অনুশীলনীৰ প্ৰশ্ন উত্তৰ
১. অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।
সংজ্ঞা: ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাম-কাজসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে।
মূল বিষয়বস্তু: মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক তথা প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰাই অর্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু।
প্ৰধান শাখাসমূহ: ১. কৃষি ভূগোল (Agricultural Geography) ২. ঔদ্যোগিক ভূগোল (Industrial Geography) ৩. সম্পদ ভূগোল (Geography of Resources) ৪. পৰিবহণ ভূগোল (Transport Geography) ৫. বজাৰ ভূগোল (Marketing Geography) ৬. পৰিকল্পনা আৰু উন্নয়ন ভূগোল (Geography of Planning and Development) ৭. পৰ্যটন ভূগোল (Geography of Tourism)
২. অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ:
অর্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰ মূলতঃ পাঁচটা বিশেষ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত: ১. অর্থনৈতিক কার্যটো ক'ত অৱস্থিত? ২. অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? ৩. অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? ৪. অর্থনৈতিক কার্যটো য'ত আছে তাতে কিয় হৈছে? ৫. অর্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি?
প্ৰথম তিনিটা প্ৰশ্নই পৰম্পৰাগত অৰ্থনৈতিক ভূগোলক সামৰি লয়, আৰু পাছৰ দুটা প্ৰশ্নই আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰে। আধুনিক অৰ্থনৈতিক ভূগোলে কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাৰ লগতে উৎপাদনক্ষম বৃত্তি আৰু ব্যৱসায়-বাণিজ্যৰ আঞ্চলিক পাৰ্থক্যৰ কাৰণসমূহ বিশ্লেষণ কৰে।
৩. মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?
উত্তৰ:
মানুহে জীৱন নিৰ্বাহৰ বাবে আৰু অৰ্থ উপাৰ্জনৰ উদ্দেশ্যে যিবোৰ কাম-কাজ বা কাৰ্যকলাপত লিপ্ত হয়, সেইবোৰক অৰ্থনৈতিক বৃত্তি বোলা হয়।
মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হয়: ১. প্ৰাথমিক বৃত্তি (Primary Occupation): যি কাৰ্যৰ দ্বাৰা প্ৰকৃতিৰ পৰা পোনপটীয়াভাৱে সম্পদ আহৰণ কৰা হয় (যেনে— কৃষি, মাছ ধৰা, খনিজ সম্পদ আহৰণ)। ২. দ্বিতীয়ক বৃত্তি (Secondary Occupation): প্ৰাকৃতিক সম্পদসমূহক প্ৰক্ৰিয়াকৰণ বা ৰূপান্তৰ কৰি নতুন সামগ্ৰী উৎপাদন কৰা কাৰ্য (যেনে— উদ্যোগ, শিল্প-কাৰখানা)। ৩. তৃতীয়ক বৃত্তি (Tertiary Occupation): প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিত উৎপাদিত সামগ্ৰীসমূহ গ্ৰাহকৰ ওচৰলৈ নিয়াত সহায় কৰা সেৱামূলক কাম-কাজ (যেনে— পৰিবহণ, যাতায়াত, ব্যৱসায়-বাণিজ্য)। ৪. চতুৰ্থক বৃত্তি (Quaternary Occupation): জ্ঞান, তথ্য-প্ৰযুক্তি, গৱেষণা আৰু প্ৰশাসন সংক্ৰান্তীয় উচ্চপৰ্যায়ৰ সেৱামূলক কাম-কাজ।
৪. অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰ:
অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু ইয়াৰ বিষয়বস্তু তলত উল্লেখ কৰা হ'ল:
কৃষি ভূগোল: ইয়াত কৃষি কাৰ্যৰ কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, পদ্ধতি, শস্যৰ উৎপাদন, বজাৰ আৰু আমদানি-ৰপ্তানি অধ্যয়ন কৰা হয়।
ঔদ্যোগিক ভূগোল: উদ্যোগ স্থাপনৰ কাৰকসমূহ, অৱস্থান সংক্ৰান্তীয় সূত্ৰ, উদ্যোগৰ প্ৰকাৰ, উৎপাদন আৰু ইয়াৰ বজাৰ সবিশেষ আলোচনা কৰা হয়।
সম্পদ ভূগোল: সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ আহৰণৰ কাৰক, সংৰক্ষণ আৰু ব্যৱস্থাপনা অধ্যয়ন কৰা হয়।
পৰিবহণ ভূগোল: পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ, যাতায়াত, সম্পদ বিতৰণ তথা অৰ্থনৈতিক উন্নয়নত পৰিবহণৰ ভূমিকা ইয়াৰ মূল বিষয়।
বজাৰ ভূগোল: বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা, ইয়াৰ প্ৰকাৰ, ভৌগোলিক বিতৰণ আৰু বজাৰ সংক্ৰান্তীয় সূত্ৰসমূহ ইয়াত আলোচনা হয়।
পৰিকল্পনা আৰু উন্নয়ন ভূগোল: অৰ্থনৈতিক উন্নয়নৰ কাৰকসমূহ, অঞ্চলভিত্তিক পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন (Sustainable Development) সম্পৰ্কে অধ্যয়ন কৰা হয়।
পৰ্যটন ভূগোল: পৰ্যটন শিল্পৰ বিকাশ, পৰ্যটনৰ প্ৰকাৰ আৰু ইয়াৰ পৰিকল্পনা আৰু উন্নয়ন ইয়াত আলোচনা কৰা হয়।
৫. সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?
