্ণনা কৰিব নোৱাৰি – অবৰ্ণনীয়
৩০০. যাক বাৰণ বা নিবাৰণ কৰিব নোৱাৰি – অনিবাৰ্য
৩০১. যাক সহজে বুজা যায় – সহজবোধ্য, সুগম
৩০২. যাক মূল্য দি কিনিব নোৱাৰি – অমূল্য
৩০৩. যাক পৰিত্যাগ বা পৰিহাৰ কৰিব নোৱাৰি – অপৰিহাৰ্য
৩০৪. যাক দমাব নোৱাৰি – অদম্য, অদমনীয়
৩০৫. যি কথা কোৱা অনুচিত – অকথ্য
৩০৬. যি সকলো জানে – সৰ্বজ্ঞ
৩০৭. যি সংকল্প কৰিছে – কৃতসংকল্প
৩০৮. যি সমাপ্ত হোৱা নাই – অসমাপ্ত
৩০৯. যুদ্ধত উন্মত্ত হৈ যুঁজা বীৰ – ৰণমত্ত
৩১০. যি শিৱক পূজা কৰে – শৈৱ
৩১১. শক্তিক পূজা কৰা উপাসক – শাক্ত
৩১২. সদায় সত্য কথা কোৱা ব্যক্তি – সত্যবাদী
৩১৩. যি অলপতে শুনে – শহাকণীয়া
৩১৪. দুখ-কষ্ট সহ্য কৰিব পৰা ব্যক্তি – সহনশীল, সহিষ্ণু
৩১৫. যি যোগৰ পৰা ভ্ৰষ্ট হৈছে – যোগভ্ৰষ্ট
৩১৬. যি শত্ৰুক বিনাশ কৰে – শত্ৰুঘ্ন
৩১৭. ৰং-ৰহইচ আৰু উলহ-মালহেৰে ভৰা – ৰঙালী
৩১৮. ভাত ৰন্ধা ঘৰ – ৰান্ধনিঘৰ, পাকঘৰ
৩১৯. ৰূপ চৰোৱা বা ৰূপৰ দৰে জিলিকা – ৰূপালী, ৰূপোৱালী
৩২০. সৰু ৰৌ মাছ – ৰৌমণি
৩২১. জিভাৰে চেলেকি খাব লগা খাদ্য – লেহ্য
৩২২. ঠেং আৰু পাখি নোলোৱা বেঙৰ পোৱালি – লালুকী
৩২৩. সমাজৰ বা লোকৰ পৰা পোৱা অপযশ বা বদনাম – লোকনিন্দা
৩২৪. সৰু শ’ল মাছৰ পোৱালি – শ’লঠাৰি
৩২৫. শৰৎ কালত অনুষ্ঠিত হোৱা – শাৰদীয়
৩২৬. বন্ধু-বান্ধৱীসকলৰ সৈতে – সবান্ধৱে
৩২৭. বহু মানুহ সমস্বৰে একেলগে যোৱা শোভাযাত্ৰা – সমদল
৩২৮. অতি সুন্দৰ বা মন মতলীয়া কৰা গোন্ধ – সুগন্ধ, সুবাস
৩২৯. অতি সহজে পাব পৰা বস্তু – সুলভ
৩৩০. সোণ চৰোৱা বা সোণৰ বৰণৰ – সোণালী, সোণোৱালী

No comments:

Post a Comment

Class 9 History MCQ Chapter 1

1. প্রাচীন কালৰে পৰা ভাৰতবৰ্ষৰ লগত কোন কোন দেশৰ যোগাযোগ আছিল ? - a) গ্ৰীচ আৰু ৰোম - b) চিন আৰু মঙ্গোলিয়া - c) ইজিপ...