উত্তৰ:
যিকোনো দেশ বা অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন মূলতঃ দেশখনৰ সম্পদৰ প্ৰাচুৰ্য, গুণাগুণ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, আহৰণ প্ৰক্ৰিয়া, সংৰক্ষণ আৰু ইয়াৰ টেকসই ব্যৱস্থাপনা বহলভাৱে আলোচনা কৰা হয়। অৰ্থনৈতিক ভূগোলৰ মূল মূল ভিত্তি হৈছে সম্পদৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰ; আৰু এই সকলোবোৰ কথা সম্পদ ভূগোলৰ মূল আলোচ্য বিষয় হোৱাৰ বাবে সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এক অতি গুৰুত্বপূৰ্ণ শাখা হিচাপে গণ্য কৰা হয়।
৬. সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ:
সংজ্ঞা: মানুহৰ জীৱন ধাৰণৰ বাবে আৰু প্ৰয়োজন পূৰণৰ বাবে লাগতিয়াল বা উপকাৰী সকলোবোৰ বস্তু বা উপাদানকে সম্পদ বোলা হয়।
প্ৰধান বৈশিষ্ট্যসমূহ: ১. উপকাৰিতা (Utility): সম্পদ মানুহৰ কল্যাণত ব্যৱহাৰ হ'ব লাগিব। ২. কাৰ্যকাৰিতা (Functionality): সম্পদৰ কিবা কাম কৰাৰ বা প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতা থাকিব লাগিব। ৩. পৰিৱৰ্তনশীলতা (Dynamic Nature): সময়, জ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে কোনো উপাদান সম্পদ লৈ ৰূপান্তৰিত হ'ব পাৰে বা ইয়াৰ ব্যৱহাৰ সলনি হ'ব পাৰে।
৭. 'সম্পদ পৰিৱৰ্তনশীল'- ব্যাখ্যা কৰা।
উত্তৰ:
প্ৰকৃতিত থকা সকলো বস্তুৱেই প্ৰথম অৱস্থাতে সম্পদ নহয়। আদিম কালত মানুহৰ জ্ঞান আৰু প্ৰযুক্তিৰ অভাৱৰ বাবে প্ৰকৃতিৰ বহু সামগ্ৰী নিৰপেক্ষ সামগ্ৰী (Neutral Stuff) হিচাপে পৰি আছিল। কিন্তু মানুহৰ শিক্ষা, দক্ষতা, অভিজ্ঞতা আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে এই অপ্ৰয়োজনীয় বা নিষ্ক্ৰিয় বস্তুবোৰ মানুহৰ উপকাৰী সম্পদ লৈ ৰূপান্তৰিত হৈছে।
উদাহৰণস্বৰূপে— এসময়ত খনিজ তেলৰ ব্যৱহাৰ মানুহে জনা নাছিল, সেয়ে ই সম্পদ নাছিল; কিন্তু প্ৰযুক্তি বিকাশৰ লগে লগে ই বৰ্তমান অতি গুৰুত্বপূৰ্ণ শক্তিৰ সম্পদ হৈ পৰিল। ঠিক তেনেকৈ আজি ব্যৱহাৰ হীন হৈ থকা কোনো উপাদান ভৱিষ্যতে মানুহৰ কাৰ্যদক্ষতাৰ বাবে সম্পদত পৰিণত হ'ব পাৰে। সেয়েহে কোৱা হয় যে সম্পদ স্থিৰ নহয়, ই পৰিৱৰ্তনশীল।
৮. সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰ:
মানুহৰ জীৱন-ধাৰণ আৰু অস্তিত্ব বৰ্তাই ৰখাৰ বাবে সম্পদ অপৰিহাৰ্য। আমাৰ মৌলিক প্ৰয়োজনসমূহ— খাদ্য, বস্ত্ৰ, বাসস্থান সকলোবোৰ সম্পদৰ ওপৰতে নিৰ্ভৰশীল।
খাদ্যৰ বাবে: গছ-গছনি, শস্য, পানী আদি প্ৰাকৃতিক সম্পদৰ পৰা আমি খাদ্য লাভ কৰোঁ।
বাসস্থান আৰু কাপোৰ: অৰণ্যৰ কাঠ, মাটি, বাঁহ আদিৰে বাসস্থান নিৰ্মাণ কৰা হয় আৰু কপাহ আদিৰ পৰা কাপোৰ তৈয়াৰ কৰা হয়।
উদ্যোগ আৰু শক্তি: কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আৰু ধাতৱ খনিজসমূহ শিল্প-উদ্যোগ চলোৱাৰ বাবে শক্তি আৰু কেঁচা সামগ্ৰী হিচাপে অপৰিহাৰ্য।
এনেদৰে সম্পদে মানৱ সমাজৰ প্ৰগতি আৰু দৈনন্দিন জীৱন সুচল কৰি তোলে।
৯. সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:
সম্পদ আৰু মানুহৰ মাজত এক অতি নিবিড় আৰু দ্বিমুখী সম্পৰ্ক আছে। মানুহ কেৱল সম্পদৰ উপভোগকাৰী (Consumer) নহয়, মানুহ নিজেই সম্পদৰ সৃষ্টি কৰ্তা (Producer)। ১. প্ৰকৃতিৰ উপাদানবোৰক সম্পদত পৰিণত কৰিবলৈ মানুহৰ বুদ্ধি, শিক্ষা, কাৰ্যদক্ষতা আৰু আগ্ৰহৰ প্ৰয়োজন। ২. মানুহে নিজৰ জ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰোপযোগী ৰূপ দান কৰে। ৩. নিজৰ দক্ষতাৰ বাবেই মানুহ নিজেই এক 'মানৱ সম্পদ' (Human Resource) হিচাপে পৰিগণিত হৈছে। মানুহ অবিহনে প্ৰাকৃতিক উপাদানৰ কোনো অৰ্থনৈতিক মূল্য নাথাকে।
১০. সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।
উত্তৰ:
সম্পদ সৃষ্টি আৰু ইয়াৰ সঠিক ব্যৱহাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।
প্ৰাকৃতিক উপাদানক সম্পদত ৰূপান্তৰ: প্ৰকৃতিত থকা নিষ্ক্ৰিয় সামগ্ৰীক বিজ্ঞান-প্ৰযুক্তিৰ দ্বাৰাহে সম্পদ কৰি তোলা হয় (যেনে— বাঁহৰ পৰা কাগজ, খনিজ তেলৰ পৰা নানা ধৰণৰ প্লাষ্টিক, ৰং বা কৃত্ৰিম কাপোৰ আদি প্ৰস্তুতকৰণ)।
উৎপাদন ক্ষমতা বৃদ্ধি: আধুনিক প্রযুক্তি আৰু যন্ত্রপাতিৰ সহায়ত কম খৰচতে আৰু কম সময়ত বিপুল পৰিমাণৰ সম্পদ আহৰণ তথা ব্যৱহাৰ কৰিব পাৰি।
অনবীকৰণযোগ্য সম্পদৰ বিকল্প সন্ধান: বিজ্ঞানৰ উন্নতিৰ বাবে আজি নৱীকৰণযোগ্য সম্পদ (যেনে— সৌৰশক্তি, বায়ুশক্তি) ব্যৱহাৰ কৰাৰ কৌশল সম্ভৱ হৈ উঠিছে।
১১. উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পর্কে লিখা।
উত্তৰ:
সম্পদসমূহক বিভিন্ন মানদণ্ডৰ ভিত্তিত শ্ৰেণীবিভাজন কৰা হয়:
১. উৎপত্তি বা গঠন অনুসৰি:
প্ৰাকৃতিক সম্পদ: প্ৰকৃতিৰ পৰা পোনপটীয়াভাৱে পোৱা সম্পদ (যেনে— সূৰ্যৰ ৰশ্মি, পানী, মাটি, খনিজ পদাৰ্থ)।
মানৱ-সৃষ্ট সম্পদ: মানুহে প্ৰাকৃতিক সম্পদক ৰূপান্তৰ কৰি তৈয়াৰ কৰা সম্পদ (যেনে— কাগজ, কাপোৰ, ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ)।
মানৱ সম্পদ: মানুহৰ কাৰ্যদক্ষতা, শিক্ষা আৰু জ্ঞান।
২. জীৱীয় গঠন অনুসৰি:
জীৱীয় সম্পদ: জীৱ থকা সম্পদ (যেনে— উদ্ভিদ, প্ৰাণী, মাছ)।
অজীৱীয় সম্পদ: নিৰ্জীৱ উপাদান (যেনে— মাটি, শিল, কয়লা, পানী)।
৩. স্থিতি বা স্থায়িত্ব (নবীকৰণ) অনুসৰি:
নৱীকৰণযোগ্য সম্পদ: ব্যৱহাৰৰ পিছতো নিঃশেষ নোহোৱা সম্পদ (যেনে— সৌৰশক্তি, বায়ু, পানী)।
অনৱীকৰণযোগ্য সম্পদ: ব্যৱহাৰৰ পিছত চিৰদিনলৈ নিঃশেষ হৈ যোৱা সম্পদ (যেনে— কয়লা, পেট্ৰ’লিয়াম)।
৪. মালিকীস্বত্বৰ ভিত্তিত:
ব্যক্তিগত সম্পদ: নিজা দখলত থকা সম্পত্তি বা গুণ (যেনে— নিজা মাটি, ব্যক্তিগত চৰিত্ৰ)।
জাতীয় সম্পদ: দেশখনৰ অধীনত থকা সম্পদ (যেনে— ৰাস্তা-ঘাট, ৰাষ্ট্ৰীয় উদ্যান)।
আন্তঃৰাষ্ট্ৰীয়/বিশ্ব সম্পদ: সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণত ব্যৱহৃত সম্পদ (যেনে— সাগৰ-মহাসাগৰ, বায়ুমণ্ডল)।
১২. প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।
উত্তৰ:
প্ৰকৃতিৰ পৰা স্বভাৱগতভাৱে পোৱা যিবোৰ উপাদান মানুহে পোনপটীয়াভাৱে বা কোনো ডাঙৰ পৰিৱৰ্তন নকৰাকৈ নিজৰ প্ৰয়োজন পূৰণত ব্যৱহাৰ কৰিব পাৰে, সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলা হয়।
উদাহৰণ: সূৰ্যৰ ৰশ্মি, বায়ু, নদী-বিলৰ পানী, মাটি, অৰণ্যৰ গছ-গছনি, খনিজ তেল, কয়লা, আৰু তাম-সোণ আদি খনিজ পদাৰ্থ। এইবোৰ প্ৰকৃতিয়ে মানুহক উপহাৰস্বৰূপে প্ৰদান কৰিছে।
১৩. মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰ:
প্ৰাকৃতিক উপাদানসমূহক মানুহে নিজৰ জ্ঞান, বুদ্ধি আৰু প্ৰযুক্তিৰ সহায়ত ৰূপান্তৰ কৰি প্ৰস্তুত কৰা ব্যৱহাৰোপযোগী নতুন সামগ্ৰীবোৰকে মানৱ-সৃষ্ট সম্পদ বোলা হয়।
উদাহৰণ আৰু ব্যৱহাৰ: ১. বাঁহ আৰু কাঠৰ পৰা কাগজ: শৈক্ষিক আৰু প্ৰশাসনিক কামত কাগজ ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। ২. কপাহৰ পৰা কাপোৰ: মানুহৰ বস্ত্ৰৰ প্ৰয়োজন পূৰণ কৰে। ৩. খনিজ তেলৰ পৰা ৰাসায়নিক সাৰ, কীটনাশক, কৃত্রিম ৰবৰ, প্লাষ্টিক: কৃষি আৰু উদ্যোগ খণ্ডত অত্যন্ত কাৰ্যকৰীভাৱে ব্যৱহাৰ হয়। ৪. শিল-মাটি-লোৰ পৰা দলং, ৰাস্তা আৰু ঘৰ-দুৱাৰ: যাতায়াত আৰু বাসস্থানৰ সূচলতাৰ বাবে নিৰ্মাণ কৰা হয়।
No comments:
Post a Comment